ভাৰতীয় দৰ্শনৰ শ্ৰেণী বিভাগঃ

    ভাৰতীয় দর্শন প্রধানকৈ দুটা ভাগত ভাগ কৰা হয়। এই দুটা ভাগ হৈছে— আস্তিক আৰু নাস্তিক। সধাৰণ অৰ্থত ঈশ্বৰৰ অস্তিত্বত বিশ্বাসীসকলক আস্তিক বােলা হয়। আনহাতে ঈশ্বৰৰ অস্তিত্বত অবিশ্বাসীসকলক নাস্তিক বােলা হয়। কিন্তু ভাৰতীয় দর্শনৰ শ্রেণী বিভাজনৰ ক্ষেত্ৰত ইয়াৰ অৰ্থ বেলেগ হৈছে। ইতিমধ্যে উল্লেখ কৰা হৈছে যে বেদ আৰু উপনিষদসমূহেই ভাৰতীয় দর্শনৰ প্রাচীনতম উৎস গ্রন্থ। প্রধানকৈ বেদৰ ওপৰত ভিত্তি কৰিয়েই ভাৰতীয় দর্শনৰ বিভিন্ন সম্প্রদায় গঢ়ি উঠিছে। যিবােৰ সম্প্রদায় বেদৰ প্রামাণ্যত বিশ্বাসী তেওঁলােকক আস্তিক বুলি কোৱা হয়। যিবােৰ সম্প্রদায়ে বেদৰ প্রামাণ্যক স্বীকাৰ নকৰে তেওঁলােকক নাস্তিক বােলা হয়। সহজ কথাত ক’বলৈ হ'লে, আস্তিক দর্শনেই বৈদিক দর্শন আৰু নাস্তিক দর্শন হৈছে অবৈদিক দর্শন। 

    চার্বাক, বৌদ্ধ, আৰু জৈনসকলে বেদৰ প্রামাণ্য অস্বীকাৰ কৰিছে। সেয়েহে এই তিনিটা সম্প্রদায়ক অবৈদিক বা নাস্তিক সম্প্রদায় হিচাপে অভিহিত হয়। ন্যায়, বৈশেষিক, সাংখ্য, যােগ, মীমাংসা আৰু বেদান্তই বেদৰ প্রামাণ্য স্বীকাৰ কৰিছে। এই ছয়টা সম্প্রদায়ক একেলগে 'ষড়দর্শন’ বুলি কোৱা হয়। ষড়দর্শন বৈদিক বা আস্তিক দর্শন। মীমাংসা আৰু সাংখ্য দর্শনত ঈশ্বৰৰ অস্তিত্ব অস্বীকাৰ হৈছে। কিন্তু বেদৰ প্রামাণ্য স্বীকাৰ কৰা হৈছে। সেয়েহে এই দুই দর্শন আস্তিক শ্রেণীভুক্ত হৈছে। এই হেতুকে আস্তিক বা বৈদিক দর্শনক আকৌ দুভাগত ভাগ কৰা হৈছে— বেদানুগত আৰু বেদস্বতন্ত্র। যি দর্শন বেদৰ ওপৰত প্রত্যক্ষভাৱে প্রতিষ্ঠিত সেইবােৰক বেদানুগত দর্শন বােলে। যেনে— মীমাংসা আৰু বেদান্ত। এই দুটি দর্শনে বেদৰ উক্তিক সত্য বুলি স্বীকাৰ কৰিছে আৰু যুক্তিৰে তাক প্রতিষ্ঠিতও কৰিছে। এই দুই দৰ্শনৰ ভিতৰত মীমাংসা বেদৰ কর্মকাণ্ডৰ ওপৰত প্রতিষ্ঠিত। বেদান্ত জ্ঞান কাণ্ডৰ ওপৰত প্রতিষ্ঠিত। 

