পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ

 

৪,২ পদাৰ্থৰ ধৰ্ম

গিলাচ কিয় কাপোৰেৰে তৈয়াৰ কৰা নহয়, কেতিয়াবা তুমি ভাবি চাইছানে ? ৩নং অধ্য়ায়ৰ কাপোৰৰ টুকুৰাৰে কৰা পৰীক্ষা-নিৰীক্ষাসমূহ মনত পেলোৱা আৰু লগতে মনত ৰাখিবা যে গিলাচ সাধাৰণতে জুলিয়া পদাৰ্থ ৰাখিবলৈ ব্য়ৱহাৰ কৰা হয়। গতিকে কাপোৰেৰে গিলাচ তৈয়াৰ কৰিবলৈ যোৱাটো মুৰ্খামিৰ বাহিৰে আন একো নহয়। গিলাচ তৈয়াৰ কৰিবলৈ আমাক কাচ, প্লাষ্টিক, ধাত, আৰু অন্য় পদাৰ্থৰ আৱশ্য়ক হয়, যি পানী ধৰি ৰাখিব পাৰে। সেইদৰে ৰন্ধা-বঢ়া বাচনবোৰহ কাগজেৰে প্ৰস্তুত কৰিবলৈ বিচাৰাটো বৃদ্ধিমানৰ কাম নহ'ব। গতিকে আমি দেখিলোঁ কোনো এটা বস্তু প্ৰস্তুত কৰিবলৈ পদাৰ্থৰ গুণাগুণ আৰু বস্তুটোৰ ব্য়ৱহাৰৰ উদ্দেশ্য়ৰ ওপৰত ভিক্তি কৰি আমি পদাৰ্থ বাছি লওঁ। পদাৰ্থৰ সকলোবিলাক ধৰ্ম সিহঁতৰ ব্য়ৱহাৰৰ বাবে গুৰুত্বপূৰ্ণ নে ? কিছুমান ধৰ্ম তলত আলোচনা কৰা হ'ল।  

বাহ্য়িক ৰূপ (Appearance)

সাধাৰণতে পদাৰ্থবোৰ দেখাত এটাৰ পৰা আনটো বেলেগ। কাঠবোৰদেখাত লোতকৈ বহুত বেলেগ। লো দেখাত তাম বা এলুমিনিয়ামতকৈ বেলেগ। একেদৰে লো, তাম আৰু এলুমিনিয়ামৰ মাজত কিছুমান সাদৃশ্য়তা থকিব পাৰে যিবোৰ কাঠত নাই। বিভিন্ন পদাৰ্থ, যেনে- কাগজ, ডাঠ কাগজ, কাঠ, তামক তাঁৰ, এলুমিনিয়ামৰ পাত, চক্ আদিৰ সৰু টুকুৰা সংগ্ৰহ কৰা। এইবোৰৰ কোনোবাটো দেখাত উজ্জ্বল বা চক্চকীয়া নেকি ? উজ্জ্বল বস্তুবোৰৰ এটা ভাগ কৰা এতিয়া, প্ৰত্য়েকটো পদাৰ্থ, শিক্ষকে দুটুকুৰা কৰালৈ পৰ্যৱেক্ষণ কৰা আৰু নতুনকৈ কটা পৃষ্ঠালৈ লক্ষ্য় কৰা। কি দেখা পাইছা ? কিছুমান পদাৰ্থৰ নতুনকৈ কটা পৃষ্ঠখন দেখাত উজ্জ্বলনে ? এনে পদাৰ্থবোৰকো উজ্জ্বল বা চক্চকীয়া পদাৰ্থবোৰৰ ভাগত অন্তৰ্ভূক্ত কৰা। অনৱ্য়বোৰ পদাৰ্থত এনে উজ্জ্বলতা বা চিকমিকনি লক্ষ্য় কৰিছানে ? এইবোৰক তোমালোকে যিমান পাৰা সিমান কাটি চোৱা। শ্ৰেণীকোঠাত এই কামটো বাৰে বাৰে বিভিন্ন পদাৰ্থ লৈ কি চোৱা আৰু উজ্জ্বলতা বা চিকমিকনি থকা আৰু নথকা পদাৰ্থবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। পদাৰ্থৰ পৃষ্ঠখন কটাৰ সলনি চিৰিচ কাগজেৰে (sand paper) ঘঁহি চিকমিকনি আছে নে নাই চাব পাৰা। যিবিলাকপদাৰথৰ চিকমিকনি আছে সেইবোৰ সাধাৰণতে ধাতু। লো, তাম, এলুমিনিয়াম আৰু সোণ ধাতুৰ উদাহৰণ। বায়ু আৰু ইয়াত থকা জুলীয়া বাষ্পৰ ক্ৰিয়াৰ বাবে কিছুমান ধাতুৰ উজ্জ্বলতা কমি যায় আৰু দেখাত নিষ্প্ৰভ হয়। গতিকে আমি সেইবোৰৰ উজ্জ্বলতা কেৱল নতুনকৈ কটা পৰিষ্কাৰ পৃষ্ঠতহৈ দেখিবলৈ পাওঁ। কমাৰ শাল বা কৰ্মশালালৈ গ'লে তোমাকলোকে নতুনকৈ কটা ধাতুৰ দণ্ডৰ পৃষ্ঠৰ উজ্জ্বলতা লক্ষ্য় কৰিব পাৰিবা। 

