ভাৰতীয় দৰ্শনৰ উৎসঃ

    ভাৰতীয় দৰ্শনক প্ৰাচীনতম উৎস বেদসমূহ বুলি কোৱা হয়। সংস্কৃত 'বি' ধাতুৰ পৰা বেদ শব্দটো আহিছে যাৰ অৰ্থ 'জ্ঞান'। ভাৰতীয় চিন্তাত জ্ঞান শব্দৰ অৰ্থ সত্য। গতিকে 'বেদ' শব্দৰ অৰ্থ হৈছে সত্য। উপনিষদসমূহ বেদৰ এটা বিভাগ। এইবোৰ বেদৰ তাত্বিক চিন্তাধাৰাৰ অন্য ৰূপ। চাৰিখন বেদ আমি পাও— ঋক, জজু, সাম আৰু অথৰ্ব। ভাগৱত গীতাত উপনিষদসমূহৰ বাণীবোৰ সংক্ষিপ্তভাৱে উল্লেখ আছে। আমি ৰামায়ণ আৰু মহাভাৰত নামৰ দুখন মহাকাব্য পৈওঁ যত প্ৰচীন দাৰ্শনিক চিন্তাধাৰাসমূহ সন্নিবিষ্ট আছে। এইদৰে ভাৰতীয় দৰ্শনৰ বিভিন্ন প্ৰস্থানসমূহ বেদ, উপনিষদ, গীতা আৰু মহাকাব্যসমূহৰ পৰা গঢ়ি উঠিছে। এইবোৰ উৎসৰ প্ৰতি যথাযথ আনুগত্য থকা সত্ত্বেও প্ৰস্থান প্ৰত্যক্ষ বা পৰোক্ষভাৱে হওক বেদ আৰু উপনিষদৰ লগত জড়িত।

    এইদৰে আমি ভাৰতীয় দৰ্শনৰ অৰ্থ ধাৰণা উ
ৎপত্তি, ইয়াক প্ৰকৃতি আৰু বৈশিষ্ট্যৰ বিষয়ে আলোচনাকৰিলো।



ভাৰতীয় দৰ্শনৰ সাধধাৰণ লক্ষণঃ

    এটা জাতিৰ মৌলিক ৱকৃষ্-সংস্কৃতিৰ সাৰ অংশখিনি সেই জাতিৰ দৰ্শন। ভাৰতীয় দৰ্শন নটা সম্প্রদায়ত বিভক্ত। প্রত্যেক সম্প্রদায়ে সূক্ষ্ম বিচাৰ বিশ্লেষণ পদ্ধতিৰে আগবাঢ়ি ভাৰতীয় দৰ্শনৰ ক্রমবিকাশ ধাৰা গঢ়ি তুলিছে। ইয়াৰ মাজত আমি এটা ঐক্যৰ উপস্থিতি অনুভৱ কৰাে, যাক ভাৰতৰ আত্মা বুলিব পাৰি। সেইদৰে ভাৰতীয় লােকৰ নৈতিকতা, কৃষ্টি আদিৰ সমন্বয়ত বিকশিত হােৱা চিন্তাধাৰাত মতবিৰােধ থাকিলেও কিছুমান সাদৃশ্যপূর্ণ লক্ষণ থকাটো অতি স্বাভাৱিক। ভাৰতীয় দার্শনিক সম্প্রদায়সমূহৰ মাজত পৰিলক্ষিত এনে সাদৃশ্যৰ বিষয়বােৰক ভাৰতীয় দর্শনৰ সাধাৰণ লক্ষণ বােলা হয়। তলত এই লক্ষণবােৰ আলােচনা কৰা হ'ল। 

