দৰ্শনৰ পৰিসৰ আৰু প্ৰধান শাখাসমূহঃ

    দৰ্শনৰ পৰিসৰ বুলিলে দৰ্শনৰ অধ্যয়ন ক্ষেত্ৰত সন্নিৱিষ্ট বিষয়সমূহকে বুজাব।

        জগত আৰু জীৱনৰ সামগ্ৰিক আলোচনা, ব্যাখ্যা আৰু মূল্য অৱধাণ কৰাই দৰ্শনৰ কাম। সেই কাৰণে এইফালৰ পৰা ক'ব পাৰি দৰ্শনৰ পৰিসৰ অতি ব্যাপক। জ্ঞানৰ এনে কোনো বিষয় নাই যি দৰ্শনৰ অন্তৰ্ভুক্ত নহয়। সমগ্ৰ বিশ্বই দৰ্শনৰ আলোচনাৰ বিষয়। ড° জন কেয়াৰ্ডে কোৱাৰ দৰে, 'মানুহৰ অভিজ্ঞতাৰ এনে কোনো দিক বা সীমা নাই, সমগ্ৰ অস্তিত্বৰ এনে কোনো অংশ নাই, যি দৰ্শনৰ পৰিসৰ অন্তৰ্ভুক্ত নহয়। 

    দৰ্শনৰ কোনো নিদিৰ্ষ্ট আলোচ্য বিষয় নাই। সমগ্ৰ বিশ্বই দৰ্শনৰ আলোচনাৰ ক্ষেত্ৰ। দৰ্শনৰ এনে বহল পৰিসৰক সামৰিব পৰাকৈ দৰ্শনক কেইটামান শাখাত ভাগ কৰা হৈছে। সেইকেইটা হ'ব

(i) জ্ঞানবিদ্যা বা জ্ঞানমীমাংসা (Epistemology)

(ii) অধিবিদ্য (Metaphysice)

(iii) প্ৰমূল্যবিদ্যা (Axiologi)

(i) জ্ঞানবিদ্যা বা জ্ঞানমীমাংসাঃ

    জ্ঞানবিদ্যা দৰ্শনৰ এটা প্ৰধান শাখা। ইংৰাজীত জ্ঞানবিদ্যাক Epistemology বোলা হয়। এই Epistemology শব্দটো গ্ৰীক 'Episteme' আৰু 'Logos' শব্দ দুটাৰ পৰা উৎপত্তি হৈছে। 'Episteme' শব্দৰ অৰ্থ জ্ঞান আৰু 'Logos' শব্দৰ অৰ্থ বিদ্যা বা বিজ্ঞান। গতিকে 'Epistemology' শব্দৰ ব্যুৎপত্তিগত অৰ্থ হৈছে জ্ঞানবিদ্য বা জ্ঞানবিজ্ঞান অৰ্থাৎ জ্ঞান সম্পৰ্কীয় বিজ্ঞানসন্মত আলোচনা। দৰ্শনৰ যিটো বিভাগে জ্ঞানৰ প্ৰকৃতি, উৎস বা উৎপত্তি, সীমা, সম্ভাৱনা ইত্যাদি জ্ঞানৰ অন্তৰ্গত বিভিন্ন বিষয়ৰ বিজ্ঞানসন্মতভাৱে আলোচনা কৰে তাকে জ্ঞানবিদ্যা বা জ্ঞানমীমাংসা বোলে। জ্ঞানবিদ্যাত আলোচনা কৰা গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ হ'ল— জ্ঞান কি? জ্ঞানৰ উৎপত্তি কিভাৱে হয়? যথাৰ্থ জ্ঞান প্ৰকৃততে সম্ভৱনে? যদি সম্ভৱ তেনেহ'লে ইয়াৰ সীমা কি? জ্ঞানৰ বৈধতাই বা কেনেকৈ নিৰ্ণীত হয়?— আদি জ্ঞান সম্পৰ্কীয় জটিল বিষয়বোৰৰ বিস্তৃত আৰু বিজ্ঞানসন্মত আলোচনাই জ্ঞানবিদ্যাৰ আলোচ্য বিষয়।

