7.5.5  বলয়ী প্ৰাণী (Annelida)

বলয়ী প্ৰাণী সমূহো দ্বি-পাৰ্শ্বভাৱে সমমিত আৰু ত্ৰিস্তৰীয়। ইয়াৰ উপৰি ইহঁতৰ দেহত প্ৰকৃত দেহ গহ্বৰ বা দেহ গুহা পোৱা যায়। ইয়াত আভ্য়ন্তৰিণ প্ৰকৃত অংগ-প্ৰত্য়ঙ্গসমূহ সুসংগঠিত হৈ থাকে। দেহত অংগ-প্ৰত্য়ঙ্গবোৰ বিস্তৃতভাৱে সজ্জিত হৈ থাকে। ইহঁতৰ দেহ মূৰৰ পৰা পূচ্ছাংশলৈকে বহুত খণ্ডত বিভক্ত। এইবোৰ প্ৰাণী বিভিন্ন আৱাসভূমিত বাস কৰে―কিছুমান নিৰ্মল পানীত, কিছুমান সাগৰীয় আৰু কিছুমান স্থলচৰ। কেঁচু আৰু জোক ইয়াৰ পৰিচিত উদাহৰণ।



Class 9 General Science Assam SCERT Book (Chapter7)

Type:- Bidyut Thakuria.