জ্ঞানবিদ্যাঃ

    দর্শনৰ যিটো শাখাই জ্ঞানৰ উৎপত্তি, স্বৰূপ, চর্ত, সীমা প্রভৃতি আলােচনা কৰে তাকেই জ্ঞানবিদ্যা বােলে। আমি আগতেই আলােচনা কৰিছাে যে, তত্বালােচনা কৰাৰ পূর্বেই জ্ঞানবিদ্যাৰ আলােচনা কৰাটো অপৰিহার্য। কাৰণ জ্ঞানৰ উৎপত্তিকি ভাৱে হয় আৰু যথার্থ জ্ঞানৰ চৰ্ত কি?— এইবােৰ যদি আগতে জনা নাযায় তেতিয়াহ'লে তত্বালােচনা কৰাৰ কোনাে সার্থকতা নাথাকে। সত্যক জনাই হৈছে দৰ্শনৰ উদ্দেশ্য। 

জ্ঞানৰ উৎপত্তি সম্পর্কীয় মতবাদঃ 

    জ্ঞানৰ উৎপত্তি কি ভাৱে হয়? বা জ্ঞানৰ উৎস কি? এইটো জ্ঞানবিদ্যাৰ এটা জটিল প্রশ্ন। এই প্রশ্নৰ উত্তৰত দার্শনিক সকল একমত নহয়। সেয়ে জ্ঞানৰ উৎসক কেন্দ্ৰ কৰি জ্ঞানবিদ্যাত বিভিন্ন মতবাদৰ উদ্ভৱ হােৱা দেখা যায়। তাৰ ভিতৰত চাৰিটা উল্লেখযােগ্য মতবাদ হৈছে— বুদ্ধিবাদ (Rationalism), অভিজ্ঞতাবাদ (Empiricism), বিচাৰবাদ (Criticism) আৰু স্বজ্ঞাবাদ (Intuitionism)। এই অধ্যয়ত আমি আলােচনা কৰিবলৈ লােৱা জ্ঞানৰ উৎপত্তি সম্পর্কীয় মতবাদ কেইটা হ'ল-বুদ্ধিবাদ আৰু অভিজ্ঞতাবাদ। 

বুদ্ধিবাদ (Rationalism)ঃ 

    বুদ্ধিবাদ অনুসৰি যথার্থ জ্ঞানৰ উৎস হৈছে বুদ্ধি। বুদ্ধিয়েই হৈছে যথার্থ জ্ঞান লাভৰ প্রধান উপায়। বুদ্ধিবাদী দার্শনিক সকলৰ মতে ইন্দ্ৰিয়ৰ সহায়ত যি জ্ঞান লাভ কৰা যায় সেই জ্ঞান অসম্পূর্ণ আৰু অনিশ্চিত। ইন্দ্রিয়-প্রত্যক্ষৰ সহায়ত যি জ্ঞান লাভ কৰা যায় সেই জ্ঞান হৈছে। বস্তুৰ বাহ্যৰূপৰ জ্ঞান, বস্তুৰ অন্তনিহিত স্বৰূপ সম্বন্ধে জ্ঞান নহয়। ইন্দ্রিয়-প্রত্যক্ষই সর্বজনস্বীকার্য আৰু অৱশ্যস্বীকার্য জ্ঞান দিব নােৱাৰে। যথার্থ জ্ঞান শাশ্বত, সার্বিক, সনাতন আৰু নিশ্চিত। ইন্দ্রিয়-প্রত্যক্ষই তত্বজ্ঞান অর্থাৎ শাশ্বত, সার্বিক, সনাতন আৰু নিশ্চিত জ্ঞান দিব নােৱাৰে। সেইকাৰণেই বুদ্ধিবাদী দার্শনিক সকলে বাহ্য অভিজ্ঞতাক বর্জন কৰি বুদ্ধিকেই যথার্থ জ্ঞান লাভৰ উৎস বুলি কৈছে। 

    বুদ্ধিবাদী দার্শনিক সকলৰ মতে, বুদ্ধিয়ে আমাক কিছুমান অভিজ্ঞতাপূর্ব বা অন্তর্জাত ধাৰণা দিয়ে। এই ধাৰণাবােৰ স্বত:সিদ্ধ আৰু সেইকাৰণেই নি:সন্দিগ্ধ ভাৱে সত্য। এই অন্তর্জাত ধাৰণাসমূহৰ পৰাই জ্ঞানৰ সৌধ গঠিত হয়। 

    প্রাচীন বুদ্ধিবাদী দার্শনিক হিচাপে গ্রীক দার্শনিক ছক্ৰেটিছ আৰু প্লেটোৰ নাম বিশেষভাৱে উল্লেখযােগ্য। ছক্ৰেটিছৰ মতে বুদ্ধিয়েই হৈছে। জ্ঞান লাভৰ একমাত্র উপায়। কাৰণ প্রত্যয় বা সামান্য ধাৰণাৰ জৰিয়তেই আমি জ্ঞান আহৰণ কৰাে আৰু বুদ্ধিৰ দ্বাৰাই এই সামান্য ধাৰণাবােৰ গঠিত হয়। প্লেটোৰ মতেও প্রকৃত জ্ঞান অভিজ্ঞতা। নহয়, বুদ্ধিৰ সহজাত ক্ষমতাৰ ওপৰতহে প্রতিষ্ঠিত। প্রকৃত জ্ঞান অনিবার্য, সার্বজনীন আৰু নিশ্চিত আৰু তেনে জ্ঞান বুদ্ধিয়েই দিব পাৰে। 

