মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা

তােমােলােকে ইতিমধ্যে প্রাকৃতিক আৰু মানৱ সম্পদৰ বিষয়ে আগৰ শ্ৰেণীৰ পিঠত ভালেখিনি কথা শিকি আহিছা । প্রাকৃতিক সম্পদ প্রচুৰ পৰিমাণে থাকিলেই এখন দেশৰ উৎপাদন বৃদ্ধি নাপায় যদিহে সেই সম্পদৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন উৎপাদনমুখী কার্য সংঘটিত নহয় । উৎপাদন প্রক্রিয়াৰ এক অন্যতম কাৰক হ’ল শ্রম য'ত অংশগ্রহণ কৰিব পাৰে একমাত্র মানুহে । কিন্তু সকলাে মানুহে আকৌ উৎপাদনত অংশ ল'ব নােৱাৰে যদিহে তেওঁ শাৰীৰিক আৰু মানসিকভাৱে শ্ৰম কৰিবলৈ সক্ষম নহয় । সেয়েহে এখন দেশৰ জনসংখ্যা বৃদ্ধি হােৱাটোৱে মানৱ সম্পদ বৃদ্ধি হােৱাটো নুবুজায় । সম্পদ হ’বলৈ মানুহ কিছুমান গুণৰ অধিকাৰী হ'ব লাগিব । এইখিনিৰ পৰা তােমালােকে ধাৰণা কৰিব পাৰিলা যে মানুহ মাত্রেই সম্পদ নহয় । সম্পদ হিচাপে বিবেচিত হ’বলৈ হ'লে মানুহে উন্নতমানৰ জীৱন নির্বাহৰ বাবে প্রয়ােজনীয় শিক্ষা আৰু প্রশিক্ষণপ্রাপ্ত হােৱাৰ লগতে সুস্বাস্থ্যৰ অধিকাৰী হ'ব লাগিব। কিন্তু উচ্চ শিক্ষা আৰু প্ৰশিক্ষণ   ল'লেই এজন সুস্বাস্থ্যৰ অধিকাৰী লােক মানৱ । সম্পদলৈ ৰূপান্তৰ হ’ব নােৱাৰে যদিহে তেওঁ । কাৰিকৰী দক্ষতা , কুশলতা , ব্যৱস্থাপনা আদিৰ দৰে । গুণবােৰৰ বিকাশৰ জৰিয়তে উৎপাদন কার্যত জড়িত নহয় । এই কথাখিনি পৰিষ্কাৰকৈ বুজিবলৈ তলৰ পৰিয়াল দুটিৰ কথাখিনি মন কৰা ।   

 অমল শইকীয়াৰ পৰিয়ালঃ                                                                                                              

  অমল শইকীয়া গাঁৱৰ প্রাথমিক বিদ্যালয়ৰ শিক্ষক । পত্নী ৰেখাই নিতান্ত  ঘৰুৱা কাম বন খিনিহে ম্ভালে । তেওঁলােকৰ ল'ৰা দুজন । এজন বিজ্ঞান স্নাতক আৰু আনজনে অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লৈ চৰকাৰী চাকৰিৰ পিছত দৌৰি ফুৰিছে । চাকৰিৰ বাহিৰে অন্য কাম কৰিবলৈ দুয়ােজনেই অনিচ্ছুক । শিক্ষা সাং কৰাৰ কে'বা বছৰ উকলিল কিন্তু ল'ৰা দুজনৰ এজনেও চাকৰি যােগাৰ কৰিবলৈ নােৱাৰিলে । চাওঁতে চাওঁতে অমল শইকীয়াইও চাকৰিৰ পৰা অৱসৰ পালে । পেন্সনৰ টকাৰে চাৰিজনীয়া পৰিয়ালটো পােহ - পাল যােৱাত বৰ কষ্ট হ’ল । কিন্তু এনে অৱস্থাতাে ল’ৰা দুজনৰ এজনেও উপার্জন কৰিব পৰা কোনাে , এটা কামত হাত নিদিলে । হতাশাই অমল শইকীয়াক হেঁচা মাৰি ধৰিলে । এটা সময়ত তেওঁ শয্যাশায়ী হ’ল । পৰিয়ালটোৰ দুর্দশাই চৰম সীমা পালে ।

