তৰ্কবিজ্ঞানৰ প্ৰকৃতিঃ

তৰ্কবিজ্ঞানৰ প্ৰকৃত স্বৰূপ বা প্ৰকৃতি নিৰ্ণয় কৰিবলৈ হ'লে কিছুমান বিষয় আলোচনা কৰা নিতান্ত প্ৰয়োজন। 

(1) তৰ্কবিজ্ঞান পৰোক্ষ জ্ঞানৰ লগত জড়িত, প্ৰতক্ষ্য জ্ঞানৰ লগত নহয়। (Logic is concerned with Mediate knowledge, not with Immediate Knowledge)ঃ

    জ্ঞান (Knowledge) ঃ যদি বহির্জগতৰ কোনাে বস্তু বা ঘটনাৰ লগত মনৰ মাজত উদয় হােৱা ধাৰণাসমূহৰ সামঞ্জস্য বা সাদৃশ্য থাকে আৰু সেই সামঞ্জস্য বা সাদৃশ্যত বিশ্বাস থাকে, তেনেহলে তাক জ্ঞান বােলে। 

    জ্ঞানৰ মাজত তিনিটা উপাদান নিহিত হৈ থাকে— (i) কোনাে বস্তু বা ঘটনা সম্পর্কে মনত উদয় হােৱা ধাৰণাসমূহ (ii) বহির্জগতৰ অস্তিত্বশীল কোনাে বস্তু বা ঘটনাৰ লগত এই ধাৰণাসমূহৰ সামঞ্জস্য বা সাদৃশ্য (iii) এনে সামঞ্জস্যত বিশ্বাস। 

    উদাহৰণ স্বৰূপে- 

    আমি সূর্যক জানাে। ইয়াৰ অৰ্থ হ'ল সকলাে গ্রহই প্রদক্ষিণ কৰা বৃহৎ আকাৰৰ অতিশয় উজ্বল জ্যোতিষ্ক সম্পর্কে আমাৰ মনত উদয় হােৱা ধাৰণাসমূহৰ লগত সামঞ্জস্য থকাকৈ প্রকৃততে সূর্যটো আছে আৰু এই সামঞ্জস্য থকা বুলি আমাৰ বিশ্বাস আছে। 

    জ্ঞানৰ এই তিনিটা উপাদানৰ যিকোনাে এটাৰ অভাৱ ঘটিলে, ই জ্ঞান হ’ব নােৱাৰে। 

    জ্ঞানক প্ৰধানকৈ দুই ভাগত ভগাব পাৰি— 

(i) প্রত্যক্ষ জ্ঞান (Immediate Knowledge) আৰু (ii) পৰােক্ষ জ্ঞান ( Mediate Knowledge)।

(i) প্রত্যক্ষ জ্ঞানঃ অন্য কোনাে জ্ঞানৰ সহায় নােলােৱাকৈ পােনপটীয়াভাৱে অৰ্জন কৰা জ্ঞানক প্রত্যক্ষ জ্ঞান বােলে। অর্থাৎ বাহ্যপ্রত্যক্ষ আৰু অন্তর্ধত্যক্ষৰ জৰিয়তে লাভ কৰা জ্ঞানক প্রত্যক্ষ জ্ঞান বোলে।

(ii) পৰােক্ষ জ্ঞানঃ অন্য কোনাে জ্ঞানৰ মাধ্যমেৰে লাভ কৰা জ্ঞানক পৰােক্ষ জ্ঞান বােলে। অনুমান, শব্দ আদিৰ জৰিয়তে লাভ কৰা জ্ঞানেই পৰােক্ষ জ্ঞান। 

    তর্কবিজ্ঞান, জ্ঞানৰ বিষয়ৰ সত্যতা প্রমাণৰ লগত জড়িত। প্রত্যক্ষ জ্ঞানৰ ক্ষেত্ৰত প্রামাণ্য নিৰূপণ কৰাৰ, কোনাে প্রয়ােজন নাথাকে। ইন্দ্রিয়সমূহ বিকল বা অসুস্থ নহৈ সুস্থ থাকিলে বাহ্যপ্রত্যক্ষৰ জৰিয়তে পােৱা জ্ঞান আৰু মন প্রকৃতিস্থ থাকিলে অন্তৰ্প্ৰত্যক্ষৰ জৰিয়তে পােৱা। জ্ঞান নির্ভুল বা যথার্থ বুলি গ্ৰহণ কৰিবই লাগিব. কিন্তু পৰােক্ষ জ্ঞান অর্থাৎ অনুমান আৰু শব্দৰ জৰিয়তে পােৱা জ্ঞানৰ ক্ষেত্ৰত ভুল-ভ্রান্তি ঘটাৰ সম্ভাৱনা থাকে। গতিকে পৰােক্ষ জ্ঞানৰ ক্ষেত্ৰত সত্যতা প্রমাণ কৰা বা প্রামাণ্য নিৰূপণ কৰাৰ প্রশ্নটো উত্থাপিত হয়। 

