নিগমন অনুমানৰ প্ৰকাৰঃ

    নিগমন অনুমানৰ সিদ্ধান্ত এটা মাত্ৰ অশ্ৰয়বাক্যৰ পৰাও পাব পাৰি বা ৱএকাধিক আশ্ৰয়বাক্যৰ পৰাওপাব পাৰি। নিগমন অনুমান দুটা ভাগত ভাগ কৰা হয়-

(a) অমাধ্যম অনুমান (Immediate inference)

(b) মাধ্যম অনুমান (Mediate inference)

(a) অমাধ্যম অনুমানঃ যি নিগমন অনুমানত সিদ্ধান্তটো এটা মাত্ৰ আশ্ৰয়বাক্যৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত হয় তাকে অমাধ্যম অনুমান বোলে। অমাধ্যম অনুমানত দুটা বচন থাকে- এটা হ'ল আশ্ৰয়বাক্য আৰু আনটো হ'ল সিদ্ধান্ত।

উদাহৰণ-

A- সকলো অসমীয়া হয়  ভাৰতীয় (আশ্ৰয়বাক্য)।

ஃ I- কিছুমান ভাৰতীয় হয় অসমীয়া (সিদ্ধান্ত)।- ই এক অমাধ্যম অনুমান। কাৰণ ইয়াত- 

(i) সিদ্ধান্ত এটা মাত্ৰ আশ্ৰয়বাক্যৰ পৰা নিঃসৃত হৈছে।

(ii) ই অমাধ্যম নিগমন অনুমান। কাৰণ ইয়াত সিদ্ধান্ত আশ্ৰয়বাক্যতকৈ কম ব্যাপক।

(b) মাধ্যম অনুমানঃ যি নিগমন অনুমানত সিদ্ধান্ত একাধিক আশ্ৰয়বাক্যৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত হয় তাকে মাধ্যম অনুমান বোলে। মাধ্যম অনুমানত এটা সিদ্ধান্ত আৰু বাকীবোৰ আশ্ৰয়বাক্য।

উদাহৰণ-

A- সকলো মানুহ হয় মৰণশীল (আশ্ৰয়বাক্য)

A- সকলো কবি হয় মানুহ (আশ্ৰয়বাক্য)

ஃ A- সকলো কবি হয় মৰণশীল (সিদ্ধান্ত)।

    ই এটা মাধ্যম অনুমান। কাৰণ ইয়াত-

(i) সিদ্ধান্ত দুটা আশ্ৰয়বাক্যৰ (একাধিক) পৰা নিঃসৃত হৈছে। প্ৰথম বচনটোৰ পৰা পোনপটীয়াকৈ সিদ্ধান্তটো অহা নাই। মাধ্যম হিচাবে দ্বিতীয় আশ্ৰয়বাক্যৰ সহায় লোৱা হৈছে।

(ii) ই নিগমন অনুমান। কিয়নো ইয়াত সিদ্ধান্ত আশ্ৰয়বাক্যতকৈ বেছি ব্যাপক নহয়।



অমাধ্যম অনুমান আৰু মাধ্যম অনুমানঃ

সাদৃশ্যঃ

    অমাধ্যম আৰু মাধ্যম দুয়োটাই নিগমন অনুমান। গতিকে ইহঁতৰ মাজত কিছুমান গুৰুত্বপূৰ্ণ সাদৃশ্য আছে-

(1) দুয়োৰে ক্ষেত্ৰতেই সিদ্ধান্ত আশ্ৰয়বাক্যত নিহিত থাকে আৰু আশ্রয়বাক্যৰ পৰা অনিবার্যভাৱে নিঃসৃত হয়। 

(2) দুয়ােৰে ক্ষেত্ৰতেই সিদ্ধান্ত আশ্রয়বাক্যৰ সমান ব্যাপক হ'ব পাৰে। কিন্তু আশ্রয়বাক্যতকৈ সিদ্ধান্ত কেতিয়াও বেছি ব্যাপক হ’ব নােৱাৰে। অর্থাৎ দুয়ােৰে ক্ষেত্ৰতে সিদ্ধান্তই আশ্রয়বাক্যক অতিক্রম নকৰে। 

