প্ৰমাণঃ প্ৰত্যক্ষ আৰু অনুমান

    ভাৰতীয় দর্শনৰ অন্তৰ্গত আটাইকেইটা সম্প্রদায়ৰ নিজস্ব জ্ঞানােৎপত্তি তত্ব আছে। জ্ঞানৰ উৎপত্তি তত্বক কেন্দ্ৰ কৰি আৱৰ্তন কৰা প্রধান প্রশ্ন সমূহ হ'ল— জ্ঞান কি? যথার্থ আৰু অযথার্থ জ্ঞানৰ পার্থক্য নাে কি? যথার্থ জ্ঞান লাভৰ শুদ্ধ আৰু সুৰক্ষিত উপায়েই বা কি? ইত্যাদি। আমি সাধাৰণতে ব্যৱহাৰ কৰা ‘জ্ঞান’ শব্দটোত যথার্থ আৰু ভ্রান্ত উভয় প্রকাৰৰ জ্ঞানেই যুক্ত থাকিব পাৰে। কিন্তু দর্শনৰ পৰম উদ্দেশ্যই হ’ল যথার্থ সত্য জ্ঞান লাভ কৰা। ভাৰতীয় দর্শনত যথার্থ জ্ঞানক ‘মা’ আখ্যা দিয়া হৈছে। এই প্রমা হ’ল সকলাে সংশয়ৰ পৰা মুক্ত, নিশ্চিত স্বভাৱৰ জ্ঞান। ভাৰতীয় দর্শনত এই অভ্রান্ত, সুনিশ্চিত জ্ঞান অর্জনৰ উপায়কেই প্রমাণ বুলি অভিহিত কৰা হৈছে। জ্ঞান মীমাংসাত প্রমাণৰ ভূমিকা নিঃসন্দেহে অতি গুৰুত্বপূর্ণ। প্রমাণ হ’ল যথার্থ জ্ঞানৰ উৎস। এই প্রমাণক ব্যাখ্যা কৰা হৈছে প্ৰমাৰ কৰণ বুলি। অর্থাৎ ই এনে এক অসাধাৰণ কাৰণ যাৰ অনুপস্থিতিত কার্য সাধিত হ’ব নােৱাৰে, আনহাতে উপস্থিতিয়ে অনিবার্যভাৱে কার্য উৎপাদন কৰে। ভাৰতীয় তর্কশাস্তুত প্রমাণক জ্ঞান অর্জনৰ সবাতােকৈ সুৰক্ষিত উপায় হিচাপে অভিহিত কৰা হয়। 

    ভাৰতীয় দর্শনত মুঠ ছয়বিধ প্রমাণক স্বীকাৰ কৰা হয়— প্রত্যক্ষ, অনুমান, উপমান, শব্দ, অর্থাপত্তি আৰু অনুপলব্ধি। অৱশ্যে দার্শনিক সম্প্রদায় সমূহে এই প্রমাণ কেইবিধৰ স্বৰূপ আৰু বৈধতাক লৈ ভিন্ন মত পােষণ কৰা দেখা যায়। অতি প্রাচীন তথা জড়বাদী সম্প্রদায় ৰূপে খ্যাত চার্বাক দর্শনে ছয়বিধ প্রমাণৰ ভিতৰত একমাত্র প্রত্যক্ষকহে বৈধ প্রমাণ ৰূপে গ্রহণ কৰে অন্যান্য প্রমাণ সমূহৰ নিৰ্ভৰযােগ্যতাক অস্বীকাৰ কৰে। বৌদ্ধ আৰু জৈন দর্শনে প্রত্যক্ষ উপৰিও অনুমানকো বৈধ প্রমাণ হিচাপে গ্রহণ কৰিছে। একেদৰে বৈশেষিক দর্শনেও প্রত্যক্ষ আৰু অনুমান উভয় প্রকাৰ প্ৰমাণক স্বীকৃতি দিয়ে। ন্যায় দর্শনে চাৰিবিধ প্রমাণৰ বৈধতা স্বীকাৰ কৰে। ই প্রত্যক্ষ আৰু অনুমানৰ লগতে শব্দ আৰু উপমানকো যথার্থ প্রমাণ বুলি অভিহিত কৰে। মীমাংসা দর্শনৰ এটা সম্প্রদায় (প্রভাকৰ মিশ্র সম্প্রদায়) অনুপলব্ধিৰ বাহিৰে বাকী পাঁচোটা প্রমাণ অর্থাৎ প্রত্যক্ষ, অনুমান, উপমান, শব্দ আৰু অৰ্থাপত্তিৰ বৈধতা স্বীকাৰ কৰে। আনহাতে মীমাংসাৰ আনটো সম্প্রদায় (ভট্ট মীমাংসা) আৰু বেদান্তই ভাৰতীয় জ্ঞানমীমাংসাত উল্লেখিত ছয়টা প্ৰমাণকে গ্ৰহণ কৰি প্ৰতিটো প্ৰমাণৰ গুৰুত্বপূৰ্ণ ব্যাখ্যা আগবঢ়োৱা দেখা যায়।