    তর্কবিজ্ঞানৰ প্রধান আলােচ্য বিষয় হ’ল অনুমান। মূল বিষয়বস্তুৰ সহায়কাৰী কিছুমান বিষয়ে তর্কবিজ্ঞানে আলােচনা কৰে। তর্কবিজ্ঞানৰ মূল কার্য হ’ল সত্যক জনা বা উপলব্ধি কৰা আৰু জ্ঞাত বিষয়ৰ সত্যতা প্রমাণ কৰা। 

গতিকে তর্কবিজ্ঞান পৰােক্ষ জ্ঞানৰ লগতহে। জড়িত, প্রত্যক্ষ জ্ঞানৰ লগত নহয়। প্রাচ্য তর্কবিজ্ঞান। অনুসৰি সকলাে প্ৰকাৰ জ্ঞানেই তর্কবিজ্ঞানৰ আলােচ্য বিষয়। 

(2) তর্কবিজ্ঞান আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা উভয় প্রকাৰৰ সত্যতাৰ লগত জড়িত (Logic is concerned both with formal truth and material truth)ঃ

    প্রত্যেক বস্তুৰে দুটা দিশ আছে— আকাৰ আৰু উপাদান। উদাহৰণ স্বৰূপে— এটা ঘূৰণীয়া ৰূপৰ মুদ্রা। এই মুদ্রাটোৰ আকাৰ ঘূৰণীয়া আৰু ইয়াৰ উপাদান 'ৰূপ'। গতিকে, ঘূৰণীয়া ৰূপৰ মুদ্রা’ বুলিলে ৰূপেৰে নির্মিত ঘূৰণীয়া আকাৰৰ এটা মুদ্ৰাক বুজা যায়। 

    উপাদান অবিহনে আকাৰ আৰু আকাৰ অবিহনে উপাদান থাকিব নােৱাৰে। কিন্তু বিভিন্ন বস্তুৰ আকাৰ একে হলেও উপাদানৰ দিশৰ পৰা পার্থক্য থাকিব পাৰে। আকৌ, উপাদান একে হলেও আকাৰৰ দিশত পার্থক্য থাকিব পাৰে। 

    প্রত্যেক জড় বস্তুৰ দৰে চিন্তাৰাে দুটা দিশ আছে— আকাৰ আৰু উপাদান। যিভাৱে চিন্তা কৰা হয় , তাক চিন্তাৰ আকাৰ বােলে। যি বিষয় সম্পর্কে চিন্তা কৰা হয়, তাক চিন্তাৰ উপাদান বােলে। 

    চিন্তাৰ ক্ষেত্ৰতাে জড়বস্তুৰ নিচিনাকৈ উপাদান। একে থাকিলেও আকাৰৰ পার্থক্য থাকিব পাৰে। আৰু আকাৰ একে থাকিলেও উপাদানৰ পার্থক্য থাকিব পাৰে। 

    সত্যতাঃ সংগতিপূর্ণ চিন্তা আৰু বাস্তৱ জগতৰ লগত চিন্তাৰ সামঞ্জস্য বা অনুৰূপতাৰ জৰিয়তে সত্যতাত উপনীত হ’ব পাৰি। 

    চিন্তাৰ সত্যতা দুই প্রকাৰৰ- আকাৰগত সত্যতা (Formal Truth) আৰু বস্তুগত সত্যতা (Material Truth)

আকাৰগত সত্যতাঃ সংগতিপূর্ণ চিন্তাৰ জৰিয়তে যি সত্যতাত উপনীত হােৱা যায়, তাক আকাৰগত সত্যতা বােলে। সংগতিপূর্ণ চিন্তা বুলিলে অন্তর্বিৰােধমুক্ত চিন্তাক বুজায়। বৃত্তাকাৰ আয়তক্ষেত্র, বক্ৰ সৰলৰেখা— এনে চিন্তা বা ধাৰণা আভ্যন্তৰীণ বিৰােধৰ পৰা মুক্ত নহয়, ই আত্মবিৰােধযুক্ত। গতিকে, ইয়াৰ আকাৰগত সত্যতা নাই। কিন্তু ‘গােলাকাৰ বৃত্ত' – ই আকাৰগতভাৱে সত্য। 

    বস্তুগত সত্যতাঃ বাস্তৱ জগতৰ বস্তুৰ লগত চিন্তাৰ বা ধাৰণাৰ সামঞ্জস্য বা অনুৰূপতাৰ জৰিয়তে যি সত্যতাত উপনীত হােৱা যায়, তাক বস্তুগত সত্যতা বােলে। উদাহৰণ স্বৰূপে ‘গছৰ পাত সেউজীয়া বুলি চিন্তা বা ধাৰণা কৰি দেখা যায় যে এই ধাৰণাৰ বাস্তৱ জগতৰ সেউজীয়া গছৰ পাতৰ লগত সামঞ্জস্য আছে। কিন্তু সােণৰ পাহাৰৰ ধাৰণা মনত কৰিব পাৰিলেও বাস্তৱ জগতৰ বস্তুৰ লগত এনে ধাৰণাৰ সামঞ্জস্য নাই। গতিকে, এনে চিন্তা বস্তুগতভাৱে অসত্য। 