(1) ভাৰতীয় দর্শনত বেদৰ প্ৰভাৱঃ 

    ভাৰতীয় দর্শনে বেদৰ পৰা বৰ্তমানলৈকে ভাৰতীয় চিন্তাৰ বিভিন্ন দিশক সামৰি লৈছে। ভাৰতীয় চিন্তাৰ উন্মেষ ঘটিছে বেদত। সেয়েহে বেদসমূহক ভাৰতীয় দৰ্শনৰ প্রাচীনতম লেখনি বুলি গ্রহণ কৰা হয়। বেদসমূহ প্ৰথমতে জ্ঞানী ঋষি মুনিসকলৰ মুখে মুখে চলি আহিছিল। তেওঁলােকক দ্রষ্টা বুলি গণ্য কৰা হয়। সেয়েহে বেদৰ বাণীক সত্য বুলি স্বীকাৰ কৰা হয়। বেদক কেন্দ্ৰ কৰি ভাৰতীয় বিভিন্ন সম্প্রদায়ৰ কালক্ৰমত উদ্ভৱ হয়। ইয়াৰে কিছুমান সম্প্রদায় পােনপােটীয়াকৈ বেদানুগত। আন কিছুমান সম্প্রদায় বেদৰ বাণীৰ বিৰােধিতা নকৰাকৈ স্বাধীন যুক্তিৰে সিদ্ধান্ত আগবঢ়াইছে। আনহাতে চার্বাক, বুদ্ধ আৰু জৈন দর্শন বেদৰ অনুগত নহয়। সি যি কি নহওক বেদৰ সমর্থন কৰি অথবা বিৰােধিতা কৰিয়ে হওঁক, প্রত্যেক সম্প্রদায়ে বেদৰ আলােচনা কৰিছে। এতেকে ভাৰতীয় দৰ্শনৰ এটা সাধাৰণ লক্ষণ হ'ল বেদৰ আলোচনা।

(2) ব্যৱহাৰিক দৃষ্টিভংগীঃ

    ভাৰতীয় দৰ্শনৰ এটা সাধাৰণ লক্ষণ হৈছে ইয়াৰ ব্যৱহাৰিক দৃষ্টিভংগী। ভাৰতীয় দৰ্শনৰ সকলো শাখাই তাত্বিক আৰু ব্যৱহাৰিক উভয় দিশৰ প্ৰতি সমান গুৰুত্ব লদিছে। ইয়াৰ কাৰণ হ'ল ভাৰতীয় দৰ্শন অকল সত্যৰ অনুসন্ধান নহয়, জীৱনত সত্য প্ৰতিষ্ঠা কৰাও ইয়াৰ লক্ষ্য। জীৱনত সত্য, শিৱ আৰু সুন্দৰ প্ৰতিষ্ঠাৰ বাবে তত্বজ্ঞানৰ প্ৰয়োজন। পৰমতত্ব একাধাৰে সত্য, শিৱ আৰু সুন্দৰ। তত্ব জ্ঞানৰ সহায়ত জীৱনক কল্যাণময় আৰু সুন্দৰ কৰাই হৈছে ভাৰতীয় দৰ্শনৰ লক্ষ্য।

(3) আধ্যাত্মিকতাঃ

    একমাত্ৰ চাৰ্বাক দৰ্শনৰ বাহিৰে বাকী সকলো ভাৰতীয় দৰ্শন গভীৰভাৱে আধ্যাত্মিক। আধ্যাত্মিকতাবাদ মতে অজড় আত্মাই পৰমতত্ব। এই পৰমতত্ব আত্মাক জীৱনত উপলব্ধি কৰাই হ'ল পৰম লক্ষ্য। িয়াকে ভাৰতীয় দৰ্শনত 'মোক্ষ' বা 'মুক্তি' বোলা হৈছে। ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ— এই চাৰিটা মানৱ জীৱনৰ কাম্যবস্তু বা পুৰুষাৰ্থ। ইয়াৰ ভিতৰত জীৱনৰ চৰম আৰু পৰম লক্ষ্য হ'ল মোক্ষলাভযাক পৰমপুৰুষাৰ্থ বুলি কোৱা হয়। মোক্ষ দুখৰ চিৰনিবৃত্তি অৱস্থা। দুখৰ মূল কাৰণ হৈছে অবিদ্যা। তত্বজ্ঞান লাভ কৰিলে অবিদ্যাৰ বিনাশ হয়। তেতিয়া দুখৰ মুক্তি আৰু মোক্ষপ্ৰাপ্তি হয়।

