অণুজীৱঃ মিত্ৰ আৰু শক্ৰ 

তোমালোকে বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণী দেখিছা। ইয়াৰ বাহিৰেও সাধাৰণতে চকুৰে মনিব নোৱাৰা আন কিছুমান জীৱও আমাৰ চাৰিওফালে আছে। এইবোৰক অণুজীৱ ( Microorganism) বুলি কোৱা হয়। উদাহৰণস্বৰূপে তোমালোকে হয়তো মন কৰিছা যে বাৰিষাৰ দিনত আমাৰ পাউৰুটি নষ্ট হৈ যায়। তাত ঈষৎ ছাই বৰণীয়া চামনিৰে আৱৰি পেলায়। এই অংশবোৰ আতছী- কাছেৰে পৰ্যৱেক্ষণ কৰাচোন। তাত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ ঘূৰণীয়া আকৃতিৰ ক'লা বস্তু দেখিবলৈ পাবা। এই বস্তুবোৰ কি আৰু ক'ৰ পৰানো আহিল তোমালোকে জানানে?
 
    অণুজীৱঃ কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ ল'ৰচৰ কৰা দেখিছানে? এই পৰ্যবেক্ষণবোৰৰ পৰা বুজিব পৰা গ'ল যে- পানী আৰু মাটিত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ থাকে। ইয়াৰ সকলোবোৰেই অণুজীৱৰ শ্ৰেণীভূক্ত নহয়। এই অণুজীৱসমূহ ইমানেই ক্ষুদ্ৰ যে ইহঁতক খালী চকুৰে দেখা পোৱা নাযায়। ইহঁতকৰ কিছুমান, যেনে - পাউৰুটিত দেখা ভেঁকুৰবোৰক আতছী-কাচেৰেহে দেখা পোৱা যায়। আন কিছুমানক অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে দেখা পোৱা যায়। সেইকাৰণে এইবোৰক অণুজীৱ বুলি কোৱা হয়।

    এই অণুজীৱবোৰক চাৰিটা শ্ৰেণীত ভাগ কৰা হৈছে। এই ভাগবোৰ হৈছে- বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট'জ'ৱা আৰু কিছুমান শেলাই । সাধাৰণতে পোৱা কিছুমান অণুজীৱক চিত্ৰ ২.১- ২.৪ ত দেখুওৱা হৈছে।
ভাইৰাছবোৰকো অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পোৱা যায়। আশ্ৰয়দাতা কোষৰ ভিতৰতহে ইহঁতৰ প্ৰজননল সম্ভৱ হয়। এই আশ্ৰয়দাতাবোৰ বেক্টেৰিয়া, উদ্ভিদ অথবা প্ৰাণীও হ'ব পাৰে। চিত্ৰ ২.৫ ত কিছুমান ভাইৰাছৰ চিত্ৰ দেখুওৱা হৈছে। সাধাৰণতে হোৱা ইনফ্লুয়েঞ্জা ( ফ্লু ), চৰ্দি, জ্বৰ, কাঁহ আদি ভাইৰাছৰ দ্বাৰা হয়। পলিঅ' আৰু বসন্ত আদিৰ দৰে গুৰতৰ ৰোগসমূহো ভাইৰাছৰ দ্বাৰা হয়।

গ্ৰহণী আৰু মেলেৰিয়া ৰোগ প্ৰট'জ'ৱাৰ দ্বাৰা হয়। আনহাতে সন্নিপাত ( টাইফয়েড ) আৰু যক্ষ্মা বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগ। 

এনে কিছুমান অণুজীৱৰ বিষয় তোমালোকে ষষ্ঠ আৰু সপ্তম শ্ৰেণীত পাই আহিছা।

2.2 অণুজীৱসমূহ ক'ত বাস কৰে?

অণুজীৱ সমূহ এককোষীও হ'ব পাৰে, যেনে- বেক্টৰিয়া, কিছুমান শেলাই আৰু প্ৰট'জ'ৱা অথবা কিছুমান বহুকোষীও হ'ব পাৰে, যেনে- এমিবা, শেলাই আৰু ভেঁকুৰ। ইহঁতে বৰফাবৃত পৰিৱেশৰ পৰা গৰম পানীৰ উহলৈ আৰু মৰুভূমিৰ পৰা আৰ্দ্ৰভূমিলৈ সকলো পৰিৱেশতে তিষ্ঠি থাকিব পাৰে। মানুহৰ উপৰিও আন প্ৰাণীসমূহৰ শৰীৰতো ইহঁতক পোৱা যায়। কিছুমান অণুজীৱ আন অণুজীৱৰ গাত বৃদ্ধি পায়, আনহাতে আন কিছুমান মুক্তভাৱে থাকে। এমিবা নামৰ অণুজীৱই গাই গুটীয়াকৈ থাকিব পাৰে। কিন্তু ভেঁকুৰ আৰু বেক্টেৰিয়াসমূহ সংঘবদ্ধ হৈহে থাকে।

২.৩ অণুজীৱ আৰু আমিঃ  

আমাৰ জীৱনত অণুজীৱ সমূহৰ এক উল্লেখযোগ্য ভূমিকা আছে। ইয়াৰে কিছুমান বহুতো প্ৰকাৰে উপকাৰী আৰু আন কিছুমান আছে যিবোৰ অপকাৰী আৰু ৰোগ সৃষ্টিকাৰক। ইহঁতৰ বিষয় বিস্তৃতভাৱে অধ্যন কৰোঁ আহা- 

