সংসদীয় নিয়ন্ত্ৰণৰ আহিলাসমূহ

সংসদীয় ব্যৱস্থাত বিধানমগুলে নীতি নিৰ্দ্ধাৰণৰ সময়ত আইন বা নীতি ৰূপায়ণ আৰু ৰূপায়ণৰ পিছত পৰ্য্যায়ত কাৰ্য্যপালিকাৰ  দায়বদ্ধতা নিশ্চিত কৰে।  বিধানমগুলে বিভিন্ন উপায় অৱলম্বন কৰি এই কাম কৰে- 

* পৰ্য্যালোচনা আৰু আলোচনা(Deliberation And Discussion)

* আইনৰ অনুমোদন  বা নাকচ( Approval Or Refusal Of Laws)

* বিত্তীয় নিয়ন্ত্ৰণ ( Financial Control)

* অনাস্থা প্ৰস্তাৱ( No Confidence Motion)

পৰ্য্যালোচনা আৰু আলোচনা (Deliberation And Discussion): আইন প্ৰণয়ন প্ৰক্ৰিয়াত, বিধানমগুলৰ সদস্যসকলে কাৰ্য্য পালিকাৰ  নীতি নিৰ্দেশনা আৰু নীতি সমূহৰ কি উপায়ে ৰূপায়ণ কৰা হয় সেই বিষয়ে পৰ্য্যালোচনা কৰাৰ সুবিীধা পায়। বিধেয়বোৰৰ বিষয়ে পৰ্য্যালোচনা কৰাৰ উপৰিও সদনত সাধাৰণ আলোচনা সময়তো নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে। সংসদৰ অধিবেশনৰ সময়ছোৱাত সদায় প্ৰশ্নত্তৰ কাল হয় তেতিয়া সদস্যসকলে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ মন্ত্ৰীসকলে দিব লাগে।

শূন্য কালত সদস্যসকলে গুৰুত্বপূৰ্ণ বুলি ভাবা যি কোনো বিষয়ে উত্থাপন কৰি পাৰে (অৱশ্যে মন্ত্ৰীসকলে উত্তৰ দিবলৈ বাধ্য নহয়।) জনসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ বিষয়ত  আধাঘৰ্ন্টীয়া আলোচনা সভা স্থগিত প্ৰস্তাৱ আদি হৈছে কাৰ্য্যপালিকাক নিয়ন্ত্ৰণ কৰা কিছুমান আহিলা। 

সম্ভৱঃ- প্ৰশ্নোত্তৰ কালেই হৈছে কাৰ্য্যপালিকা আৰু চৰকাৰৰ প্ৰশ্নাসনীয় সংস্থাসমূহৰ ওপৰত সৰ্তক দৃষ্টি ৰখাৰ আটাইতকৈ কাৰ্যকৰী উপায়।  সংসদৰ সদস্যসকলে প্ৰশ্নোত্তৰ  কালৰ প্ৰতি যথেষ্ট  আগ্ৰহ দেখুৱায় আৰু এই সময়ছোৱাতেই উপস্থিতিৰ সংখ্যা আটাইতকৈ বেছি। বেছিভাগ প্ৰশ্নৰ উদ্দেশ্য হৈছে মূল্য বৃদ্ধি খাদ্য - শস্যৰ  সহজলভ্যতা, সমাজৰ দুৰ্বল শ্ৰেণী ওপৰত অত্যাচাৰ, সংঘৰ্ষ কলা বজাৰ -আদি জনস্বাৰ্থ - জড়িত বিষয়ত চৰকাৰৰ  পৰা তথ্য আহৰণ কৰা। ইয়াৰ দ্বাৰা সদস্যসকলে চৰকাৰক সমালোচনা কৰাৰ আৰু নিজৰ সমষ্টি সমস্যা উত্থাপন কৰা সুবিধা লাভ কৰে।  প্ৰশ্নোত্তৰ কালৰ আলোচনা ইমান উত্তপ্ত হয় যে সদস্য সকলে উচ্চ স্বৰত কথা কোৱা সদনৰ ৱেললৈ অগ্ৰসৰ হোৱা বা নিজৰ দাবী সাব্যস্ত কৰিবলৈ প্ৰতিবাদ জনাই ওলাই অহা আদি সেই সময়ছোৱাৰ সাধাৰণ ঘটনা । ইয়াৰ ফলত বিধায়িনী কাম কাজত যথেষ্ট লোকচান হয়।অৱশ্যে আমি এই কথাও মনত ৰাখিব লাগিব যে এইবোৰ কাৰ্য্যৰ  কিছুমান হৈছে চৰকাৰৰ পৰা বিশেষ সুবিধা আদায় কৰিব পৰা ৰাজনৈতিক কৌশল। তদুপৰি এনে প্ৰক্ৰিয়াৰ দ্বাৰা কাৰ্য্যপালিকাৰ দায় বদ্ধতা আদায় কৰিব পৰা যায়।