(3) দুয়ােৰে ক্ষেত্ৰতেই আকাৰগত সত্যতাৰ প্রতিহে গুৰুত্ব দিয়া হয়। অর্থাৎ আশ্রয়বাক্য আৰু সিদ্ধান্তৰ আকাৰ-গঠন অনুমানৰ নিয়ম অনুযায়ী হলে অনুমানটো বৈধ হ’ব। আশ্রয়বাক্যৰ বস্তুগত সত্যতাৰ ওপৰত গুৰুত্ব দিয়া নহয়। 

পার্থক্যঃ 

(1) অমাধ্যম অনুমানত দুটি বচন থাকে— এটা আশ্রয়বাক্য আৰু এটা সিদ্ধান্ত। কিন্তু মাধ্যম অনুমানত দুটাতকৈ বেছি বচন থাকে— একাধিক আশ্রয়বাক্য আৰু এটা সিদ্ধান্ত। 

(2) এটা মাত্র আশ্রয়বাক্যৰ পৰা সিদ্ধান্ত গ্রহণ কৰা যায় বাবে অমাধ্যম অনুমানৰ প্রয়ােগ ক্ষেত্র অতি সংকীর্ণ। সেয়েহে কিছুমান তর্কবিজ্ঞানীয়ে অমাধ্যম অনুমানক প্রকৃত অনুমান বুলি স্বীকাৰ নকৰে। মাধ্যম অনুমানৰ প্রয়ােগক্ষেত্র অতি ব্যাপক। সেয়েহে ইয়াত তেনে প্রশ্ন নুঠে। 

    এতিয়ালৈকে পােৱা জ্ঞানৰ ভিত্তিত আমি অনুমান আৰু ইয়াৰ প্ৰকাৰ সম্পর্কে তলত দিয়া ধৰণে তালিকা প্রস্তুত কৰিব পাৰাে— 

অমাধ্যম অনুমানৰ শ্ৰেণীবিভাজনঃ

    অমাধ্যম অনুমান নানা প্ৰকাৰৰ হ'ব পাৰে। তাৰ ভিতৰত দুটি প্ৰধান প্ৰকাৰ হ'ল- সমবৰ্তন আৰু প্ৰতিবৰ্তন। তলত আমি এই দুই প্ৰকাৰৰ অমাধ্যম অনুমান সম্পৰ্কে আলোচনা কৰিম।

(i) সমবৰ্তন (Conversion)ঃ

    যি অমাধ্যম নিগমন অনুমানত বিধিসন্মতভাৱে আশ্ৰয়বাক্যৰ উদ্দেশ্য আৰু বিধেয়ৰ স্থান পৰিৱৰ্তন কৰি সিদ্ধান্তত উপনীত হোৱা যায় আৰু আশ্ৰয়বাক্য আৰু সিদ্ধান্তৰ মাজত গুণৰ কোনো পৰিৱৰ্তন কৰা নহয় তাক সমবৰ্তন বোলে।

    এই প্ৰকাৰৰ অনুমানত আশ্ৰয়বাক্যটোক কোৱা হয় সমবৰ্তনীয় বচন (Convertend) আৰু সিদ্ধান্তক সমবৰ্তিত বচন (Converse)।

উদাহৰণ-

A- সকলো শিক্ষক হয় বিদ্বান (সমবৰ্তনীয় বচন)

ஃ I- কিছুমান বিদ্বান হয় শিক্ষক (সমবৰ্তিত)

    সমবৰ্তনৰ ক্ষেত্ৰত নিম্নলিখিত নিয়মমবোৰ মানিব লাগিব।

নিয়মঃ

(i) আশ্ৰয়বাক্যৰ বিধেয় সিদ্ধান্তৰ উদ্দেশ্য হ'ব।

(ii) আশ্ৰয়বাক্যৰ বিধেয় সিদ্ধান্তৰ উদ্দেশ্য হ'ব।

(iii) আশ্ৰয়বাক্য আৰু সিদ্ধান্তৰ গুণ একে হ'ব; অৰ্থাৎ আশ্ৰয়বাক্যটো যদি সদৰ্থক হয়, তেন্তে সিদ্ধান্তটো সদৰ্থক হ'ব আৰু আশ্ৰয়বাৰ্যটো যদি নঞৰ্থক হয়, তেন্তে সিদ্ধান্তটো নঞৰ্থক হ'ব।

