ভাৰতীয় দৰ্শনৰ অৰ্থঃ ভাৰতীয় দৰ্শনৰ ধাৰণাঃ

    সমগ্ৰ ভাৰতভূমিত আৱাহমান কালৰে পৰা চলি অহা ৰীতি-নীতি, জীৱন-ধাৰাৰ পটভূমিত ভাৰতীয় দর্শন গঢ়ি উঠিছে। জাতি-ধর্ম-ভাষা-সম্প্রদায় সংস্কৃতি নির্বিশেষে সকলাে ভাৰতীয় লােকৰ চিন্তাধাৰাৰ সংমিশ্ৰণৰ ফলত ভাৰতীয় দর্শন সৃষ্টি হৈছে। এই দর্শন জীৱন আৰু জগত সম্বন্ধে গভীৰ সামগ্রিক উপলব্ধি। ভাৰতীয় দর্শন এটি বিস্তৃত বিষয়। এই দর্শনক বুজিবলৈ হ'লে প্ৰথমতে দর্শন শব্দটোৰ অৰ্থ আৰু তাৎপর্য জানিব লাগিব। 

    ‘দর্শন’ শব্দটো সংস্কৃত ‘দৃশ’ ধাতুৰ পৰা উৎপত্তি হৈছে। 'দৃশ’ শব্দৰ অৰ্থ ‘দেখা’ বা ‘প্রত্যক্ষ কৰা'। এই দেখা বা প্রত্যক্ষ কৰা কাৰ্য বাহ্য চক্ষুৰে বা আন্তৰিকভাৱে ঘটিব পাৰে। আন্তৰিক প্রত্যক্ষ কার্য দিব্যচক্ষু অথবা প্রজ্ঞাচক্ষুৰে নাই বা আন্তৰিক উপলব্ধিৰে ঘটিব পাৰে। এতেকে ‘দর্শন’ শব্দটোৰ ধাতুগত অর্থ হৈছে সত্য বা তত্বক প্রজ্ঞাচক্ষুৰে প্রত্যক্ষ কৰা বা অৱলােকন কৰা। চকু আৰু বিষয়বস্তুৰ সন্নিকৰ্ষৰ (contact) ফলত যি জ্ঞান জন্মে তাক চাক্ষুস জ্ঞান বােলে। এনে জ্ঞানক দর্শন বােলা নহয়। দর্শন জীৱন আৰু জগতৰ প্রকৃত বা স্বৰূপ জ্ঞান।

    জগতৰ বস্তুসমূহৰ দুটা ৰূপ বা প্রকাশ থাকে— বাহ্যিক ৰূপ আৰু প্রকৃত ৰূপ। এই দুটা ৰূপ একে নহ'বও পাৰে। উদাহৰণ স্বৰূপে পােন লাঠি এডাল আধালৈকে পানীত বুৰাই দিলে বেঁকা দেখি। দৰাচলতে লাঠিডাল পােন; বেঁকা নহয়। লাঠিডালৰ বেঁকা ৰূপক অবভাস বা প্রতিভাস (appearance) বা বাহ্যিক ৰূপ বােলে। ই লাঠিডালৰ প্রকৃত ৰূপ নহয়। চাক্ষুস প্রত্যক্ষই বস্তুৰ এই ৰূপটোহে প্রকাশ কৰে। বস্তুৰ প্রকৃত ৰূপৰ জ্ঞান জন্মে আন্তঃপ্রত্যক্ষৰ দ্বাৰা। ইয়াকেই দর্শন বা সত্যজ্ঞান বােলে। ভাৰতীয় দর্শন জীৱন আৰু জগতৰ সত্য জ্ঞান বা উপলব্ধি। 

    ‘দর্শন’ শব্দৰ ইংৰাজী শব্দ ‘Philosophy'। এই শব্দটো 'Philos’ আৰু ‘Sophia' নামৰ দুটি গ্রীক শব্দৰ পৰা আহিছে। 'Philos’ শব্দৰ অৰ্থ ‘অনুৰাগ' বা ‘প্রীতি’ বা ‘Love' আৰু ‘Sophia' শব্দৰ অর্থ ‘জ্ঞান’ বা ‘Wisdom'। এতেকে ব্যুৎপত্তিগতভাৱে ‘Philosophy' শব্দৰ অৰ্থ ‘জ্ঞানৰ প্রতি অনুৰাগ। কিন্তু পাশ্চাত্য Philosophy আৰু ভাৰতৰ দৰ্শন’ শব্দৰ অৰ্থ একে নহয়। সমগ্র বিশ্বত যি সত্য বা তত্ব নিহিত আছে, যাৰ পৰা চেতন-অচেতন সকলাে বস্তুৰ উৎপত্তি হয়, সেই পৰমসত্যক উপলব্ধি কৰাই ভাৰতীয় দর্শনৰ লক্ষ্য। ভাৰতীয় দার্শনিকে এই সত্যক জীৱনত প্রতিষ্ঠিত কৰিবলৈ প্রয়াস কৰে। পাশ্চাত্য দর্শন চর্চাৰ মূল লক্ষ্য জ্ঞানতৃষ্ণা চৰিতাৰ্থ কৰা। তাত আধ্যাত্মিক সাধনাৰ প্রচেষ্টা নাই। পাশ্চাত্য 'Philosophy’ আৰু ভাৰতৰ ‘দর্শন’ শব্দৰ মাজত এয়ে প্রধান পার্থক্য। 