(4) আধ্যাত্মিক অতৃপ্তিঃ

    অতৃপ্তি বা সন্তুষ্টি প্ৰায়বোৰ ভাৰতীয় দাৰ্শনিক সম্প্ৰদায়ৰ সাধাৰণ লক্ষণ। সংসাৰ তথা জীৱন জন্ম-মৃত্যুৰ এটা অবিচ্ছিন্ন ধাৰা। ইয়াৰ ঊৰ্ধ্বত আমাৰ এটা শ্বাশ্বত চৈতন্য আত্মা আছে। কিন্তু অজ্ঞানতাৰ বশতঃ আমি আত্মাৰ স্বৰূপ পাহৰি জন্ম-মৃত্যুৰ চক্ৰত পতিত হৈ কষ্ট ভোগ কৰো। আমি কিয় বিস্মৃত হও? এয়ে আমাৰ অতৃপ্তি। এই অতৃপ্তিবোধৰ পৰা তত্বজ্ঞান লাভৰ প্ৰয়াস আৰম্ভ হয়।

(5) প্ৰাৰম্ভিক নৈৰাশ্যবাদঃ

    প্ৰায়বোৰ ভাৰতীয় দৰ্শনত জীৱন আৰু জগত দুখময় বুলি কোৱা হৈছে। অজ্ঞানতাৰ বাবে আমি বন্ধনযুক্ত হও, কৰ্মবিপাকত পতিত হও। এয়ে নিৰাশাবাদী ভাৱধাৰা। কিন্তু চাৰ্বাকৰ বাহিৰে বাকী সম্প্ৰদায়সমূহে মোক্ষ লাভ এই জীৱনতে সম্ভৱ বুলি কৈছে। মোক্ষ লাভ এই জীৱনতে সম্ভৱ বুলি কৈছে। মোক্ষ লাভ জীৱনৰ পৰম পুৰুষাৰ্থ। অৰ্থাৎ মানৱ জীৱনৰ পৰম লক্ষ্য। কিন্তু সম্প্ৰদায়সমূহ গভীৰভাৱে অধ্যয়ন কৰিলে বুজিব পাৰি যে ভাৰতীয় দৰ্শন জীৱন দৰ্শন। সেয়েহে বাস্তৱ জীৱনৰ দুখ-কষ্ট, ৰোগ-শোক, জন্ম-মৃত্যুৰ জৰ্জৰিত অৱস্থা দেখি ভাৰতীয় ঋষিসকল ব্যথিত হৈছিল। জীৱনৰ দুখ মুক্তি কিদৰে সম্ভৱ হ'ব সেই তত্বচিন্তাত তেওঁলোক প্ৰবৃত্ত হৈছিল। সেই অনুসাৰে জড়বাদী চাৰ্বাকৰ বাহিৰে আন সকলো ভাৰতীয় সম্প্ৰদায়ে জীৱনৰ দুখৰ মুক্তিৰ উপায়ৰো বিধান দিছে। ভাৰতীয় দৰ্শনৰ মূল কথা হ'ল— অবিদ্যা বা অজ্ঞানতাই সকলো দুখৰ বিনাশ হয়। গতিকে ভাৰতীয় দৰ্শনত দুখ বা নৈৰাশ্যবাদ প্ৰাৰম্ভিক; ই পৰিণতি গভীৰ আশাবাদ। এই জীৱনতে মানুহে নিজৰ প্ৰচেষ্টাৰে মোক্ষ অৰ্থাৎ চিৰ প্ৰশান্তি লাভ কৰিব পাৰে।

(6) এক পৰম নৈতিক নিয়মৰ ওপৰত বিশ্বাসঃ

    চাৰ্বাকৰ বাহিৰে ভাৰতীয় দৰ্শনৰ সকলো সম্প্ৰদায়ে বিস্বাস কৰে যে সমগ্ৰ বিশ্বজগত এক সনাতন নৈতিক নিয়মৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত। এই নিয়মটোৰ ওপৰত ভাৰতীয় দৰ্শনৰ আধ্যাত্মিক পটভূমি প্ৰতিষ্ঠিত। এই নিয়মটোৱে প্ৰমাণ কৰে যে বআৰতীয় দৰ্শন নিৰাশাবাদৰ পৰা আশাবাদলৈ আগবাঢ়িছে। চাৰ্বাকৰ বাহিৰে আন সকলো বৈদিক বা অবৈদিক দৰ্শন সম্প্ৰদায় এই শ্বাশ্বত জাগতিক নিয়মৰ ওপৰত গভীৰ বিশ্বাসী।

