তৰ্কবিজ্ঞানৰ পৰিসৰঃ

    কোনাে এক বিজ্ঞানৰ পৰিসৰ বুলি ক'লে সেই বিজ্ঞানৰ আলােচ্য বিষয়বস্তুৰ ক্ষেত্ৰক বুজায়। তর্কবিজ্ঞানৰ পৰিসৰ বুলি ক'লে তর্কবিজ্ঞানৰ আলােচ্য বিষয়বস্তুৰ ক্ষেত্ৰক বুজায়। তর্কবিজ্ঞানেও এটা নির্দিষ্ট বিভাগ সম্পর্কে আলােচনা কৰে। তর্কবিজ্ঞানৰ আলােচ্য বিষয়বস্তু সম্পর্কে তলত উল্লেখ কৰা হ’ল? 

    (1) তর্কবিজ্ঞানক সাধাৰণতে চিন্তা সম্পর্কীয় বিজ্ঞান বুলি জনা যায়। চিন্তা’ শব্দটো অতি ব্যাপক। তর্কবিজ্ঞানে চিন্তাৰেই এক প্রকাৰ বিশেষ অনুমান বা যুক্তিৰ আলােচনা কৰে। তর্কবিজ্ঞান পৰােক্ষ জ্ঞানৰ লগত জড়িত। অনুমানৰ জৰিয়তে লাভ কৰা জ্ঞান এক পৰােক্ষ জ্ঞান। পৰােক্ষ জ্ঞান বা অনুমানৰ জৰিয়তে লাভ কৰা জ্ঞান তর্কবিজ্ঞানৰ আলােচ্য বিষয়। অৱশ্যে প্রাচ্য তর্কবিজ্ঞান অনুসৰি সকলাে প্রকাৰ জ্ঞানেই তর্কবিজ্ঞানৰ আলােচ্য বিষয়। 

    (2) তর্কবিজ্ঞানে চিন্তা বা অনুমানৰ উৎপত্তি, বিকাশ আদিৰ আলােচনা নকৰে। চিন্তাৰ শুদ্ধতা বা অনুমানৰ যথার্থতাহে তর্কবিজ্ঞানৰ আলােচনাৰ বিষয়। শুদ্ধ চিন্তা বা যথার্থ অনুমানত উপনীত হােৱাৰ উদ্দেশ্যে পালন কৰিবলগীয়া বিধি নিয়মসমূহ তর্কবিজ্ঞানে আলােচনা কৰে। গতিকে, তর্কবিজ্ঞানৰ বিষয় সাধাৰণভাৱেহে চিন্তা বা অনুমান, শুদ্ধ চিন্তা বা যথার্থ অনুমানৰ লগতহে তর্কবিজ্ঞান বিশেষভাৱে জড়িত। 

    (3) চিন্তা মাত্রেই অনুমান নহয় যদিও অনুমান এক প্রকাৰৰ চিন্তাই। চিন্তা বুলিলে চিন্তাৰ প্রক্রিয়া (Processes of Thinking) আৰু পৰিণাম বা ফল (Product of Thinking) উভয়কে বুজায়। চিন্তাৰ মূল প্রক্রিয়াসমূহৰ আলােচনা তর্কবিজ্ঞানৰ বিষয় নহয়। এনে আলােচনা মনােবিজ্ঞানৰহে বিষয়। তর্কবিজ্ঞান পৰিণামৰ লগতহে জড়িত। 