    পাশ্চাত্য দৰ্শনৰ ইতিহাসত দেখা যায় যে গ্ৰীক দাৰ্শনিক ছক্ৰেটিছৰ পূৰ্বৰ দাৰ্শনিকসকলে জ্ঞানবিদ্যা সম্বন্ধীয় কোনো আলোচনা নকৰাকৈ জগতৰ মূলতত্বৰ অনুসন্ধান কৰিছিল। জগতৰ মূলতত্ব অনুসন্ধান কৰিছিল। জগতৰ আদি তত্ত্বৰ জ্ঞান সম্ভৱ হয় নে নহয়, সত্তা বা মূলতত্ব সম্বন্ধে জ্ঞান লাভ কৰিবলৈ মানুহৰ মনৰ ক্ষমতা আছে নে নাই ইত্যাদি প্ৰশ্ন তেওঁলোকৰ লমনত উদয় হোৱা নাছিল। তেওঁলোকে ভাবিছিল— জগতৰহ মূলতত্ব কি তাক ৱজানিব পাৰিলেই জগতৰ ব্যাখ্যা দিব পৰা যাব। সেয়ে জ্ঞানবিদ্যা সম্বন্ধীয় কোনো আলোচনা নকৰাকৈ তেওঁলোকে জগতৰ মূলতত্ব বা সত্তাৰ অনুসন্ধান কৰিছিল। জ্ঞানবিদ্যাৰ ওপৰত ভিত্তি নকৰাৰ বাবেই এই দাৰ্শনিকসকলৰ মতবাদবোৰৰ মাজত কাৰো লগত কাৰো মিল দেখা নগৈছিল। ফলত জগতৰ মূলতত্ব বা উপাদান সম্পৰ্কে সন্দেহৰ সৃষ্টি হৈ সংশয়বাদ নামৰ এটা মতবাদৰ সৃষ্টি হৈছিল। মুঠৰ ওপৰত, প্ৰাচীন কালৰ পৰা মধ্যযুগলৈ পাশ্চাত্য দৰ্শনত জ্ঞানবিদ্যা সম্পৰ্কীয় বিশেষ আলোচনা কৰা হোৱা নাছিল।

    আধুনিক দর্শন জ্ঞানবিদ্যাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। ব্রিটিছ দার্শনিক জন লক (John Locke)— এ'' 'An essay concerning human understanding' নামৰ গ্ৰন্থৰ জৰিয়তে সর্বপ্রথম জ্ঞানবিদ্যা সম্পর্কে আলােচনা কৰে আৰু জ্ঞান। লাভৰ ক্ষেত্ৰত জ্ঞানবিদ্যাৰ প্রয়ােজনীয়তা স্বীকাৰ কৰে। জন লকৰ পিছত জার্মান দার্শনিক ইমানুৱেল কান্ট (Immanuel Kant) এ তেওঁৰ বিখ্যাত। গ্রন্থ ‘Critique of Pure Reason' ৰ জৰিয়তে জ্ঞানবিদ্যা সম্পর্কীয় সকলাে বিষয়ৰ বিশদ বিশ্লেষণ কৰি দার্শনিক জ্ঞান লাভৰ ক্ষেত্ৰত জ্ঞানবিদ্যা অপৰিহাৰ্য বুলি গণ্য কৰে। কাণ্টৰ মতে সকলাে দার্শনিক অনুসন্ধানৰ ভেটি হ’ল জ্ঞানবিদ্যা। সেয়ে কান্টে কৈছিল ‘দর্শন হৈছে জ্ঞান সম্পর্কীয় বিজ্ঞান আৰু সমালােচনা। তেওঁৰ মতে জ্ঞানবিদ্যাৰ সহায় নােলােৱাকৈ দার্শনিক মতবাদক গ্রহণযােগ্য বুলি বিবেচনা কৰা নহয়। অৱশ্যে এইটো ঠিক যে দর্শন আৰু জ্ঞানবিদ্যা অভিন্ন বুলি ক'ব নােৱাৰি নাইবা দর্শনক জ্ঞানবিদ্যাৰ পৰা স্বতন্ত্র বুলিও ক’ব নােৱাৰি। প্ৰকৃততে জ্ঞানবিদ্যা দৰ্শনৰ এক অপৰিহাৰ্য শাখা বা ভাগ। 