(7) কৰ্মবাদঃ

    ভাৰতীয় অধিকাংশ দৰ্শন সম্প্ৰদায়ে কৰ্মবাদত বিশ্বাসী। নৈতিক ক্ষেত্ৰত কাৰ্য-কাৰণ তত্বৰ প্ৰয়োগেই হৈছে ভাৰতীয় দৰ্শনৰ কৰ্মবাদ। এই কৰ্মবাদৰ দ্বাৰা মনুষ্য জীৱনধাৰা নিৰূপিত আৰু পৰিচালিত হয়। ভাল কৰ্মৰ দ্বাৰা ভাল ফল লাভ হয়। ইয়াক পুণ্য বা ধৰ্ম বোলা হয়। আনহাতে অসৎ কৰ্মৰ দ্বাৰা পাপ বা অধৰ্ম উৎপন্ন হয়। ধৰ্মৰ ফলত মানুহে সুখ-সমৃদ্ধ ভোগ কৰে। ইয়াৰ বিপৰীতে অধৰ্মৰ নিমিত্তে জীৱই দুখ-কষ্ট ভোগ কৰে। মানুহৰ জীৱনত সুখ-দুখ নিজ কৰ্মফলৰ পৰাই ঘটে। সেইমতেই বৰ্তমান জীৱন অৱস্থা অতীত জীৱনৰ অতীত কৰ্মৰ ফলস্বৰূপ। কৰ্মফলক অদৃষ্ট বা ভাগ্য বোলা হয়। কিয়নো ই আমাৰ অপ্ৰত্যক্ষ বা অদৃশ্য হৈ থাকে। অতীত কৰ্ম আৰু তাৰ ফল আমাৰ অজ্ঞাত। এয়ে কৰ্মবাদ বা সনাতন নৈতিক নিয়ম।

    ঋক বেদত এই সনাতন নৈতিক নিয়মক 'ঋত' বুলি কোৱা হৈছে। সমগ্র জগত আনকি দেৱতাসকলেও ' ঋত’ক উলংঘা কৰিব নােৱাৰে। কর্মবাদ এই নিয়ম সকাম কৰ্মৰ ক্ষেত্ৰতহে প্রযােজ্য। ফলৰ আশা কৰি যি কাম সম্পাদন কৰা হয় সি সকাম কর্ম। কিন্তু নির্বিকাৰ চিত্তে ফলাফল। আশা নকৰি সম্পাদন কৰা কাম নিষ্কাম কর্ম। নিষ্কাম কৰ্মৰ ফল উৎপন্ন নহয়। সত্যজ্ঞান লাভ কৰিলেহে নিষ্কাম কর্ম সম্পাদন কৰিব পাৰি। এয়ে কর্মবাদ। এই কর্মবাদ ভাৰতীয় দর্শনৰ এটা সাধাৰণ বৈশিষ্ট্য। 

(8) জগত এখন নৈতিক ৰংগমঞ্চঃ 

    কর্মবাদৰ নৈতিক নিয়ম অনুক্রমে ভাৰতীয় দৰ্শনৰ প্ৰায়বােৰ সম্প্রদায়ে জগতখনক এখন নৈতিক ৰংগমঞ্চ বুলি উল্লেখ কৰে। পিৰমার্থিক দৃষ্টিভংগীৰ পৰা জগতখন অনিত্য; কিন্তু ব্যৱহাৰিক দৃষ্টিভংগীৰ পৰা ই সত্য। এই জগতখনেই ক্ষেত্র য'ত জীৱই কর্ম কৰি ফলভােগ কৰে, ফল ক্ষয় কৰিবও পাৰে। জগতখনক ৰংগমঞ্চৰ লগত তুলনা কৰা হৈছে এইবাবে যে পূর্বনির্ধাৰিত ফল অনুসৰি জীৱই এই সংসাৰত জন্ম গ্রহণ কৰি জীৱন পৰিক্রমা সমাপ্তি কৰে। সাধাৰণ ৰংগমঞ্চতকৈ ই বেলেগ এই অর্থত যে ইয়াৰ এটা নৈতিক গুৰুত্ব আছে। যত আমাৰ কৰ্ম আৰু ফলৰ মূল্যাংকন কৰা হয়। 