    আধুনিক পাশ্চাত্য দর্শনৰ ইতিহাসত বুদ্ধিবাদী দার্শনিক হিচাপে ডেকার্ট (Descartes), স্পিনােজা (Spinoza), লাইবনিজ (Leibnitz) আৰু উলফৰ (Wolff) ৰ নাম বিশেষভাৱে উল্লেখযােগ্য। এওঁলােক সকলােৱে একমত যে বুদ্ধিৰ জৰিয়তে যি জ্ঞান লাভ কৰা যায় সেই জ্ঞান যথার্থ আৰু নিশ্চিত। তথাপি ইন্দ্রিয়লব্ধ জ্ঞান সম্পর্কে এওঁলােক একমত নহয়। কোনাে কোনােৰ মতে ইন্দ্রিয়লব্ধ জ্ঞান মানেই ভ্রান্ত আৰু কোনাে কোনােৰ মতে এই জ্ঞান অসম্পূর্ণ আৰু অযথার্থ। 

    ডেকাৰ্টক আধুনিক পাশ্চাত্য দর্শনৰ জনক বুলি কোৱা হয়। তেওঁ পাশ্চাত্য দর্শনৰ ইতিহাসত বুদ্ধিবাদক এক মর্যদাৰ আসনত প্রতিষ্ঠা কৰে। ডেকাৰ্টৰ মতে আমাৰ মনত তিনি প্রকাৰৰ ধাৰণা থাকে। যেনে— (1) আগন্তুক ধাৰণা (Adventitious Idea), (2) কৃত্ৰিম বা কাল্পনিক ধাৰণা  (Factitious Ideas) আৰু (3) অন্তর্জাত ধাৰণা (Innate Ideas)। 

    যিবােৰ ধাৰণা বাহ্যবস্তুৰ লগত ইন্দ্ৰিয়ৰ সংস্পৰ্শৰ ফলত আমাৰ মনলৈ আহে, সেইবােৰ ধাৰণাক আগন্তুক ধাৰণা বােলে। যেনে-নদী, পাহাৰ, নীলা আকাশ, গছৰ পাত আদি। যিবােৰ ধাৰণা কোনাে বাহ্যবস্তুৰ ওপৰত নিৰ্ভৰ নকৰাকৈ মনে দুই বা ততােধিক ধাৰণাক সংযােগ কৰি এক নতুন ধাৰণা সাজি লয়, তাকে কৃত্রিম ধাৰণা বােলে। যেনে— পক্ষীৰাজ ঘোঁৰা, সােণৰ পাহাৰ ইত্যাদি। এই ধাৰণাবােৰ কল্পনা প্রসূত, সেইকাৰণে এই ধাৰণাবােৰ স্পষ্ট আৰু স্বচ্ছ নহয়। গতিকে এই দুই প্রকাৰৰ ধাৰণাৰ পৰা কেতিয়াও যথার্থ জ্ঞান উৎপত্তি হ'ব নােৱাৰে। যথার্থ জ্ঞান অন্তর্জাত ধাৰণাৰ পৰা বুদ্ধিৰ জৰিয়তে লাভ কৰা যায়। 

    ডেকাৰ্টৰ মতে, আমাৰ মনত কিছুমান ধাৰণা জন্মৰ পৰাই থাকে। সেই ধাৰণাবােৰ হৈছে। অসীমতা, নিত্যতা, পূর্ণসত্তা বা ঈশ্বৰৰ ধাৰণা, নৈতিকতাৰ ধাৰণা, কার্য-কাৰণ সম্পর্কীয় ধাৰণা ইত্যাদি। এই ধাৰণাৰােৰ অভিজ্ঞতাৰ পৰা লাভ কৰা নাযায়। ডেকাৰ্টৰ মতে এই ধাৰণাবােৰ ঈশ্বৰে জন্মৰ সময়তেই আমাৰ মনত ৰােপণ । কৰি দিয়ে । এই ধাৰণাবােৰক ডেকার্টে অন্তর্জাত ধাৰণা বা সহজাত ধাৰণা (Innate ideas) বুলি কৈছে। এই ধাৰণাৰােৰ নিজে নিজেই মনত উদ্ভৱ হয় বাবে এই ধাৰণাবােক অন্তর্জাত ধাৰণা বুলি কোৱা হয়। বুদ্ধিবাদী দার্শনিক সকলৰ মতে, অন্তর্জত ধাৰণাসমূহ অভিজ্ঞতাপূর্ব ধাৰণা। এইবােৰ স্বত:সিদ্ধ আৰু নিশ্চিত ধাৰণা। সেইকাৰণে এই ধাৰণাবােৰ সকলাে মানুহৰ মনত একে হ’ব, কোনাে পৰিস্থিতিতেই পৰিবৰ্তিত হ’ব নােৱাৰে। জন্মৰ সময়ত এই ধাৰণাবোৰ সুপ্ত অৱস্থাত থাকে। বুদ্ধিৰ জৰিয়তেই এই ধাৰণাবোেৰৰ পৰা যথার্থ জ্ঞানৰ উৎপত্তি হয়। 

