সমবৰ্তনৰ প্ৰকাৰঃ

    সমবৰ্তন দুই প্ৰকাৰৰ-

(a) সৰল সমবৰ্তন (Simple Coversion)

(b) অসৰল সমবৰ্তন (Conversion by limi-tation or conversion per accidens)

(a) সৰল সমবৰ্তন

(Simple conversion)ঃ

    যি সমবৰ্তনত আশ্ৰয়বাক্য আৰু সিদ্ধান্তৰ পৰিমাণ একেই তাক সৰল সমবৰ্তন বোলে। অৰ্থাৎআশ্ৰয়বাক্যটো বিশেষ বচন হয়, তেন্তে সিদ্ধান্তটোও বিশেষ বচন হ'ব। E আৰু I বচনৰ সৰল সমবৰ্তন হয়। 

উদাহৰণ-

(i) E বচনৰ সৰল সমবৰ্তন (E - E)

E- কোনো মানুহ নহয় অমৰ                             (সমবৰ্তনীয় বচন)

ஃ E- কোনো অমৰ নহয় মানুহ                         (সমবৰ্তিত বচন) 

(ii) I বচনৰ সৰল সমবৰ্তন (I - I)

I- কিছুমান মানুহ হয় জ্ঞানী                              (সমবৰ্তনীয় বচন)

ஃ I- কিছুমান জ্ঞানী হয় মানুহ                           (সমবৰ্তিত বচন) 

    প্ৰথম উদাহৰণটোত দুয়োটা বচনেই সামান্য বচন (E - E) আৰু দ্বিতীয় উদাহৰণত দুয়োটা বচনেই বিশেষ বচন (I - I)। গতিকে দুয়োটা উদাহৰণত আশ্ৰয়বাক্য আৰু সিদ্ধান্তৰ পৰিমাণ সমান।

    গতিকে কথা হ'ল E আৰু I বচনক সৰল সমবৰ্তন কৰিব পাৰি।

(b) অসৰল সমবৰ্তন বা পৰিমিত সমবৰ্তনঃ

    যি সমবৰ্তন আশ্ৰয়বাক্য আৰু সিদ্ধান্তৰ পৰিমাণৰ পৰিৱৰ্তন হয় তাকে অসৰল সমবৰ্তন বোলে। অসৰল সমবৰ্তনত আশ্ৰয়বাক্য সামান্য বচন হ'লে সিদ্ধান্ত বিশেষ বচন হ'ব। A বচন অসৰল সমবৰ্তনৰ উদাহৰণ।

উদাহৰণ-

A- সকলো মানুহ হয় মৰণশীল                            (সমবৰ্তনীয় বচন) 

ஃ I- কিছুমান মৰণশীল জীৱ হয় মানুহ               (সমবৰ্তিত বচন)

    ওপৰৰ উদাহৰণত আশ্ৰয়বাক্যটো সামান্য বচন আৰু সিদ্ধান্ত বিশেষ বচন। গতিকে ই অসৰল সমবৰ্তন।

A- বচনৰ সৰল সমবৰ্তন সম্ভৱনে? (Can A proposition be converted simply?)

    A বচনৰ সৰল সমবৰ্তন বুলিলে A বচনৰ পৰা A বচনৰ সমবৰ্তন কৰাকে বুজায়। ওপৰৰ আলোচনাৰ পৰা দেখা গ'ল যে A বচনৰ সৰল সমবৰ্তন সম্ভৱ নহয়। কাৰণ A বচনৰ সৰল সমবৰ্তন কৰিলে সমবৰ্তনৰ চতুৰ্থ নিয়মটো ভংগ হয়। 

        কিন্তু কেতিয়াবা কিছুমান বিশেষ ক্ষেত্ৰত A বচনক আন এটা A বচনলৈ সমবৰ্তন কৰিব পাৰি। এইটো সম্ভৱ হয় যদি A বচনৰ উদ্দেশ্য পদ আৰু বিধেয় পদৰ বাচ্যাৰ্থ সমান হয়। যেনে-

