5.2.5 (vi)  ৰসধানী বা ৰিক্তিকা (Vacuoles)

ৰসধানী বী ৰিক্তিকাবিলাক হ'ল গোটা বা তৰল পদাৰ্থ সঞ্চয় কৰি ৰখা মোনা সদৃশ কোষ অংগাণু। প্ৰাণী ৰসধানীবিলাক আকাৰত সৰু, অন্য় হাতে উদ্ভিদ কোষৰ বিলাক যথেষ্ট ডাঙৰ। কিছুমান উদ্ভিদ কোষত কেন্দ্ৰীয় ৰসধানীটোৱে কোষটোৰ প্ৰায় ৫০-৯০% ঠাই আগুৰি ৰাখে।

        উদ্ভিদ কোষৰ ৰসধানীটে কোষ ৰসৰে পৰিপবৰ্ণ হৈ থাকে আৰু ইয়াৰ দ্বাৰাই কোষটোক স্ফীত আৰু দৃঢ় হৈ থকাত সহায় কৰে। উদ্ভিদৰ জীৱনত প্ৰয়োজন হোৱা বস্তুবোৰ লাগতিয়াল পদাৰ্থ কোষৰ ৰসধানীতে সঞ্চিত হৈ থাকে। সঞ্চিত পদাৰ্থবিলাক হ'ল এমিন' এচিদ, শৰ্কৰা আৰু কিছুমান প্ৰ'টিন। এককোষী জীৱ যেনে এমিবাই খাদ্য় ভক্ষণ কৰি যিবিলাক ৰসধনীত মজুত কৰি ৰাখে সেইবিলাকক খাদ্য় ৰিক্তিকা বোলে। অন্য় কিছুমান এককোষী জীৱত এনে কেতবোৰ বিশেষ ৰসধানী থাকে যিবিলাকে কোষৰ ইঅতিৰিক্ত পানী আৰু কিছুমান বৰ্জিত পদাৰ্থ উলিয়াই পঠোৱাত সহায় কৰে।

প্ৰশ্নাৱলী

1.    তুমি অধ্য়য়ন কৰি অহা কোষ অংগাণুবিলাকৰ ভিতৰৰ এনে দুটা কোষ অংগাণুৰ নাম উল্লেখ কৰা যি দুটাত আনুবংশিক পদাৰ্থ থাকে।

2.    যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠনৰ ক্ষতি হয় তেতিয়া কি হ'ব?

3.    লাইছ'জ'মক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্য়া দিয়া হয়?

4.     কোষৰ অভ্য়ন্তৰৰ ক'ত প্ৰ'টিন সংশ্লেষণ সংঘটিত হয়?

    প্ৰতিটো কোষত থকা বৈশিষ্টপূৰ্ণ আৱৰণ আৰু কোষ অংগাণুবিলাক এক বিশেষ সাজোনেৰে সজ্জিত হৈ থকাৰ বাবেই কোষবিলাকে সিহঁতৰ নিৰ্দিষ্ট গঠনৰ লগতে শ্বসন, পুষ্টিসাধন, বৰ্জিত পদাৰ্থ নিষ্কাষণ, নতুন প্ৰ'টিনৰ উৎপাদন আদি কাৰ্য সম্পন্ন কৰিব পাৰে।

        অৰ্থাৎ কোষ হ'ল জীৱৰ দ্হ গঠনৰ মৌলিক একক। তদুপৰি, কোষ জীৱনৰ মৌলিক কাৰ্যকৰি এককও।





Class 9 G. Science Assam SCERT Book (Chapter 5)

Type:- Bidyut Thakuria