    ডেকার্ট এজন গণিতশাস্ত্রবিদ আছিল। তেওঁৰ মতে গণিতত যিদৰে কিছুমান স্বত:সিদ্ধ সূত্ৰৰ পৰা নিগমন পদ্ধতিৰে যথার্থ সিদ্ধান্তত উপনীত হােৱা যায়, ঠিক তেনেকৈ দৰ্শনতাে যদি কিছুমান স্বতঃসিদ্ধ অন্তর্জাত ধাৰণাৰ পৰা বুদ্ধিৰ জৰিয়তে নিগমন পদ্ধতিৰে সিদ্ধান্তত উপনীত হােৱা যায়। তেতিয়া দার্শনিক জ্ঞান গাণিতিক জ্ঞানৰ দৰে। সুনিশ্চিত আৰু যথার্থ হ’ব। 

    দার্শনিক স্পিনােজাও ডেকাৰ্টৰ দৰে বুদ্ধিবাদৰ সমর্থক আৰু অন্তর্জাত ধাৰণাৰ অস্তিত্বত বিশ্বাসী। স্পিনােজাৰ মতে, দর্শনৰ উদ্দেশ্য হৈছে, বিষয় বস্তুৰ পূৰ্ণজ্ঞান অর্জন কৰা আৰু সেই জ্ঞান কেৱল বিশুদ্ধ চিন্তাৰ বা বুদ্ধিৰ দ্বাৰাই সম্ভৱ। বুদ্ধিৰ দ্বাৰা সত্যক প্রত্যক্ষভাৱে জানিব পাৰি। স্পিনােজাৰ মতে সকলাে জ্ঞান মানুহৰ মনৰ ভিতৰতে সৃষ্টি হয়। তেওঁৰ মতে, দ্ৰব্য (Substance), গুণ (Quality) আৰু বিকাৰ (Mode)— এই তিনিটাই প্রধান অন্তর্জাত ধাৰণা আৰু এই তিনিটা ধাৰণাৰ ওপৰত নিৰ্ভৰ। কৰিয়েই আন আন সত্যক প্রতিষ্ঠা কৰিব পৰা যায়। 

    দার্শনিক লাইবনিজৰ মতেও যথার্থ জ্ঞান বুদ্ধিৰ পৰাই উৎপত্তি হয়। লাইবনিজৰ মতে মাত্র কিছুমান ধাৰণাই যে অন্তর্জাত তেনে নহয়, আমাৰ সকলাে ধাৰণাই অন্তর্জাত। তেওঁ মন বা আত্মাক ‘মনাড’ (Monad) বুলি অভিহিত কৰিছে। 'মনাড’ হৈছে অসংখ্য আধ্যাত্মিক সত্তা আৰু প্রত্যেকটোৱে স্বতন্ত্র। এনে আধ্যাত্মিক সত্তাক তেওঁ ‘গবাক্ষবিহীন’ বা ‘খিৰিকী বিহীন’ (Windowless) বুলি অভিহিত কৰিছে। সেইকাৰণে বাহিৰৰ পৰা কোনাে জ্ঞান মনৰ ভিতৰত প্ৰৱেশ কৰিব নােৱাৰে। সকলাে প্ৰকাৰৰ জ্ঞান মনৰ মাজত সুপ্ত অৱস্থাত নিহিত থাকে আৰু মনে বুদ্ধিৰ জৰিয়তে সেই অন্তর্নিহিত জ্ঞানবােৰৰ বিকাশ সাধন কৰে। গতিকে বুদ্ধিয়েই হৈছে জ্ঞানৰ উৎস। 

    লাইবনিজৰ পিচত তেওঁৰ শিষ্য ভন উলফৰ (Von Wolff) ৰ মতবাদেও বুদ্ধিবাদক এটা সুসংহত ৰূপ প্রদান কৰে। উলফৰ মতেও মনৰ ভিতৰত কেতবােৰ মৌলিক তথা অন্তর্জাত ধাৰণা নিহিত হৈ থাকে। এই ধাৰণাবােৰৰ ওপৰত ভিত্তি কৰিয়েই নিগমন পদ্ধতিৰে বুদ্ধিৰ জৰিয়তে জগত, আত্মা, ঈশ্বৰ আদি সকলাে বিষয়ৰ জ্ঞান লাভ কৰা যায়। 

    বুদ্ধিবাদৰ সমালােচনাঃ 

    জ্ঞানােৎপত্তিৰ মতবাদ হিচাপে বুদ্ধিবাদ যদিও এটা উল্লেখযােগ্য মতবাদ তথাপি ই দোষমুক্ত নহয়। বুদ্ধিবাদৰ বিৰুদ্ধে থকা প্রধান সমালােচনা সমূহ হ'ল— 

(1) বুদ্ধিবাদী দার্শনিক সকলৰ মতে অভিজ্ঞতালব্ধ সকলাে জ্ঞানেই সংশয়াত্মক বা ভ্রান্ত। বুদ্ধিবাদী সকলৰ এই মত গ্রহণযােগ্য নহয়। কিয়নাে কোনাে কোনাে ক্ষেত্ৰত অভিজ্ঞতায়াে আমাক নিশ্চিত আৰু শুদ্ধ জ্ঞান দিব পাৰে। সকলাে যথার্থ জ্ঞান। অন্তর্জাত ধাৰণাৰ পৰা উদ্ভূত— এই কথা মানি লােৱা উচিত নহয়। 

