7.1    শ্ৰেণী বিভাজনৰ ভিত্তি কি? (What is basic of classification?)

অতীজৰ পৰাই মানুহে জীৱবিলাকক শ্ৰেণীবিভাজন কৰিবলৈ চেষ্টা কৰি আহিছে। গ্ৰীক দাৰ্শনিক এৰিষ্ট'ট'ল এ প্ৰাণীবিলাক মাটি আৰু বায়ুত বসতি স্থানৰ ওপৰত ভিত্তি কৰি সিহঁতক ক্ৰমে স্থলজ, জলজ আৰু বায়বত শ্ৰেণীবিভক্ত কৰিছিল। উদাহৰণ হিচাবে 一 ,সাগৰত বাস কৰা প্ৰাণী কিছুমান হ'ল一 তিমি, অক্টোপাচ, তৰামাছ শ্বাৰ্ক আদি। আমি এইবিলাক জীৱক দেখাৰ আদিমুহুৰ্ততেনিৰীক্ষণ কৰি সিহঁতৰ প্ৰত্য়কৰে ইটোৰ লগত সিটোৰ মাজত থকা বিভিন্ন ধৰণৰ পাৰ্থক্য় ধৰা পেলাব পাৰোঁ। প্ৰকৃততে সিহঁতৰ উমৈহতীয়া বৈষিষ্ট্য়টো হ'ল যে আটাইখিনি জীৱ পানীত বাস কৰে। জীৱৰ অধ্য়য়নৰ ক্ষেত্ৰত এনেদৰে শ্ৰেণীবিভাজন কৰাটো উচিত পদক্ষেপ নহয়। 

    সেইবাবেই আমি জীৱবিলাকক কি চৰিত্ৰৰ ওপৰত ভিত্তি কৰি পোন প্ৰথমে বৃহৎ বিভাগত ভাগ কৰি ল'ব পাৰি তাক বিবেচনা কৰি ল'ব লাগিব। ইয়াৰ পিছত পৰবৰ্ত্তী কি কি চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বিভিন্ন শ্ৰেণী, উপ শ্ৰেণী বা উপ বিভাগত বিভক্ত কৰিব পাৰি তাক বিবেচনা কৰিব লাগিব। এনেদৰে কৰা শ্ৰেণীবিভাজন প্ৰক্ৰিয়াত একোটা বিভাগত বৰ্ত্তি থকা চৰিত্ৰসমূহৰ পৰা প্ৰতি বাৰতে নতুন নতুন চৰিত্ৰ বিবেচনা আওতালৈ আনি ক্ৰমান্বয়ে শ্ৰেণীবিভাজন কৰিব লাগে।

    এইয়া কৰিবলৈ যোৱাৰ আগতে, আমি বৈশিষ্টপূৰ্ণ চৰিত্ৰ মানেনো কি তাক বুজি লোৱাটো প্ৰয়োজন। আমি যেতিয়া বিভিন্ন জীৱবিলাকক শ্ৰেণী বিভাজন কৰিবলৈ প্ৰচেষ্টা হাতত লওঁ, তেতিয়া সিহঁতৰ মাজত থকা কোনবিলাক চৰিত্ৰগত সাদৃশ্য়ক একেলগে ৰাখিব পাৰি তাক বিচাৰি উলিওৱা প্ৰয়োজন। প্ৰকৃতাৰ্থত এনেবোৰ "পন্থা" দ্বাৰাই জীৱটোৰ বাহ্য়িক আচৰণ বা দেখাত কেনেকুৱা জানি ল'ব পাৰি। অন্য় অৰ্থত জীৱটোৰ গঠন আৰু আচৰণ।

    আমি এতিয়া বুজি পালো যে জীৱৰ বৈশিষ্ট্য়পূৰ্ণ চৰিত্ৰ মানে জীৱটোৰ কোনো এক নিৰ্দিষ্ট গঠন বা এক বিশেষ আচৰণ। আমাৰ প্ৰত্য়কৰে এখন হাতত পাঁচটা আঙুলি থাকে। অৰ্থাৎ ই হ'ল আমাৰ এটা বৈশিষ্ট্য়পূৰ্ণ চৰিত্ৰ। সেইদৰে আমি দৌৰিব পাৰোঁ কিন্তু আহঁত গছ এজোপাই দৌৰিব নোৱাৰে। ইওঁ সিহঁতৰ একোটা বৈশিষ্ট্য়পূৰ্ণ চৰিত্ৰ।