আইনৰ অনুমোদন আৰু সন্মতি( Approval And Ratification Of Laws):

    সংসদে ইয়াৰ সন্মতিসূচক ক্ষমতাৰদ্বাৰাও সংসদীয় নিয়ন্ত্রণ কাৰ্য্য কৰিব পাৰে । সংসদৰ অনুমােদন লাভ কৰিলেহে বিধেয়ক এখন আইনত পৰিণত হ'ব পাৰে । নিয়ন্ত্রিত সংখ্যাগৰিষ্ঠ সমর্থন থকা চৰকাৰ এখনে বিধানমণ্ডলৰ সমর্থন লাভ কৰাত অসুবিধা নাপায় । অৱশ্যে এনে অনুমােদন সহজলভ্য বুলি ধৰি লব পৰা নাযায় । শাসক দল বা সংযুক্ত দলবােৰৰ সদস্যসকলৰ মাজত আৰু আনকি চৰকাৰৰ আৰু বিৰােধী দলৰ মাজতাে যথেষ্ট দৰ দাম আৰু আলাপ আলােচনাৰ ফলতহে সেয়া সম্ভৱ হয় । ১৯৭৭ চনৰ জনতা চৰকাৰৰ শাসনৰ সময়ত আৰু ২০০৪ চনত এন.ডি.এ.ৰ ( N.D.A. ) শাসনৰ সময়ৰ নিচিনা যদি লােকসভাত চৰকাৰৰ সংখ্যাগৰিষ্ঠতা থাকে আৰু ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা নাথাকে , তেতিয়াহলে দুয়ােখন সদনৰ অনুমােদন লাভ কৰিবলৈ  চৰকাৰে কিছুমান বিশেষ অনুগ্রহ প্রদান কৰিবলৈ বাধ্য হয় । বহুতাে বিধেয়ক , যেনে - লােকপাল , সন্ত্রাসবাদ নিবাৰণ বিধেয়ক,২০০২( Prevention of Terrorism Bill ) আদি ৰাজ্যসভাৰ অনুমােদন লাভ নকৰা বাবে বাতিল হৈছিল । 

বিত্তীয় নিয়ন্ত্রণ ( Financial Control ): আগতেই উল্লেখ কৰা হৈছে যে চৰকাৰী কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ প্রয়ােজন হােৱা বিত্তীয় সম্পদ বাজেটৰ জৰিয়তে মঞ্জুৰ কৰা হয় । বিধানমণ্ডলৰ অনুমােদনৰ বাবে বাজেট প্রস্তুত আৰু উত্থাপন কৰিবলৈ চৰকাৰ সাংবিধানিকভাৱে বাধ্য । এনে বাধ্যবাধকতাৰ ফলতেই বিধানমণ্ডলে চৰকাৰী ধনৰ পুঁজি নিয়ন্ত্রণ কৰিব পাৰে । বিধানমণ্ডলে চৰকাৰক সম্পদ মঞ্জুৰ কৰিবলৈ মান্তি নহ'ব পাৰে । অৱশ্যে এনে ঘটনা সাধাৰণতে নঘটে , কিয়নাে সংসদীয় ব্যৱস্থাত চৰকাৰে সংখ্যাগৰিষ্ঠ সদস্যৰ সমর্থন লাভ কৰি থাকে । অৱশ্যে অর্থ মঞ্জুৰ কৰাৰ আগেয়ে লােকসভাই চৰকাৰে - অর্থ - বিচৰাৰ কাৰণসমূহ আলােচনা কৰিব পাৰে । তদুপৰি নিয়ন্ত্রক আৰু মহালেখা পৰীক্ষক ( Comptroller and Auditor General ) আৰু চৰকাৰী হিচাপ পৰীক্ষা কমিটিৰ ( Public Accounts Committee ) প্রতিবেদন অনুসৰি লােকসভাই পুঁজিৰ অপব্যৱহাৰৰ ঘটনাৰ অনুসন্ধান কৰিব পাৰে । কিন্তু বিধানমণ্ডলৰ নিয়ন্ত্রণ কেৱল বিত্তীয় যুক্তিযুক্ততা প্রতিপন্ন কৰাৰ বাবেই নহয় , বাজেটত প্রতিফলিত হােৱা চৰকাৰী নীতিৰ বিষয়তাে বিধানমণ্ডলে গুৰুত্ব আৰােপ কৰে । বিত্তীয় নিয়ন্ত্রণদ্বাৰা বিধানমগুলে চৰকাৰী নীতি নিয়ন্ত্রণ কৰে ।