কঠিনতা (Hardness) 

তোমালোকে বিভিন্ন পদাৰ্থক যেতিয়া হাতেৰে হেঁচা দিয়া, তেতিয়া কিছুমান চেপেটা কৰিবলৈ টান পাবা, আনহাতে কিছুমান সহজে চেপেটা কৰিব পাৰিবা। এটা ধাতুৰ চাবি লোৱা আৰু ইয়াৰ জৰিয়তে এটুকুৰা কাঠ, এলুমিনিয়াম, শিল, গজাল, মমবাতি, চক্পেঞ্চিল আৰু অন্য় পদাৰ্থ বা বস্তুৰ ওপৰত আঁচোৰ মাৰিবলৈ চেষ্টা কৰা। তোমালোকে কিছুমান পৃষ্ঠৰ ওপৰত সহজে নোৱাৰিবা। যিবোৰ পদাৰ্থ সহজে চেপেটা কৰিব পাৰি বা আঁচোৰ মাৰিব পাৰিসেইবোৰক কোমল পদাৰ্থ বোলে  আৰু যিবোৰক সহজে চেপেটা কৰিবলৈ টান সেইবোৰক কঠিন পদাৰ্থ বোলে। কপাহ আৰু স্পঞ্জ কোমল আৰু লো কঠিন পদাৰথৰ উদাহৰণ। বাহ্য়িক ৰূপত পদাৰ্থৰ বিভিন্ন গুণাগুণ থাকিব পাৰে। যেনে- দ্য়ুতি, কঠিনতা, খহটা বা মিহি। পদাৰ্থৰ বাহ্য়িক ৰূপ বৰ্ণনা কৰিব পৰা কিছুমান ধৰ্ম তোমালোকে বাৰু ক'ব পাৰিবানে ?

দ্ৰৱণীয় নে অদ্ৰৱণীয় ?