    কোনো এটা বৈশিষ্ট্য়পূৰ্ণ চৰিত্ৰ কেনেকৈ অন্য় কিছুমান চৰিত্ৰতকৈ অধিক মৌলিক তাক বুজি পাবলৈ চেষ্টা কৰা। এখথন শিলেৰে নিৰ্মাণ কৰা দেৱালৰ গাঠনি লক্ষ্য় কৰা। দেৱালখনত ব্য়ৱহাৰ কৰা শিলবিলাক বিভিন্ন আকাৰ আৰু আকৃতিৰ। দেৱালখনৰ একেবাৰে ওপৰৰ শাৰীৰ শিলৰ আকাৰ আকৃতি তাৰ তলত শাৰীত কেনেকুৱা শিল আছিল তাৰ ওপৰত প্ৰভাৱ নপৰে। আনহাতে, দেৱালৰ একেবাৰে তলৰ শাৰীৰ শিলৰ আকৃতিয়ে ক্ৰমে তাৰ ওপৰৰ প্ৰতিটো পৰবৰ্ত্তী শাৰীৰ শিলৰ আকাৰ আৰুআকৃতি কেনেকুৱা হ'ব তাক নিৰ্ভৰ কৰে। দেৱালৰ তলৰ শাৰীত ব্য়ৱহাৰ কৰা শিলৰ চৰিত্ৰৰ নিচিনাকৈৱে জীৱজগতৰ বহল ভিত্তিত কৰা বিভাগৰ চৰিত্ৰগত বৈশিষ্ট্য়ৰ লগত তুলনা কৰিব পাৰি।

    এইদৰে আমি পৰস্পৰৰ মাজত সম্বন্ধ থকা চৰিত্ৰগত বৈশিষ্ট্য়বিলাকৰ ভিত্তিত জীৱজগতৰ শ্ৰেণীবিভাজনৰ বৰ্গীয়কৰণ কৰিব পাৰো।

    আজিকালি, জীৱজগতৰ শ্ৰেণীবিভাজনত কোষৰ প্ৰকৃতিৰ পৰা আৰম্ভ কৰি আন্তঃসম্বন্ধীয় চৰিত্ৰগত বৈশিষ্ট্য়বিলাকো পুঙ্খানুপুঙ্খভাৱে চালি জাৰি চোৱা। শ্ৰেণীবিভাজনৰ বৰ্গীকৰণ প্ৰথাত কোনবিলাক চৰিত্ৰগত বৈশিষ্টক প্ৰাধান্য় দিয়া হ'ব তাৰ উদাহৰণ তলত দিয়া হ'ল।

•    সংকোষকেন্দ্ৰীয় কোষৰ আৱৰণী বিশিষ্ট বিভিন্ন কোষ অংগাণুৰ লগতে কোষকেন্দ্ৰও থাকে যিয়ে কোষীয় প্ৰক্ৰিয়া সমূহ প্ৰত্য়েকেই গাইগুটিয়াকৈ সুচাৰুৰূপে চলাই নিয়াত সহায় কৰে। সেইবাবেই, যিবিলাক জীৱৰ কোষত প্ৰকৃত কোষকেন্দ্ৰ আৰু অন্য়ান্য় কোষ অংগাণুসমূহ নাথাকে সেইবিলাকৰ জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াবিলাক অন্য় এক পন্থাৰে সংঘটিত হয়। ইয়ে কোষৰ আকৃতি প্ৰকৃতি নিৰ্ণয়ত ভূমিকা লয়। তদুপৰি কোষকেন্দ্ৰ থকা কোষবিলাকে বহুকোষী জীৱৰ সংগঠনত অংশ লোৱা ক্ষমাতাও কাৰণে সেইবিলাকে বিশেষ কাৰ্য সমাধা কৰাত অংশ গ্ৰহণ কৰে। সেইবাবেই এইটো শ্ৰেণী বিভাজনৰ মৌলিক বৈশিষ্ট্য়সূচক চৰিত্ৰ বুলি গণ্য় কৰা হয়।