(9) চিৰন্তন আত্মত বিশ্বাসঃ 

    আত্মাৰ প্রকৃতি সম্পর্কে ভাৰতীয় দর্শন সম্প্রদায়সমূহৰ মাজত মতবিৰােধ থাকিলেও আত্মাৰ শাশ্বত অৱস্থাত বিশ্বাস কৰাটো ভাৰতীয় দৰ্শনৰ অন্যতম সাধাৰণ লক্ষণ। আত্মা হৈছে জীৱনৰ পৰম নিত্য, শুদ্ধচৈতন্য স্বৰূপ পৰম সনাতন অস্তিত্ব। জগত অনিত্য, সীমিত, পৰিৱৰ্তনশীল।গতিকে তাৰ কোনাে নিত্য অস্তিত্ব নাই। একমাত্র আত্মাই শাশ্বত সত্বা। জড়বাদী চার্বাক দর্শনে কোনাে আধ্যাত্মিক আত্মক বিশ্বাস নকৰে। বৌদ্ধ দর্শনে নিত্য আধ্যাত্মিক আত্মাৰ আলােচনা পৰিহাৰ কৰিছে। অবৈদিক জৈন দর্শন আৰু আটাইবােৰ বৈদিকসম্প্রদায়েই আত্মাৰ নিত্য শুদ্ধ সত্বাত বিশ্বাস কৰে। 

(10) জন্মান্তৰবাদত বিশ্বাসঃ 

    কর্মবাদৰ অলংঘনীয়, নৈতিক নিয়মৰ অনুসিদ্ধান্তৰূপে ভাৰতীয় দর্শনৰ এটা সাধাৰণ লক্ষণ হ’ল জন্মান্তৰবাদ। নিজৰ কৰ্মফল ভােগ কৰিবৰ নিমিত্তে আত্মাই পুনঃ পুনঃ জন্ম পৰিগ্ৰহণ কৰাকে জন্মান্তৰবাদ বােলে। এইদৰে জন্মগ্রহণ কৰা আত্মক জীৱাত্মা বােলে। বর্তমান কর্মফল অনুসৰি ভৱিষ্যততে জন্মগ্রহণ কৰিব লগা হয়। এই জন্মান্তৰবাদ কেৱল চার্বাক দর্শনৰ বাহিৰে আটাইকেইটা ভাৰতীয় দার্শনিক সম্প্রদায় তথা ধৰ্মৰ এটা ঘাই বৈশিষ্ট্য। 

(11) বন্ধন আৰু অবিদ্যাঃ 

    আত্মাই যেতিয়া অতীত কৰ্মৰ ফল ভােগ কৰিবলৈ জন্মগ্রহণ কৰি দেশ-কালত সীমিত হয়। সেই অৱস্থাক আত্মাৰ বন্ধন বােলে। আত্মাই স্বৰূপ পাহৰি কৰ্মৰ কৰ্তা আৰু ডােক্তাৰূপে নিজকে বিবেচনা কৰে। ইয়াকে অবিদ্যা বােলে। অবিদ্যাৰ কাৰণে আত্মা বন্ধনযুক্ত হয়। বন্ধনযুক্ত হলে জন্ম আৰু জন্ম মানেই দুখ। এইদৰে আত্মা অবিদ্যাৰ বাবে দেহ আৰু সংসাৰৰ বন্ধনত সােমাই স্বৰূপৰ পৰা বঞ্চিত হয়। এয়ে ভাৰতীয় দর্শনৰ আত্মাৰ অবিদ্যা আৰু বন্ধনৰ ধাৰণা।