(2) ডেকার্টেৰ মতে গণিতশাস্ত্ৰত যিদৰে কেতবােৰ স্বত:সিদ্ধ সূত্ৰৰ পৰা নিগমন পদ্ধতিৰে নিশ্চিত সিদ্ধান্তত উপনীত হােৱা যায়, ঠিক সেইদৰে অন্তৰ্জাত ধাৰণাবােৰৰ পৰা বুদ্ধিৰ জৰিয়তে নিগমন পদ্ধতিৰে দৰ্শনৰ ক্ষেত্ৰততা যথার্থ নিশ্চিত জ্ঞান পােৱা যায়। এই কথাও গ্ৰহণ কৰিব নােৱাৰি। কিয়নোে দর্শনৰ জ্ঞানৰ লগত গাণিতিক জ্ঞানৰ পার্থক্য আছে। গাণিতিক জ্ঞান হ’ল অমূর্ত (abstract) বিষয়ৰ জ্ঞান, আৰু দর্শনৰ জ্ঞান মূর্ত (concrete) বিষয়ৰ জ্ঞান। অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি চিন্তনৰ জৰিয়তে জগত আৰু জীৱনৰ স্বৰূপ সম্পর্কে জ্ঞান দিয়াই দৰ্শনৰ উদ্দেশ্য। 

(3) যি অন্তর্জাত ধাৰণাৰ ওপৰতে বুদ্ধিবাদৰ ভিত্তি তাক লকৰ পৰা আৰম্ভ কৰি প্ৰায়বােৰ অভিজ্ঞতাবাদী দার্শনিকে তীব্র সমালােচনা কৰিছে। লকৰ মতে প্রকৃততে যদি কোনাে অন্তর্জাত ধাৰণা থাকে তেতিয়াহ'লে এই ধাৰণা সকলােৰে মনত উপস্থিত থাকিব। আৰু সকলােৱে এই ধাৰণাবােৰক স্বীকাৰ কৰি ল'ব। কিন্তু সর্বজনস্বীকৃত আৰু সমভাৱে সকলােৰে মনত বর্তমান এনে ধাৰণা দেখা নাযায়। ঈশ্বৰ, নৈতিকতা প্রভৃতি ধাৰণা সম্পর্কে মানুহৰ মাজত মতানৈক্য দেখা যায়। সেইকাৰণে স্বত:সিদ্ধ সত্য যে যথার্থতেই স্বত:সিদ্ধ এই সম্পর্কে সন্দেহৰ অৱকাশ থাকি যায়। 

(4) অন্তর্জাত আৰু স্বত:সিদ্ধ সাধাৰণ সত্যৰ পৰাই নিগমন পদ্ধতিৰে সিদ্ধান্তত উপনীত হােৱাই যদি জ্ঞান লাভৰ একমাত্র পন্থা হয়, তেতিয়াহ'লে জ্ঞানৰ অগ্রগতিয়েই ৰুদ্ধ হৈ যাব। কিন্তু জ্ঞানৰ অগ্ৰগতিক কোনােমতেই অস্বীকাৰ কৰিব নােৱাৰি। 

(5) বুদ্ধিবাদী দার্শনিক সকলে বুদ্ধিকেই যথেষ্ট গুৰুত্ব প্রদান কৰিছে। অভিজ্ঞতা বাদ দি বুদ্ধিকেই জ্ঞানৰ একমাত্র উৎস বুলি কৈছে। বুদ্ধিবাদী সকলে যিবিলাক কথা যুক্তি বা বুদ্ধিৰে প্ৰমাণ কৰিব পৰা নাই সেইবিলাক বিনাবিচাৰে গ্ৰহণ কৰিছে। সেইকাৰণে এই মতবাদ নির্বিচাৰবাদী হৈ পৰিছে।

অভিজ্ঞতাবাদঃ

    অভিজ্ঞতাবাদ মতে অভিজ্ঞতাই হৈছে জ্ঞানৰ একমাত্ৰ উৎস। 'অভিজ্ঞতা' শব্দটোৰ দ্বাৰা অভিজ্ঞতাবাদী দাৰ্শনিক সকলে ইন্দ্ৰিয় প্ৰতক্ষ্যৰ জৰিয়তে লাভ কৰা জ্ঞানৰ কথা বুজাইছে। আমাৰ সকলো জ্ঞান ইন্দ্ৰিয় অভিজ্ঞতাৰ পৰাই লাভ কৰা যায়। গতিকে ইন্দ্ৰিয় অভিজ্ঞতাই জ্ঞানৰ একমাত্ৰ উৎস।

    প্রাচীন কালত গ্রীক পৰমাণুবাদী (Atomist) আৰু চফিষ্টসকলে (Sophists) সর্বপ্রথমে এই মতবাদৰ প্রৱর্তন কৰে। তেওঁলােকৰ মতে অভিজ্ঞতাৰ পৰাই জ্ঞানৰ উৎপত্তি হয়। চফিষ্ট সকলৰ মতে, ব্যক্তিৰ অভিজ্ঞতাই হ’ল সত্য মিথ্যা বিচাৰৰ মাপকাঠি। 

    বর্তমান কালৰ দার্শনিক বেকনে (Francis Bacon) অভিজ্ঞতাবাদক প্রণালীবদ্ধভাৱে প্রতিষ্ঠা কৰে। দার্শনিক বেকনৰ মতে অভিজ্ঞতাৰ দ্বাৰাই জ্ঞানৰ উপকৰণ সংগৃহীত হয়। প্রকৃত দার্শনিকে মৌমাখিৰ দৰে এই উপকৰণবােৰৰ দ্বাৰাই নিজৰ ক্ষমতাৰে জ্ঞানৰ সৌধ গঢ়ি তােলে। 