 অনাস্থা প্রস্তাৱ ( NoConfidence Motion ): কাৰ্যপালিকাৰ দায়বদ্ধতা নিশ্চিত কৰিবলৈ সংসদৰ হাতত থকা আটাইতকৈ শক্তিশালী অস্ত্র হৈছে অনাস্থা প্রস্তাৱ । প্রকৃততে , যেতিয়ালৈকে চৰকাৰে লােকসভাৰ সংখ্যাগৰিষ্ঠ দলটো বা সংযুক্ত দলসমূহৰ সমর্থন লাভ কৰি থাকে তেতিয়ালৈ লােকসভাই চৰকাৰ ভঙ্গ কৰিব নােৱাৰে । অৱশ্যে ১৯৮৯ চনৰ পিচত কেইবাখনাে চৰকাৰে তেওঁলােকৰ সহযােগী দলবােৰৰ সমর্থন অক্ষুন্ন ৰাখিব নােৱাৰাৰ ফলত লােকসভাৰ আস্থা হেৰুৱাবলগীয়া হৈছিল ।

   এইদৰে , সংসদে কাৰ্যপালিকাক নিয়ন্ত্ৰণত ৰাখি চৰকাৰৰ দায়বদ্ধতা নিশ্চিত কৰিব পাৰে । অৱশ্যে ইয়াৰ বাবে প্রয়ােজনীয় কথা হৈছে যে , সদনৰ হাতত যথেষ্ট সময় থাকিব লাগিব , সদস্য সকল আলােচনাৰ বাবে আগ্রহী হ’ব লাগিব আৰু সক্রিয়ভাৱে অংশ গ্রহণ কৰিব লাগিব আৰু চৰকাৰ আৰু বিৰােধী পক্ষ বুজা - পৰাৰ বাবে ইচ্ছুক হ’ব লাগিব । যােৱা দশক দুটাত , লােকসভা আৰু ৰাজ্যিক বিধানসভাসমূহৰ অধিবেশনসমূহৰ আৰু বিতৰ্কৰ বাবে কটোৱা সময়ৰ অৱনতি ঘটিছে ।। তদুপৰি , সংসদ সদন দুখনত থুলৰ ( Quorum ) অভাৱ , বিৰােধী পক্ষৰ সদস্যৰদ্বাৰা সদনৰ অধিবেশন বয়কট আদিৰ ফলত সদনে আলােচনাৰ জৰিয়তে কার্যপালিকাক নিয়ন্ত্ৰণ কৰা ক্ষমতাৰ পৰা বঞ্চিত হৈছে ।তিনিদিন একেৰাহে দূৰদৰ্শনে প্ৰচাৰ কৰা সংসদৰ অধিৱেশন চোৱা।  অথবা বাতৰি কাকতত প্ৰকাশিত একেলেথাৰিয়ে তিনিদিনৰ প্ৰতিবেদন সংগ্ৰহ কৰা আৰু এখন প্ৰাচীৰ পত্ৰ (Wall Paper)তৈয়াৰ কৰা। তাত বিভিন্ন বিষয়ৰ আলোচনা অধ্যক্ষৰ ভূমিকা প্ৰশ্ন সুধি থকা অৱস্থা প্ৰতিনিধিসকল কি দলৰ সদস্য তোমাৰ অঞ্চলৰ প্ৰতিনিধিসকল, আলোচনা বিষয়সমূহৰ প্ৰকৃতি - সেইবোৰ ৰাষ্ট্ৰীয় নে আঞ্চলিক পৰ্য্যায়ৰ আছিল,আদি কথাবোৰ মন কৰিবা।

Type Sumit Patar

 Class 11 Political science