প্ৰত্যক্ষঃ

    প্রত্যক্ষ হ’ল বৈদিক আৰু অবৈদিক উভয় সম্প্রদায়ে স্বীকৃতি দিয়া একমাত্র প্রমাণ। ভাৰতীয় দর্শনত মুঠ ছয়বিধ প্রমাণৰ বিষয়ে আলােচনা কৰা হৈছে যদিও ইয়াৰ ভিতৰত বহলভাৱে চর্চা কৰা হয় প্রত্যক্ষ আৰু অনুমানৰ বিষয়ে। প্রত্যক্ষ বুলি ক'লে ইয়াৰ এটা সঠিক, যথাযথ সংজ্ঞা আগবঢ়োৱা সহজ নহয়। প্রত্যক্ষৰ স্বৰূপ আৰু সংজ্ঞাক লৈ দার্শনিক সকলে ভিন ভিন মত পােষণ কৰা দেখা যায়। অৱশ্যে অধিক গৃহীত সংজ্ঞা অনুসৰি ইন্দ্রিয় আৰু বিষয়বস্তুৰ সংযােগৰ ফলত যি জ্ঞান লাভ কৰা হয় সেয়াই প্রত্যক্ষ। ন্যায় দর্শনৰ প্ৰৱর্তক মহর্ষি গৌতম, বৈশেষিক দৰ্শনৰ কণাদ, মীমাংসা দর্শনৰ কুমাৰিল ভট্ট আদি দার্শনিক সকলে এই মতৰ পক্ষে সন্মতি প্রদান কৰিছে। কোনাে কোনাে স্থানত প্রত্যক্ষক সাক্ষাৎ জ্ঞান বুলিও উল্লেখ কৰা দেখা যায়। প্রত্যক্ষৰ স্বৰূপ বা সংজ্ঞাক লৈ যি মতভেদ নাথাকক কিয়, প্রমাণৰ মূল লক্ষণ অনুসৰি প্রত্যক্ষ জ্ঞান অভ্রান্ত আৰু নিশ্চিত স্বভাৱৰ হ’ব লাগিব। সকলােবােৰ ভাৰতীয় দার্শনিক সম্প্রদায়ে জ্ঞানৰ উৎস হিচাপে প্রত্যক্ষক মনােনীত কৰে। এনে দৃষ্টান্তই প্রমাণ স্বৰূপে প্রত্যক্ষৰ নিৰ্ভৰযােগ্যতাকে সূচনা কৰে। আনকি জড়বাদী চার্বাক দার্শনিক সকলে আন সকলােবােৰ প্রমাণ অস্বীকাৰ কৰিলেও প্রত্যক্ষক প্রমাণ হিচাপে গ্ৰহণ কৰিছে। এই দর্শন মূলতঃ ইয়াৰ জ্ঞানতত্বৰ ওপৰত প্রতিষ্ঠিত। চার্বাকৰ মতে প্রত্যক্ষৰ বাহিৰে। আন কোনােবিধ প্রমাণেই জ্ঞান লাভৰ যথার্থ উৎস হ'ব নােৱাৰে। কিয়নাে প্রত্যক্ষ জাত জ্ঞান হ’ল স্পষ্ট আৰু সংশয়মুক্ত জ্ঞান। জাগতিক ঘটনা বা বস্তুৰ অস্তিত্ব ইন্দ্রিয় অভিজ্ঞতাৰ জৰিয়তে প্রত্যক্ষ কৰা হয়। জড়বাদী দর্শন অনুসৰি জড় বস্তুৰ বাহিৰে কোনাে বস্তুৰ অস্তিত্বই প্রমাণযােগ্য নহয় আৰু এই প্রমাণ সম্ভৱ হয় প্রত্যক্ষৰ মাধ্যমত। গতিকে চার্বাক দর্শনৰ বাবে প্রত্যক্ষই হ’ল যথার্থ জ্ঞান বা প্ৰমাৰ উৎস। প্রত্যক্ষ জ্ঞানৰ এটা লক্ষণীয় বৈশিষ্ট্য এই যে ই স্বতন্ত্র স্বভাৱৰ। ই আন কোনাে আনুষংগিক জ্ঞানৰ সাহায্যৰ ওপৰত নিৰ্ভৰ নকৰে। 