    (4) অৱধাৰণ (Judgement) চিন্তাৰ একক। ই চিন্তাৰ প্রাথমিক প্রক্রিয়া। দুটামান সামান্য ধারণা বা প্রত্যয় মনতে সংযােগ কৰা, ক্রিয়াই অৱধাৰণ প্রক্রিয়া। গতিকে অৱধাৰণ প্ৰক্ৰিয়াত প্রত্যয় বা সামান্য ধাৰণা যুক্ত হৈ থাকে। সেইদৰে, অনুমান, প্রক্রিয়াত (Reasoning) অৱধাৰণ যুক্ত হৈ থাকে। অনুমান প্রক্রিয়াত এটা বা অধিক অৱধাৰণৰ পৰা ইয়াৰ ভিত্তিত আন এটা অৱধাৰণত উপনীত হােৱা বুজায়। এই প্রত্যয় বা সামান্য ধাৰণা গঠন প্রক্রিয়া (Conception), অৱধাৰণ প্রক্রিয়া (Judgement) আৰু অনুমান গঠন প্রক্রিয়া (Reasoning) তর্কবিজ্ঞানৰ আলােচনাৰ অন্তর্ভুক্ত নহয়। অৱধাৰণক ভাষাত প্ৰকাশ কৰিলে তাক বচন (Proposition) বােলা হয়। সেইদৰে, সামান্য ধাৰণা আৰু অনুমানক ভাষাত প্রকাশ কৰিলে যথাক্রমে পদ (Term) আৰু যুক্তি (Argument) বােলা হয়। অনুমান বা যুক্তি বচনৰ দ্বাৰা গঠিত। আকৌ বচন পদৰ দ্বাৰা গঠিত। পদ, বচন, যুক্তি তর্কবিজ্ঞানৰ আলােচ্য বিষয়। 

    (5) অনুমান দুই প্রকাৰৰ নিগমন অনুমান (Deductive) আৰু আগমন অনুমান (Inductive)। তর্কবিজ্ঞানে দুয়াে প্রকাৰৰ অনুমানৰ আলােচনা কৰে। তর্কবিজ্ঞানৰ যি ভাগত নিগমন অনুমান আৰু ইয়াৰ সহায়কাৰী প্রক্রিয়াসমূহৰ আলােচনা কৰা হয় তাক নিগমন তর্কবিজ্ঞান বােলে। আনহাতে, যি ভাগত আগমন অনুমান আৰু ইয়াৰ সহায়কাৰী প্রক্রিয়াসমূহৰ আলােচনা কৰা হয়, তাক আগমন তর্কবিজ্ঞান বােলে। 

    (6) তর্কবিজ্ঞানত কেৱল অনুমানৰ আলােচনাই নহয়, অনুমানৰ সহায়ক প্রক্রিয়াসমূহৰৰ আলােচনা কৰা হয়। যেনে— সংজ্ঞা (Definition), বিভাজন (Division), শ্রেণীকৰণ (Classification) আদি। 

    (7) তর্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান। সত্যই তর্কবিজ্ঞানৰ আদর্শ। সেইবাবে তর্কবিজ্ঞানৰ  অন্যতম আলােচ্য বিষয় হ’ল সত্যতা। সত্যতা দুই প্রকাৰৰ আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা। তর্কবিজ্ঞানে উভয় প্রকাৰ সত্যতাৰে আলােচনা কৰে। সত্যতাৰ পাৰ্থক্যৰ ভিত্তিত তর্কবিজ্ঞানকো আকাৰনিষ্ঠ আৰু বস্তুনিষ্ঠ তর্কবিজ্ঞান বুলি ভাগ কৰা হয়। আকাৰনিষ্ঠ তর্কবিজ্ঞানত আকাৰগত সত্যতাৰ আলােচনা কৰা হয়। বস্তুনিষ্ঠ তর্কবিজ্ঞানত বস্তুগত সত্যতাৰ আলােচনা কৰা হয়। সাধাৰণতে আকাৰনিষ্ঠ তর্কবিজ্ঞানক নিগমন। তর্কবিজ্ঞান আৰু বস্তুনিষ্ঠ তর্কবিজ্ঞানক আগমন তর্কবিজ্ঞান বােলা হয়। 