    যিবােৰ দৰ্শনে বেদৰ প্রামাণ্য স্বীকাৰ কৰিও বেদৰ ওপৰত প্রত্যক্ষভাৱে প্রতিষ্ঠিত নহয় সেইবােৰক বেদস্বতন্ত্র দর্শন বােলে। যেনে— সাংখ্য, যােগ, ন্যায় আৰু বৈশেষিক। এই দর্শনসমূহ বেদ-বিৰােধী নহয় যদিও নিজস্ব যুক্তিৰে মতবাদ আগবঢ়াইছে। বেদক অস্বীকাৰ কৰা নাই বাবে এই দৰ্শনসমূহক বৈদিক শ্ৰেণীভুক্ত কৰা হৈছে। আনহাতে অবৈদিক দৰ্শনকো দুভাগত ভাগ কৰা হৈছে— (a) চৰমপন্থী আৰু (b) নৰমপন্থী। চাৰ্বাক দৰ্শন তীব্ৰ বেদ-বিৰোধী; সেয়ে এই দৰ্শনক চৰমপন্থী নাস্তিক দৰ্শন বোলা হয়। বৌদ্ধ আৰু জৈন দৰ্শন তীব্ৰ বেদ-বিৰোধী নহয়; কিন্তু বেদৰ 












প্ৰামাণ্য স্বীকাৰ নকৰা বাবে এই দুই দৰ্শ নৰমপন্থী নাস্তিক দৰ্শনৰূপে পৰিগণিত হৈছে।

    ভাৰতীয় দৰ্শনৰ ওপৰত উল্লেখিত শ্ৰেণী বিভাজন তলত দেখুওৱা চিত্ৰৰ সহায়ত সহজে বুজিব পাৰি।



ভাৰতীয় দৰ্শন সম্প্ৰদায়সমূহৰ অতি সংক্ষিপ্ত পৰিচয়ঃ

(1) সাংখ্য দৰ্শনঃ

    এই দৰ্শনৰ প্রতিষ্ঠাতা হৈছে কপিল মুণি। তেওঁ প্রণয়ন কৰা সাংখ্য-সূত্র বহু কাল আগতে হেৰাই গ’ল। বর্তমান এই দৰ্শনৰ প্রাপ্ত প্রাচীনতম গ্রন্থ। সাংখ্যকাৰিকা আৰু ইয়াৰ প্ৰণেতা ঈশ্বৰকৃষ্ণ। ইয়াৰ উপৰি আমি এই দৰ্শনৰ প্ৰবক্তা হিচাপে গৌড়পাদ, বাচস্পতি মিশ্র, বিজ্ঞানভিক্ষু আদিৰ নাম পাও। 

    ‘সাংখ্য’ শব্দটো 'সংখ্যা’ শব্দৰ পৰা আহিছে। সংখ্যা শব্দটোৰ অর্থ যথার্থ জ্ঞান তথা গণনা। এই দর্শন স্পষ্টভাৱে দ্বৈতবাদী কিয়নাে এই দর্শনে। জগতৰ দুটি মূল তত্ব স্বীকাৰ কৰিছে (i) পুৰুষ আৰু (ii) প্রকৃতি। পুৰুষ চৈতন্যময় আত্মা। প্রকৃতি সত্ব, ৰজ আৰু তম গুণৰ জড়ীয় সত্বা। জগতৰ মূল উপাদান প্রকৃতি। সাংখ্য দর্শন সকাৰ্যবাদী আৰু বহু পুৰুষবাদী। এই দর্শনে ঈশ্বৰৰ বিষয়ে নীৰৱতা অৱলম্বন কৰিছে। এই দর্শনত তিনি প্ৰকাৰৰ প্রমাণ বা যথার্থ জ্ঞানৰ উৎস স্বীকাৰ কৰা হৈছে। যেনে— প্রত্যক্ষ, অনুমান আৰু শব্দ। 