    ভাৰতীয় দর্শনৰ প্ৰতিটো সম্প্রদায়ে জ্ঞানােৎপত্তি তত্ব সম্পর্কে গুরুত্বপূর্ণ ব্যাখ্যা আগবঢ়ায় যদিও তাৰ ভিতৰত ন্যায় দর্শনতেই প্রমা আৰু প্ৰমাণৰ স্বৰূপ, প্রকাৰ, প্রয়ােজনীয়তা আদিৰ বিষয়ে সর্বাধিক বিস্তাৰিত তথা সুক্ষ্মাতিসুক্ষ্ম আলােচনা কৰা দেখা যায়। সেইবাবে ন্যায় দর্শন প্রমাণ শাস্ত্ৰ ৰূপেও খ্যাত। আমাৰ এই শিতানত কৰিবলগীয়া প্রত্যক্ষ আৰু অনুমানৰ বিষয়ে আলােচনাত বিশেষভাৱে ন্যায় দর্শনৰ বিচাৰ আৰু দৃষ্টিভংগীকহে প্রাধান্য দিয়া হৈছে। 

    ন্যায় দর্শনৰ মতে জ্ঞানৰ প্রকৃত উদ্দেশ্য হল বিষয়ৰ স্বৰূপ প্রকাশ। ন্যায় দর্শনৰ প্রৱর্তক মহর্ষি গৌতমে 'ন্যায় সূত্র'ত যথার্থ জ্ঞানৰূপে প্রত্যক্ষ, অনুমান, শব্দ আৰু উপমান এই চাৰিবিধ প্রমাণক স্বীকৃতি দিছে। এই চাৰিবিধ প্রমাণৰ ভিতৰত নিঃসন্দেহে প্রত্যক্ষৰ গুৰুত্ব উল্লেখনীয়। 

    ন্যায় দর্শনে প্রত্যক্ষক বিভিন্ন শ্রেণীত ভাগ কৰিছে। প্রত্যক্ষৰ তেনে দুটা প্রধান ভাগ হ’ল— লৌকিক প্রত্যক্ষ আৰু অলৌকিক প্রত্যক্ষ। সাধাৰণতে যেতিয়া আমাৰ ইন্দ্ৰিয়ৰ লগত বিষয়ৰ লৌকিক সংযােগ সংঘটিত হয় তাক লৌকিক প্রত্যক্ষ বােলা হয়। এই প্ৰকাৰ প্রত্যক্ষত সাধাৰণতে বিষয় আৰু ইন্দ্ৰিয়ৰ সাক্ষাৎ যােগাযােগৰ ফলত জ্ঞান উৎপন্ন হয় । লৌকিক প্রত্যক্ষ আকৌ দুই প্রকাৰৰ বাহ্য আৰু মানস । চকু, কাণ, নাক, জিভা, ছাল— এই পঞ্চেন্দ্রিয়ক বাহ্য ইন্দ্ৰিয়ৰূপে গ্রহণ কৰা হয়। আৰু অন্তৰ ইন্দ্ৰিয়ৰূপে স্বীকৃতি দিয়া হয় মনক। বাহ্য ইন্দ্রিয় পাঁচটাৰ মাধ্যমত আমি জাগতিক বস্তুৰ ৰূপ, ৰস, শব্দ, গােন্ধ আৰু স্পর্শ প্রত্যক্ষ কৰিবলৈ সমৰ্থ হওঁ। এনে প্রত্যক্ষক আখ্যা দিয়া হয় বাহ্য প্রত্যক্ষ বুলি। আনহাতে মনৰ জৰিয়তে আমাৰ চিন্তা, ইচ্ছা, অনুভূতি আদি মানসিক প্রক্রিয়া সমূহ প্রত্যক্ষ কৰাকেই মানস প্রত্যক্ষ আখ্যা দিয়া হয়। 