মিত্ৰ অণুজীৱঃ

অণুজীৱবোৰ বহুতো কামত ব্যৱহাৰ কৰা হয়। দৈ,পাউৰুটি  আৰু কেক প্ৰস্তুতকৰণত ইহঁতক ব্যৱহাৰ কৰা হয়। 
পৰিৱেশ চাফা কৰিবলৈও ইহঁতক ব্যৱহাৰ কৰা পৰিৱেশ চাফা কৰিবলৈও ইহঁতক ব্যৱহাৰ কৰা হয় । উদাহৰণস্বৰূপে - জৈৱ বর্জিত পদার্থ ( পাচলিৰ বাকলি , প্রাণীৰ অৱশিষ্ট আৰু মলমূত্র ) সমূহ বেক্টেৰিয়াৰ দ্বাৰা ব্যৱহাৰৰ উপযােগী ক্ষুদ্র ক্ষুদ্র অংশলৈ পৰিৱর্তিত হয় । মনত পেলােৱা যে বেক্টেৰিয়াসমূহ ঔষধ প্রস্তুতকৰণতে ব্যৱহৃত হয় । কৃষিক্ষেত্ৰত বেক্টেৰিয়াই নাইট্রজেন যৌগীকৰণ কৰি মাটিৰ উৰ্বৰতা ( Soil fertility ) বৃদ্ধি কৰাত সহায় কৰে ।

দৈ আৰু পাউৰুটি প্ৰস্তুতকৰণঃ
সপ্তম শ্ৰেণীত তোমালোকে পাই আহিছা যে বেক্টেৰিয়াই গাখীৰক দৈ লৈ ৰূপান্তৰ কৰে । দৈত বহুতো অণুজীৱ থাকে। এইবোৰৰ ভিতৰত লেক্ট'বেছিলাছ অণুজীৱই গাখীৰক দৈ হোৱাত সহায় কৰে। গাখীৰত মিহলি হৈ ই সংখ্য়াত বাঢ়ি যায় আৰু গাখীৰক দৈ লৈ পৰিৱৰ্তিত কৰে। চিজ, আচাৰ আৰু বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুতকৰণতো বেক্টেৰিয়া ব্যৱহৃ হয়। 

ইষ্টৰ প্ৰজনন ক্ষিপ্ৰ গতিত হয় আৰু ইহঁতৰ শ্বাস প্ৰশ্বাসত কাৰ্বন-ডাই-অক্সাইড গেছ উৎপন্ন হয়। গেছৰ বু্ৰবুৰণিবোৰ ময়দাৰ লডাৰ মাজে মাজে সোমাই ইয়াৰ আয়তন বৃদ্ধি ঘটায়। এই সুত্ৰটোৰ আঁত ধৰিয়ে কেক, পেষ্ট্ৰি, পাউৰুটি আদি প্ৰস্তুতকৰণত ইষ্টৰ ব্যৱহাৰ হয়। 

অণুজীৱৰ বাণিজ্য়িক ব্য়ৱহাৰঃ 
 সুৰা, মদ, আৰু এছিটিক এছিড (ভিনেগাৰ) বৃহৎপৰিমাণে প্ৰস্তুত কৰাৰ বাবেও অণুৃজীৱক ব্যৱহাৰ কৰা হয়। বাণিজ্যিক  ভিত্তিত সুৰা আৰু মদ প্ৰস্তুত কৰাত ইষ্ট ব্যৱহাৰ কৰা হয়। এই উদ্দেশ্যৰে ফলৰ ৰস, বাৰ্লি, গম, চাউল আদিত থকা প্ৰাকৃতিক শৰ্কৰাৰ পৰা ইষ্ট উৎপন্ন কৰা হয়। গোন্ধটো হৈছে সুৰাৰ, কাৰণ ইয়াত মিহলি চেনিখিনি ইষ্টৰ দ্বাৰা সুৰালৈ ৰূপান্তৰিত হ'ল। চেনি সুৰালৈ ৰূপান্তৰিত কৰা এই প্ৰক্ৰিয়াটোক কিন্বন ( Ferment-tion) বোলা হয়। 

অণুজীৱৰ ঔষধি ব্যৱহাৰঃ
তোমাৰ যেতিয়া কিবা বেমাৰ হয়, তেতিয়া ডাক্তৰে তোমাক কিছুমান এণ্টিবায়'টিক টেবলেট, কেপছুল বা পেনিছিলিনৰ নিচিনা বেজি দিয়ে। এই ঔষধবোৰৰ উৎস হৈছে অণুজীৱসমূহ। এই ঔষধবোৰে বেমাৰ
সৃষ্টিকাৰী অণুজীৱবোৰক ধ্বংস কৰে বা সিহঁতৰ বৃদ্ধিত বাধা জন্মায়। এনে ঔষধবোৰক এণ্টিবায়'টিক বোলে হয়। আজি-কালি বেক্টেৰিয়া আৰু ভেঁকুৰৰ পৰা বহুতো এণ্টিবায়'টিক প্ৰস্তুত কৰা হয়। ষ্ট্ৰেপট'মাইছিন, টেট্ৰাছাইক্লিন আৰু এৰিথ্ৰ'মাইছিন হৈছে ভেঁকুৰ আৰু বেক্টেৰিয়াৰপৰা প্ৰস্তু কৰা সাধাৰণতে জনা কিছুমান এণ্টিবায়'টিক। এণ্টিবায়'টিকবোৰ কিছুমান নিৰ্দিষ্ট অণুজীৱ বিকশিত কৰি প্ৰস্তুত কৰা হয় আৰু বিভিন্ন ৰোগ নিবাৰণৰ বাবে এইবোৰ ব্যৱহাৰ কৰা হয়। 
    