    আধুনিক পাশ্চাত্য দর্শনত অভিজ্ঞতাবাদী দার্শনিক হিচাপে জন লক (Jhon Locke), বার্কলে (Berkeley) আৰু হিউমৰ (Hume) নাম বিশেষভাৱে উল্লেখযােগ্য। বৃটিছ দার্শনিক জন লকেই এই অভিজ্ঞতাবাদক এটা সুসংহত আৰু সুস্পষ্ট ৰূপদান কৰিছিল। তেওঁৰ মতে অভিজ্ঞতাই বা ইন্দ্রিয় - প্রত্যক্ষই জ্ঞানৰ একমাত্র উৎস। অভিজ্ঞতাপূর্ব কোনাে অন্তজাত ধাৰণাৰ অস্তিত্ব মানুহৰ মনত নাথাকে। তেওঁ দার্শনিক ডেকাৰ্টৰ অন্তজাত ধাৰণা সম্পর্কীয় মতবাদৰ তীব্র সমালােচনা কৰিছিল আৰু তাৰ বিৰুদ্ধে কিছুমান যুক্তি উপস্থাপিত কৰিছিল। 

(1) অন্তর্জাত ধাৰণাৰ যদি প্রকৃততে কোনাে অস্তিত্ব থাকে তেনেহ'লে প্রত্যেকজন মানুহৰ মনতেই এই ধাৰণা থাকিব লাগিব। কিন্তু শিশু, নিবোধ, অশিক্ষিত আদি ব্যক্তিৰ মনত এই ধাৰণাবােৰ নাথাকে। কার্যকাৰণ সম্বন্ধ, অসীমতা, নিত্যতা, ঈশ্বৰ প্রভৃতিৰ ধাৰণা সম্পর্কে এওঁলােক সচতেন নহয়। 

(2) অন্তজাত ধাৰণাৰ যদি প্রকৃততে অস্তিত্ব থাকে তেনেহলে এই ধাৰণাবােৰৰ সম্পর্কে সকলােৱে একমত হ’ব লাগিব। কিন্তু ঈশ্বৰ, নৈতিক নিয়ম আদি ধাৰণা সম্পর্কে মানুহৰ মাজত মতভেদ দেখা যায়। 

(3) আকৌ কিছুমান ধাৰণা সকলােৰে মনত সমভাৱে উপস্থিত থাকিলেও সেইবােৰ ধাৰণা অন্তর্জাত নহ'বও পাৰে। যেনে— জুই, তাপ, সূর্য আদি সম্পর্কে সকলােৰে ধাৰণা একেই। কিন্তু এই ধাৰণাৰােৰ অন্তর্জাত নহয়। এইবোেৰ ধাৰণা অভিজ্ঞতাৰ পৰাহে অর্জন কৰা হয়। 

    অন্তর্জাত ধাৰণাৰ অস্তিত্ব খণ্ডন কৰি জন লকে প্রতিষ্ঠা কৰিব বিচাৰিছিল যে সকলাে জ্ঞানেই অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল। লকে তেওঁৰ 'An Essay Concerning Human Understanding' নামৰ বিখ্যাত গ্রন্থখনত অভিজ্ঞতাবাদৰ দার্শনিক ভিত্তি স্থাপন কৰে। লকৰ মতে জন্মৰ সময়ত মানুহৰ মন এখিলা অলিখিত কাগজৰ (Tabula rasa) দৰে; যত সকলাে কথা অভিজ্ঞতাৰ দ্বাৰা লিখা হয়। মনে সকলাে ধাৰণা অভিজ্ঞতাৰ পৰা লাভ কৰে। অভিজ্ঞতা দুই প্রকাৰৰ— সংবেদন (Sensation) আৰু অন্তদর্শন (Introspection)। সংবেদনৰ দ্বাৰা বাহ্যজগতৰ বস্তু (যেনে ৰং, গােন্ধ, ওজন ইত্যাদি) সম্পর্কে জ্ঞান হয় আৰু অন্তর্দর্শনৰ দ্বাৰা অন্তৰ জগত (যেনে— সুখ, দুখ, মৰম ইত্যাদি) সম্পর্কে জ্ঞান হয়। সংবেদন আৰু অন্তদর্শন অবিহনে মনত কোনাে ধাৰণাৰ উৎপত্তি হ'ব নােৱাৰে। মানুহৰ মনে কেৱল মাত্র নিস্ক্রিয়ভাৱে বাহ্যিক জগতৰ পৰা ধাৰণাবােৰ গ্রহণ কৰে। মনত ধাৰণা আহি উপস্থিত নােহােৱা পর্যন্ত মনে একো কৰিব নােৱাৰে। বিভিন্ন ধাৰণা মনত উপস্থিত হলে সেইবােৰ পৰস্পৰৰ লগত তুলনা আৰু সংযুক্ত কৰি মনে জটিল ধাৰণাৰ সৃষ্টি কৰে আৰু বিশেষ বিশেষ তেনে ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি আগমন পদ্ধতিৰে সামান্যীকৰণ কৰি সামান্য ধাৰণা বা সমান্য সত্যৰ জ্ঞান লাভ কৰে। লকৰ মতে, বিভিন্ন ধাৰণাৰ মাজত সাদৃশ্য-বৈসাদৃশ্য আদিৰ সম্বন্ধ প্রত্যক্ষ কৰাই জ্ঞান। গতিকে অভিজ্ঞতাই সকলাে প্রকাৰৰ জ্ঞানৰ মূল উৎস। জ্ঞানত বুদ্ধিৰ কোনাে অৰিহণা নাই। লকৰ মতে, বুদ্ধিত এনে কোনাে ধাৰণা নাই, যাক ইন্দ্ৰিয়ৰ পৰা আগতে লাভ কৰা নাযায় (There is nothing in the intellect which was not previously in the sense)। গতিকে জ্ঞান অভিজ্ঞতাপূর্ব (a priori) নহয়, অভিজ্ঞতাপ্রসূতহে (a posteriori)। 