কিছুমান গোটা দ্ৰব্য় যেনে- চেনি, নিমখ, চক্ গুড়ি, বালি আৰু কাঠৰ গুড়ি সংগ্ৰহ কৰা। পাঁচটা গিলাচ বা বিকাৰ লোৱা। প্ৰক্য়েকটো ২/৩ অংশ পানীৰো পূৰ্ণ কৰি লোৱা। প্ৰথম গিলাচটোত অলপ পৰিমাণৰ চেনি, ২য় টোত অলপ নিমখ দিয়া। সেইদৰে আন দ্ৰব্য়বোৰ কম পৰিমাণে অন্য় গিলাচবোৰত ঢালি দিয়া। চামুচৰ সহায়ত প্ৰত্য়েকটো গিলাচৰ দ্ৰব্য় ভালকৈ ঘুটি লোৱা। কেইমিনিটমান বাট চোৱা। পানীত ঢালি দিয়া দ্ৰব্য়বোৰৰ কিবা সলনি হ'ব নেকি পৰ্যৱেক্ষণ কৰা তোমালোকৰ পৰ্যৱেক্ষণৰ ফলবোৰ ৪.৩ নং তালিকাত লিখি ৰাখা। তোমালোকে দেখিবা যে, কিছুমান দ্ৰব্য় সম্পূৰ্ণভাৱে পানীত অদৃশ্য় হয় বা পানীত দ্ৰৱীভূত হয়। এনে ধৰণৰ দব্ৰবোৰক পানীত দ্ৰৱণীত বুলি কোৱা হয়। আন কিছুমান দ্ৰব্য় যি পানীত মিহলি নহয়, তেনে দ্ৰব্য়বোৰক পানীত অদ্ৰৱণীত বুলি কোৱা হয়। পানীত বহুতো দ্ৰব্য় দ্ৰৱীভূত হোৱা বাবে আমাৰ শৰীৰ ৰ কাম-কাজবিলাক কৰোঁতে ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জুলীয়া পদাৰ্থও পানীত দ্ৰৱীভূত হয়নে ? ভিনেগাৰ, নেমুৰ ৰস, মিঠাতেল, নাৰিকল তেল, কেৰাচিন তেল বা অন্য় কিছুমান জুলিয়া পদাৰ্থ সংগ্ৰহ কৰা। কাচৰ এটা গিলাচ লৈ তাত আধালৈকে পানী ভৰাই লোৱা। এই দ্ৰব্য়বোৰৰ যিকোনো এটাৰ কেইচামুচমান পানীত দি দিয়া আৰু লোৱা। পাঁচ মিনিট সময় লৰ-চৰ নকৰাকৈ ৰাখা। এতিয়া জুলীয়া পদাৰ্থটো পানীত মিহলি হৈছেনে নাই ভালদৰে পৰ্যৱেক্ষণ কৰা। এই পৰীক্ষাটো বিভিন্ন জুলিয়া পদাৰ্থ লৈ পৰীক্ষা কৰি চোৱা। তোমালোকেৰ পৰ্যৱেক্ষণবোৰ তালিকা ৪.৪ত লিখি যোৱা। আমি দেখিবলৈ পালোঁ যে কিছুমান জুলিয়া দ্ৰব্য় পানীত সম্পূৰ্ণভাৱে মিহলি হয়। আন কিছুমান পানীত মিহলি নহয় আৰু লৰচৰ নকৰাকৈ ৰাখিব বেলেগ তৰপৰ সৃষ্টি কৰে। কিছুমান গেছ পানীত দ্ৰৱণীয় কিন্তু আন কিছুমান নহয়। পানীত সাদাৰণতে কম পৰিমাণে কিছুমান গেছ দ্ৰৱীভূত হৈ থাকে। উদাহৰণস্বৰূপে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন গেছ পানীত থকা উদ্ভিদ আৰু প্ৰাণীসমূহ জীয়াই থকাৰ বাবে অতি আৱশ্য়ক। 