    প্ৰাণীক অণুজীৱীয় সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ আনকি পশুধন আৰু পক্ষীধনৰ খাদ্য এণ্টিবায়'টিক মিলাই দিয়া হয়। উদ্ভিদৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিবলৈও ইয়াক ব্যৱহাৰ কৰা হয়। 

প্ৰতিষেধক ছিটাঃ
যেতিয়া আমাৰ দেহত বীজাণু সোমায়, তেতিয়া আমাৰ শৰীৰে এই বীজাণুৰ বিৰুদ্ধে যুঁজিবলৈ এণ্টিবড    (প্ৰতিদেহ) গঠন কৰে পুনৰ যদি বীজাণু শৰীৰত সোমায়, তাক কেনেকৈ প্ৰতিৰোধ কৰিব লাগিব আমাৰ দেহে সেইটো মনত ৰাখে। গতিকে, এটা মৃত বা দুৰ্বল বীজাণু যদি সুস্থ মানুহৰ শৰীৰত সোমায়। তেন্তে শৰীৰে নিৰ্দিষ্ট ৰোগ প্ৰতিৰোধী বা এণ্টিবডিৰ সৃষ্টি কৰি সেই বীজাণুৰ বিৰুদ্ধে যুঁজি সিহঁতক ধ্বংস কৰে। এণ্টিবডিসমূহ শৰীৰত থাকে আৰু সেয়েহে আমাৰ শৰীৰে বীজাণুৰ পৰা হাত সাৰি থাকিব পাৰে। প্ৰতিষেধক ছিটাই এনে ধৰণে কাম কৰে। কলেৰা, যক্ষ্মা, বসন্ত আৰু হেপাটাইটিছকে আদি কৰি বহুতো ৰোগ প্ৰতিষেধক ছিটা দি প্ৰতিৰোধ কৰিব পৰা যায়।
    সৰু থাকোঁতে তোমালোকক নিশ্চয় কিছুমান ৰোগৰ পৰা হাত সাৰি থাকিবলৈ বেজি দিছিল।  এই ৰোগবোৰৰ নামৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ পাৰিবানে? মাৰা- দেউতাৰাৰ পৰাও সহায় ল'ব পাৰা। 
এই ৰোগসমূহৰ পৰা সকলো ল'ৰা-ছোৱালীক সুৰক্ষা দিয়াটো আৱশ্য়ক। ইয়াৰ বাবে উপযোগী  প্ৰতিষেধক ছিটা ওচৰৰ চিকিৎসালয়সমূহত পোৱা যায়। টিভি আৰু বাতৰিকাকতত - পালছ-পলিঅ' আঁচৰনি অধীনত পলিঅ' প্ৰতিৰোধ বিজ্ঞাপন নিশ্চয় দেখিছা। ল'ৰা-ছোৱালীক খুওৱা পলিঅ' টোপাল আচলতে এবিধ প্ৰতিষোধক ছিটাহে। 
    বৰ আইৰ বিৰুদ্ধে পৃথিৱীজোৰা প্ৰচাৰৰ ফলত পৃথিৱীৰ প্ৰায় ভাগ অঞ্চলৰ পৰা বৰ আই নিৰ্মূল হোৱাটো সম্ভৱ হৈছে।

    মানুহ আৰু আন প্ৰাণীসমূহক বহুতো ৰোগৰ পৰা ৰক্ষা কৰি ৰাখিবলৈ বৰ্তমানে বিস্তৃত হাৰত অণুজীৱৰ পৰা প্ৰতিষেধক ছিটা/টিকা প্ৰস্তুত কৰা হৈছে। 