    (8) তর্কবিজ্ঞানে চিন্তাৰ মূল সূত্ৰাৱলী (Fundamental Laws of Thought) সম্পর্কেও আলােচনা কৰে। চিন্তাৰ মূল সূত্র ঘাইকৈ তিনিটা— তাদাত্মনিয়ম (Law of Identity), বিৰােধবাধক নিয়ম (Law of Contradiction) আৰু নির্মধ্যম নিয়ম (Law of Excluded Middle)। চিন্তাৰ এই সূত্রসমূহ অবিহনে চিন্তাই সম্ভৱ নহয়। তর্কবিজ্ঞানে অনুমানৰ আলােচনা কৰে যদিও অনুমানাে একপ্রকাৰৰ চিন্তা। গতিকে, ই চিন্তাৰ মূল সূত্ৰাৱলীক আওকাণ কৰিব নােৱাৰে। 

    (9) তর্কবিজ্ঞানে সত্যতা নিৰূপক যি নীতি নিয়মৰ নির্দেশ দিয়ে, সেই নীতি-নিয়মসমূহ যথাযথভাৱে পালন নকৰিলে বা লংঘন কৰিলে নানা প্রকাৰৰ দোষ বা অনুপপত্তিৰ (fallacy) উদ্ভৱ হয়। তর্কবিজ্ঞানত এই দোষবােৰ সম্পর্কেও আলােচনা কৰা হয়। 

    তর্কবিজ্ঞানক বিজ্ঞানসমূহৰাে বিজ্ঞান আৰু কলাসমূহৰৰ কলা বুলি অভিহিত কৰা হয়। ইয়াৰ পৰা বুজিব পাৰি যে তর্কবিজ্ঞানৰ পৰিসৰ অতি ব্যাপক। 

তর্কবিজ্ঞানৰ উপযােগিতা (Utility of Logic)ঃ 

    তর্কবিজ্ঞান অনুমান সম্পর্কীয় আদর্শনিষ্ঠ বিজ্ঞান। সত্যই হ’ল তর্কবিজ্ঞানৰ আদর্শ। ভুল ভ্রান্তি দূৰ কৰি চিন্তা বা যথার্থ অনুমানত উপনীত হােৱাৰ উদ্দেশ্যে তর্কবিজ্ঞানে সত্যতা নিৰূপক কিছুমান বিধি-নিয়মৰ নির্দেশ দিয়ে। এই বিধি নিয়মসমূহ পালন কৰিলে চিন্তা শুদ্ধ হয় বা অনুমান যথার্থ হয়। ইয়াৰ জৰিয়তে যথার্থ জ্ঞানত উপনীত হ’ব পাৰি আৰু যথার্থ জ্ঞানৰ জৰিয়তে সত্যক লাভ কৰিব পাৰি। গতিকে এইটো স্পষ্ট যে তর্কবিজ্ঞানৰ উপযােগিতাক কেতিয়াও অস্বীকাৰ কৰিব নােৱাৰি। 

    কিন্তু কিছুমানে তর্কবিজ্ঞান অধ্যয়নর কোনাে উপযােগিতা নাই বুলি মন্তব্য কৰে। তেওঁলােকৰ মতে, তর্কবিজ্ঞান অধ্যয়নৰ জৰিয়তে দৈনন্দিন জীৱনত কোনাে সার্থকতা লাভ কৰিব নােৱাৰি। তর্কবিজ্ঞানৰ বিষয়বস্তুৰ লগত ব্যৱহাৰিক জীৱনৰ কোনাে সম্পর্ক নাই। তর্কবিজ্ঞানৰ প্রতি এনে বিরূপ মনােভাব পােষণ কৰা এই লােকসকলে এইবুলি যুক্তি দর্শায় যে (i) তর্কবিজ্ঞানে আমাক চিন্তা বা যুক্তি-তর্ক কৰিবলৈ নিশিকায়। (ii) তর্কবিজ্ঞান অধ্যয়ন নকৰিও মানুহে শুদ্ধভাৱে চিন্তা বা যুক্তি তর্ক কৰিব পাৰে; আনহাতে তর্কবিজ্ঞান অধ্যয়ন কৰিলেও মানুহে সকলাে সময়তে শুদ্ধভাৱে চিন্তা বা যুক্তি-তৰ্ক কৰিব নোৱাৰে।

