7.4  উদ্ভিদ ৰাজ্য়  (Plantae)

    উদ্ভিদ ৰাজ্য়ৰ শ্ৰেণীবিভাজনৰ ক্ষেত্ৰত প্ৰথম পৰ্যায়ত উদ্ভিদৰ দেহটো কিছুমান উপাংগত খণ্ড বিখণ্ড বা স্পষ্টকৈ পৃথকীকৰণ কৰিব পাৰিনে নোৱাৰি তাক বিবেচনা কৰা হয়। দ্বিতীয় পৰ্যায়ত সিহঁতৰ দেহত পানী আৰু অন্য়ান্য় দ্ৰৱ্য়ৰ পৰিবহণৰ বাবে বিশাল কলা থাকেনে নাথাকে তাক বিবেচনা কৰা হয়। পিছৰ পৰ্যায়ত বীজ ধাৰণ কৰা বা নকৰা, তদুপৰি বীজটো ফলৰে আবৃত হয়নে নহয় তাক বিবেচনা কৰা হয়।





Type:- Bidyut Thakuria

Class 9 General Science Assam SCERT Book (Chapter 7)