মাটিৰ উৰ্বৰতা বৃদ্ধিঃ
মাটিৰ উৰ্বৰতা বৃদ্ধি ও কিছুমান বেক্টেৰিয়া আৰু নীল সেউজীয়া শেলাইয়ে ( চিত্র -২.৭ ) বায়ুমণ্ডলৰ নাইট্রজেন যৌগীকৰণ কৰি মাটিত নাই ট্র’জেনৰ পৰিমাণ বঢ়াই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে । এই অণুজীৱসমূহক জৈৱিক নাইট্রজেন যৌগকাৰক ( biological nitrogen fixers ) বুলি সাধাৰণতে কোৱা হয় ।
পৰিৱেশ নিৰ্মলকৰণঃ
প্ৰজ্ঞান আৰু প্ৰহেলিকাই বিদ্যালয়ৰ মালীয়ে সাৰ প্ৰস্তুত কৰা চাই আহিল। তেওঁলোকে বন্ধু-বান্ধৱৰ লগত ওচৰ চুবুৰীয়াৰ ঘৰ বা বাগিচাৰ পৰা শাক-পাচলি, ফলমূলৰ বৰ্জিত অংশসমূহ সংগ্ৰহ কৰিলে। তেওঁলোকে এইবোৰ জাৱৰ পেলোৱা গাঁতত পেলাই থলে। কিছুদিনৰ পাছত এইবোৰ পচি সাৰলৈ ৰূপান্তৰ হ'ল। প্ৰজ্ঞান আৰু প্ৰহেলিকাই এয়া কেনেকৈ সম্ভৱ হ'ল। জানিব বিচাৰিছিল।
দুয়োটা পাত্ৰৰ বস্তুখিনিৰ কিবা পৰিৱৰ্তন দেখিছানে? যদি দেখিছা তেনেহ'লে কি পৰিৱৰ্তন হৈছে? তোমালোকে দেখিবা যে পাত্ৰ 'A' ত থোৱা উদ্ভিদ অৱশিষ্ট দ্ৰব্যখিনি পচি সাৰলৈ ৰূপান্তৰ হৈছে। এয়া কিদৰে সম্ভৱ হ'ল? উদ্ভিদজাত অৱশিষ্ট অংশখিনি অণুজীৱৰ দ্বাৰা সাৰলৈ ৰূপান্তৰ হ'ল। এই প্ৰক্ৰিয়াত উৎপন্ন হোৱা পোষক দ্ৰব্যবোৰ উদ্ভিদে পুনৰ গ্ৰহণ কৰিব পাৰে। পাত্ৰ 'B' ত থকা পলিথিনৰ মোনা, খালী গিলাচ, ভঙা- ছিঙা টুকুৰাবোৰৰ কিবা পৰিৱৰ্তন হৈছেনে? অণুজীৱই এই বস্তুবোৰৰ ওচৰত কোনো ক্ৰিয়া কৰিব পৰা নাই যাৰ ফলত এই বস্তুবোৰ সাৰলৈ পৰিৱৰ্তন হোৱা নাই।
    তুমি হয়তো তোমাৰ চৌপাশে আধা পচি যোৱা গছৰ ডাল- পাত বা মৃত প্ৰাণীৰ শৰীৰৰ অৱশেষ
তুমি হয়তাে তােমাৰ চৌপাশে আধা পচি যােৱা গছৰ ডাল - পাত বা মৃত প্রাণীৰ শৰীৰৰ অৱশেষ আদি অর্ধগলিত হৈ পৰি থকা দেখিছা । তােমালােকে দেখা যে এইবােৰ কিছুদিনৰ পিছত নাইকিয়া হৈ পৰিছে । ইয়াৰ কাৰণ হ'ল যে- অণুজীৱবােৰে মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহত থকা জৈৱিক পদার্থসমূহ পচন ঘটাই সৰল পদার্থলে ৰূপান্তৰ কৰে । এই পদার্থসমূহপুনঃ আন উদ্ভিদ বা প্রাণীয়ে ব্যৱহাৰ কৰে । এইদৰে অণুজীৱবােৰক অনিষ্টকাৰী আৰু দুর্গন্ধযুক্ত পদার্থবােৰ পচাবলৈ ব্যৱহাৰ কৰিব পাৰি , যাৰ ফলত বাতাৱৰণ নিৰ্মল হয় ।

২.৪ অনিষ্টকাৰী অণুজীৱঃ
অণুজীৱসমূহ বিভিন্ন ধৰণে অপকাৰী। কিছুমান অণুজীৱই মানুহ,উদ্ভিদ আৰু প্ৰাণীৰ ৰোগ সৃষ্টি কৰে  এনে ৰোগকাৰী অণুজীৱসমূহক ৰোগকাৰক বুলি কোৱা হয়। কিছুমান অণুজীৱই খাদ্য়বস্তু, আৰু চামৰা নষ্ট কৰে। ইয়াৰ আন অনিষ্টকাৰী ক্ৰিয়াবোৰ অধ্যয়ন কৰোঁ আহা। 

মানুহৰ ৰোগ সৃষ্টিকাৰী অণুজীৱঃ 
ৰােগকাৰী অণুজীৱসমূহ উশাহৰ লগত , খােৱা পানীৰ লগত বা খােৱা আহাৰৰ লগত আমাৰ দেহৰ ভিতৰলৈ সােমায় । আক্রান্ত লােকৰ পােনপটীয়া সংস্পৰ্শত বা প্রাণীৰ জৰিয়তেও ইহঁতৰ সৰবৰাহ হয় । এই অণুজীৱৰ পৰা হােৱা ৰােগসমূহ বায়ু , পানী , আহাৰ বা ইজন সিজনৰ সংস্পৰ্শৰ দ্বাৰা ৰুগীয়া লােকৰ পৰা সুস্থ লােকলৈ বিয়পে বাবে ইহঁতক সংক্রামক ৰোগ ( Com- municable Diseases ) বােলা হয় । কলেৰা , চর্দি , মাজু আই আৰু যক্ষ্মা হৈছে এনে ৰােগৰ উদাহৰণ । এজন চর্দি হােৱা লােকে হাঁচিয়ালে , হেজাৰ বিজাৰ ভাইৰাছ কঢ়িয়াই ফুৰা সৰু সৰু জলীয় বাষ্পৰ কণিকা ওলাই বায়ুত বিয়পি পৰে । যি কোনাে সুস্থ লােকে উশাহ লওঁতে এই ভাইৰাছসমূহ তেওঁৰ দেহত প্রবেশ কৰিব পাৰে 