•   কোষবিলাক গাইগুটিয়াকৈ থাকেনে নে সমষ্টি হিচাপে গোট বান্ধি থাকে আৰু সেইবিলাক অদৃশ্য়মান নে? যিবিলাক কোষে গোট বান্ধি একোটা জীৱৰ দেহ গঠন কৰে সিহঁতে শ্ৰম বিভাজন নীতিটো মানি চলে। এনেদৰে গঠিত জীৱৰ দেহত থকা সকলোবিলাক কোষ দেখাত ইটোৰ লগত সিটোৰ হুবহু একেই নহয়। ইয়াৰ পৰবৰ্ত্তে, একোটা কোষৰ সমষ্টিয়ে কিছুমান বিশেষ কাৰ্য সমাধা কৰে। ইয়াৰ বাবেই জীৱবিলাকৰ দেহৰ গঠনবোৰৰ মাজত থকা পাৰ্থক্য়বিলাক পৰিলক্ষিত হয়। ফলস্বৰূপে, এটা এমিবাৰ গঠনৰ লগত এটা পেলুৰ দেহৰ গঠনৰ বহু পৰিমাণে পাৰ্থক্য় দেখা পোৱা যায়।

•     সকলোবিলাক জীৱই সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰেনে? নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পৰা জীৱবিলাক আৰু আনৰ পৰা আহৰণ কৰি জীয়াই থকা জীৱবিলাকৰ মাজত দৈহিক গঠনত বহু ক্ষেত্ৰত প্ৰয়োজন হয়।

•  সালোক সংশ্লেষণ কৰিব পৰা কিছুমান জীৱ (উদ্ভিদ) আছে। সিহঁতৰ দৈহিক গঠন কি পৰ্যায়ৰ?

•    প্ৰাণীবিলাকৰ ক্ষেত্ৰত সিহঁতৰ দেহৰ বিভিন্ন অংশবিলাক কেনেকৈ সংগঠিত হয় বা পোৱা যায়?

    আমি দেখা পালো যে, এনেদৰেই কিছুমান প্ৰশ্নৰ অৱতাৰণা কৰি জীৱজগতখনক বৰ্গীকৰণ কৰিব পাৰি। উদ্ভিদৰ দোহৰ গঠনৰ বৈশিষ্ট প্ৰাণীবিলাকতকৈ কিছু বেলেগ বেলেগ হোৱাৰ বাবে প্ৰাণীৰ শ্ৰেণীৰ বিভাজনত আন কিছুমান গুৰুত্বপূৰ্ণ চৰিত্ৰগত বিবেচনা কৰা হয়। ইয়াৰ প্ৰধান কাৰণ হ'ল সিহঁত দুয়োটাৰে দেহৰ গঠনৰ মাজত থকা জটিলতাৰ পাৰ্থক্য়। যেনে, কিছুমানে নিচজৰ আহাৰ নিজে তৈয়াৰ কৰি লয় (উদ্ভিদ) আৰু কিছুমানে খাদ্য় আহৰণ কৰে (প্ৰাণী)। সেইবাবেই এই আকৃতিগত বৈশিষ্ট্য়বিলাক (উদাহৰণহিচাবে অস্থি কংকাল)ক ভিত্তি হিচাবে বহল পৰিসৰত প্ৰধান ভাগত বিভক্ত  কৰাতহে বিবেচনা কৰা হয়।

প্ৰশ্নাৱলী

1.  জীৱজগতৰ শ্ৰেণী বিভাজন কৰোঁতে কোনটো চৰিত্ৰগত বৈশিষ্ট্য়ক বেচি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা।

    (ক) সিহঁতে বসবাস কৰা স্থানক?

    (খ) সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক? আৰু কিয়?

2.    জীৱজগতৰ শ্ৰণীবিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্য়টো কি?

3.    কি চৰিত্ৰগত বৈশিষ্ট্য়ক ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীকলাক দুটা পৃথক ভাগত স্থান দিয়া হৈছে।



Class 9 Science Assam SCERT Book (Chapter 6)

Type:- Bidyut Thakuria