7.5.6  সন্ধিপদী প্ৰাণী (Arthopoda)

    সন্ধিপদী পূৰ্বৰ প্ৰাণীসমূহেই সম্ভৱত আটাইতকৈ ডাঙৰ গোষ্ঠীয়। এই প্ৰাণাসমূহৰ দেহ দ্বি-পাৰ্শ্বভাৱে সমমিত আৰু খণ্ডযুক্ত। ইহঁতৰ পৰিবহণ তন্ত্ৰ মুক্ত প্ৰকৃতিৰ আৰু সেয়েহে তেজ সুষ্পষ্ট ৰক্তনলীকাইদি প্ৰৱাহিত কৰিব নোৱাৰে। দেহ গহ্বৰ তেজেৰে পূৰ্ণ হৈ থাকে। এই প্ৰাণীবোৰৰ ঠেং সন্ধিযুক্ত। (আৰ্থ্ৰ'পড') Arthopod শব্দৰ অৰ্থ সন্ধিযুক্ত ঠেং। এইবিধ প্ৰাণীৰ কিছুমান সুপৰিচিত উদাহৰণ হ'ল一মিছামাছ, পখিলা, মাখি, মকৰা, বিশ্চিক কেঁকোৰা আদি।





Class 9 Science Assam SCERT Book (Chapter 7)

Type:- Bidyut Thakuria.