পৰমাণুৰ গঠন

Structure of the Atoms

অধ্যায় -3 ত আমি শিকিলোঁ যে পৰমাণু আৰু অণুবােৰ পদার্থ গঠনৰ একো একোটা মূল গােট। বেলেগে বেলেগ পৰমাণুৰে গঠিত হােৱাৰ বাবেই ভিন ভিন প্ৰকাৰৰ পদার্থসমূহ পােৱা গৈছে। এতিয়া প্রশ্ন হ'লঃ  (i) এটা মৌলৰ পৰমাণুক আন এটা মৌলৰ পৰমাণুৰ পৰা কিহে বেলেগ কৰিছে আৰু (ii) ডেল্টনে কোৱাৰ দৰেই পৰমাণুবােৰ প্রকৃততে অবিভাজ্য নে বা পৰমাণুৰ ভিতৰতাে আৰু ক্ষুদ্র উপাদান থাকে? এই অধ্যায়ত এই প্রশ্নসমূহৰ উত্তৰ আমি পাম। পৰমাণুৰ ভিতৰত থকা ক্ষুদ্রতৰ কণাসমূহ (উপপাৰমাণৱিক Sub-atomic) পৰমানুৰ ভিতৰত কেনেদৰে সজ্জিত হৈ থাকে তাক ব্যাখ্যা কৰিবলৈ যিবােৰ আৰ্হি (model) উপস্থাপন কৰা হৈছে সেইবােৰৰ বিষয়ে আমি জানিম। পৰমাণুৰ গঠন উদঘাটন আৰু ইয়াৰ গুৰুত্বপূৰ্ণ ধর্মসমূহৰ ব্যাখ্যা কৰাটো উনবিংশ শতিকাৰ অন্তত বিজ্ঞানীসকলৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল।

    পৰমাণু যে অবিভাজ্য নহয় তাৰ প্রথম ইংগিত বহুদিনৰ পৰাই পােৱা গৈছিল। স্থিতি বিদ্যুৎ আৰু বিভিন্ন পদার্থই কেনে অৱস্থাত বিদ্যুৎ পৰিবহন কৰে তাৰ ওপৰত চলােৱা অধ্যয়নৰ পৰাও তেনে এক ইংগিত পােৱা গৈছিল।


Class 9 General Science Chapter 4

Bidyut Thakuria.