(iv) আস্ৰয়বাক্যত ব্যাপ্ত নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যাপ্ত হ'ব নোৱাৰিব।

    AEIO- এই চাৰি প্ৰকাৰৰ তৰ্কবিজ্ঞানসন্মত বচনৰ নিম্নলিখিত ধৰণে সমবৰ্তন কৰা হয়-

(i) A বচনৰ সমবৰ্তন (A - I)ঃ

A- সকলো অসমীয়া হয় ভাৰতীয়                 (সমবৰ্তনীয় বচন)

ஃ A- সকলো ভাৰতীয় হয় অসমীয়া              (সমবৰ্তিত বচন)

    ইয়াত আশ্ৰয়বাক্যৰ উদ্দেশ্য পদ 'অসমীয়া' স্দ্ধান্তত বিধেয় হৈছে। বিধেয় পদ 'ভাৰতীয়' সিদ্ধান্তত উদ্দেশ্য হৈছে। দুয়োটা বচনৰে গুণ একেই অৰ্থাৎ দুয়োটাই সদৰ্থক। তথাপিও ই অবৈধ। কাৰণ ইয়াত চতুৰ্থ নিয়ম ভংগ হৈছে। কাৰণ ইয়াত 'ভাৰতীয়' পদটো সিদ্ধান্তত উদ্দেশ্য হিচাপে ব্যাপ্ত হৈছে, কিন্তু আশ্ৰয়বাক্যত a বচনৰ বিধেয় হিচাপে অব্যাপ্ত। গতিকে সাধাৰণভাৱে A বচনৰ সমবৰ্তন কৰিলে A বচন হ'ব নোৱাৰে।

    কিন্তু A বচনক I বচনলৈ সমবৰ্তন কৰিব পাৰি।

উদাহৰণ-

A- সকলো অসমীয়া হয় ভাৰতীয়                     (সমবৰ্তনীয়) 

ஃ I- কিছুমান ভাৰতীয় হয় অসমীয়া                 (সমবৰ্তিত)

    ইয়াত আশ্ৰয়বাক্যৰ উদ্দেশ্য পদ 'অসমীয়া' সিদ্ধান্তৰ বিধেয় পদ হৈছে আৰু বিধেয় পদ 'ভাৰতীয়' সিদ্ধান্তত উদ্দেশ্য হৈছে। দুয়োটা বচনৰ গুণ সমান (সদৰ্থক)। সিদ্ধান্ত I বচন হোৱা বাবে কোনো পদেই ইয়াত ভংগ হোৱা নাই। গতিকে A বচনৰ সমবৰ্তন কৰিলে A বচন হ'ব নোৱাৰে, ই I বচন হ'ব।

(ii) E বচনৰ সমবৰ্তন (E - E)ঃ

উদাহৰণ-
 
E- কোনো মানুহ নহয় দেৱতা                           (সমবৰ্তনীয় বচন)

ஃ E- কোনো দেৱতা নহয় মানুহ                       (সমবৰ্তিত বচন)

    ইয়াত আশ্ৰয়বাক্যৰ উদ্দেশ্যপদ 'মানুহ' স্দ্ধান্তত বিধেয় হৈছে আৰু বিধেয় পদ 'দেৱতা' সিদ্ধান্তত উদ্দেশ্য হৈছে। দুয়োটা বচনৰে গুণ সমান (নঞৰ্থক) দুয়োটা বচনৰ সকলো পদেই ব্যাপ্ত, গতিকে চতুৰ্থ নিয়ম ভমগৰ সমস্যা নাই। 

    গতিকে E বচনৰ সমবৰ্তন কৰিলে E বচন হ'ব।

(iii) I বচনৰ সমবৰ্তন (I - I)ঃ

উদাহৰণ-

I- কিছুমান ফুল হয় ৰঙা                                         (সমবৰ্তনীয় বচন)