    জর্জ বার্কলেও (George Berkeley) এজন অভিজ্ঞতাবাদী দার্শনিক। তেওঁৰ মতেও অভিজ্ঞতা বা প্রত্যক্ষই জ্ঞানৰ একমাত্র উৎস। যি প্রত্যক্ষ কৰা যায় কেৱল সেই বস্তুৰহে অস্তিত্ব আছে। বস্তুৰ অস্তিত্ব প্রত্যক্ষ নির্ভৰ (Esse est percipi)। অর্থাৎ যাক প্রত্যক্ষকৰিব নােৱাৰি তাৰ অস্তিত্ব থাকিব নােৱাৰে। বার্কলেৰ মতে মনৰ অস্তিত্ব নােহাৱাকৈ প্রত্যক্ষৰ অস্তিত্ব থাকিব নোৱাৰে। তেওঁৰ মতে প্ৰতক্ষ্যৰ দ্বাৰা মাত্ৰ ধাৰণাৰ জ্ঞান পোৱা যায় আৰু ধাৰণা যিহেতু মনৰ বিষয় সেইকাৰণে মাত্ৰ মনৰহে অস্তিত্ব আছে। বাৰ্কলেই মনৰ বাহিৰে গুণৰ আধাৰৰূপে বস্তুৰ স্বতন্ত্ৰ সত্তাৰ অস্তিত্ব অস্বীকাৰ কৰিছে।
 
    দাৰ্শনিক হিউমেও মন আৰু দ্ৰব্য— এই দুয়োটাৰে অস্তিত্ব অস্বীকাৰ কৰে। তেওঁৰ মতে ইন্দ্ৰীয়-প্ৰত্যক্ষগোচৰ নোহোৱা কোনো বস্তুৰ অস্তিত্ব থাকিব নোৱাৰে। হিউমৰ মতে, অভিজ্ঞতাই ঢুকি নোপোৱা সত্তাৰ জ্ঞানৰ সকলো প্ৰচেষ্টা ফলহীন। সেয়ে তেওঁ মন, দ্ৰবে্য, ঈশ্বৰ, আত্মা, কাৰ্যকাৰণ সম্পৰ্ক আদিৰ অস্তিত্বক অস্বীকাৰ কৰে। কিয়নো এইবোৰ প্ৰত্যতক্ষৰ বিষয় নহয়। গতিকে এইবোৰৰ অস্তিত্ব নাই।

    হিউমৰ অভিজ্ঞতাবাদত ইন্দ্ৰিয় সংবেদনৰ মাধ্যমত লাভ কৰা জ্ঞানৰ বাহিৰে আন কোনো জ্ঞানৰ স্থান নাই। ইন্দ্ৰিয়ৰ লগত যেতিয়া ইন্দ্ৰিয়ৰ বিষয়বস্তুৰ সংযোগ ঘটে তেতিয়া সেই বিষয়বস্তুৰ এটা ছাপ আমাৰ মনত পৰে। ইয়াক মুদ্ৰণ (impression) বোলে। এই মুদ্ৰণ বা ছাপ যেতিয়া অস্পষ্ট হয় তেতিয়া তাক ধাৰণা (idea) বোলা হয়। এই মুদ্ৰণ লবা ধাৰণাবোৰ অনুষংগ নিয়মৰ দ্বাৰা পৰস্পৰৰ সলগত যেতিয়া নিজে নিজে সংযুক্ত হয় তেতিয়াই জ্ঞানৰ উৎপত্তি হয়। এইবোৰক যুক্ত কৰাৰ বাবে কোনো অন্তৰ ধাৰণা বা স্বতঃসিদ্ধ বিদ্ধিৰ আকাৰৰ প্ৰয়োজন নহয়।

    হিউমৰ মতে জ্ঞানৰ উৎপত্তিৰ ক্ষেত্ৰত বিদ্ধিৰ কোনো অৱদান নাই। জ্ঞান সম্পূৰ্ণৰূপে অভিজ্ঞতালব্ধ। যাক অভিজ্ঞতা বা ইন্দ্ৰিয়-প্ৰত্যক্ষৰ দ্বাৰা ব্যাখ্যা কৰিব নোৱাৰি লতেনে ধহাৰণাক সবা বস্তুক তেওঁ স্বীকাৰ কৰা নাই। জ্ঞানৰ উৎস হিচাপে অভিজ্ঞতাৰ প্ৰতি থকা এই আনুগত্যৰ বাবে হিউমক পাশ্চাত্য দৰ্শনত চৰমপন্থী অভিজ্ঞতাবাদী বুলি অভিহিত কৰা হয়।