(ii) অধিবিদ্যাঃ 

    দর্শনৰ যিটো শাখাৰ জৰিয়তে অভিজ্ঞতালব্ধ জগতৰ অন্তৰালত থকা মূলতত্ব বা পৰমসত্তাৰ যথার্থ স্বৰূপ সম্পর্কে জ্ঞান লাভ কৰা যায় তাকে অধিবিদ্যা বােলে। অধিবিদ্যাৰ ইংৰাজী প্রতিশব্দ হ’ল Metaphysics। 'Metaphysics' শব্দটো Meta আৰু ‘Physika'— এই দুটা গ্রীক শব্দৰ পৰা উদ্ভৱ হৈছে। 'Meta' শব্দৰ অৰ্থ হ’ল পিছত আৰু 'Physika' ৰ অৰ্থ হ’ল পদার্থ বিজ্ঞান। গতিকে ইয়াৰ ব্যুৎপত্তিগত অর্থ হল— যি বিজ্ঞানৰ পিছত আহে। 

    অধিবিদ্যাক তত্ববিদ্যা নামেৰেও জনা যায়। তত্ববিদ্যাৰ ইংৰাজী প্রতিশব্দ হ’ল ‘Ontology'। Ontology শব্দটি ‘Onto' আৰু 'Logos' এই দুটা গ্রীক শব্দৰ পৰা উদ্ভৱ হৈছে। Onto শব্দৰ অৰ্থ হ’ল তত্ব বা সত্তা আৰু ‘Logos’ ৰ অর্থ হ’ল বিজ্ঞান। গতিকে Ontology মানে হ'ল সত্তাৰ বিজ্ঞান। 

    অৱভাস আৰু সত্তাৰ মাজত থকা পার্থক্যৰ যােগেদিয়ে অধিবিদ্যাৰ সূচনা হয়। আমি আমাৰ অভিজ্ঞতাত যিবােৰ বস্তু দেখিছাে সেই বস্তুবােৰৰ প্রকৃত স্বৰূপ আমি দেখাৰ দৰে নহয়। এডাল পােনপটীয়া কাঠি এগিলাচ পানীত আধাকৈ ডুবালে। কাঠিডাল বেঁকা যেন দেখা যায়। এই দৃষ্টান্তটোৰ পৰাই বুজিব পাৰি যে বস্তুৰ অৱস আৰু সত্তাৰ মাজত পার্থক্য আছে। এই জগতৰ প্রত্যেক বস্তুৰেই দুটা দিশ আছে এটা হৈছে বস্তুৰ ইন্দ্রিয়গ্রাহ্য বা বাহ্যসত্তা আৰু আনটো হৈছে ইন্দ্রিয়াতীত বা অন্তসত্তা। আমাৰ অভিজ্ঞতাৰ দ্বাৰা জগতৰ বস্তু সম্বন্ধে যি জ্ঞান হয় সি হ’ল জগতৰ বাহ্যিক ৰূপৰ জ্ঞান। জগতৰ এই বাহ্যিক ৰূপকেই অৱভাস (Appearance) বােলা হয়। ইন্দ্রিয়গ্রাহ্য সকলাে বস্তুৰে বাহ্যিক ৰূপৰ অন্তৰালত এক নিজস্ব ৰূপ বা স্বৰূপ আছে। বস্তুৰ এই ৰূপটোকে তত্ব বা সত্তা বােলা হয়। বস্তুৰ তত্ব বা সত্তাৰ জ্ঞান ইন্দ্রিয় অভিজ্ঞতাৰে পাব নােৱাৰি। ইয়াৰ জ্ঞান পাব পাৰি বুদ্ধি বা যুক্তি বিচাৰৰ দ্বাৰাহে। বস্তুৰ ইন্দ্রিয়গ্রাহ্য ৰূপ পৰিৱৰ্তনশীল। কিন্তু ইন্দ্রিয়গ্রাহ্য ৰূপৰ অন্তৰালত থকা বস্তুৰ অন্তর্নিহিত তত্ব বা সত্তা অপৰিৱৰ্তনশীল। 