ஃ I- কিছুমান ৰঙা বস্তু হয় ফুল                               (সমবৰ্তিত বচন)

    ইয়াত আশ্ৰয়বাক্যৰ উদ্দেশ্যপদ 'ফুল' সিদ্ধান্তত বিধেয় হৈছে আৰু বিধেয় পদ 'ৰঙা' সিদ্ধান্তত উদ্দেশ্য হৈছে। গুণৰ পৰিৱৰ্তন হোৱা নাই (সদৰ্থক)। দুয়োটা বচনতে কোনো পদেই ব্যাপ্ত হোৱা নাই।

    গতিকে দেখা গ'ল I বচনৰ সমবৰ্তন কৰিলে I বচন হয়।

(iv) O বচনৰ সমবৰ্তন (X)ঃ

O বচনৰ সমবৰ্তন কৰিব নোৱাৰি। O বচনৰ সমবৰ্তন কৰিলে নিম্নলিখিত ৰূপ পোৱা যায়।

O- কিছুমান কবি নহয় দাৰ্শনিক                        (সমবৰ্তনীয় বচন)

ஃ O- কিছুমান দাৰ্শনিক নহয় কবি                    (সমবৰ্তিত বচন)

    ইয়াত আশ্ৰয়বাক্যৰ উদ্দেশ্য পদ 'কবি' সিদ্ধান্তত বিধেয় হৈছে আৰু বিধেয় পদ 'দাৰ্শনিক' সিদ্ধান্তত উদ্দেশ্য হৈছে। দুয়োটা বচনৰ গুণ একেউই (নঞৰ্থক)। কিন্তু তথাপিও অনুমানটো অবৈধ। কাৰণ ইয়াত চতুৰ্থ নিয়ম ভংগ হৈছে। কবি পদটো আশ্ৰয়বাক্যত ব্যাপ্ত নোহোৱাকৈ সিদ্ধন্তত ব্যাপ্ত হৈছে।

    গতিকে দেখা গ'ল O বচনৰ সমবৰ্তন কৰিব নোৱাৰি।

হবছ (Hobbes) আদি কিছুমান তৰ্কবিদে O বচনৰ সমবৰ্তন কৰিবলৈ এক বিশেষ পদ্ধতি প্ৰয়োগ কৰিছে। সেই পদ্ধতিৰ নাম নিষেধমূলক সমবৰ্তন (Conversion By Negation)। এই পদ্ধতি অনুসৰি O বচনৰ সংযোজকৰ পৰা নঞৰ্থক চিনটো আঁঅতৰাই তাক সিদ্ধান্তৰ বিধেয় পদৰ লগত যুক্ত কৰা হয় আৰু এনেদৰে O বচনটোক I বচনলৈ ৰূপান্তৰিত কৰা হয় আৰু I বচনটোক সমবৰ্তন কৰা হয়।

উদাহৰণ-

O- কিছুমান মানুহ নহয় সৎ                              (প্ৰকৃত সমবৰ্তনীয় বচন)

I- কিছুমান মানুহ হয় অসৎ                              (ৰূপান্তৰিত বচন)

ஃ I- কিছুমান অসৎ হয় মানুহ                          (সমবৰ্তিত বচন) 

    কিন্তু এনেধৰণৰ সমবৰ্তনক বিধিসন্মতক বুলি ক'ব নোৱাৰি। কাৰণ ইয়াত সমবৰ্তনৰ চতুৰ্থ নিয়ম ৰক্ষা কৰিবলৈ গৈ দ্বিতীয় আৰু তৃতীয় নিয়ম ভংগ কৰা হৈছে। আশ্ৰয়বাক্যৰ বিধেয়টো সিদ্ধান্তত উদ্দেশ্য হোৱা নাই, ইয়াৰ বিৰুদ্ধ পদটোহে উদ্দেশ্য হৈছে। গুণৰ পৰিৱৰ্তন হৈছে। কাৰণ আশ্ৰয়বাক্য নঞৰ্থক, কিন্তু সিদ্ধান্ত সদৰ্থক।

    গতিকে 'নিষেধমূলক সমবৰ্তন' গ্ৰণযোগ্য নহয়। 

Type Himanku Bora