    আকাৰগতভাৱে সত্য নহ'লে বস্তুগতভাৱে কোনাে চিন্তাই সত্য হ’ব নােৱাৰে। চিন্তাৰ বস্তুগত সত্যতা থাকিলে আকাৰগত সত্যতা থাকিবই। কিন্তু, আকাৰগত সত্যতা থাকিলে, বস্তুগত সত্যতা থাকিবও পাৰে অথবা নাথাকিবও পাৰে। কোনাে চিন্তা আকাৰগতভাৱে সত্য হলেও বস্তুগতভাৱে সত্য নহ'বও পাৰে।

    পাশ্চাত্য তর্কবিজ্ঞানত আকাৰগত সত্যতা আৰু বস্তুগত সত্যতাৰ পার্থক্যৰ ভিত্তিত তর্কবিজ্ঞানক আকাৰনিষ্ঠ তর্কবিজ্ঞান (Formal Logic) আৰু বস্তুনিষ্ঠ তর্কবিজ্ঞান (Material Logic)- এই দুই ভাগত ভাগ কৰা হয়।

    আকাৰনিষ্ঠ তৰ্কবিজ্ঞানত কেৱল চিন্তাৰ আকাৰগত সত্যতাৰ আলোচনা কৰা হয়। ই চিন্তা কিভাৱে কৰা হৈছে, চিন্তাৰ নাতি-নিয়ম যথাযথভাৱে পালন কৰা হৈছে নে নাই, তাৰেহে বিচাৰ কৰে। আকাৰনিষ্ঠ তৰ্কবিজ্ঞানত অনুমান বা যুক্তিৰ আধাৰবচনসমূহৰ বশ্তুগত সত্যতা সম্পৰ্কে কোনো প্ৰশ্ন কৰা লহয়। ইয়াত আধাৰবচনসমূহ সত্য বুলি স্বীকাৰ কৰা হয়। কেৱল স্দ্ধান্তটো যথাযথভাৱে আধাৰবচনৰ পৰা নিঃসৃত হৈছে নে নাই, তাকহে বিচাৰ কৰা হয়। আকাৰনিষ্ঠ তৰ্কবিজ্ঞানক বিশুদ্ধ তৰ্কবিজ্ঞান (Pure Logic) বা সংগতি পূৰ্ণ তৰ্কবিজ্ঞান (logic of Consistency) বুলি কোৱা হয়।

    বস্তুনিষ্ঠ তৰ্কবিজ্ঞানত চিন্তাৰ বস্থছুগত সত্যতাৰ আলোচনা কৰা হয়। বস্তুনিষ্ঠ তৰ্কবিজ্ঞানৰ লক্ষ্য চিন্তাৰ কেৱল আকাৰগত সত্যতাই নহয়, বস্তুগত সত্যতা নিৰ্ণয় কৰা। ই বাস্তৱ জগতৰ বস্তুৰ লগত চিন্তাৰ সামঞ্জস্য আছে নে নাই, তাৰ বিচাৰ কৰে। ইয়াত অনুমান বা যুক্তিৰ আধাৰবচনসমূহ বস্তুগতভাৱে সত্য হয়। যিকোনো এটা আধাৰবচন বস্তুগতভাৱে অসত্য হ'লেই সিদ্ধান্ত বস্তুগতভাৱে অসত্য হয়। আধাৰবচনসমূহ বস্তুগতভাৱে সত্য হ'লে সিদ্ধান্তও বস্তুগতভাৱে সত্য হয়। বস্তুনিষ্ঠ তৰ্কবিজ্ঞানক প্ৰায়োগিক তৰ্কবিজ্ঞান (Applied Logic) বুলি কোৱা হয়। 

    সাধাৰণতে আকাৰনিষ্ঠ তৰ্কবিজ্ঞানক নিগমনাত্মক তর্কবিজ্ঞান (Deductive Logic) আৰু বস্তুনিষ্ঠ তর্কবিজ্ঞানক আগমনাত্মক তর্কবিজ্ঞান (Inductive Logic) বােলা হয়। 

    কিন্তু কোনাে অনুমান বা যুক্তি আকাৰগতভাৱে সত্য হলেও ইয়াৰ বস্তুগত সত্যতা নাথাকিব যদিহে আধাৰবচনসমূহৰ লগতে সিদ্ধান্তটোৰ বস্তুগত সত্যতা নাথাকে। 