কিছুমান পতংগ আৰু প্রাণী আছে যিবােৰ ৰােগকাৰী অণুজীৱৰ বাহক । মাখি হৈছে এনে এবিধ বাহক । ইহঁতে জাৱৰ - জোঁথৰ বা প্রাণীৰ মলমূত্ৰত পৰে । ৰােগ কাৰকসমূহ ইহঁতৰ গাত লাগি ধৰে । যেতিয়া ইহঁতে ঢাকি নৰখা কোনাে খােৱা বস্তুত পৰে , তেতিয়া এই ৰােগ কাৰকসমূহ খাদ্যবস্তুত থাকি যায় । যিয়ে এই দূষিত খাদ্য খায় , সেই লােকো ৰােগত আক্রান্ত হােৱাৰ সম্ভাৱনা থাকে । সেয়েহে খােৱা খাদ্য সদায় ঢাকি ৰাখিব লাগে । ঢাকি নৰখা বস্তু খাব নালাগে । আন এবিধ বাহক হ’ল মাইকী এন’ফিলিছ মহ ( চিত্র -২.৮ ) । ইহঁত মেলেৰিয়াৰ পৰজীৱী বীজাণুৰ বাহক । মাইকী এইডিছ মহ ডেংগু ভাইৰাছৰ বাহক । আমি কেনেদৰে মেলেৰিয়া আৰু ডেংগু ৰােধ কৰিব পাৰোঁ

সকলো মহে পানীত কণী পাৰে। সেয়েহে আমি শীতলীকৰণ যন্ত্ৰ, টায়াৰ, ফুলৰ টাব আদি ক'তো  পানী জমা হ'ব দিব নালাগে। চৌপাশ পৰিষ্কাৰ আৰু শুকান কৰি ৰাখিলে কণী পৰা ৰোধ কৰিব পাৰি। মেলেৰিয়া ৰোধ কৰিবলৈ কি কি ব্যৱস্থা ল'ব পাৰি এখন তালিকা প্ৰস্তুত কৰি চোৱা।

মানুহৰ ৰোগ

অণুজীৱ

কেনেকৈ বিয়পে

প্ৰতিৰোধ ব্যৱস্থা(সাধাৰণ)

যক্ষ্মা সৰু আৰু মাজু আই পলিঅ

বেক্টেৰিয়া ভাইৰাছ ভাইৰাছ ভাইৰাছ

বায়ু

বায়ু

বায়ু/স্পৰ্শ

বায়ু/পানী

ৰোগীক আছুটীয়াকৈ ৰাখিব লাগে। ৰোগীৰ বস্তু-বাহানি আন মানুহৰ বস্তু-বাহানিৰ পৰা আঁতৰাই থব লাগে। উপযুক্ত বয়সত ছিটা দিব লাগে।

কলেৰা টাইফয়েড

বেক্টেৰিয়া বেক্টৰিয়া

পানী/খোৱা বস্তু

পানী

ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰিব লাগে আৰু ভাল অনাময় অভ্যাস (Sanitary habit) গঢ়িব লাগে।উপযুক্তভাৱে ৰন্ধা খাদ্যহে খাব লাগে।

পানী উতলাই খাব লাগে।

ছিটা দিব লাগে।

হেপাটাইটিছ-বি

ভাইৰাছ

পানী

পানী উতলাই খাব লাগে। ছিটা দিয়া প্ৰয়োজনীয়।

মেলেৰিয়া

প্ৰটৱা

মহ

আঁঠুৱা তৰিহে শুব লাগে আৰু মহ মৰা দৰৱ ব্যৱহাৰ কৰিব লাগে। মহে কণী পৰা ৰোধ কৰিবলৈ চাৰিওফালে কতো পানী গোট খাই থাকিবলৈ দিব নালাগে।



























তালিকা ২.১ ত মানুহৰ সাধাৰণতে হোৱা কিছুমান ৰোগ, সিহঁতৰ বিস্তাৰ আৰু এইবোৰৰ প্ৰতিৰোধৰ কিছুমান সাধাৰণ ব্য়ৱস্থা দেখুওৱা হৈছে। 

অণুজীৱৰ দ্বাৰা হোৱা প্ৰাণীৰ ৰোগঃ
কিছুমান অণুজীৱই যে কেৱল মানুহ আৰু উদ্ভিদকে আক্ৰান্ত কৰে এনে নহয়,ইহঁতৰ দ্বাৰা আন প্ৰাণীৰো ৰোগ হ'ল উদাহৰণস্বৰূপে- বেক্টেৰিয়াৰ দ্বাৰা মানুহ আৰু গৰু উভয়ৰে এনথ্ৰাক্স নামৰ এবিধ ৰোগ হয়। গৰু-ম'হৰ চবকা ৰোগ ভাইৰাছৰ দ্বাৰা হয়। 