(12) মােক্ষঃ জীৱনৰ পৰম লক্ষ্যঃ 

    অবিদ্যাৰ নিমিত্তে আত্মাৰ জন্ম আৰু জন্মান্তৰ প্রক্রিয়া চলি থাকে। এই জন্ম-মৃত্যুৰ ভৱচক্ৰৰ পৰা চিৰ পৰিত্ৰাণ পােৱাকে মােক্ষ বা মুক্তি বােলে। মােক্ষ লাভ কৰাই মানৱ জীৱনৰ পৰম পুৰুষাৰ্থ বা পৰম লক্ষ্য। এই অৱস্থাপ্রাপ্ত হলে আত্মা সংস্কামুক্ত হৈ স্বৰূপ উপলব্ধি কৰে। সম্যক জ্ঞান লাভ কৰিলেহে আত্মাই শুদ্ধ চৈতন্য ৰূপ স্বৰূপ হয়। এই অৱস্থা আত্মাৰ সুখ-দুখহীন এটি নির্বিকাৰ আনন্দঘন অৱস্থা। 

    মুক্তি দুই প্রকাৰৰ জীৱন মুক্তি আৰু বিদেহ মুক্তি। সম্যক জ্ঞান লাভ কৰি নিষ্কাম কর্ম সম্পাদনৰ দ্বাৰাও মানুহে মুক্তি লাভ কৰে। ইয়াক জীৱন মুক্তি বােলে। বৌদ্ধ, জৈন, সাংখ্য, যােগ আৰু অদ্বৈত বেদান্ত দর্শনে জীৱন মুক্তি সমর্থন কৰিছে। আকৌ আত্মাই মৃত্যুৰ যােগেদি দেহ ত্যাগ কৰি সম্পূৰ্ণৰূপে জন্ম-মৃত্যুৰ চক্ৰক ৰােধ কৰা অৱস্থাক বিদেহ মুক্তি বােলে। ন্যায়, বৈশেষিক, বিশিষ্ট অদ্বৈত বেদান্ত দর্শনে বিদেহ মুক্তি স্বীকাৰ কৰে। এইসকল দর্শনৰ মতে দেহৰ মৃত্যুৰ আগতে আত্মাৰ চিৰমুক্তি সম্ভৱ নহয়। এতেকে চার্বাকৰ বাহিৰে ভাৰতীয় সকলাে দর্শনে মােক্ষ বা মুক্তিক পৰম পুৰুষাৰ্থ বুলি গ্রহণ কৰিছে। 

(13) আত্মসংযমঃ 

    সম্যক জ্ঞান লাভ কৰিবৰ নিমিত্তে প্রায় সকলাে ভাৰতীয় দার্শনিক সম্প্রদায়ে আত্মসংযমৰ প্রয়ােজনীয়তা স্বীকাৰ কৰিছে। সম্যক জ্ঞান লাভ কৰিবৰ বাবে আত্মসংযম বা নৈতিক শুদ্ধতাৰ একান্ত প্রয়ােজন। বুদ্ধিবৃত্তিৰ দ্বাৰা জৈৱ প্রবৃত্তিবােৰক যথাযথভাৱে নিয়ন্ত্রিত কৰি সজ জীৱন যাপন কৰাকে আত্মসংযম বােলে। আত্মসংযমৰ মাৰ্গৰ নির্দেশ বৌদ্ধ, জৈন, যােগ আদি দর্শনত সুন্দৰভাৱে দিয়া হৈছে। এই মার্গ অনুসৰণ কৰি মানুহ মােক্ষ লাভৰ বাবে উপযােগী হ'ব পাৰে। গতিকে ভাৰতীয় দৰ্শনৰ আত্মসংযম বা নৈতিক অনুশাসনৰ অর্থ নেতিবাচক নহয়। বাস্তৱিক ধর্ম সাধনেই ইয়াৰ মুখ্য উদ্দেশ্য। 

    এইদৰে দেখা যায় যে বিভিন্ন চিন্তাধাৰাৰ মাজেৰে ভাৰতীয় দার্শনিক সম্প্রদায়সমূহ গঢ়ি উঠি আধ্যাত্মিক তথা নৈতিক মতবাদ আগবঢ়াইছে। সম্প্রদায়সমূহৰ মাজত কিছুমান বিষয়ত অমিল থাকিলেও কিছুমান মৌলিক বিষয়ত মিল থকা দেখা যায়। এই মিল থকা বিষয়বােৰকেই ভাৰতীয় দৰ্শনৰ সাধাৰণ লক্ষণ বুলি কোৱা হয়।

Type Himanku Bora