    তর্কবিজ্ঞানে আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা উভয় প্রকাৰৰ সত্যতাৰ আলােচনা কৰে। কোনাে অনুমান বা যুক্তিৰ ক্ষেত্ৰত যদি নির্ধাৰিত নীতি-নিয়মসমূহ যথাযথভাৱে পালন কৰা হয় আৰু আধাৰবচন বিলাকৰ লগত সিদ্ধান্তটোৰাে বাস্তৱ জগতৰ লগত সামঞ্জস্য থাকে, তেনেহ'লে সেই অনুমান বা যুক্তি আকাৰগতভাৱে আৰু বস্তুগতভাৱে সত্য হ'ব। কোনাে অনুমান বা যুক্তি বস্তুগতভাৱে সত্য হলে আকাৰগতভাৱে সত্য হ'বই লাগিব। 

    প্রকৃততে, আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা এই দুই প্রকাৰৰ সত্যতাৰ এটা আনটোৰ পৰিপূৰক। সত্যতা এক আৰু অখণ্ড। এক সত্যতাৰেই আকাৰগত সত্যতা আৰু বস্তুগত ত্যতা দুটা দিশ। কেৱল আলােচনাৰ সুবিধাৰ বাবেহে সত্যতাক দুটা ভাগ কৰা হয় আৰু কেতিয়াবা আকাৰ, কেতিয়াবা বস্তু বা উপাদানৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। চিন্তাৰ আকাৰগত সত্যতা নাথাকিলে বস্তুগত সত্যতা থাকিব নােৱাৰে। আকৌ, আকাৰগত সত্যতাও বস্তুগত সত্যতাৰ অবিহনে এটা সময়ত বাধাপ্রাপ্ত হৈ পৰিব পাৰে। 

    আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা-উভয় প্রকাৰৰ সত্যতাই তর্কবিজ্ঞানৰ আলােচ্য বিষয়। গতিকে, তর্কবিজ্ঞানাে আকাৰনিষ্ঠ আৰু বস্তুনিষ্ঠ উভয়েই। ভাৰতীয় তর্কবিজ্ঞানত এই দুই প্রকাৰৰ সত্যতাক পৃথক কৰা নহয়। 

(3) তর্কবিজ্ঞান বিজ্ঞান আৰু কলাবিদ্যা উভয়েই (Logic is both a Science and an Art)ঃ 

    প্রকৃতিৰ কোনাে এক নির্দিষ্ট বিভাগ সম্পর্কে সুসংবদ্ধ, যুক্তিনিষ্ঠ, প্রামাণিক, যথার্থ, সুনিশ্চিত আৰু সাধাৰণ জ্ঞানক বিজ্ঞান (Science) বােলে। যি বিদ্যাই কোনাে নির্দিষ্ট উদ্দেশ্য সাধনৰ বাবে কোনাে জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়ােগ কৰাৰ বিধি বা নীতি-নিয়মৰ শিক্ষা দিয়ে তাকে কলা (Art) বােলে। 

    (i) ইয়াৰ পৰা বুজিব পাৰি যে বিজ্ঞানে জানিবলৈ শিকায় আৰু কলাবিদ্যাই কৰিবলৈ শিকায়। (ii) বিজ্ঞানে জ্ঞানলাভৰ প্ৰৱৰ্তনা দিয়ে, কলাবিদ্যাই ব্যৱহাৰিক উদ্দেশ্য সাধনৰ প্রবৃত্তি যােগায়। 

(iii) বিজ্ঞানে বস্তুৰ স্বভাৱ উপাদান আৰু নিয়মাৱলীৰ জ্ঞান দিয়ে, কলাই সেই জ্ঞানক কোনাে নির্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে বাস্তৱ ক্ষেত্ৰত প্রয়ােগ কৰাৰ শিক্ষা দিয়ে। (iv) কিছুমান ঘটনা বা বস্তুৰ স্বভাৱ পর্যবেক্ষণ কৰি কার্যকাৰণ সম্বন্ধ অথবা বস্তুৰ স্বভাৱ সম্পর্কে সাধাৰণ নিয়ম প্রতিষ্ঠা কৰা বিজ্ঞানৰ কাৰ্য। আনহাতে, কোনাে নির্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে প্ৰয়ােগ কৰিবলগীয়া নিয়ম কিছুমানৰ নির্দেশ দিয়া কলাৰ কার্য। 

    উদাহৰণ স্বৰূপে- শৰীৰবিদ্যা এক প্ৰকাৰৰ বিজ্ঞান। এই বিজ্ঞানে দেহৰ অভ্যন্তৰৰ স্নায়ু , অস্থি আদি শৰীৰৰ বিভিন্ন অংশৰ অৱস্থান, গঠন, কার্য আদি সম্পর্কে জ্ঞান দিয়ে, কিন্তু অস্ত্র চিকিৎসা এক প্ৰকাৰৰ কলাবিদ্যা। শৰীৰবিদ্যাৰ জৰিয়তে লাভ কৰা জ্ঞানক ৰােগ উপশম কৰাৰ উদ্দেশ্যে প্রয়ােগ কৰা হয়।