অণুজীৱৰ দ্বাৰা উদ্ভিদত হোৱা ৰোগঃ
যৱ, ধান, আলু, কুঁহিয়াৰ, কমলা, আপেলকে আদি কৰি আৰু অন্য়ান্য় উদ্ভিদত হোৱা ৰোগৰ অন্যতম কাৰক হ'ল অণুজীৱসমূহ। এই ৰোগসমূহে শস্যৰ উৎপাদন কমায়। তালিকা ২.২ ত এনে ধৰণৰ কিছুমান ৰোগ হোৱা উদ্ভিদ দেখুওৱা হৈছে। নিৰ্দিষ্ট ৰাসায়নিক দ্ৰব্য় প্ৰয়োগেৰে অণুজীৱসমূহ ধ্বংসকৰি এই ৰোগবোৰ প্ৰতিৰোধ কৰিব পৰা যায়।

উদ্ভিদৰ ৰোগ

অণুজীৱ

বিস্তাৰ

চিত্ৰ

ছাইট্ৰাছ কেংকাৰ

বেক্টেৰিয়া

বায়ু

 

ঘেঁহুৰ ৰাষ্ট

ভেঁকুৰ

বায়ু, বীজ

 

ভেণ্ডীৰ ইয়েলভেইন মজাইক

ভাইৰাছ

পতংগ

 













খাদ্য বিষক্রিয়াঃ 
 প্রজ্ঞানে বন্ধুৰ ঘৰত আমন্ত্রিত হৈ বিভিন্ন ধৰণৰ খাদ্য খালে । ঘৰ পায়েই সি বমি কৰিবলৈ আৰম্ভ কৰিলে আৰু তাক হাস্পতাললৈ নিব লগা হ'ল । ডাক্তৰে খাদ্যৰ বিষক্রিয়াৰ বাবেই এনে হােৱা বুলি ক'লে ।

খােৱা বস্তুত কিছুমান অণুজীৱই ক্রিয়া কৰাৰ বাবেই খাদ্য বিষাক্ত হৈ পৰিব পাৰে । অণুজীৱই আমাৰ খাদ্যত কেতিয়াৱা বিষাক্ত পদার্থ উৎপন্ন কৰে । এই পদার্থই খাদ্য বিষাক্ত কৰি মানুহৰ গুৰুতৰ অৱস্থাৰ সৃষ্টি কৰে আৰু ইয়াৰ ফলত মানুহৰ মৃত্যু পর্যন্ত হ'ব পাৰে । আমি খাদ্য সামগ্রী নষ্ট নােহােৱাকৈ সংৰক্ষণ কৰা নিতান্ত প্রয়ােজন ।


২.৫ খাদ্য সংৰক্ষণঃ 
প্রথম অধ্যায়ত শস্যৰ সংৰক্ষণ আৰু মজুত কৰি ৰখাৰ পদ্ধতি শিকিছে । ঘৰত ৰন্ধা খাদ্য আমি কিদৰে সংৰক্ষণ কৰিব পাৰোঁ ? তােমালােকে জানা যে সেমেকা অৱস্থাত ব্যৱহাৰ নকৰাকৈ পেলাই থােৱা পাউৰুটিৰ টুকুৰাত কিদৰে ভেঁকুৰে ধৰে । অণুজীৱই আমাৰ খাদ্য নষ্ট কৰে । এনে খাদ্যৰ পৰা বেয়া গােন্ধ ওলায় , সােৱাদ বেয়া হয় । আৰু বৰণাে সলনি হয় । খাদ্য নষ্ট হােৱাটো ৰাসায়নিক বিক্রিয়া নেকি ? প্রহেলিকাই কেইটামান আম আনিছিল । কিন্তু সেইবােৰ কেইবাদিনমানলৈ খােৱা হােৱা নাছিল । পাছত তাই দেখিলে যে সেই আমবােৰ গেলি পচি গৈছে । কিন্তু তাইৰ আইতাকে প্রস্তুত কৰা আমৰ আচাৰ বহুদিনলৈ নষ্ট নােহােৱাকৈ থাকে । ভাবি তাই দোষােৰ মােধােৰত পৰিল । ঘৰত খাদ্য সংৰক্ষণ কৰাৰ সাধাৰণ পদ্ধতিবােৰ অধ্যয়ন কৰোঁ আহা । আমি খােৱা বস্তুবােৰ অণুজীৱৰ আক্ৰমণৰ পৰা ৰক্ষা কৰা দৰকাৰ ।


ৰাসায়নিক পদ্ধতিঃ
অণুজীৱৰ বৃদ্ধিৰ নিয়ন্ত্ৰৰ বাবে ব্য়ৱহাৰ কৰা সাধাৰণ ৰাসায়নিক দ্ৰৱ্য় দুবিধ হ'ল নিমখ আৰু খোৱা তেল সেয়েহে এইবোৰক সংৰক্ষক(preservatives) বোলা হয়। অণুজীৱৰ পৰা ৰক্ষা কৰিবলৈ আচাৰত নিমখ বা এছিড সংৰক্ষক হিচাপে দিয়া হয়। ছ'ডিয়াম বেনজ'য়েট আৰু ছ'ডিয়াম মেটাবাইছালফেট সাধাৰণ সংৰক্ষক। জাম আৰু জেলি নষ্ট নহ'বলৈও এইবোৰ ব্যৱহাৰ কৰা হয়। 