(i) সমজ্ঞা

(ii) পুনৰুক্তিমূলক বচন 

(iii) যিবোৰ A বচনৰ উদ্দেশ্য পদ আৰু বিধেয় পদ দুয়োটাই নিৰ্দিষ্ট পদ। 

উদাহৰণ-

(i) সমজ্ঞাঃ A- সকলো মানুহ সহয় বুদ্ধিবৃত্তিসম্পন্ন প্ৰাণী হয় মানুহ।

ஃ A- সকলো বুদ্ধিবৃত্তিসম্পন্ন প্ৰাণী হয় মানুহ।

(ii) পুনৰুক্তিমূলক বচন-

A- সকলো মানুহ হয় মনুষ্যত্বসম্পন্ন প্ৰাণী।

ஃ A- সকলো মনুষ্যত্বসম্পন্ন প্ৰাণী হয় মানুহ।

(iii) নিৰ্দিষ্ট পদ-

A- কালিদাস হয় ভাৰতৰ শ্ৰষ্ঠ কবি

ஃ A- ভাৰতৰ শ্ৰেশ্ঠ কবি হয় কালিদাস।

বিপৰীত সম্বন্ধভিত্তিক সমবৰ্তনঃ

    প্ৰখ্যাত তৰ্কবিদ কেয়িন্স (Dr Keynes) এ বিপৰীত সম্বন্ধভিত্তিক সমবৰ্তন নামৰ একপ্ৰকাৰ সমবৰ্তনৰ উল্লেখ কৰিছে। এইবিধ দুয়োটা সাপেক্ষ পদ (Relative Term) হ'ব লাগিব আৰু দুয়োৰে সম্বন্ধৰ পৰিৱৰ্তন ঘটাই সিদ্ধান্তলৈ অহা হয়।

উদাহৰণ-

(i) A- ৰামকৃষ্ণ হয় বিবেকানন্দৰ গুৰু।

ஃ A- বিবেকানন্দ হয় ৰামকৃষ্ণৰ শিষ্য।

(ii) A- সীতা হয় ৰামচন্দ্ৰৰ স্ত্ৰী

ஃ A- ৰামচন্দ্ৰ হয় সীতাৰ স্বামী।

    আপাতদৃষ্টিত এই প্ৰক্ৰিয়াক 'সমবৰ্তন' যেন লাগিলেও প্ৰকৃততে ই সমবৰ্তন হ'ব নোৱাৰে। 

কাৰণ-

(i) ইয়াত উদ্দেশ্য আৰু বিধেয়ৰ স্থান পৰিবৰ্তন কৰাৰ লগতে সম্বন্ধৰো পৰিৱৰ্তন কৰা হৈছে। প্ৰথম উদাহৰণত গুৰুৰ পৰিৱৰ্তে শিষ্য, ব্ৰিতীয় উদাহৰণত স্ত্ৰীৰ পৰিৱৰ্তে স্বামী- এই সাপেক্ষ পদৰ ব্যৱহাৰ হৈছে। সাপেক্ষ পদ নহ'লে এনে ধৰণৰ সমবৰ্তন সম্ভৱ নহয়।

(ii) উদ্দেশ্য আৰু বিধেয়ৰ স্থপান পৰিৱৰ্তন কৰা হৈছে যদিও প্ৰকৃতাৰ্থত আশ্ৰয়বাক্যৰ উদ্দেশ্যটো সিদ্ধান্তত বিধেয় হোৱা নাই। প্ৰথম উদাহৰণত আশ্ৰয়বাক্যৰ উদ্দেশ্য হৈছে ৰামকৃষ্ণ, কিন্তু সিদ্ধান্তত বিধেয় হৈছে ৰামকৃষ্ণৰ শিষ্য। সেইদৰে 'বিবেকান্দৰ গুৰু' বিধেয়টো সিদ্ধান্তত উদ্দেশ্য হিচাপে হৈছে 'বিবেকান্দ'। দ্বিতীয় উদাহৰণত আশ্ৰয়বাক্যৰ উদ্দেশ্য হৈছে 'সীতা', কিন্তু সিদ্ধান্তৰ বিধেয় হৈছে 'সীতাৰ স্বামী'। সেইদৰে 'ৰামচন্দ্ৰৰ স্ত্ৰী' পদটো সিদ্ধান্তত ব্যৱহাৰ হৈছে 'ৰামচন্দ্ৰ'।

(iii) নিগমন অনুমান আকাৰনিষ্ঠ বিজ্ঞান। ইয়াত বাস্তৱ জ্ঞানৰ স্থান নাই। কিন্তু এইবিধ সমবৰ্তনত বাস্তৱ জ্ঞান নহ'লে সমবৰ্তন কৰা সম্ভৱ নহয়।

    গতিকে এই প্ৰকাৰৰ সমবৰ্তনক বৈধ সমবৰ্তন বুলিব নোৱাৰি।

A- বচনৰ সমবৰ্তন কৰিলে I বচন পোৱা যায়।

E- বচনৰ সমবৰ্তন কৰিলে E বচন পোৱা যায়।

I- বচনৰ সমবৰ্তন কৰিলে I বচন পোৱা যায়।

O- বচনৰ সমবৰ্তন কৰিব নোৱাৰি।

Type Himanku Bora