    তর্কবিজ্ঞান বিজ্ঞান আৰু কলা উভয়েই। তর্কবিজ্ঞানৰ আলােচ্য বিষয় হ’ল চিন্তা বা অনুমান। চিন্তা বা অনুমান আলােচনা কৰােতে তর্কবিজ্ঞানে চিন্তা বা অনুমানৰ সহায়কাৰী প্রক্রিয়াসমূহৰ বিষয়েও আলােচনা কৰে। তর্কবিজ্ঞানে চিন্তা বা অনুমান সম্পর্কীয় সাধাৰণ নীতি-নিয়মৰ জ্ঞান দিয়ে। তদুপৰি, ভুল-ভ্রান্তি পৰিহাৰ কৰি শুদ্ধ চিন্তা বা যথার্থ অনুমানত উপনীত হৈ সত্যতা লাভৰ উদ্দেশ্যে এই সাধাৰণ নীতি-নিয়মসমূহ ব্যৱহাৰিক ক্ষেত্ৰত প্রয়ােগ কৰে। তর্কবিজ্ঞানৰ উদ্দেশ্য হল সত্যতাত উপনীত হােৱা। গতিকে, তর্কবিজ্ঞানৰ বিষয়াত্মক (Theoretical) আৰু ব্যৱহাৰিক (Practical) উভয় দিশেই আছে। 

গতিকে, তর্কবিজ্ঞান কেৱল বিজ্ঞান বা কেৱল কলা নহয়। তর্কবিজ্ঞান বিজ্ঞান আৰু কলা উভয়েই। 

    বিজ্ঞান আৰু কলাৰ মাজত যদিও পার্থক্য নিৰূপণ কৰা হয়, তথাপি উভয়েই পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। বিজ্ঞানৰ পৰা লাভ কৰা জ্ঞান ব্যৱহাৰিক ক্ষেত্ৰত কোনাে উদ্দেশ্য সাধন কৰাৰ বাবে প্ৰয়ােগ কৰিলেহে জ্ঞান সার্থক হয়। কলাবিদ্যাৰ ভিত্তি হ’ল বিজ্ঞান। বিজ্ঞানে জ্ঞান দিয়ে আৰু কলাই সেই জ্ঞানক বাস্তৱ ক্ষেত্ৰত প্রয়ােগ কৰে। গতিকে, বিজ্ঞান আৰু কলাবিদ্যাৰ মাজত মৌলিক পার্থক্য দৰাচলতে নাই। জ্ঞানৰ প্রথম অৱস্থাত বিষয়বস্তুৰ স্বৰূপ নির্ণয় কৰাৰ ক্ষেত্ৰত জ্ঞানক বিজ্ঞান বােলে। পিছত, সেই জ্ঞানক ব্যৱহাৰিক উদ্দেশ্য সাধনত প্ৰয়ােগ কৰিলে তাক কলাবিদ্যা বােলে। 

    তর্কবিজ্ঞান বিজ্ঞানসমূহৰ বিজ্ঞান আৰু কলাসমূহৰৰ কলা (Logic is the Science of sciences and Art of arts)ঃ 

    তর্কবিজ্ঞানক বিজ্ঞানসমূহৰ বিজ্ঞান (Science of Sciences) আৰু কলাসমূহৰাে কলা (Art of Arts) বুলি অভিহিত কৰা হয়। 

    প্রত্যেক বিজ্ঞানে প্রকৃতিৰ কোনাে এটা নির্দিষ্ট বিভাগ সম্পর্কে সুসংবদ্ধ, যুক্তিনিষ্ঠ, প্রামাণিক, যথার্থ আৰু সুনিশ্চিত জ্ঞানত উপনীত হ'ব বিচাৰে। এই উদ্দেশ্যে প্রণালীবদ্ধ অধ্যয়ন চলাবৰ বাবে শুদ্ধ চিন্তাৰ নীতি-নিয়মসমূহৰ জ্ঞান অপৰিহার্য হৈ পৰে। বিজ্ঞানৰ শুদ্ধ চিন্তাৰ নীতি-নিয়মসমূহৰ লগত সংগতি থাকিব লাগিব। তর্কবিজ্ঞানে শুদ্ধ চিন্তাৰ সাধাৰণ নীতি-নিয়মসমূহ নির্ধাৰণ কৰে। সেইবাবে, বিজ্ঞানে সেই নীতি-নিয়মসমূহ পালন কৰিবলগীয়া হয়। অর্থাৎ প্রত্যেক বিজ্ঞান। তর্কবিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হয়। গতিকে, তর্কবিজ্ঞান সকলাে প্ৰকাৰ বিজ্ঞানৰ মূল ভিত্তি। আৰু ইয়াক বিজ্ঞানৰাে বিজ্ঞান বুলি কোৱা হয়। 