সাধাৰণ নিমখৰ সহায়ত সংৰক্ষণঃ  
মাছ আৰু মাংস সংৰক্ষণ কৰিবলৈ নিমখৰ ব্যৱহাৰ কৰাটো প্ৰাচীন কালৰে পৰা চলি আহিছে। মাছ আৰু মাংস শুকান নিমখেৰে সানি থ'লে বেক্টেৰিয়া সৃষ্টি নহয়। আমলখি, কেঁচা আম, তেঁতেলি আদিত নিমখ সানি সংৰক্ষণ কৰিব পাৰি।

চেনিৰ সহায়ত সংৰক্ষণঃ
চেনিৰ সহায়ত জাম, জেলি, চৰ্বত আদি সংৰক্ষণ কৰা হয়। জলীয়া বাষ্পই বেক্টেৰিয়াৰ বৃদ্ধিত সহায় কৰে ফলত খাদ্য় নষ্ট হয়। চেনিয়ে এই পানীৰ পৰিমাণ হ্ৰাস কৰে। 

তেল আৰু ভিনেগাৰে আচাৰ নষ্ট নোহোৱাকৈ ৰাখে, কাৰণ বেক্টেৰিয়াবোৰ তেনে পৰিৱেশত থাকিব নোৱাৰে। পাচলি, ফলমূল, মাছ আৰু মাংস প্ৰায়ে এনে ধৰণে সংৰক্ষণ কৰা হয়।

তাপ আৰু শীতলীকৰণ পদ্ধতিঃ 
 তােমাৰ মাৰাই খােৱা বা জমা কৰি থােৱাৰ আগতে গাখীৰ উতলােৱা নিশ্চয় লক্ষ্য কৰিছা । উতলালে বহুতাে অণুজীৱ ধবংস হয় । সেইদৰে খােৱা বস্তু আমি ৰিফ্রিজাৰেটৰৰ ভিতৰতত থওঁ । কম উষ্ণতাই অণুজীৱৰ বৃদ্ধিত বাধা দিয়ে । 
পাষ্টয়ৰী কৰা গাখীৰ উতলাই নােলােৱাকৈও খাব পাৰি । কাৰণ এনে গাখীৰত অনিষ্টকাৰী অণুজীৱ নাথাকে । এনে গাখীৰ ১৫ ৰ পৰা ৩০ ছেকেণ্ডলৈ ৭০ ডিগ্রি ছেলছিয়াছলৈ উতলােৱা হয় আৰু হঠাতে বৰফ ঠাণ্ডা কৰি জমা কৰা হয় । এনে কৰাৰ ফলত অণুজীৱৰ সৃষ্টি হ’ব নােৱাৰে । লুই - পেষ্টিয়ৰে এই পদ্ধতি আৱিষ্কাৰ কৰিছিল । ইয়াকে পাষ্টয়ৰীকৰণ ( Pasteurisation ) বুলি কোৱা হয় ।

মজুত আৰু পেকেটকৰণঃ
আজি-কালি শুকান ফলমূল আনকি পাচলিও অণুজীৱৰ আক্ৰমণৰ পৰা ৰক্ষা কৰি ৰাখিবলৈ বায়ু সোমাব নোৱাৰা পেকেটত বান্ধি বিক্ৰী কৰা হয়।

২.৬ নাইট্রজেন যৌগীকৰণঃ 
তােমালােকে ষষ্ঠ আৰু সপ্তম শ্রেণীত ৰাইজ’বিয়াম বেক্টেৰিয়াৰ বিষয়ে জানিছা । এই বেক্টেৰিয়াই উৰীজাতীয় ( মাহ ) উদ্ভিদত নাইট্রজেন যৌগীকৰণ কৰিব পাৰে । তােমালােকে মনত পেলােৱাচোন ৰাইজ’বিয়াম যে উৰহীজাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থাকে ( চিত্র -২.৯ ) আৰু ইহঁতে যেনে উৰহী আৰু মটৰ মাহৰ লগত সহজীৱী হিচাপে কাম কৰে । কেতিয়াবা বজ্ৰপাতৰ ক্ৰিয়াৰ জৰিয়তেও নাইট্রজেন যৌগীকৰণ হয় । কিন্তু তােমালােকে নিশ্চয় জানা বায়ুমণ্ডলত নাইট্র’জেনৰ পৰিমাণ সদায় একে থাকে । কিয় বাৰু ? বুজি লওঁ আহাচোন 