খুলিলুৰ ৰহমানৰ পৰিয়ালঃ

একখন গাঁৱৰে খুলিলুৰ ৰহমান বৃত্তিত খেতিয়ক। পত্নী চাকিনাও বৰ কৰ্মী। ঘৰুৱা কাম-বনৰ লগতে চাকিনাই তাঁতশালত কাপােৰ বয় । সেই কাপােৰ বিক্ৰী কৰি মাহেকত তেওঁ কিছু টকা উপার্জন কৰে । তেওঁলােকৰাে ল'ৰা - ছােৱালী এহাল । মেট্রিক পাছ কৰাৰ পিছত ল'ৰাটোৱে আৰু আনুষ্ঠানিক শিক্ষা নল'লে । পঢ়া - শুনাতকৈ আন কিছুমান কামত ল'ৰাটোৰ নিচা বেছি । সেয়েহে দেউতাকে তাৰ মনােভাৱ বুজি চহৰৰ কাপােৰ চিলাই কৰা কাৰখানাত দর্জীৰ প্রশিক্ষণ ল'বলৈ পৰামর্শ দিলে । দেউতাকৰ কথা মতে ল’ৰাটোৱে প্রশিক্ষণ লােৱাৰ উদ্দেশ্যে চহৰলৈ গ'ল । এবছৰৰ পিছত প্রশিক্ষণ সমাপ্ত কৰি তেওঁ ঘৰলৈ উভতি আহি গাঁৱৰে তিনিআলি চকিত এখন কাপােৰ চিলাই কৰা দোকান খুলিলে । ল'ৰাজনৰ নিখুত কামৰ চিলাই কৰিবলৈ দিয়া হ'ল । এতিয়া চিলাই কাম কৰিয়ে তেওঁ নমুনা দেখি গাঁৱৰ মানুহেও চহৰলৈ নগৈ তাতেই কাপোৰ চিনাই কৰিবলৈ দিয়া হ'ল। এতিয়া চিলাই কাম কৰিয়ে তেওঁ মাহেকত আঠন হাজাৰ টকা উপার্জন কৰে । ৰহমানৰ ছােৱালীজনীৰ সোঁ ভৰিখন অলপ চুটি । কিন্তু শাৰীৰিক বাধা নেওচি ছােৱালীজনীয়েও উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ কৰি চহৰলৈ গৈ ছমহীয়া বিউটিচিয়ানৰ প্রশিক্ষণ লৈ আহি গাঁৱতে এখন বিউটি পার্লাৰ খুলিলে । এতিয়া সেই পালাৰতাে গ্রাহকৰ ভিৰ । মুঠৰ ওপৰত চাৰিওজন সদস্যৰে নিজা নিজা উপার্জন । কোনেও কাৰাে মুখলৈ চাব নালাগে । খলিলুৰ ৰহমানে সঞ্চয়ৰ ধনেৰে ট্ৰেক্টৰ এখনাে কিনি ল’লে । বর্তমান সেই পৰিয়ালটো গাঁওখনৰ এটা সচ্ছল পৰিয়াল । উল্লিখিত পৰিয়াল দুটাৰ উদাহৰণৰ পৰা কি ধাৰণা কৰিব পাৰিলা ? দুয়ােটা পৰিয়ালৰ দুটা ভিন্ন আর্থিক ৰূপ , নহয় জানাে ? মানুহ উচ্চ শিক্ষিত আৰু প্রশিক্ষিত হলেও উপার্জনক্ষম হ'ব নােৱাৰে যদিহে তেওঁ সঠিক দিশত নিজৰ শিক্ষা বা প্রশিক্ষণ ব্যৱহাৰ নকৰে । 