    আকৌ, কলাবিদ্যাৰ ভিত্তি হ’ল বিজ্ঞান। প্রত্যেক কলাবিদ্যা যথার্থ হ’বলৈ হ'লে ই যি বিজ্ঞানৰ ওপৰত প্রতিষ্ঠিত, সেই বিজ্ঞানাে যথার্থ হ’ব লাগিব। বিজ্ঞানৰ যথার্থতা তর্কবিজ্ঞানে প্রতিপাদন কৰে। সেইবাবে, কলাও পৰােক্ষভাৱে তর্কবিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। তর্কবিজ্ঞানে সাধাৰণ সত্যতাত-উপনীত হােৱাৰ বাবে পথ নির্দেশ কৰে। ই শুদ্ধ চিন্তাৰ কলা হিচাপে আন সকলাে কলাবিদ্যাকে নির্দেশ কৰে। প্রত্যেক কলাবিদ্যাই তর্কবিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় বাবে তর্কবিজ্ঞানক কলাসমূহৰৰ কলা বুলি কোৱা হয়। 

(4) তর্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান বিষয়নিষ্ঠ নহয় (Logic is a Normative Science; not a Positive Science)ঃ 

    প্রকৃতিৰ কোনাে এটা নির্দিষ্ট বিভাগ সম্পর্কে সুসংবদ্ধ, যুক্তিনিষ্ঠ, প্রামাণিক, যথার্থ আৰু সুনিশ্চিত জ্ঞানক বিজ্ঞান বােলে। আলােচনাৰ ৰীতিৰ বৈশিষ্ট্য অনুযায়ী বিজ্ঞানক বস্তুনিষ্ঠ বা বিষয়নিষ্ঠ বা জ্ঞাননিষ্ঠ (Positive Science) আৰু আদর্শনিষ্ঠ বা আদর্শাশ্রয়ী বিজ্ঞান (Normative science)— এই দুই ভাগত ভাগ কৰা হয়। 

    যি বিজ্ঞানে বিষয়বস্তুৰ যথার্থ স্বৰূপ বা প্রকৃতি সম্পর্কে আলােচনা কৰে, তাক বিষয়নিষ্ঠ বিজ্ঞান বােলে। উদাহৰণ স্বৰূপে মনােবিজ্ঞান এক বিষয়নিষ্ঠ বিজ্ঞান। মনােবিজ্ঞানৰ বিষয়বস্তু ‘মন। ইয়াত মনৰ বিভিন্ন অৱস্থা, ক্রিয়া-প্রক্রিয়া আদি যিদৰে ঘটে, ঠিক তেনেদৰেই তাৰ বৰ্ণনা দিয়া হয়। পদার্থবিজ্ঞান, উদ্ভিদবিজ্ঞান আদিও বিষয়নিষ্ঠ বিজ্ঞান। 

    আকৌ, যি বিজ্ঞানে কোনাে এটা আদর্শক মাপকাঠী হিচাপে লৈ বিষয়বস্তুৰ মূল্য বিচাৰ কৰে, তাক আদর্শনিষ্ঠ বিজ্ঞান বােলে। উদাহৰণ স্বৰূপে নীতিবিজ্ঞান এক আদর্শনিষ্ঠ বিজ্ঞান। নীতিবিজ্ঞানৰ আদর্শ ‘পৰম কল্যাণ বা 'শ্রেয়'। এই আদর্শক মানদণ্ড হিচাপে সন্মুখত ৰাখি নীতিবিজ্ঞানে মানুহৰ কার্যকলাপ বিচাৰ কৰে। 

    গতিকে দেখা যায় যে বিষয়বস্তু ঠিক যেনেকুৱা, ঠিক তেনেকুৱাভাৱে বিষয়নিষ্ঠ বিজ্ঞানত আলােচনা কৰা হয়। কিন্তু আদর্শনিষ্ঠ বিজ্ঞানত ‘কেনেকুৱা হােৱা উচিত’ সেই বিষয়ে আলোচনা করা হয়।

তর্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান। সত্যই তর্কবিজ্ঞানৰ আদর্শ। তর্কবিজ্ঞানে শুদ্ধভাৱে চিন্তা কৰিবলৈ শিকায়। শুদ্ধ চিন্তা বা যথার্থ অনুমানৰ জৰিয়তে যথার্থ জ্ঞানত উপনীত হ’ব পাৰি আৰু যথার্থ জ্ঞানৰ জৰিয়তে সত্য উপলব্ধি হয়। সত্যতাৰ আদৰ্শ আগত ৰাখি সত্যতাত উপনীত হােৱাৰ উদ্দেশ্যে পালন কৰিবলগীয়া চিন্তা বা অনুমানৰ নীতি-নিয়মৰ নির্দেশ দিয়ে তর্কবিজ্ঞানে। চিন্তা কেনে হােৱা উচিত, কিদৰে চিন্তা কৰা উচিত, চিন্তাই কোনবিলাক নীতি-নিয়ম পালন কৰা উচিত, কিদৰে চিন্তা শুদ্ধ হ’ব পাৰে তর্কবিজ্ঞানে তাৰহে আলােচনা কৰে। 