    প্রথম যুক্তিৰ উত্তৰত এইটো ক'ব পাৰি যে মানুহে কিদৰে শুদ্ধভাৱে চিন্তা কৰিব পাৰে,  তর্কবিজ্ঞানে তাৰ শিক্ষা দিয়ে। প্রকৃততে মানুহক চিন্তা কৰিবলৈ শিকোৱাটো তর্কবিজ্ঞানৰ উদ্দেশ্য বা কাম নহয়। চিন্তা কৰা মানুহৰ এক স্বাভাৱিক ক্ষমতা। জন্মৰ পিছত মানুহে যেনেকৈ স্বাভাৱিক ক্ষমতাৰে খােজ কাঢ়িবলৈ আৰু কথা ক'বলৈ শিকে, ঠিক তেনেদৰে চিন্তা কৰিবলৈও শিকে। তর্কবিজ্ঞানে মাথােন শুদ্ধভাৱে চিন্তা কৰিবলৈহে শিকায়। শাৰীৰিক ব্যায়ামে শৰীৰৰ অংগ-প্রত্যংগ সঞ্চালন কৰিবলৈ নিশিকায়। নিয়মানুবর্তিতাৰ মাজেৰে অংগ-প্রত্যংগ সঞ্চালন কৰিলে কিদৰে এটা সুস্থ-সবল শৰীৰৰ অধিকাৰী হ'ব পাৰি, তাকহে শিকায়। 

    আকৌ, তর্কবিজ্ঞান অধ্যয়ন নকৰিও কোনাে মানুহে শুদ্ধভাৱে চিন্তা বা যুক্তি-তর্ক কৰিব পাৰে, সেইটোও সঁচা। কাৰণ, চিন্তা বা যুক্তি-তর্ক কৰাৰ ক্ষমতা মানুহৰ স্বাভাৱিক ক্ষমতা। সেইবুলিয়েই তর্কবিজ্ঞানৰ উপযােগিতা নাই বুলি ক'ব নােৱাৰি। চিকিৎসা বিজ্ঞানৰ সহায় নােলােৱাকৈ বহুতে সুন্দৰ স্বাস্থ্যৰ নিৰােগী জীৱন অতিবাহিত কৰিব পাৰে। কিন্তু, তাৰ বাবে চিকিৎসা বিজ্ঞানৰ কোনাে উপযােগিতা নােহােৱা নহয়। 

    তদুপৰি, যি মানুহে তর্কবিজ্ঞান অধ্যয়ন নকৰাকৈও শুদ্ধভাৱে যুক্তি-তর্ক কৰিব পাৰে, তেনে মানুহে তর্কবিজ্ঞানৰ জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিলে যুক্তি-তর্কত অধিক পাৰদৰ্শিতাও দেখুৱাব পাৰিব তাত কোনাে সন্দেহ নাই। শাৰীৰিক ব্যয়াম অবিহনেও কোনাে লােকে সুস্থ স্বাস্থ্যৰে দিন নিয়াব পাৰে সঁচা, কিন্তু শাৰীৰিক ব্যায়াম নিয়মীয়াভাৱে কৰিলে মানুহ যে অধিক সুস্থ-সবল হ’ব, তাত কোনাে সন্দেহ নাই। তর্কবিজ্ঞানৰ জ্ঞান। সাধাৰণ জ্ঞানতকৈ প্ৰণালীবদ্ধ বা সুসংবদ্ধ আৰু সুশৃংখল, সুনিশ্চিত। স্বাভাৱিক গুণেৰে অনেক লােকে যে শুদ্ধভাৱে যুক্তি-তর্ক কৰিব পাৰে তাক স্বীকাৰ কৰিবই লাগিব। কিন্তু এনে লােকে তর্কবিজ্ঞান অধ্যয়নৰ জৰিয়তে শুদ্ধ চিন্তা বা যথার্থ অনুমানৰ নীতি-নিয়মৰ জ্ঞান লাভ কৰি ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়ােগ কৰি সকলাে ক্ষেত্রতে। নির্ভুলভাৱে যুক্তি-তর্ক আগবঢ়াব পাৰে। 

