4.5 পাৰমাণৱিক সংখ্য়া আৰু ভৰ সংখ্য়া (Atomic Number and Mass Number)
4.5.1 পাৰমাণৱিক সংখ্য়া বা পৰমাণু ক্ৰমাংক (Atomic number)
আমি জানো যে পৰমাণু এটাৰ নিউক্লিয়াছ প্ৰ'টন থাকে। পৰমাণু এটাত থকা প্ৰ'টনৰ সংখ্য়াই তাৰ পাৰমাণৱিক সংখ্য়া নিৰ্ণয় কৰে। ইয়াক 'Z' ৰ দ্বাৰা বুজোৱা হয়। মৌল এটাৰ সকলোবোৰ পৰমাণুৰ সংখ্য়া, Z একে। দৰাচলতে মৌলবোৰৰ চিনাকি মৌলত থকা প্ৰ'টনৰ সংখ্য়াৰদ্বাৰা দিয়া হয়। হাইড্ৰ'জেনৰ বাবে Z = 1, কাৰণ হাইড্ৰ'জেন পৰমাণুৰ নিউক্লিয়াছত মাত্ৰ এটা প্ৰ'টন থাকে। একেদৰে কাৰ্বনৰ বাবে Z = 6 । এতেকে, পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰ'টনৰ মুঠ সংখ্য়াক পাৰমাণৱিক সংখ্য়া বোলা হয়।
Class 9 General Science Assam SCERT Book. Chapter 4.
Bidyut Thakuria