পানীত বস্তু ওপঙিৰ বা ডুবিব পাৰে

৪ নং ক্ৰিয়াকলাপটো কৰোঁতে তোমালোকে দেখিছিল যে অদ্ৰৱণীয় গোটা পদাৰ্থবোৰ পানীৰ পৰা পৃতক হৈ পৰে। সেইদৰে ৫নং পৰীক্ষাতো তোমালোকে একেখিনি কথা কিছুমান জুলিয়া পদাৰ্থত দেখা পাইছিলা। পানীত মিহলি নোহোৱা এই পদাৰ্থবোৰৰ কিছুমান পানীত ওপঙি থাকে আৰু আনবোৰ ডুব গৈ তলত থাকে। বস্তু পানীত ওপঙি থকা বা ডুব গৈ থকা বহুত উদাহৰণ আছে। শুকান পাত এখিলা পুখুৰীৰ পানীত পৰিলে, একেটা পুখুৰীতে এটা শিলগুটি দলিযাই দিলে, এটা গিলাচৰ পানীত কেইটোপালমান মৌঢালি দিলে, এই আটাইবোৰৰ ক্ষেত্ৰত কি ঘটিব ? প্ৰজ্ঞানে তোমালোকক পানীত ওপঙা আৰু পানীত ডুবি যোৱা প্ৰত্য়েকৰে ৫ বিধকৈ উদাহৰণ দিবলৈ কৈছ। এই একেই পদাৰ্থবোৰ তেলৰ নিচিনা জুলীয়া পদাৰ্থত ওপঙিব নে ডুবিব কেনেকৈ পৰীক্ষা কৰিবা ? 

স্বচ্ছতা (Transparency) 