    গতিকে ইন্দ্রিয়গ্রাহ্য বা অৱসৰ অন্তৰালত থকা সত্তাৰ প্রকৃত স্বৰূপ উদঘাটন কৰাই অধিবিদ্যাৰ মূল বিষয়বস্তু। অধিবিদ্যাই পৰমসত্তা সম্বন্ধীয় বিভিন্ন বিষয়ৰ বিস্তৃত আলােচনা কৰে। এই দৃশ্যমান জগতৰ অন্তৰালত পৰমসত্তা আছে নে নাই? যদি আছে তেনেহলে ইয়াৰ স্বৰূপ কি? দৃশ্যমান জগতৰ লগত ইয়াৰ সম্বন্ধই বা কি? এই পৰমসত্তা এক নে বহু? ইয়াৰ উপৰি অধিবিদ্যাত জগত, জীৱন, মন, ঈশ্বৰ, আত্মা আদিৰ স্বৰূপ জানিবলৈও চেষ্টা কৰা হয়। 

    এই ক্ষেত্ৰত অধিবিদ্যাক দৰ্শনৰ এটা প্রধান অংগ বুলি গণ্য কৰা হয়। গ্রীক দার্শনিক প্লেটোৱে দর্শন আৰু অধিবিদ্যাক অভিন্ন বুলি কৈছে। তেওঁৰ মতে অভিজ্ঞতালব্ধ জগতখন অতীন্দ্রিয় প্রকৃত জগতৰ ছাঁয়া বা অনুকৰণ মাত্র, যাৰ কোনাে অস্তিত্ব নাই। হেগেলৰ মতেও দৃশ্যমান জগতক অতীন্দ্রিয় সত্তাৰ পৰা পৃথক কৰিব নােৱাৰি, কাৰণ দৃশ্যমান জগতৰ জৰিয়তেই অতীন্দ্রিয় সত্তাই নিজকে প্রকাশ কৰে। তর্কীয় প্রত্যক্ষবাদীসকলৰ মতে পৰমসত্তাৰ জ্ঞান হিচাপে অধিবিদ্যা সম্ভৱ নহয়। অর্থাৎ দৰ্শনৰ পৰিসৰ ইন্দ্রিয়গ্রাহ্য অধ্যয়নতে সীমাবদ্ধ বুলি ক'ব পাৰি।

    ওপৰৰ আলােচনাৰ পৰা আমি এইটো ক'ব পাৰাে যে অধিবিদ্যা প্রকৃততে দৰ্শনৰ পৰিসৰৰ পৰা বহির্ভূত নহয়, নাইবা দর্শন আৰু অধিবিদ্যা অভিন্নও নহয়। পৰমসত্তাৰ দুটা দিশ হিচাপে অৱস আৰু সত্তাৰ অধ্যয়ন দৰ্শনৰ পৰিসৰৰ অন্তর্ভুক্ত। 

(iii) প্রমূল্যবিজ্ঞানঃ 

    জ্ঞানবিদ্যা আৰু অধিবিদ্যাৰ উপৰিও দর্শন এটা গুৰুত্বপূৰ্ণ ভাগ হ’ল প্রমূল্যবিজ্ঞান বা আদর্শবিজ্ঞান। জগত আৰু জীৱনৰ সামগ্রিক আলােচনা, ব্যাখ্যা আৰু মূল্য অৱধাৰণ কৰাই দৰ্শনৰ কাম। গতিকে প্রমূল্য বিজ্ঞানৰ জৰিয়তে দর্শনে জীৱন আৰু জগতৰ মূল্য নিৰূপণ কৰে। সেয়ে দৰ্শনৰ পৰিসৰত আদর্শ বা মূল্যও অন্তর্ভুক্ত। প্রমূল্য বিজ্ঞানে তিনিটা পৰম মূল্যক আদর্শ হিচাপে লৈ জীৱন আৰু জগতৰ মূল্যায়ন কৰে। জীৱনৰ এই পৰমমূল্য তিনিটা হ'ল— সত্য (Truth), সুন্দৰ (Beauty) আৰু শিৱ (Goodness)। এই তিনিটা আদর্শ বা প্রমূল্যক লৈ আমি জগতৰ বস্তু, জ্ঞান আৰু আচৰণৰ মূল্য বিচাৰ কৰে। প্ৰমূল্য বিজ্ঞানে আমাৰ এনে মূল্য বিচাৰ ব্যক্তিগত নে বস্তুগত, মানৱ জীৱনৰ পৰম আদর্শ বা মূল্য অর্থাৎ সত্য, শিৱ আৰু সুন্দৰৰ তাৎপর্য, ইয়াৰ যথার্থতা আৰু পৰমসত্তাৰ লগত এই তিনিটা আদৰ্শৰ সম্বন্ধ কেনেধৰণৰ ইত্যাদি সম্পর্কেও আলােচনা কৰে। 