    ভাৰতীয় দর্শনত মনক ষষ্ঠ ইন্দ্রিয় বুলি ধৰা হয়। গতিকে দেখা যায় যে উভয় প্রকাৰ প্রত্যক্ষই ইন্দ্রিয় নিৰ্ভৰ । ন্যায় দর্শনত অলৌকিক প্রত্যক্ষৰ বিষয়েও আলােচনা কৰা হয়। প্রত্যক্ষ জ্ঞান অর্জনৰ ক্ষেত্ৰত বহু সময়ত আমি এনে কিছুমান বস্তু বা বিষয় প্রত্যক্ষ কৰাে যাক সেই সময়ত কোনাে নির্দিষ্ট ইন্দ্ৰিয়ৰ মাধ্যমত সাক্ষাৎভাৱে লাভ কৰা হােৱা নাই। অর্থাৎ কিছুমান ক্ষেত্ৰত বিষয় আৰু ইন্দ্ৰিয়ৰ সম্পর্ক সদায় নিকটৱর্তী নহয় আৰু তেনে ক্ষেত্ৰত লৌকিক প্রত্যক্ষ সম্ভৱ নহয়। বিষয়বস্তু আৰু ইন্দ্ৰিয়ৰ অলৌকিক সংযােগৰ ফলত উৎপন্ন হােৱা জ্ঞানেই হ’ল অলৌকিক প্রত্যক্ষ। ন্যায়মতে এই অলৌকিক প্রত্যক্ষ তিনি প্রকাৰৰ সামান্যলক্ষণ প্রত্যক্ষ, জ্ঞানলক্ষণ প্রত্যক্ষ, যােগজ প্রত্যক্ষ। 

    কোনাে এটা শ্রেণী বা জাতিৰ সাধাৰণ ধর্ম বা লক্ষণক সেই শ্রেণী বা জাতিৰ অন্তৰ্গত কোনাে বস্তু বা ব্যক্তিৰ ক্ষেত্ৰত কৰা প্রত্যক্ষকে সামান্যলক্ষণ প্রত্যক্ষ বােলে। উদাহৰণ স্বৰূপে, এজন মানুহক প্রত্যক্ষ কৰাৰ লগে লগে অনিবার্যভাৱে প্রত্যক্ষ কৰা হয় মানুহজনৰ সাধাৰণ লক্ষণ বা ধর্ম মনুষ্যত্ব’ক। এই প্রত্যক্ষৰ ভিত্তিতেই ‘মনুষ্যত্ব' নামৰ এই সাধাৰণ লক্ষণ অন্যান্য সকলাে মানুহৰ ক্ষেত্ৰতাে প্রত্যক্ষ কৰাে। কিন্তু এই প্রক্রিয়াটোত আমি সাক্ষাৎভাৱে প্ৰতিজন মানুহৰ মনুষ্যত্বক প্রত্যক্ষ কৰা নাই। ইয়াত বিষয় আৰু ইন্দ্ৰিয়ৰ সম্পর্কও নিকটবর্তী নহয় অথবা দুয়ােটাৰ মাজত লৌকিক সংস্পর্শও ঘটা নাই। এনেবােৰ কাৰণত এই প্রত্যক্ষক লৌকিক আখ্যা দিব পৰা নাযায়। কেৱল বিষষয়ৰ সামান্য ধর্মহে এই প্ৰকাৰ প্রত্যক্ষৰ মূল ভিত্তি। 