তোমালোকে হয়তো লুকা-ভাকু চেল খেলিছা। তোমালোকে এনে এখন ঠাইৰ কথা ভাবা য'ত  তোমালোকে লুকাই থাকিলে আনে দেখা নাপায়। সেই ঠাইডোখৰ তোমালোকে কিয় বাছি ল'লা ? কাচ লগোৱা খিৰিকী এখনৰ পাছফালে  লুকাবলৈ বিচৰা নেকি ? নিশ্চয় নহয়, কাৰণ খিৰিকীৰ মাজেৰে চাব পাৰিনে ? যিবোৰ দ্ৰব্য় বা পদাৰ্থবোৰক স্বচ্ছ পদাৰ্থ বোলে। কাচ, পানী, বায়ু আৰু কিছুমান প্লাষ্টিক বচ্ছ পদাৰ্থৰ উদাহৰণ। দোকানীয়ে সাধাৰণতে বিস্কুট, মিঠাই আৰু আন থোৱা বস্তুবোৰ কাচৰ বা প্লাষ্টিক বৈয়ামত ভৰায় থয়, যাতে গ্ৰাহকে এইবোৰ সহজে দেখা পায়।আনহাতে আন এনে কিছুমান পদাৰ্থ আছে, যিবোৰৰ মাজদি চালে বস্তু দেখা নোপোৱা। এনে পদাৰ্থবোৰক অস্বচ্ছ বুলি কোৱা হয়। এটা বন্ধ কাঠৰ বাকচ, ডাঠ কাগজ বা ধাতুৰ বাকচৰ ভিতৰত কি আছে তোমালোকে দেখা নোপোৱা। কাঠ, ডাঠ কাগজ, ধাতু এইবোৰ অস্বচ্ছ পদাৰ্থৰ উদাহৰণ। তোমালোকে জানিব পাৰিলানে যে আমি কোনো খেলি-মেলি নোহোৱাকৈ সকলো বস্তু আৰু পদাৰ্থকে স্বচ্ছ আৰু অস্বচ্ছ হিচাপে দুটা ভাগত ভগাব পাৰোঁ ?এখন কাগজৰ পাত লোৱা ইয়াৰ মাজেদি এটা জ্বলি  থকা বাল্বলৈ চোৱা। কি দেখা পাইছা লিখি যোৱা। এতিয়া ২-ত টোপালমান যিকোনো তেল কাগজখনৰ ওপৰত দি ভালদৰে বিয়পাই দিয়া। এতিয়া তেলেৰে তিতি থকা অংশেৰে পুনৰ জ্বলি থকা বাল্বটোলৈ চোৱা। আগৰ বাৰতকৈ এইবাৰ বাল্বচো বেছি ভালকৈ দেখা পাইছনে ? কিন্তু তেল লগা কাগজখনৰ মাজেদি তুমি স্পষ্টকৈ দেখা পোৱানে ? কাগজখিলাৰ আনফালে থকা সকলোবোৰ বস্তু দেখা পোৱা গৈছেনে ? দেখা পোৱা নাই চাগৈ ! যিবোৰ পদাৰ্থৰ মাজেদি চালে বস্তুবোৰ দেখি যদিও স্পষ্ট নহয় তেনে পদাৰ্থক ইষৎ স্বচ্ছ বোলে। খাদ্য বস্তুটোত চৰ্বি জাতীয় পদাৰ্থৰ উপস্থিতি পৰিক্ষা কৰোঁতে কাগজত থকা তেলেতীয়া দাগটোলৈ মনত পেলোৱা। সেইটোও ইষৎ স্বচ্ছহে আছিল। এনে ধৰণৰ আৰু কিছুমান ইষৎ স্বচ্ছ পদাৰ্থৰ উদাহৰণ দিব পাৰিবানে ? সেয়ে আমি পদাৰ্থ সমূহ স্বচ্ছ, অস্বচ্ছ  আৰু ইষৎ প্ৰহেলিকাই এডোখৰ আন্ধাৰ ঠাইত টৰ্চ লাইচৰ গ্লাচখন তোমালোকৰ হাতৰ তলুৱাৰে ঢালি ধৰিবলৈ পৰামৰ্শ দিছে। টৰ্চ লাইটটো জ্বলাই  ঢাকি ধৰা হাতৰ তলুৱাৰ আনটো ফাল পৰ্যৱেক্ষণ কৰিবলৈ কৈছেষ হাতৰ তলুৱাখন স্বচ্ছ, অস্বচ্ছ নে ইষৎ স্বচ্ছ তাই জানিব বিচাৰিছে। আমি শিকিলোঁ যে পদাৰ্থবোৰ বাহ্য়িক ৰূপ আৰু পানী বা আন জুলীয়া পদাৰ্থত মিহলি হোৱা ধৰণ বেলেগ বেলেগ। সেইবোৰ পানীত ওপঙিব বা ডুবিব পাৰে বা স্বচ্ছ,অস্বচ্ছ বা ইষৎ স্বচ্ছ হ'ব পাৰে। পদাৰ্থসমূহক সিহঁতৰ ধৰ্মৰ সাদৃশ্য়তা আৰু ভিন্নতাৰ ওপৰত ভিক্তি কৰি ভাগ কৰিব পাৰি। পদাৰ্থবোৰ আমি কিয় ভাগ কৰিব বিচাৰোঁ ? দৈনন্দিক জীৱনত আমাৰ সুবিধীৰ বাবে আমি প্ৰায়ে পদাৰ্থসমূহ ভাগ কৰোঁ। ঘৰত আমি সাধাৰণতে একে জাতীয় বস্তুবোৰ একেলগে থওঁ। এনেদৰে সজাই থ'লে আমি বস্তুবোৰ সহজে উলিয়াব পাৰোঁ। সেইদৰে এজন দোকানীয়ে সাধাৰণতে সকলো প্ৰকাৰৰ বিস্কুট তেওঁ দোকানৰ এটা চকুত, চাবোনবোৰ আন এঠাইত আৰু মা-মছলাসমূহ অন্য় এঠাইত ৰাখে। পদাৰ্থবোৰ ভাগ ভাগ কৰি ৰাখিলে সুবিধা হোৱাৰ অন্য় এটা কাৰণো আছে। বেলেগ বেলেগ ভাগত পদাৰ্থবোৰ ৰাখিলে সিহঁতৰ গুণাগুণবোৰ অধ্য়য়ন কৰিবলৈ সুবিধা হয়। আমি ইয়াৰ বিষয়ে ওপৰৰ শ্ৰেণীত বৈছিকৈ অধ্য়ায়ন হয়  



Class 6 Science 

Type: Dimi Bora