    হিউমৰ মতেৈ বৈজ্ঞানিক জ্ঞান সাৰ্বিক আৰু সুনিশ্চিত নহয়। কিয়নো বৈজ্ঞানিক জ্ঞান কাৰ্য-কাৰণ তত্বৰ ওপৰত প্ৰতিষ্ঠিত আৰু কাৰ্য-কাৰণ সম্বন্ধ সঠিক আৰু অনিবাৰ্য সম্বন্ধ এই জ্ঞান অভিজ্ঞতাৰ পৰা লাভ কৰা নাযায়। হিউমৰ মতে সাৰ্বিক আৰু অনিবাৰ্য সত্যৰ কোনো অস্তিত্ব নাই। কোনো জ্ঞানেই সুনিশ্চিত নহয়। সকলো জ্ঞানেই সম্ভাব্য। সেইকাৰণে হিউমক সংশয়বাদী দাৰ্শনিক বুলি অভিহিত কৰা হয়। হিউমৰ অভিজ্ঞতাবাদৰ অনিবাৰ্য পৰিণতি হৈছে সংবেদনবাদ আৰু সংশয়বাদ।

সমালোচনাঃ

    বিদ্ধিবাদৰ দৰে অভিজ্ঞতাবাদেও জ্ঞানৰ উৎপত্তি সম্পৰ্কে এক সন্তোষজনক ব্যাখ্যা আগবঢ়াব পৰা নাই। সেয়ে অভিজ্ঞতাবাদো সমালোচনাৰ পৰা মুক্ত নহয়। অভিজ্ঞতাবাদৰ প্ৰধান সমালোচনা সমূহ হ'ল— 

(1) অভিজ্ঞতাবাদী সকলৰ মতে, ধাৰণাক সগ্ৰহণ কৰাৰ সময়ত মন সম্পূৰ্ণভাৱে নিষ্ক্ৰিয় হৈ থাকে আৰু পিচত বিভিন্ন ধাৰণাই পৰস্পৰৰ লগত যুক্ত হৈ জটিল ধাৰণা গঠন কৰাৰ সময়ত মন সক্রিয় হৈ উঠে। কিন্তু মনােবিজ্ঞান অনুসাৰে মনৰ সক্রিয়তাৰ বাবেই সংবেদনৰ পৰা ধাৰণাৰ সৃষ্টি হয়। সেই কাৰণে ধাৰণা গ্রহণ কৰাৰ সময়ত মন সক্রিয়, নিষ্ক্রিয় নহয়। গােলাপ ফুলৰ ধাৰণা মানেই গােলাপ ফুলৰ বিভিন্ন সংবেদনক গােলাপ বুলি বাখ্যা কৰা হয়। সেইটো নহ'লে গােলাপ ফুলৰ ধাৰণা মনত আহিবই নােৱাৰে। 

(2) অভিজ্ঞতাবাদী লকৰ মতে, মন হ’ল এখন। অলিখিত বগা কাগজ। এই ধাৰণাটোও ঠিক নহয়। অন্তর্জাত ধাৰণা নাথাকিলেও শিশুৰ মনৰ মাজত এটা অন্তৰ-প্ৰৱণতা (Innate tendency) লক্ষ্য কৰা যায়, যাৰ বাবে একেটা পৰিয়ালৰ দুটি শিশুৰ মন দুইভাৱে গঢ়ি উঠে। লকে সার্বিক আৰু অনিবার্য সত্যৰ অস্তিত্বও স্বীকাৰ কৰা নাই। কিন্তু জ্ঞানৰ ক্ষেত্ৰত কিছুমান সার্বিক আৰু অনিবার্য সত্য আছে যিবােৰ বুদ্ধিৰ পৰাহে লাভ কৰিব পৰা যায় , যিবােৰ অবিহনে জ্ঞান সম্ভৱ নহয়। 

(3) হিউমে মনৰ কোনাে স্থায়ী সত্তা স্বীকাৰ কৰা নাই। তেওঁ বিচ্ছিন্ন সংবেদন আৰু ধাৰণাকেই জ্ঞানৰ উপকৰণ বুলি নির্দেশ কৰিছিল। কিন্তু এই সকলাে বিচ্ছিন্ন সংবেদন আৰু ধাৰণাৰ মাজত যদি কোনাে আভ্যন্তৰীণ যােগসূত্র নাথাকে তেতিয়াহ'লে জ্ঞানৰ ঐক্য আৰু নিৰবিচ্ছিন্নতা ব্যাখ্যা কৰা নাযায়। মন যদি কোনাে স্থায়ী সত্তা নহয় তেতিয়াহ'লে তাৰ ঐক্যবিধান বা সংশ্লেষণৰ ক্ষমতা নাথাকিব, আৰু এই ক্ষমতা বাহিৰে অনুষংগৰ নিয়মবােৰ অর্থহীন হৈ পৰিব। বিচ্ছিন্ন সংবেদনৰ সহায়ত অনুষংগৰ নিয়মবােৰ ব্যাখ্যা কৰিব পৰা নাযায়। 

(4) হিউম হ’ল এজন সংশয়বাদী দার্শনিক। তেওঁ সুনিশ্চিত জ্ঞানৰ অস্তিত্বত বিশ্বাস নকৰে। তেওঁৰ মতে সকলাে জ্ঞানেই সম্ভাব্য। কিন্তু সংশয়বাদক কোনােমতে সমর্থন কৰিব নােৱাৰি। সুনিশ্চিত জ্ঞান যদি সম্ভৱ নহয় তেতিয়াহ'লে হিউমৰ মতবাদো সম্ভাব্য হ’ব। গতিকে তেওঁৰ মতবাদক সুনিশ্চিত বুলি গ্ৰহণ কৰিব নােৱাৰি। 