(2) যােগ দর্শনঃ 

    যােগ দৰ্শনৰ প্রতিষ্ঠাতা হৈছে মহর্ষি পতঞ্জলী। তেওঁৰ নাম অনুসৰি এই দর্শনক পতঞ্জলী দর্শনে বােলা হয়। যােগ শব্দটোৰ আক্ষৰিক অর্থ ‘যুক্ত’ অর্থাৎ জীৱাত্মা আৰু পৰমাত্মাৰ আধ্যাত্মিক মিলন। অৱশ্যে পতঞ্জলীয়ে ‘যােগ’ শব্দটো আধ্যাত্মিক প্রচেষ্টা অৰ্থত ব্যৱহাৰ কৰিছে যাতে শৰীৰ, মন আৰু ইন্দ্রিয়সমূহক সংযত কৰি ব্যক্তি এজনে পূর্ণতা প্রাপ্ত হৈ পুৰুষ আৰু প্ৰকৃতিৰ পার্থক্য যথাযথভাৱে কৰিব পাৰে। এই দৰ্শনৰ মূলগ্রন্থ যােগসূত্র। এই দৰ্শনৰ চিত্ত বৃত্তি তত্ব, ইয়াৰ বিশ্লেষণ, পঞ্চ ক্লেশ, পঞ্চ চিত্তভূমি, অষ্টাংগ যােগ সাধনা অতি উল্লেখযােগ্য তত্ব। সাংখ্য দর্শনৰ দৰে এই দর্শনেও প্রত্যক্ষ, অনুমান আৰু শব্ — এই তিনি প্রকাৰ প্রমাণ স্বীকাৰ কৰিছে। এই দর্শনে ঈশ্বৰক শ্রেষ্ঠ আত্মা হিচাপে গ্রহণ কৰিছে। মানুহৰ প্রকৃত ৰূপ বুজি পাবৰ নিমিত্তে প্রয়ােজনীয় আধ্যাত্মিক অনুশীলন, পৱিত্ৰতা, আত্মসংযমৰ যােগ অতি মহৎ দর্শন। 

(3) ন্যায় দর্শনঃ 

    মহর্ষি গৌতম ন্যায় দর্শনৰ প্রতিষ্ঠাতা। গৌতমৰ ন্যায় সূত্র এই দর্শনৰ প্রধান গ্রন্থ। তেওঁৰ পাছত বাৎসায়ন, উদ্যোতকৰ, বাচস্পতি, উদয়ন, জয়ন্ত আৰু গংগেচ প্রভৃতিৰ নাম এই দৰ্শনৰ বিখ্যাত ভাষ্যকাৰ হিচাপে পােৱা যায়। এই দর্শন জ্ঞানতত্বৰ ন্যায় আৰু যুক্তিৰ বাবে সুবিখ্যাত। ন্যায় দর্শন মতে প্রমাণ চাৰি প্ৰকাৰৰ প্রত্যক্ষ, অনুমান, উপমান আৰু শব্দ। ন্যায় দর্শন ঈশ্বৰবাদী। ঈশ্বৰ জগতৰ সৃষ্টিকর্তা, পালনকর্তা আৰু নিয়ন্তা। এই দর্শন অসকার্যবাদৰ সমর্থক। এই মতবাদৰ মতে কার্য উৎপত্তিৰ পূর্বে কাৰণত নিহিত নাথাকে। এই দর্শন মতে কাৰণ তিনি প্রকাৰৰ নিমিত্ত কাৰণ, সমবায়ী কাৰণ আৰু অসমবায়ী কাৰণ। ন্যায় দর্শন পৰমাণুবাদী, বহুবাদী আৰু যৌক্তিক বাস্তৱবাদী। 

(4) বৈশেষিক দর্শনঃ 

    এই দৰ্শনৰ প্রতিষ্ঠাতা হৈছে মহর্ষি কনাদ আৰু মূলগ্রন্থ বৈশেষিক সূত্ৰ। তেওঁৰ পিছত প্রশস্তপাদ, উদয়ন, শ্ৰীধৰৰ নাম উল্লেখনীয় ভাষ্যকাৰ হিচাপে পােৱা যায়। 'বৈশেষিক’ শব্দটো ‘বিশেষ’ শব্দৰ পৰা আহিছে যাৰ অৰ্থ ‘বিশিষ্টতা’ বা ‘বৈশিষ্ট্য'। এই দর্শন বহুবাদী, বাস্তৱবাদী আৰু পৰমাণুবাদী। বৈচিত্ৰতাই বিশ্বৰ আত্মা এই দর্শন এই মতবাদত বিশ্বাসী। এই দর্শনমতে প্রমাণ দুই প্রকাৰৰ প্রত্যক্ষ আৰু অনুমান। বৈশেষিক দর্শন মতে। সাতােটা পদার্থৰে সমস্ত জগত ব্যাখ্যা কৰিব পাৰি। এই সাতটি পদার্থ হৈছে— দ্রব্য, গুণ, কর্ম, সামান্য, বিশেষ, সমবায় আৰু অভাৱ। বৈশেষিক দর্শন পৰমাণুবাদী। 