    তর্কবিজ্ঞানৰ জ্ঞান নােহােৱাকৈ মানুহে শুদ্ধভাৱে চিন্তা বা যুক্তি তর্ক কৰিবলৈ সক্ষম হলেও ভুল ভ্রান্তি হলে বা কিবা দোষ দেখা দিলে অথবা কোনাে সন্দেহ বা সংশয়ত ভুগিলে সেই ভুল ভ্রান্তি বা দোষ বা সন্দেহ-সংশয় দূৰীকৰণৰ বাবে তর্কবিজ্ঞানৰ জ্ঞানৰ প্রয়ােজন হয়। চিকিৎসা বিজ্ঞানৰ জ্ঞান অবিহনে সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হােৱাটো সম্ভৱ হ'লেও অসুস্থ হৈ পৰিলে অসুস্থতা আঁতৰােৱাৰ বাবে চিকিৎসাৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ সহায় লােৱা প্রয়ােজন হৈ পৰে। 

    তর্কবিজ্ঞান অধ্যয়ন কৰি বাস্তৱ ক্ষেত্ৰত তর্কবিজ্ঞানৰ নীতি-নিয়ম কোনাে লােকে অনুসৰণ নকৰিলে বা ইচ্ছাকৃতভাৱে লংঘন কৰিলে অথবা ব্যক্তিগত সুবিধা বা স্বার্থৰ বাবে কোনােবাই মিছাৰ আশ্রয় ল’লে, তাৰ বাবে তেনে লােক নিজে দায়ী, তর্কবিজ্ঞান ইয়াৰ বাবে, দায়ী হ’ব নােৱাৰে। সেইবাবে তর্কবিজ্ঞানৰ কোনাে উপযযাগিতা নাই, এনে কথা কোৱা উচিত নহয়।

    তর্কবিজ্ঞানে শুদ্ধ চিন্তা বা যথার্থ অনুমানৰ নীতি-নিয়মৰ নির্দেশ দিয়ে। তর্কবিজ্ঞানে নির্দেশ কৰা শুদ্ধ চিন্তা বা যথার্থ অনুমানৰ সাধাৰণ বিধি নিয়মসমূহ পালন কৰি দোষ-ত্রুটি দূৰ কৰি শুদ্ধ চিন্তা বা যথার্থ অনুমানত উপনীত হ'ব পাৰি আৰু ইয়াৰ জৰিয়তে যথার্থ জ্ঞান আৰু সত্যতা লাভ কৰিব পাৰি। 

    তর্কবিজ্ঞানক বিজ্ঞানৰ বিজ্ঞান আৰু কলাৰাে কলা বুলি অভিহিত কৰা হয়। সকলাে বিজ্ঞান তর্কবিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। তর্কবিজ্ঞানেহে শুদ্ধ চিন্তা বা যথার্থ অনুমানৰ বিধি-নিয়মসমূহ নির্দেশ কৰে। সেইদৰে বিভিন্ন প্ৰকাৰৰ কলাবিদ্যাও নিজ নিজ উদ্দেশ্য সাধনৰ বাবে তর্কবিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। 

    তর্কবিজ্ঞান এক মানসিক ব্যায়াম বা মানসিক অনুশীলন (Mental Gymnastic) ঃ 

    শাৰীৰিক ব্যায়ামৰ যােগেদি মানুহে যিদৰে নিজৰ স্বাভাৱিক শাৰীৰিক শক্তি সামর্থৰ বিকাশ সাধন কৰিব পাৰে, সেইদৰে মানসিক ব্যায়ামস্বরূপ তর্কবিজ্ঞানৰ অধ্যয়নৰ যােগেদি স্বাভাৱিক চিন্তাশক্তি উন্নত আৰু সক্রিয় কৰিব পাৰে। ই সূক্ষ্মভাৱে চিন্তা কৰাৰ ক্ষমতা আহৰণ কৰাত সহায় কৰে, বিচাৰ-বিশ্লেষণ-সমালােচনা কৰাৰ ক্ষমতা বঢ়ায়। তর্কবিজ্ঞান অধ্যয়নে মানুহৰ অমূর্ত চিন্তাশক্তি বৃদ্ধি কৰে। 