    প্রমূল্য বিজ্ঞান বা আদর্শবিজ্ঞানসমূহ হ’ল— তর্কবিজ্ঞান, নীতিবিজ্ঞান, সৌন্দর্যবিজ্ঞান, ধর্মদর্শনআদি। তর্কবিজ্ঞানে সত্যতা নামৰ প্ৰমূল্য, নীতিবিজ্ঞানে পৰমকল্যাণ বা পৰমশ্রেয় নামৰ প্ৰমূল্য, সৌন্দর্যবিজ্ঞানে সৌন্দর্য নামৰ প্ৰমূল্য আৰু ধর্ম দর্শনে পৱিত্ৰতা নামৰ প্ৰমুল্যক অধ্যয়ন কৰে। সেয়ে মানৱ জীৱনৰ মূল আদর্শ সত্য, শিৱ আৰু সুন্দৰ বুলি কোৱা হয়। জীৱনৰ মূল আদর্শ বা প্ৰমূল্য বিভাগটোৱে সত্তাৰ লগত মূল্যৰ কেনে সম্বন্ধ— ই আত্মনিষ্ঠ নে বস্তুনিষ্ঠ আদি বিষয়ে আলােচনা কৰে। 

    ওপৰৰ আলােচনাৰ পৰা দেখা যায় যে দর্শন হৈছে সমগ্র জগত আৰু জীৱনৰ ব্যাখ্যা আৰু মূল্য নিৰূপণ। সেয়েহে দৰ্শনৰ পৰিসৰ অতি ব্যাপক। 

পাঠৰ মূলকথাঃ 

    দৰ্শনৰ লগত বিজ্ঞান, জ্ঞানবিদ্যা, অধিবিদ্যা বা তত্ববিদ্যা আৰু প্ৰমূল্যবিজ্ঞানৰ সম্বন্ধৰ বিষয়ে বিচাৰ কৰিলে দেখা যায় যে উক্ত প্রতিটো বিষয়ৰ লগতে দৰ্শনৰ এক এৰাব নােৱৰা পাৰম্পৰিক সম্পর্ক আছে। আটাইকেইটা বিষয়ৰে মূল উদ্দেশ্য বা লক্ষ্য একে— জগত আৰু জীৱনৰ ব্যাখ্যা আগবঢ়োৱা। এই জগত আৰু জীৱনৰ ব্যাখ্যা দিওঁতে বিজ্ঞানে কিছুমান মূল প্রত্যয় বা ধাৰণাক স্বতঃসিদ্ধ হিচাপে স্বীকাৰ কৰি দৃশ্যমান। অভিজ্ঞতালব্ধ জগতখনৰ ব্যাখ্যা দিছে। জ্ঞানবিদ্যাই দৰ্শনৰ লক্ষ্যত উপনীত হ’বলৈ জ্ঞান কি, জ্ঞানৰ উৎস, সীমা, সম্ভাৱনা আদিৰ আলােচনা কৰি সেই লক্ষ্যত উপনীত হ’বলৈ দৰ্শনক সহায় কৰিছে। অধিবিদ্যা বা তত্ববিদ্যাই জগত আৰু জীৱনৰ মূল সত্তাৰ অনুসন্ধান কৰি দার্শনিক জ্ঞানক পূর্ণতা প্রদান কৰিছে। আকৌ, প্রমূল্যবিদ্যাই জগতৰ মূল সত্তা অর্থাৎ পৰমসত্তা আৰু পৰমমূল্য যে একে তাৰ বিচাৰ কৰি মূল্যবােধৰ জৰিয়তে দার্শনিক জ্ঞানৰ পূর্ণতা প্রদানত সহায় কৰিছে। 