(5) মীমাংসা দর্শনঃ 

    এই দৰ্শনৰ প্রতিষ্ঠাতা হৈছে মহর্ষি জৈমিনি। মীমাংসা শব্দটোৰ আক্ষৰিক অর্থ ‘সন্মানিত চিন্তা। পােনতে এই শব্দটো বৈদিক ধর্মীয় কর্মকাণ্ডৰ ব্যাখ্যাৰ অৰ্থত ব্যৱহৃত হৈছিল। এতিয়া যিকোনাে ‘সমালােচনামূলক অনুসন্ধান’ৰ অৰ্থত এই শব্দটো ব্যৱহৃত হৈছে। 

    এই দর্শনৰ প্রাচীনতম লিখনি হৈছে জৈমিনিৰ মীমাংসা সূত্র। সৰস্বামী, প্রভাকৰ আৰু কুমাৰিল ভট্টই এই দর্শনত নতুন চিন্তা সংযােজন কৰে। জৈমিনিয়ে জ্ঞানৰ তিনিটা প্রমাণ স্বীকাৰ কৰিছে— প্রত্যক্ষ, অনুমান আৰু শব্দ। প্রভাকৰে উপমান আৰু অর্থাপত্তি তাৰ লগত যােগ দিয়ে। কুমাৰিলাই আকৌ পাছত অনুপলব্ধি প্রমাণ হিচাপে যােগ দিয়ে। মীমাংস দর্শন বস্তুবাদী আৰু বহুত্ববাদী। 

(6) বেদান্ত দর্শনঃ

    বেদৰ জ্ঞানকাণ্ড আৰু উপনিষদসমূহৰ ওপৰত ভিত্তি কৰি মহর্ষি বাদৰায়নে ৰচনা কৰে ব্ৰহ্মসূত্র বা বেদান্ত সূত্র। এই গ্রন্থই বেদান্ত দর্শনৰ ভেটি। ব্রহ্ম জিজ্ঞাসা-ইয়াৰ মুখ্য আলােচ্য বিষয়। পৰমাত্মা বা ব্রহ্মই একমাত্র অদ্বিতীয় পৰম অস্তিত্ব বা সৎ। ব্রহ্মসূত্রত এই মত প্রতিপন্ন কৰা হৈছে। ব্রহ্মসূত্ৰৰ ভাষ্যকাৰসকলে যেনে— শংকৰাচার্য, ৰামানুজাচার্য, মধবাচার্য, নিম্বার্ক, বল্লভাচার্য আদিয়ে ব্রহ্মসূত্রক ভিন্ ভিন্ ভাৱে ব্যাখ্যা কৰে। ফলত ভিন্ ভিন্ বেদান্ত সম্প্রদায়ৰ উৎপত্তি হয়। ইয়াৰ ভিতৰত শংকৰাচাৰ্যৰ অদ্বৈতবাদ আৰু ৰামানুজাচাৰ্যৰ বিশিষ্ট দ্বৈতবাদ প্রধান। বেদান্ত দর্শন কাৰণতাবাদৰ সকাৰ্যবাদৰ সমর্থনকাৰী।। মায়াবাদ, জীৱজগত, ব্রহ্ম, ঈশ্বৰ, মুক্তি আদি বেদান্ত দর্শনৰ গুৰুত্বপূর্ণ ধাৰণা। বেদান্ত দর্শনত তিনি প্ৰকাৰ জ্ঞানৰ উৎসৰ উল্লেখ কৰিছে– (i) প্রত্যক্ষ, (ii) অনুমান আৰু (iii) শ্রুতি (বেদ) পৰৱর্তী অদ্বৈতবাদীসকলে, (iv) উপমান, (v) অর্থাপত্তি আৰু (vi) অনুপলব্ধিকো উৎস হিচাপে যােগ দিছে। অদ্বৈতবাদৰ মূল তত্ব ব্রহ্ম সত্য, জগতমিথ্যা , জীৱাে ব্ৰহ্মৈৱ নাপৰঃ'। বেদান্ত দর্শনৰ মৌলিক গ্রন্থ বেদ, ব্রহ্মসূত্র আৰু গীতা। একেলগে ইয়াক প্রস্থানত্রয় বুলি কয়। এই দর্শন বেদৰ কর্মকাণ্ডৰ ওপৰত প্রতিষ্ঠিত। 