    তর্কবিজ্ঞানে যিহেতু শুদ্ধভাৱে চিন্তা কৰিবলৈ শিকায়, গতিকে তর্কবিজ্ঞানৰ সহায়ত মনত থকা সন্দেহ বা সংশয় দূৰ কৰিব পাৰি। তর্কবিজ্ঞানৰ জৰিয়তে মানুহৰ মনক অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ পৰা মুক্ত কৰিব পাৰি। তর্কবিজ্ঞানে সংস্কামুক্ত মানসিক প্রবণতাৰ সৃষ্টি কৰি বৈজ্ঞানিক দৃষ্টিভংগী গঢ়ি তুলিব পাৰে। তর্কবিজ্ঞানে মানুহৰ মনৰ আৱেগ প্রবণতাক নাশ কৰি যুক্তি-বিচাৰৰ দিশত উদগনি যােগায়। 

    তর্কবিজ্ঞানক অলংকাৰ শাস্ত্ৰৰ মেৰুদণ্ডস্বরূপ বুলি কোৱা হয়। কোনাে বিষয় সম্বন্ধে প্রকাশিত ভাষাক অলংকাৰেৰে সজাই-পৰাই ললে ই মানুহৰ হৃদয়-মন আকর্ষণ কৰিব পাৰে। ইয়াৰ লগতে তর্কবিজ্ঞানৰ জ্ঞানাে সংযুক্ত হৈ যুক্তিপূর্ণ হলে ই অধিক ফলপ্রসূ হয়। গতিকে যদি কোনাে ব্যক্তিৰ অলংকাৰ শাস্ত্ৰত ব্যুৎপত্তি থকাৰ উপৰিও তর্কবিজ্ঞানৰ জ্ঞানাে থাকে, তেনেহ'লে তেওঁ কোনাে বিষয়ে সহজতে মানুহৰ মন জয় কৰি বিশ্বাস জন্মাব পাৰে। যুক্তিৰে গৃহীত বিষয় দীর্ঘস্থায়ী হ’ব পাৰে। 

    শুদ্ধ চিন্তাৰ বিজ্ঞান হিচাপে তর্কবিজ্ঞান প্ৰকৃততে সকলাে প্ৰকাৰ জ্ঞানান্বেষণৰ ভিত্তি। প্রাকৃতিক বিজ্ঞানীসকলৰ বাবে আগমনাত্মক তর্কবিজ্ঞান আৰু গণিতজ্ঞসকলৰ বাবে নিগমনাত্মক তর্কবিজ্ঞানৰ অতি প্রয়ােজন। দৈনন্দিন জীৱনতাে তর্কবিজ্ঞানৰ জ্ঞান অতি প্রয়ােজন। ব্যৱহাৰিক জীৱনৰ সফলতা অর্জন কৰাত তর্কবিজ্ঞানৰ জ্ঞানে অৰিহণা যােগায়। আধুনিক তর্কবিজ্ঞান বিশুদ্ধ আকাৰগত বিজ্ঞানৰূপে বিকশিত হৈ বিশুদ্ধ গণিতৰ ঘনিষ্ঠ হৈ পৰিছে। তর্কবিজ্ঞানসন্মত প্রণালী আৰু কৌশল কম্পিউটাৰ বিজ্ঞানকে ধৰি আন বহু বৌদ্ধিক ক্ষেত্ৰত প্রযােজ্য হৈছে।

Type Himanku Bora