    দর্শন আৰু বিজ্ঞানঃ অভিজ্ঞতালব্ধ জগতৰ ব্যাখ্যা দিবলৈ চেষ্টা কৰাৰ ফলস্বৰূপে দর্শন আৰু বিজ্ঞানৰ উৎপত্তি। সেয়ে দুয়ােৰাে লক্ষ্য একে। জ্ঞান আহৰণৰ পদ্ধতি, আলােচ্য বিষয়র পৰিসৰ আৰু অন্যান্য ক্ষেত্ৰত দৰ্শন আৰু বিজ্ঞানৰ মাজত কিছু পার্থক্য থকা দেখা যায়। যেনে— 

(1) বিজ্ঞানৰ তুলনাত দৰ্শনৰ পৰিসৰ ব্যাপক। 

(2) বিজ্ঞানে কেৱল অভিজ্ঞতালব্ধ প্রতিভাসিক জগতখনৰহে ব্যাখ্যা কৰে; কিন্তু দর্শনে বিজ্ঞানে দিয়া প্রতিভাসিক জগতৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি ইয়াৰ মূল সত্তাৰ বিষয়েও জ্ঞান দিয়ে। 

(3) দর্শন আৰু বিজ্ঞানৰ জ্ঞান অন্বেষণৰ পদ্ধতি বেলেগ বেলেগ। বিজ্ঞানৰ পদ্ধতি নিৰীক্ষণ, পৰীক্ষণ অর্থাৎ আগমন পদ্ধতি; কিন্তু দর্শনৰ পদ্ধতি আগমনাত্মক আৰু নিগমনাত্মক উভয়েই। 

(4) বিজ্ঞানৰ অধ্যয়ন বিশ্লেষণাত্মক অধ্যয়ন; কিন্তু দর্শনৰ অধ্যয়ন সংশ্লেষণাত্মক। 

(5) বিজ্ঞানে জ্ঞান অন্বেষণৰ ক্ষেত্ৰত কিছুমান। বিধি বা প্রত্যয় স্বতঃসিদ্ধ বুলি স্বীকাৰ কৰি লয়; কিন্তু দর্শনে বিচাৰ-বিশ্লেষণ নকৰাকৈ কোনাে কথাকে স্বীকাৰ কৰি নলয়। 

(6) বিজ্ঞানে কোনাে বিষয়ৰ ব্যাখ্যা দিওতে বস্তু বা ঘটনাৰ মূল্যায়ন নকৰে; দর্শনে ব্যাখ্যাদিয়াৰ উপৰি মূল্যায়ন কৰে। 

(7) বৈজ্ঞানিক জ্ঞান প্রামাণিক জ্ঞান বাবে সার্বিক কিন্তু দার্শনিক জ্ঞান সর্বজনগ্রাহ্য নহ'বও পাৰে। 

    যদিও বিজ্ঞান আৰু দৰ্শনৰ মাজত এনে কিছুমান পার্থক্য আছে; তথাপি বিজ্ঞান আৰু দৰ্শনৰ মাজৰ সম্বন্ধটো এক পাৰস্পৰিক সম্বন্ধহে অর্থাৎ উভয়ে উভয়ৰ পৰিপূৰক। 

    দর্শন আৰু জ্ঞানবিদ্যাৰ সম্বন্ধঃ দর্শন আৰু জ্ঞানবিদ্যাৰ মাজতে এক ওতঃপ্রােত সম্পর্ক আছে। দর্শনে সমগ্র বিশ্বব্রহ্মাণ্ডৰ সামগ্রিক ব্যাখ্যা দিবলৈ প্রথমে জ্ঞান কি, জ্ঞানৰ উৎস, সম্ভাৱ্যতা আৰু কিমানলৈ জ্ঞান পাব পাৰি তাক জানিবলৈ জ্ঞানবিদ্যাৰ সহায় ল’ব লাগে। জ্ঞানবিদ্যা হ’ল দার্শনিক জ্ঞান অনুসন্ধানৰ প্রথম স্তৰ। 

    অৱশ্যে জ্ঞানবিদ্যাতকৈ দৰ্শনৰ পৰিসৰ অতিব্যাপক; কাৰণ জ্ঞানবিদ্যা দৰ্শনৰ এটা বিভাগহে। 

