7.5.4  ঘূৰণীয়া কৃমি (Nematoda Nemtihelmnthes)

    ঘূৰণীয়া কৃমিৰ দেহ দ্বি-পাৰ্শ্বভাৱে সমমিত আৰু ত্ৰিস্তৰীয় কিন্তু চেপেটা নহয় অৰ্থাৎ ইহঁতৰ দেহ চুঙাকৃতিৰ সিহঁতৰ দেহত কলা পোৱা যায়। দেহ গহ্বৰ বা ছদ্ম গুহা থাকে যদিও দেহত প্ৰকৃত অংগ-প্ৰত্য়ঙ্গ নাথাকে। ঘূৰণীয়া কৃমিবোৰ ৰোগ সৃষ্টিকাৰী পৰজীৱি প্ৰাণী হিচাপে বিশেষভাৱে পৰিচিত। উদাহৰণস্বৰূপে গোধাবেমাৰ সৃষ্টি কৰা ফাইলেৰিয়া পেলু নতুবা অন্ত্ৰত পৰজীৱি হিচাপে বাস কৰা ঘূৰণীয়া পেলু এইবিধ প্ৰাণীৰ অন্তৰ্ভুক্ত।




Class 9 General Science Assam SCERT Book (Chapter 7)

Type:- Bidyut Thakuria.