7.5.8  কন্টকচমী প্ৰাণী (Echinodermata)

  গ্ৰীক শব্দৰ 'Echinos' কাঁইট আৰু 'Derma' ৰ অৰ্থ ত্বক। ইয়াৰ পৰা এইটো স্পষ্ট যে প্ৰাণীসমূহৰ দেহ আৱৰণখন কাঁইটেৰে আবৃত। এই প্ৰাণীসমূহৰ সকলোবিলাকেই সম্পূৰ্ণ সাগৰীয়া আৰু মুক্তভাৱে বিচৰণ কৰি থাকে। ইহঁতৰ দেহ ত্ৰিস্তৰীয় আৰু দেহ গহ্বৰযুক্ত প্ৰাণীসমূহৰ দেহত বিশেষ ধৰণৰ জল সংবহন নলীকা তন্ত্ৰ থাকে। এই তন্ত্ৰৰ সহায়ত পৰিৱেশৰ বিভিন্ন ঠাইত প্ৰাণী সমূহে ঘূৰি ফূৰিব পাৰে। দেহত টান চূণ জাতীয় কৰঠিন পদাৰ্থৰদ্বাৰা নিৰ্মিত এটা কংকাল থাকে। উদাহৰণঃ তৰামাছ আৰু সামুদ্ৰিক আৰ্চিন।

কণ্টকটচৰ্মী প্ৰাণী

চিত্ৰ- 7.19  : কণ্টকটচৰ্মী প্ৰাণী


Class 9 Science Assam SCERT Book (Chapter 7)

Type:- Bidyut Thakuria.