ভিন ভিন পৰিৱেশৰ উদ্ভিদ

পৃথিৱীৰ সকলো ঠাইৰ পৰিৱেশ একে নহয়। কিছুমান ঠাই অতিশয় শীতল আৰু বৰফেৰে ঢকা, কিছুমান গছ-গছনিৰে ভৰা আৰু কিছুমান অতিশয় গৰম আৰু শিল বালিৰে আৱৰা। বৰষুণ,উষ্ণতা, উচ্চতা আদিয়ে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়। পৰিৱেশ ভেদে ভিন ভিন অঞ্চলৰ উদ্ভিদ ভিন ভিন হয়। উদাহৰণস্বৰূপে আমি অসমৰ পৰা মেঘালয়ৰ উচ্চ অংশলৈ গ'লেই উদ্ভিদৰ গঠনৰ ভিন্নতা দেখা পাওঁ।

মৰুভূমি হ'ল বালি আৰু শিলেৰে ভৰা বৃহৎ অঞ্চল। এই অঞ্চলত দিনত অতিশয় গৰম আৰু ৰাতি হ'লে অতিশয় ঠাণ্ডা পৰে। মৰুভূমিত বৰষুণ খুব কম পৰিমাণে হয়। সেইবাবে মৰুভূমিত পানীৰ অভাৱ। পানীৰ অভাৱৰ বাবে মৰুভূমিত গছ-গছনি অসি কম।

মৰুভূমিৰ উদ্ভিদক পানীৰ প্ৰয়োজন নহয় নেকি? যদি হয়, তোন্তে এই উদ্ভিদবোৰে পানী ক'ৰ পৰা পায় জানি লওঁ আহা-

মৰুভূমি অঞ্চলত হোৱা কেক্টাছজাতীয় উদ্ভিদৰ শিপাবোৰ বৰ দীঘল হয়। এই শিপাবোৰে মাটিৰ বহুত তললৈকে গৈ পানী সংগ্ৰহ কৰে। ওপৰৰ ছবিখনত দিয়া মৰুভূমিত হোৱা উদ্ভিদবোৰলৈ ভালকৈ মন কৰিলে দেখিবা যে কেক্টাছবোৰৰ গা-গছ মঙহাল। ইহঁতৰ পাত প্ৰায় নাথাকে। পাতৰ সলনি গা-গছ কাঁইটেৰে ভৰি থাকে।

  কেক্টাছবোৰৰ গঠন এনে হোৱাৰ কাৰণ কি জানি লওঁ আহা-

মৰুভূমিত পানীৰ অভাৱৰ বাবে কেক্টাছবোৰে অহঁতৰ গা-গছত সঞ্চয় কৰি ৰাখে। এই সঞ্চিত পানীভাগে উদ্ভিদজোপাৰ পানীৰ অভাৱ পূৰণ কৰে।

   কেক্টাছবোৰ কাঁইটীয়া হোৱাৰ কাৰণে প্ৰাণীয়ে সহজে খাব নোৱাৰে। এই কাঁইবোৰে উদ্ভিদজোপাক মৰুভূমিত বলা বালিৰ ধুমুহাৰ পৰাও ৰক্ষা কৰে।

 পৃথিৱীৰ কিছুমান অঞ্চল অতি শীতল। পৃথিৱীৰ অকেবাৰে উত্তৰ আৰু দক্ষিণ অংশ বছৰৰ বেছিভাগ সময়েই বৰফেৰে  ঢাক খাই থাকে। পৃথিৱীৰ এই অঞ্চল দুটাক মেৰু অঞ্চল বোলে। মেৰু অঞ্চলত গছ-গছনি বৰ কম। ইয়াত ঠাণ্ডাৰ দিন দীঘলীয়া আৰু দিন চুটি। গৰম কালত যেতিয়া বৰফবোৰ গলি যায়, তোতিয়া মাটিত মচ আৰু সৰু সৰু তৃণজাতীয় উদ্ভিদ গজে। লগতে ৰং-বিৰঙৰ ফুলো ফুলে।

হিমালয় পৰ্বত অতি ওখ হোৱাৰ কাৰণে এই অঞ্চলত প্ৰচণ্ড শীত হয়। সেয়েহে বছৰৰ অধিকাংশ সময়তেই ইয়াত বৰফ পৰি থাকে। এই অঞ্চলবোৰত শীতকালত বৰফৰ বৰষুণ বা তুষাৰপাত হয়।

বৰফপৰা বাচি থাকিবলৈ এই অঞ্চলৰ উদ্ভিদবোৰ ওখ। ইহঁতৰ গা-গছ কোমল আৰু অধিক ঠাল-ঠেঙুলিযুক্ত আৰু পাতৰ সংখ্য়াও বেছি হয়। পাতবোৰ বেজীৰ দৰে জোঙা হয়, যেনে- সৰল গছ। ইয়াৰ উপৰি এই অঞ্চলত ওক, দেৱদাৰু আদি উদ্ভিদো পোৱা যায়। পৰ্বতবোৰৰ ওপৰলৈ ক্ৰমে গছ-গছনিৰ সংখ্য়া কমি আহে। কাৰণ নামনি অংশতকৈ ওখ অংশ তুলনামূলকভাবে শীতল আৰু বৰফেৰে ঢাক খাই থাকে। 

গৰম আৰু কম বৰষুণ অঞ্চলত বৃহৎ এলেকাজুৰি দীঘল দীঘল ঘাঁহেৰে আৱৰা তৃণভূমি দেখিবলৈ পোৱা যায়। তৃণভূমিৰ মাজে মাজে ওখ গছো থাকে।ভিন ভিন পৰিৱেশৰ উদ্ভিদ

পৃথিৱীৰ কিছুমান অঞ্চল প্ৰচণ্ড গৰম আৰু গোটেই বছৰে অধিক বৰষুণ হয়। এই অঞ্চলবোৰ বহু ঠাইজুৰি ওখ, গা-গছ শকত আৰু টান, অধিক ঠাল-ঠেঙুলিযুক্ত বৃক্ষজাতীয় উদ্ভিদেৰে ভৰি থাকে। এনে ডাঠ গছ-গছনিৰে  পূৰ্ণ অঞ্চলক আমি অৰণ্য় বুলি কওঁ।


Class 4 Environment Assam SCERT Book (Chapter 8)

Type: Bastab Deka