মানৱ সম্পদৰ উন্নয়নঃ 

তােমালােকে ইতিমধ্যে ধাৰণা কৰিব পাৰিলা যে মানুহৰ সংখ্যা বৃদ্ধি হ'লেই মানৱ সম্পদ বৃদ্ধি নহয় । মানুহক কেনেদৰে আমি সম্পদলৈ ৰূপান্তৰ কৰিব পাৰাে সেই বিষয়ে যােৱা শ্ৰেণীৰ পাঠত তােমালােকে কিছু কথা পঢ়িছিলা । দেশৰ উৎপাদন কার্যৰ চাৰিটা মূল উপাদান আছে । সেয়া হ’ল— ভূমি , শ্রম , মূলধন আৰু সংগঠন । ইয়াৰে প্ৰথমটোৰ বাহিৰে বাকী আটাইকেইটা উপাদানত মানুহৰ প্রত্যক্ষ অৱদান থাকে । গতিকে দেশৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ'লে মানৱ সম্পদৰ বিকাশ হ'বই লাগিব । যিমানেই মানৱ সম্পদ উন্নয়ন হ’ব সিমানেই দেশে উৎপাদন কার্যত সফলতা লাভ কৰিব আৰু ৰাষ্ট্ৰীয় আয় বৃদ্ধি হ'ব । ৰাষ্ট্ৰীয় আয় বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হােৱাত সহায় কৰে । বৰ্তমানৰ বিকশিত অর্থনীতিৰ প্ৰেক্ষাপটত মানৱ সম্পদ উন্নয়নৰ বিষয়টোৱে যথেষ্ট তাৎপর্য বহণ কৰিছে । মানৱ সম্পদ উন্নয়নৰ মূল চালিকা শক্তি হৈছে স্বাস্থ্য , উপযুক্ত শিক্ষা আৰু প্রশিক্ষণ । কাৰণ শিক্ষা আৰু প্রশিক্ষণে মানুহৰ চিন্তাশক্তি জাগ্রত কৰে আৰু দক্ষতা বৃদ্ধি কৰে । আকৌ সুস্বাস্থ্যই মানুহৰ কর্মশক্তি বঢ়ায় । আমাৰ দেশৰ চৰকাৰে প্রবর্তন কৰা আধুনিক আৰু বিজ্ঞানসম্মত শিক্ষা ব্যৱস্থা , স্বাস্থ্য নীতি , বিভিন্ন আঁচনি , জলপানীৰ ব্যৱস্থা , উন্নত মানৰ প্রশিক্ষণ তথা বিভিন্ন সা - সুবিধাৰ ফলত বর্তমান দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো যথেষ্ট সবল হৈছে । অৱশ্যে এই দিশত ক্ষিপ্রতা লাভ কৰিবলৈ আমাৰ দেশক এতিয়াও কিছু সময় লাগিব । কাৰণ ভূ - আয়তনৰ তুলনাত দেশৰ জনসংখ্যাৰ ঘনত্ব বহু বেছি । ইমান সংখ্যক মানুহক একেলগে উপযুক্ত শিক্ষা , খাদ্য , বাসস্থান , কর্মসংস্থান আৰু স্বাস্থ্যৰ সুবিধা প্রদান কৰাটো বৰ সহজ কাম নহয় । কিন্তু পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাবলৈ আমাৰ দেশৰ চৰকাৰেও উল্লিখিত দিশসমূহত যথেষ্ট মনোমিৱেশ কৰিছে। সেয়েহে আগৰ তুলনাত দেশত শিক্ষিত মানুহৰ হাৰ বৃদ্ধি পাইছে আৰু তাৰ লগে লগে মানুহ সম্পদলৈ উন্নিত হৈ`ছে। 


Class 8 Social Science

Type: Dimi Bora