    ওপৰৰ আলোচনাৰ পৰা নিম্নলিখিত কথাখিনি স্পষ্ট হৈ পৰে- 

তর্কবিজ্ঞান পৰােক্ষ জ্ঞানৰ লগত জড়িত। ই, আকাগত সত্যতা আৰু বস্তুগত সত্যতা- উভয় প্রকাৰৰ সত্যতাৰ লগত জড়িত। তর্কবিজ্ঞান বিজ্ঞান আৰু কলা উভয়েই। তর্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান।

    গতিকে, যি বিজ্ঞানে সত্যক আদর্শস্বৰূপ গ্রহণ কৰি, ভুল-ভ্রান্তি বিচাৰি উলিয়াই তাক পৰিহাৰ কৰি আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা উভয়কে লাভ কৰাৰ উদ্দেশ্যে চিন্তা বা আনুমান আৰু ইয়াৰ সহায়কাৰী প্রক্রিয়াসমূহৰ নিয়ামক বা নিৰূপক বিধি-নিয়মৰ নির্দেশ দিয়ে তাকে তৰ্ৰকবিজ্ঞান বোলে। (Logic is a science that sets before itself the ideal of Truth and regulates thinking or reasoning and certain subsidiary processes in order that both formal and material truth may be attained and errors may be avoided and detected) 

তর্কবিজ্ঞানৰ বিভিন্ন সংজ্ঞা (Various Definitions of Logic)ঃ 

    বহু প্রখ্যাত তর্কবিজ্ঞানীয়ে তর্কবিজ্ঞানৰ বিভিন্ন সংজ্ঞা আগবঢ়াইছে। এনে কিছুমান সংজ্ঞাৰ আলােচনা কৰি তাৰ যথার্থতা বিচাৰ কৰিব পাৰি। 

(1) তর্কবিজ্ঞান অনুমান সম্পর্কীয় কলাবিদ্যা ("Logic is the art of reasoning' Aldrich)ঃ 

    এই সংজ্ঞাটোক তর্কবিজ্ঞানৰ যথার্থ সংজ্ঞা বুলি নিৰূপণ কৰিব নােৱাৰি। ইয়াত তর্কবিজ্ঞানক কেৱল কলাবিদ্যা বুলি কোৱা হৈছে। কিন্তু তর্কবিজ্ঞান বিজ্ঞান আৰু কলাবিদ্যা উভয়েই। 

    তর্কবিজ্ঞানে কেৱল অনুমানৰ আলােচনাই নকৰে। ইয়াৰ সহায়কাৰী প্রক্রিয়াসমূহৰৰ আলােচনা কৰে। 

তদুপৰি, তর্কবিজ্ঞানে সকলাে প্ৰকাৰ অনুমান সম্পর্কে আলােচনা নকৰে। যিবিলাক অনুমান যথার্থ বা যাৰ আকাৰগত আৰু বস্তুগত সত্যতা আছে, কেৱল সেইবিলাক অনুমানহে তর্কবিজ্ঞানৰ আলোচ্য বিষয়ে।

    সংজ্ঞাটোত এই বিষয়ে স্পষ্ট উল্লেখ নাই বাবে ই অস্পষ্ট সংজ্ঞা। 

(2) তর্কবিজ্ঞান যুক্তি সম্পৰ্কীয় বিজ্ঞান (Logic is the science of argumentation-Albertus Magnus)ঃ 

    এই সংজ্ঞাটোক তর্কবিজ্ঞানৰ যথার্থ সংজ্ঞাৰূপে নিৰূপণ কৰিব নােৱাৰি। 

    ইয়াত তর্কবিজ্ঞানক কেৱল বিজ্ঞান বুলি কোৱা হৈছে। তর্কবিজ্ঞানৰ ব্যৱহাৰিক দিশটোলৈ লক্ষ্য কৰা হােৱা নাই। তর্কবিজ্ঞান বিজ্ঞান আৰু কলা উভয়েই। 

    তর্কবিজ্ঞানে যুক্তি বা অনুমানৰ উপৰিও ইয়াৰ সহায়কাৰী কিছুমান প্রক্রিয়াৰ বিষয়েও আলােচনা কৰে। 

    তদুপৰি, তর্কবিজ্ঞানে যথার্থ যুক্তি সম্পর্কেহে আলােচনা কৰে। সকলাে প্ৰকাৰ যুক্তি তর্কবিজ্ঞানৰ আলােচ্য বিষয়বস্তু নহয়। 