    আচলতে দর্শন আৰু জ্ঞানবিদ্যাৰ সম্বন্ধ হ’ল। অংশ আৰু তাৰ সমগ্ৰতাৰ লগত থকা সম্বন্ধৰ নিচিনা। 

    দর্শন আৰু অধিবিদ্যা বা তত্ববিদ্যাৰ সম্বন্ধঃ দর্শন আৰু অধিবিদ্যা বা তত্ববিদ্যাৰ মাজৰ সম্বন্ধৰ ক্ষেত্ৰত বিভিন্ন দার্শনিকে ভিন্ন মত পােষণ কৰিছে। ভাববাদী দার্শনিকসকলৰ মতে দর্শন আৰু অধিবিদ্যা বা তত্ববিদ্যাৰ মাজত কোনাে পার্থক্য নাই। দুয়াে একে। 

    তর্কীয় প্রত্যক্ষবাদী দার্শনিকসকলৰ মতে দর্শন আৰু অধিবিদ্যা বা তত্ববিদ্যাৰ মাজত কোনাে সম্বন্ধ নাই। তেওঁলােকৰ মতে তত্ববিদ্যাৰ আলােচনা নির্থক আৰু অবান্তৰ। কাৰণ তেওঁলােকে অভিজ্ঞতাৰে জ্ঞান লাভ কৰিব নােৱৰা কোনাে সত্তাতে বিশ্বাস নকৰে। 

    বিভিন্ন দার্শনিকে এনে ভিন্ন মত পােষণ কৰিলেও দর্শন আৰু তত্ববিদ্যাৰ মাজত থকা ঘনিষ্ঠ সম্বন্ধৰ কথা অস্বীকাৰ কৰিব নােৱাৰি। অৱশ্যে, তত্ববিদ্যাতকৈ দৰ্শনৰ পৰিসৰ ব্যাপক। দৰ্শনৰ পৰিসৰ ব্যাপক হলেও পূর্ণ দার্শনিক জ্ঞানৰ বাবে তত্ববিদ্যাৰ জ্ঞান অপৰিহাৰ্য। সেয়ে তত্ববিদ্যা দর্শনৰ এটা এৰাব নােৱৰা প্রধান বিভাগ আৰু দুয়ােৰে মাজত ওতঃপ্রােত সম্বন্ধ আছে। 

    দৰ্শনৰ লগত প্ৰমূল্যবিজ্ঞানৰ সম্বন্ধঃ দর্শনৰ লগত প্ৰমূল্যবিজ্ঞানৰাে এক ঘনিষ্ঠ সম্বন্ধ আছে। দর্শনে জগত আৰু জীৱনৰ সামগ্রিক ব্যাখ্যা দিয়াৰ লগতে ইয়াৰ মূল্যায়ন কৰি পূর্ণ জ্ঞান দিয়াৰ প্রয়াস কৰে। প্ৰমূল্যবিজ্ঞানে যিহেতু মূল্যৰ দিশটোৰ বিষয়ে আলােচনা কৰে, সেয়ে দার্শনিক জ্ঞানৰ পূর্ণতাপ্রাপ্তিৰ বাবে প্ৰমূল্যবিজ্ঞানৰ সহায় ল'বলগা হয়। গতিকে দুয়ােৰে মাজত ঘনিষ্ঠ সম্বন্ধ বিদ্যমান। ভাববাদী দার্শনিকসকলৰ মতে, দৰ্শনৰ মূল লক্ষ্য পৰমসত্তা আৰু প্ৰমূল্যবিজ্ঞানৰ মূল আদর্শ পৰমমূল্যৰ মাজত কোনাে পার্থক্য নাই। অৱশ্যে প্রমূল্যবিজ্ঞানৰ তুলনাত দৰ্শনৰ পৰিসৰ বেছি ব্যাপক; কাৰণ প্ৰমূল্যবিজ্ঞান দৰ্শনৰ এক বিভাগহে। প্রকৃততে প্রমূল্যবিজ্ঞান দৰ্শনৰ এটা বিভাগ হিচাপে দুয়ােৰে মাজত থকা সম্বন্ধ অংশ আৰু তাৰ সমগ্ৰতাৰ মাজত থকা সম্বন্ধৰ নিচিনা।

Type Himanku Bora