নতুন ৰাজ্যৰ কাৰণে দাবী

 আমাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ উত্তেজনা আন এটা দিশ হৈছে নতুন ৰাজ্য সৃষ্টিৰ বাবে দাবী।  স্বাধীনতা আন্দোলনে সমগ্ৰ ভাৰততে কেৱল ৰাষ্ট্ৰীয় ঐক্যৰে সৃষ্টি কৰা নাছিল, ই একে ভাষা অঞ্চল আৰু সংস্কৃতিৰ মাজতো স্পষ্টভাৱেই একতাৰ সৃষ্টি কৰিছিল। আমাৰ স্বাধীনতা আন্দোলনৰ সময়তেই এই সিদ্ধান্ত গ্রহণ কৰা হৈছিল যে যিমানদূৰ সম্ভৱ ৰাজ্যবােৰ উমৈহতীয় সংস্কৃতি আৰু ভাষিক স্বকীয়তাৰ ভিত্তিত সৃষ্টি কৰা হ'ব । 

    ইয়াৰ ফলতেই অৱশেষত স্বাধীনতাৰ পিছত ভাষাৰ ভিত্তিত ৰাজ্য সৃষ্টিৰ দাবী উত্থাপন হৈছিল । ১৯৫৪ চনত ৰাজ্য পুনৰ গঠন আয়ােগ স্থাপন কৰা হৈছিল আৰু ই অন্তত প্রধান ভাষিক গােটসমূহৰ বাবে ভাষাৰ ভিত্তিত ৰাজ্য গঠন কৰাৰ পৰামর্শ আগবঢ়াইছিল । ১৯৫৬ চনত কেইখনমান ৰাজ্যৰ পুনৰ গঠন কৰা হৈছিল । ভাষাৰ ভিত্তিত ৰাজ্য গঠনৰ এয়াই আৰম্ভণী আছিল আৰু এই প্রক্রিয়া এতিয়াও চলি আছে । ১৯৬০ চনত গুজৰাট আৰু মহাৰাষ্ট্র গঠিত হৈছিল । ১৯৬৬ চনত পাঞ্জাৱ আৰু হাৰিয়ানাক পৃথক কৰা হৈছিল । পিছলৈ , উত্তৰ - পূৱ অঞ্চলৰ পুনৰ গঠন কৰা হৈছিল আৰু মেঘালয়ৰ, মণিপুৰ, অৰুণাচল প্ৰদেশ আদি কেইখনমান নতুন ৰাজ্য গঠন হৈছিল। 

    কুৰি শতিকাৰ ৯০ ৰ দশকত পৃথক ৰাজ্যৰ দাবী পূৰণ কৰিবলৈ আৰু অধিক প্ৰশাসনীয় দক্ষতা লাভৰ বাবে বৃহৎ ৰাজ্য কিছুমান ভাগ কৰা হৈছিল। এইদৰে বিহাৰ উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশক ভাগ কৰি নতুন ৰাজ্য গঠন কৰা হৈছিল। সেইবোৰ হৈছে ক্ৰমে ঝাৰখণ্ড, উত্তৰাঞ্চল আৰু ছত্তিশগড়। তেলেঙ্গানা (অন্ধ্ৰপ্ৰদেশ) াৰু বিদৰ্ভ (মহাৰাষ্ট্ৰ)আদি কিছুমান অঞ্চল আৰু ভাষিক গোষ্ঠীয়ে পৃথক ৰাজ্যৰ বাবে সংগ্ৰাম কৰি আছে। 

Type Sumit Patar

Class 11 Political Science