(7) চার্বাক দর্শনঃ 

    চার্বক দৰ্শনৰ প্রতিষ্ঠাতা আৰু মূলগ্রন্থৰ বিষয়ে স্পষ্ট মত পােৱা নাযায়। এই দর্শন নাস্তিক আৰু বিশুদ্ধ জড়বাদী ভাৰতীয় দর্শন হিচাপে বিখ্যাত। জড়বাদ মতে জগতৰ মূল উপাদান হৈছে জড় পদার্থ। ইয়াৰ পৰাই সমস্ত জগতৰ উৎপত্তি হৈছে। এই দর্শনে ঈশ্বৰ, আত্মা, কর্মবাদ, পুনর্জন্ম, মুক্তি আদি বিশ্বাস নকৰে। এই দর্শন মতে খােৱা-পিয়া আৰু আনন্দ উপভােগ কৰাই জীৱনৰ মূল লক্ষ্য। প্রত্যক্ষই একমাত্র প্রমাণ এয়ে চার্বাক দর্শনৰ মত। এই দর্শন তীব্র বেদ-বিৰােধী। 

(8) জৈন দর্শনঃ 

    জৈন দর্শন প্রতিষ্ঠাতা হিচাপে এজন নির্দিষ্ট ব্যক্তি নাই। 2400 জন তীর্থংকঁৰ বা সিদ্ধ পুৰুষ এই দৰ্শনৰ প্ৰচাৰক। সর্বশেষ তীর্থংকঁৰজন হৈছে। মহাবীৰ বা বর্ধমান। এই দর্শন মূলতঃ নীতি ভিত্তিক। এই দৰ্শনৰ পঞ্চ মহাব্ৰত আৰু ত্রিৰত্ন উল্লেখযােগ্য। পঞ্চ মহাব্ৰত হৈছে অহিংসা, সত্য, অস্তেয়, ব্রহ্মচার্য আৰু অপৰিগ্রহ। ত্রিৰত্ন-সম্যক জ্ঞান, সম্যক দর্শন আৰু সম্যক চৰিত্র। জৈন দর্শন নিৰীশ্বৰবাদী। সময়ৰ সোঁতত জৈনসকল দিগম্বৰ আৰু শ্বেতাম্বৰ এই দুই শাখাত বিভক্ত হয়। 

(9) বৌদ্ধ দর্শনঃ 

    গৌতম বুদ্ধ এই দৰ্শনৰ প্রতিষ্ঠাতা আৰু মূলগ্রন্থ ত্রিপিটক। এই দর্শন বাস্তৱবাদী, মানৱতাবাদী উপযােগিতাবাদী আৰু নৈতিকতাবাদী। এই দৰ্শনৰ চতুর্থ আর্য সত্য, প্রতীত্য সমুৎপাদ, ক্ষণিকবাদ, নির্বাণ, অনাত্মবাদ আদি তাত্বিক মতবাদৰ বাবে সুবিখ্যাত। এই দর্শনে দুটা প্রমাণ স্বীকাৰ কৰে— প্রত্যক্ষ আৰু অনুমান। পৰৱৰ্তী কালত বৌদ্ধ ধৰ্মাৱলম্বীসকল মহাযান আৰু হীনাযান— এই দুই শাখাত বিভক্ত হয়।

Type Himanku Bora