(5) জ্ঞানৰ ক্ষেত্ৰত বুদ্ধিৰ অৱদান কিমান তাক বিচাৰ নকৰাকৈ অভিজ্ঞতাবাদী দার্শনিক সকলে জ্ঞানৰ সীমা নির্ধাৰণ কৰাৰ চেষ্টা কৰিছিল। অভিজ্ঞতা বা ইন্দ্রিয় সংবেদনকে জ্ঞানৰ একমাত্র উৎস বুলি গণ্য কৰা বাবে অভিজ্ঞতাবাদী সকলৰ দৃষ্টিভংগী যে বিচাৰবিযুক্তবাদী বা নির্বিচাৰবাদী তাক কান্টে উল্লেখ কৰিছে। 

পাঠৰ মূলকথাঃ 

    বুদ্ধিবাদঃ বুদ্ধিবাদ মতে বুদ্ধিয়েই হৈছে জ্ঞানৰ একমাত্র উৎস। বুদ্ধিবাদৰ বৈশিষ্ট্য— 

(1) বুদ্ধিয়েই যথার্থ জ্ঞানৰ একমাত্র উৎস। বুদ্ধিৰ পৰাই স্বত:সিদ্ধ আৰু অৱশ্যস্বীকার্য। অন্তর্জাত ধাৰণাবােৰ পােৱা যায়।

(2) অন্তর্জাত ধাৰণাৰ পৰাই জ্ঞানৰ উৎপত্তি হয়। অন্তর্জাত ধাৰণাৰ পৰা লাভ কৰা জ্ঞান অনিবার্য, সার্বজনীন আৰু নিশ্চিত। 

(3) অন্তর্জাত ধাৰণা সমূহৰ পৰা জ্ঞান গঠন কৰাৰ সময়ত মানুহৰ মনে সক্রিয় ভূমিকা গ্রহণ কৰে। 

(4) বুদ্ধিবাদী দার্শনিক সকলে ইন্দ্রিয় অভিজ্ঞতাক সম্পূর্ণভাৱে অস্বীকাৰ কৰা নাই। অৱশ্যে ইন্দ্রিয় অভিজ্ঞতা সম্পর্কে বুদ্ধিবাদী। দার্শনিক সকল একমত নহয়। তথাপি তেওঁলােকে ইন্দ্রিয় অভিজ্ঞতাক বুদ্ধিৰ দ্বাৰা লাভ কৰা সার্বিক সত্য বুলিয়েই মন কৰে। 

অভিজ্ঞতাবাদঃ অভিজ্ঞতাবাদ মতে অভিজ্ঞতাই হৈছে জ্ঞানৰ একমাত্র উৎস। 

অভিজ্ঞতাবাদৰ বৈশিষ্ট্য— 

(1) জন্মৰ সময়ত মানুহে মনত কোনাে ধাৰণা লৈ জন্ম গ্রহণ নকৰে। জন্মৰ সময়ত মানুহৰ মন এখিলা অলিখিত বগা কাগজৰ দৰে। মনে সকলাে ধাৰণা অভিজ্ঞতাৰ পৰাই লাভ কৰে। 

(2) অভিজ্ঞতা দুই প্রকাৰৰ— সংবেদন আৰু অন্তদর্শন। সংবেদনৰ দ্বাৰা বাহ্যজগতৰ যেনে ৰং, গােন্ধ আদিৰ অভিজ্ঞতা জন্মে আৰু অন্তর্দর্শনৰ দ্বাৰা মনােজগত বা মানসিক অৱস্থাৰ যেনে— দুখ, সুখ আদিৰ অভিজ্ঞতা জন্মে। 

(3) ধাৰণাক গ্ৰহণ কৰাৰ সময়ত মন সম্পূর্ণ ভাৱে নিষ্ক্রিয় হৈ থাকে আৰু পিচত বিভিন্ন ধাৰণাই পৰস্পৰৰ লগত যুক্ত হৈ জটিল ধাৰণা গ্রহণ কৰাৰ সময়ত মন সক্রিয় হৈ উঠে। 

(4) অভিজ্ঞতাৰ পৰা কোনাে বস্তু সম্পর্কে বিশেষ বিশেষ জ্ঞান লাভ কৰা যায়, আৰু এই বিশেষ বিশেষ জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি আগমন পদ্ধতিৰে সামান্যীকৰণ কৰি সামান্য ধাৰণা বা সামান্য সত্যৰ জ্ঞান লাভ কৰিব পৰা যায়। 

অভিজ্ঞতাপূর্ব জ্ঞানঃ যি জ্ঞান অভিজ্ঞতা লাভৰ পূর্বেই ব্যক্তিৰ মনত স্পষ্টভাৱে থাকে, যি জ্ঞান অভিজ্ঞতাৰ পৰা উদ্ভৱ নহয়। অভিজ্ঞতাপূর্ব জ্ঞান হ’ল সেই জ্ঞান যি সকলাে প্ৰকাৰ অভিজ্ঞতা আৰু সকলাে প্ৰকাৰ ইন্দ্রিয়লব্ধ জ্ঞান নিৰপেক্ষ। 

অভিজ্ঞতালব্ধ বা অভিজ্ঞতা প্রসূত জ্ঞানঃ যি জ্ঞান ইন্দ্রিয় প্রত্যক্ষ বা অভিজ্ঞতাৰ পৰা উদ্ভৱ হয় তাক অভিজ্ঞতা প্রসূত জ্ঞান বুলি কোৱা হয়।

Type Himanku Bora