6.2.2    (ii)   জটিল স্থায়ী কলা (Complex permanent Tissue)

 
           এতিয়ালৈকে যিবোৰ বিভিন্ন প্ৰকাৰৰ কলা সম্বন্ধে আলোচনা কৰা হ'ল সেইবিলাকৰ প্ৰতিবিধেই একেবিধ কোষেৰে গঠিত অৰ্থাৎ প্ৰতিটো কোষেই ইটোৰ লগত সিটো দেখাত একেই। সেইবিলাকক সৰল স্থায়ী কলা বোলে। অন্য় এবিধ স্থায়ী কলা হ'ল জটিল স্থায়ী কলা। এই জটিল কলাবিধ কেইবা প্ৰকাৰৰ কোষেৰে গঠিত হয়। আটাইকেইবিধ কোষেই সমন্বয়ক ৰক্ষা কৰি এটা উমৈহতীয়া কাৰ্যহে সম্পন্ন কৰে। জাইলেম আৰু ফ্লোৱেম হ'ল জটিল কলাৰ উদাহৰণ। সিহঁত দুয়োবিধেই হ'ল সংবহন কলা আৰু ইহঁতে সংবহন কণা গঠন কৰে। উচ্চ খাপৰ উদ্ভিদৰ দেহত এই সংবহন কলাৰ উপস্থিতি হ'ল সিহঁতৰ এটা  স্বকীয়তাপূৰ্ণ  বৈশিষ্ট আৰু ইয়াৰ সহায়তে স্থলজ পৰিবেশত খাপ খাই জীয়াই থকাটো সম্ভবপৰ হয়। চিত্ৰ 6.3চ এটা কাণ্ডৰ প্ৰসেথচ্চেদ দেখুৱা হৈছে। চিত্ৰটোৰ পৰা তুমি সংবহন কণাত থকা বিভিন্ন প্ৰকাৰৰ কোষবিলাক চিনাক্ত কৰি নিৰ্ণয় কৰিব পাৰিবানে?
    জাইলেমবিলাক ট্ৰেকাই, নলীকা, জাইলেম পেৰেণকাইমা আৰু কাষ্ঠ তন্তৰ দ্বাৰা গঠন হয়। এই আটাইবিলাক কোষৰ বেৰখন ডাঠ আৰু প্ৰায়বিলাক কোষেই মৃত। ট্ৰেকাইড আৰু নলীকাবিলাকৰ গঠন চুঙাকৃতিৰ। সেয়েহে এইবিলাকৰ সহায়তে পানী আৰু খনিজ লৱণ উদ্ভিদ দেহত লম্বভাৱে পৰিবহণ হয়। জাইলেম পেৰেণকাইমা খাদ্য় মজুত কৰাৰ উপৰিও পানী আৰু খনিজলৱণৰ পাৰ্শ্বীয় দিশত সংবহন সহায় কৰে। কাষ্ঠ তন্তুবিলাকৰ প্ৰধান কাৰ্য হ'ল উদ্ভিদ দেহক শক্তিশালী কৰি দৃঢ়তা প্ৰদান কৰা।
    ফ্লোৱেমো চাৰিবিধ কোষেৰে গঠিত। চালনি নলীকা, সংগী কোষ, ফ্লোৱেম পেৰেণকাইমা (চিত্ৰ 6.7)।
    চালনি নলীকাৰ কোষবিলাক চুঙাকৃতিৰ আৰু কোষবেৰ খন ৰন্ধ্ৰযুক্ত। ফ্লোৱেম আৰু জাইলেমৰ মাজত পাৰ্থক্য় এইয়ে যে ফ্লোৱেমে দুয়োটা দিশতে পদাৰ্থৰ পৰিবহন কৰিব পাৰে। ফ্লোৱেমে খাদ্য় বস্তু উদ্ভিদৰ পাতৰ পৰা অন্য়ান্য় অংগলৈ সৰবৰাহ কৰে।ফ্লোৱেম তন্তুৰ বাদে বাকীবিলাক কোষ সজীৱ বা জীৱিত।

ফ্লোৱেম                         জাইলেম



                                    চিত্ৰ-6.7 : জটিল কলাৰ প্ৰকাৰ









Class 9 G.Science Assam SCERT Book



Type:- BidyutThakuria







Post ID : DABP005228