ভাৰতীয় দর্শনৰ প্রকৃতিঃ 

    ভাৰতীয় দর্শন বুলিলে সত্যজ্ঞানৰ সহায়ত মানুহে জীৱনধাৰা নিয়ন্ত্রণ কৰি শুদ্ধ বিচাৰৰ দ্বাৰা জীৱন পৰিচালিত কৰা বুজায়। অর্থাৎ সত্যক জানিলেই নহয়, ব্যৱহাৰিক জীৱনত তাক প্রয়ােগ কৰাটোও ভাৰতীয় দর্শনৰ উদ্দেশ্য। এইখিনিতে ভাৰতীয় দর্শনৰ আধ্যাত্মিক পটভূমি প্রকাশ পাইছে। ভাৰতীয় দর্শন আদর্শ আৰু বাস্তৱৰ এক অপূর্ব সমন্বয়। ভাৰতীয় দর্শনৰ ই এটা মুখ্য বৈশিষ্ট্য। 

    ভাৰতীয় দর্শন আৰু ধর্ম ওতঃপ্রােতভাৱে জড়িত। সত্যৰ বাস্তৱ অভিজ্ঞতাই হৈছে ধর্ম। ভাৰতত দর্শন বুলিলে আধ্যাত্মিক সত্যৰ উপলব্ধি বুজায়। এনে উপলব্ধিৰ বাবে অন্তৰৰ পৱিত্ৰতা ৰক্ষা, ইন্দ্রিয় সংযম, নৈতিক নিয়মৰ কঠোৰ অনুশীলনৰ প্রয়ােজন। ভাৰতত দার্শনিক আৰু ধার্মিক লােকসকলে এনে অনুশীলনৰ দ্বাৰা সত্যক জীৱনত প্রতিষ্ঠা কৰে। তেওঁলােক সত্যদ্রষ্টা ঋষি তথা আত্মজ্ঞানী। আত্মজ্ঞানৰ সহায়ত মােক্ষ লাভ হয়। মােক্ষ লাভেই মানৱ জীৱনৰ পৰম লক্ষ্য। এইদৰে ভাৰতীয় দর্শনৰ অন্যতম বৈশিষ্ট্য হৈছে ধৰ্মৰ লগত ইয়াৰ গভীৰ অন্তর্নিহিত সম্পর্ক। 

    ভাৰতীয় দর্শনৰ এটা উল্লেখযােগ্য বৈশিষ্ট্য হৈছে ইয়াৰ সংশ্লেষণাত্মক দৃষ্টিভংগী। ইয়াত দৰ্শনৰ বিভিন্ন শাখা যেনে— মনােবিদ্যা, জ্ঞানবিদ্যা, তত্ববিদ্যা, নীতিবিদ্যা, তর্কবিদ্যা, ধর্মতত্ব, সমাজবিদ্যা, ৰাজনীতিবিদ্যা আদি সামগ্রিকভাৱে আলােচনা কৰা হয়। পাছত এক সংশ্লেষণাত্মক সিদ্ধান্তত উপনীত হােৱা যায়। প্রত্যেক ভাৰতীয় দার্শনিক সম্প্রদায়ে এই পদ্ধতি পালন কৰিছে। এনে সংশ্লেষণাত্মক পদ্ধতি অৱলম্বন কৰাৰ বাবে ভাৰতীয় দর্শনত জড়বাদ, অভিজ্ঞতাবাদ, বাস্তৱবাদ, ভাববাদ, বহুত্ববাদ আদি ভাৱধাৰাৰ সমাবেশ ঘটিছে। ইয়াৰ ফলত ভাৰতীয় দৰ্শনৰ পৰিসৰ সমৃদ্ধ আৰু বিস্তৃত হৈছে। ভৰতীয় দর্শনৰ সংশ্লেষণাত্মক দৃষ্টিভংগী এটা উল্লেখযােগ্য বৈশিষ্ট্য। 

    সহনশীলতা, উদাৰতা আৰু সম্প্রদায়সমূহৰ মাজৰ পাৰস্পৰিক সম্বন্ধ ভাৰতীয় দর্শনৰ অন্যতম বৈশিষ্ট্য। ভাৰতীয় দর্শন ভিন্নমতৰ মুঠ নটা সম্প্রদায়ৰ চিন্তাধাৰাৰ সমষ্টি চার্বাক, বৌদ্ধ, জৈন, ন্যায়, বৈশেষিক, সাংখ্য, যোগ, মীমাংসা আৰু বেদান্ত। সম্প্রদায়সমূহৰ শ্রেণীবিভাগ সম্পর্কে আমি পাছত আলােচনা কৰিম। ইয়াত মন কৰিবলগীয়া বিষয় হৈছে নটা সম্প্রদায়ৰ মাজৰ পাৰস্পৰিক সহনশীলতা, পৰিপূৰকতা, উদাৰতা আৰু সহাৱস্থান। সম্প্রদায়সমূহে পৰস্পৰৰ সমালােচনা কৰি নিজ নিজ মতবাদ আগবঢ়াইছে। যিমানেই মতবিৰােধ নাথকক এটাক বাদ দি আনবােৰ সম্প্রদায় সম্পূর্ণ হ'ব নােৱাৰে। এয়ে ভাৰতীয় দর্শনৰ বৈচিত্ৰতা আৰু সহাৱস্থান নীতি। এইদৰে বিৰােধী পক্ষৰ সমালােচনা খণ্ডন নকৰাকৈ কোনাে সম্প্রদায়ে নিজৰ মত প্রতিষ্ঠা কৰিব নোৱাৰাটো ভাৰতীয় দৰ্শনৰ এটা বৈশিষ্ট্য। ইয়াক দ্বন্দ্বাত্মক যুক্তি পদ্ধটি বোলে। এই পদ্ধতি অৱলম্বন কৰা বাবে ভাৰতীয় দৰ্শন মতান্ধতাৰ পৰা মুক্ত হ'ব পাৰিছে।

Type Himanku Bora