    এই বিষয়ে সংজ্ঞাটোত কোনাে স্পষ্ট উল্লেখ কৰা নাই বাবে ই অস্পষ্ট সংজ্ঞা। 

(3) তর্কবিজ্ঞান অনুমান সম্পর্কীয় বিজ্ঞান আৰু কলাবিদ্যা ('Logic is the science as well as art of reasoning Whately)ঃ 

    এই সংজ্ঞাটোত তর্কবিজ্ঞানক বিজ্ঞান আৰু কলাবিদ্যা উভয়েই বুলি উল্লেখ কৰা বাবে আগৰ দুটা সংজ্ঞাতকৈ এই সংজ্ঞা কিছু পৰিমাণে সন্তোষজনক। কিন্তু ইয়াতাে তর্কবিজ্ঞানৰ আলােচ্য সহায়কাৰী প্রক্রিয়াসমূহৰ কথা উল্লেখ নকৰি কেৱল অনুমান সম্পর্কীয় বিজ্ঞান আৰু কলাবিদ্যা বুলিহে কোৱা হৈছে। সেইবাবে এই সংজ্ঞাও অব্যাপ্তিদোষৰ পৰা সম্পূর্ণভাৱে মুক্ত হ'ব পৰা নাই। 

    তদুপৰি যথার্থ অনুমানহে তর্কবিজ্ঞানৰ আলােচনাৰ বিষয়বস্তু, সকলােপ্রকাৰ অনুমান নহয়। সংজ্ঞাটোত এই বিষয়ে সুস্পষ্টভাৱে উল্লেখ কৰা হােৱা নাই। গতিকে ই অস্পষ্ট সংজ্ঞা। 

(4) তর্কবিজ্ঞান হ’ল সাক্ষ্যৰ বিচাৰ বা মূল্যায়ন অনুগত হৈ জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত উপনীত হােৱাৰ প্রক্রিয়া আৰু আন সহায়কাৰী বুদ্ধিগত প্রক্রিয়া— উভয়কে অন্তর্ভুক্ত কৰি লােৱা বােধশক্তিৰ ক্রিয়াসমূহৰ বিজ্ঞান ('Logic is the science of the operations of the understanding which are subservient to the estimation of evidence; both the process itself of advancing from known truths to unknown and other intellectual operations in so far as auxiliary to this'- Mill)ঃ 

    মিলৰ এই সংজ্ঞাটো বিশ্লেষণ কৰিলে পােৱা যায় যে- 

    এই সংজ্ঞাটোত তর্কবিজ্ঞানক বিজ্ঞান বুলি। স্পষ্টকৈ উল্লেখ কৰাৰ উপৰিও ইয়াৰ ব্যৱহাৰিক দিশকে ‘সাক্ষ্যৰ বিচাৰ বা মূল্যায়ন'ৰ উল্লেখ জৰিয়তে প্ৰকাশ কৰি তর্কবিজ্ঞানক কলা বুলি আভাস দিয়া হৈছে।

    তর্কবিজ্ঞানৰ আলােচনাৰ বিষয়বস্তু অনুমান আৰু ইয়াৰ সহায়কাৰী প্রক্রিয়াসমূহৰ বিষয়ে এই সংজ্ঞাত স্পষ্টকৈ উল্লেখ কৰা হৈছে।

    আকৌ, সত্য’ শব্দৰ ব্যৱহাৰৰ জৰিয়তে সত্যতা তর্কবিজ্ঞানৰ আদর্শ, তর্কবিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান বুলিও ইংগিত দিয়া হৈছে। 

    তদুপৰি ‘সাক্ষ্যৰ বিচাৰ বা মূল্যায়ন’ৰ উল্লেখ জৰিয়তে সত্যতা নিৰূপণৰ ক্ষেত্ৰত যি আধাৰ বচনসমূহৰ ভিত্তিত সিদ্ধান্ত গ্রহণ কৰা হয়, সেই আধাৰ বচনসমূহে বিচাৰ কৰাৰ নির্দেশ পােৱা যায়। গতিকে, তর্কবিজ্ঞানে আকাৰত আৰু বস্তুগত উভয় প্রকাৰৰ সত্যতা সম্পর্কে আলােচনা কৰাৰ উল্লেখ সংজ্ঞাটোত আছে। 

    কিন্তু মিলে আগমনৰ ওপৰত অধিক গুৰুত্ব দিয়া যেন অনুভৱ হয়। সেইবাবে, সূক্ষ্মভাৱে বিচাৰ কৰি চালে এই সংজ্ঞাও সম্পূর্ণ ত্রুটিমুক্ত বুলি ক'ব নােৱাৰি। তথাপি আন সংজ্ঞাসমূহতকৈ মিলৰ সংজ্ঞাকে সাধাৰণতে অধিক সন্তোষজনক বুলি গ্ৰহণ কৰা হৈছে।

Type Himanku Bora