জ্ঞান লক্ষণ প্রত্যক্ষঃ 

    আমাৰ যি পাঁচটা ইন্দ্রিয় আছে সেই সকলাে ইন্দ্রিয়ৰে নিজ নিজ ধর্ম বা গুণ আছে। যেনে— চকুৰ-দৃষ্টি, নাকৰ-ঘ্রাণ, চালৰ-স্পর্শ, জিভাৰ-ৱাদ আদি। কিন্তু পূর্বজ্ঞান বা পূর্বস্মৃতিৰ ওপৰত ভিত্তি কৰি যেতিয়া এটা ইন্দ্রিয়ই আন এটা ইন্দ্ৰিয়ৰ কাম কৰে তেতিয়া সেই প্ৰকাৰ প্রত্যক্ষক জ্ঞানলক্ষণ প্রত্যক্ষ বােলে। উদাহৰণ স্বৰূপে, বৰফ এটুকুৰা চেঁচা। ইয়াক আমি চালৰ দ্বাৰা জানিব পাৰাে। কিন্তু পূর্বজ্ঞানৰ ওপৰত ভিত্তি কৰি আমি আজি চকুৰ দ্বাৰা চাই বৰফটুকুৰা চেঁচা বুলি প্রত্যক্ষ কৰিব পাৰে। ইয়াত চালৰ কাম চকুৰ দ্বাৰাই সম্পন্ন কৰা হৈছে। 

    ন্যায় দর্শনে বিশ্বাস কৰে যে নিয়মিত যােগ। অভ্যাসৰ ফলস্বৰূপে যােগীসকলে স্থান আৰু কালৰ সীমা অতিক্রম কৰি সকলাে বিষয়কে প্রত্যক্ষ কৰিব পাৰে। এনে অলৌকিক প্রত্যক্ষক যােগজ প্রত্যক্ষ আখ্যা দিয়া হৈছে। ভাৰতীয় দর্শনৰ প্ৰায়বােৰ সম্প্রদায়ে যােগজ প্রত্যক্ষৰ যথার্থতা স্বীকাৰ কৰা দেখা যায়। জৈন দর্শনে ইয়াক পাৰমার্থিক প্রত্যক্ষ বুলিও উচ্চাশিত মন্তব্য কৰিছে। এই প্রকাৰ প্রত্যক্ষত বিষয় আৰু ইন্দ্ৰিয়ৰ সাধাৰণ সংযােগ নঘটে বাবে সৰ্বসাধাৰণৰ বাবে যােগক প্রত্যক্ষৰ পথ সুগম নহয়। ইন্দ্রিয় আৰু মনক সঠিকভাৱে নিয়ন্ত্রনাধীন কৰিব পৰা যােগীসকলেহে, যােগজ প্রত্যক্ষ লাভত ফলৱতী হয়। 

    ন্যায় দর্শনে বাখ্যা কৰা প্রত্যক্ষৰ আন দুটা উল্লেখযােগ্য ভাগ হ’ল নির্বিকল্প প্রত্যক্ষ আৰু সবিকল্প প্রত্যক্ষ। প্রত্যক্ষৰ মাধ্যমত সদায় জ্ঞাতা আৰু জ্ঞানৰ মাজত সংযােগ স্থাপন হয়। কিন্তু সকলাে প্ৰকাৰ প্রত্যক্ষ প্রকৃতি একে নহয়। যি প্রত্যক্ষত বস্তুৰ নাম, গুণ বা প্রকাৰ আদিৰ লগত যুক্ত নােহােৱাকৈ কেৱল বস্তুৰ অস্তিত্বহে প্রত্যক্ষ কৰা হয় সেয়াই নির্বিকল্প প্রত্যক্ষ। এই প্ৰকাৰ প্রত্যক্ষত বিকল্প অর্থাৎ বিশেষণৰ কোনাে স্থান নাই। এই প্রত্যক্ষৰ জৰিয়তে বস্তুৰ অস্তিত্বহে মাথোঁ প্রকট হয়, তাৰ গুণ বা ধর্ম বাখ্যা কৰা নহয়। বৌদ্ধ দর্শনে এই প্রকাৰ প্রত্যক্ষক, স্বীকৃতি দিছে। আনহাতে স্বকীয় গুণেৰে সৈতে এটা বস্তুক প্রত্যক্ষ কৰাই হ’ল সবিকল্প প্রত্যক্ষ। এই প্রকাৰ প্রত্যক্ষত বস্তুৰ অস্তিত্ব জ্ঞানৰ উপৰিও ইয়াৰ গুণাগুণ সম্পর্কেও আমাৰ মনত স্পষ্ট ধাৰণা হয়। গতিকে সেই দিশৰ পৰা চাবলৈ গ’লে সবিকল্প প্রত্যক্ষ হ’ল বিষয় সম্বন্ধে বিশিষ্ট জ্ঞান।

Type Himanku Bora