২.৭ নাইট্রজেন চক্রঃ
আমাৰ বায়ুমণ্ডলত ৭৮ % নাইট্রজেন গেছ আছে । প্রটিন , হৰিকণা , নিউক্লিক এছিড আৰু ভিটামিনৰ অংশ হিচাপে নাইট্রজেন সকলাে জীবিত পদাৰ্থৰ এক অত্যাৱশ্যকীয় উপাদান । প্রাণী আৰু উদ্ভিদে বায়ুমণ্ডলীয় নাইট্রজেন
পােনে পােনে গ্ৰহণ কৰিব নােৱাৰে । মাটিত থকা কিছুমান বেক্টেৰিয়া আৰু নীল সেউজীয়া শেলাইয়ে বায়ুমণ্ডলৰ নাইট্রজেন যৌগীকৰণ কৰি নাই ট্ৰ'জেনৰ যৌগলৈ পৰিৱৰ্তন কৰে।বায়ুত থকা নাইট্রজেন গ্রহণযােগ্য নাইট্রজেন যৌগলৈ পৰিৱৰ্তিত হােৱাৰ পাছত উদ্ভিদে 
ইয়াক মাটিৰ পৰা শিপাৰ সহায়ত আহৰণ কৰে । তেতিয়া এই নাইট্রজেন , উদ্ভিদত পােৱা প্ৰ'টিন আৰু আন যৌগ সংশ্লেষণৰ বাবে ব্যৱহাৰ হয় । উদ্ভিদক খাদ্য হিচাবে গ্রহণ কৰা প্রাণীয়ে উদ্ভিদৰ পৰাই প্ৰটিন বা আন নাইট্র’জেনযুক্ত যৌগবােৰ পায় ( চিত্র -২.১০ ) । যেতিয়া উদ্ভিদ আৰু প্ৰাণীৰ মৃত্যু ঘটে , তেতিয়া মাটিত থকা বেক্টেৰিয়া আৰু ভেঁকুৰে নাইট্রজেনযুক্ত বর্জিত পদার্থবােৰক নাইট্রজেনৰ যৌগলৈ ৰূপান্তৰিত কৰে , যাতে উদ্ভিদে পুনৰ এইবােৰ গ্ৰহণ কৰিব পাৰে । অন্য কিছুমান বেক্টেৰিয়াই সিহঁতৰ কিছু অংশ নাইট্রজেন গেছলৈ পৰিৱৰ্তিত কৰে আৰু এই গেছ বায়ুমণ্ডলত মিলি যায় । ফলত বায়ুমণ্ডলত নাইট্রজেনৰ শতকৰা পৰিমাণ প্রায় একেই থাকে।






তোমালোকে কি শিকিলা
১) অণুজীৱবোৰ অতি ক্ষুদ্ৰ আৰু ইহঁতক খালী চকুৰে দেখা পোৱা নাযায়।
২)ইহঁতে বৰফাবৃত অতি শীতল অঞ্চলৰ পৰা গৰম পানীৰ উহলৈ আৰু মৰুভূমিৰ পৰা আৰ্দ্ৰভূমিলৈ সকলো ধৰণৰ পৰিৱেশত থাকিব পাৰে।
৩) অণুজীৱবোৰক বায়ু , পানীৰ লগতে, উদ্ভিদ আৰু প্ৰাণীৰ দেহতো পোৱা যায়। 
৪) ইহঁত এককোষী বা বহুকোষী হ'ব পাৰে।
৫) বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট'জ'ৱা আৰু কিছুমান শেলাই অণুজীৱৰ অন্তৰ্গত। যদিও ভাইৰাছ উপৰোক্ত জীৱিত পদাৰ্থবোৰতকৈ বেলেগ তথাপি ইহঁতকো অণুজীৱ বুলি ধৰা হয়। 
৬) ভাইৰাছ আন অণুজীৱতকৈ বহুত বেলেগ। ইহঁতে কেৱল পোষক জীৱ অৰ্থাৎ বেক্টেৰিয়া, উদ্ভিদ বা প্ৰাণীকোষৰ ভিতৰতহে বংশ বৃদ্ধি কৰিব পাৰে। 
৭) কিছুমান অণুজীৱ দৰৱ আৰু সুৰাৰ বাণিজ্য়িক প্ৰস্তুতকৰণত ব্য়ৱহাৰ হয়। 
৮) কিছুমান অণুজীৱই জৈৱ বৰ্জিত পদাৰ্থ আৰু মৃত প্ৰাণী আৰু উদ্ভিদক সৰল পদাৰ্থলৈ বিযোজন কৰে আৰু এইদৰে পৰিৱেশক পৰিষ্কাৰ কৰি ৰাখে। 
৯) প্ৰট'জ'ৱা গ্ৰহণী আৰু মেলেৰিয়াৰ দৰে গুৰুতৰ ৰোগ সৃষ্টিকাৰক।
১০) কিছুমান অণুজীৱ আমাৰ খাদ্য়ত জন্মে আৰু খাদ্য়ত বিষক্ৰিয়া ঘটায়।
১১) উৰহীজাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত কিছুমান অণুজীৱ থাকে। ইহঁতে বায়ুমণ্ডলৰ নাইট্ৰ'জেনক মাটিত যৌগীকৰণ কৰিব পাৰে আৰু মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। 
১২)মাটিত থকা কিছুমান বেক্টেৰিয়া আৰু নীল সেউজ শেলাইয়ে বায়ুমণ্ডলৰ নাইট্ৰ'জেন মাটিত যৌগীকৰণ কৰি নাইট্ৰ'জেনৰ যৌগলৈ ৰূপান্তৰ কৰে।
১৩) আন কিছুমান বেক্টেৰিয়াই মাটিত থকা নাইট্ৰ'জেন যৌগক নাইট্ৰ'জেন গেছলৈ পৰিৱৰ্তিত কৰে আৰু এই গেছ বায়ুমণ্ডলত মিহলি হৈ যায়।    






Type
    Krishna Bora
    class 8 
    Science