কোষ- গঠন আৰু কাৰ্য

অধ্যায় ৮

তোমালোকে ইতিমধ্যে পঢ়ি আহিছা যে আমাৰ চাৰিওফালে হয় জীৱিত নাইবা জড় বস্তু কিছুমান আছে। তদুপৰি, তোমালোকে মনত পেলোৱা যে এই সকলোবোৰ জীৱিত প্ৰাণীয়ে কিছুমান বিশেষ মৌলিক কাম সমাধা কৰে। তোমালোকে এই কামবোৰৰ এখন তালিকা প্ৰস্তুত কৰিব পাৰিবানে?

তোমালোকে কৰা তালিকাত থকা কামবোৰ বিভিন্ন অংগৰ সমষ্টিয়ে সম্পাদন কৰে। এই অধ্যায়ত তোমালোকে অংগৰ মৌলিক গঠনৰ একক কোষৰ বিষয় জানিব পাৰিবা।কোষক আমি ইটাৰ লগত তুলনা কৰিব পাৰোঁ। ইটাবোৰ লগ লগাই ঘৰ বনোৱা হয়। ঠিক সেইদৰে, কোষসমূহ ইটোৰ লগত সিটো লগ লাগি জীৱদেহ গঠন হয়। 

৮.১ কোষৰ আৱিষ্কাৰঃ

১৬৬৫ চনত ৰবাৰ্ট হুকে সৰল আতছী-কাচ সম্বলিত এবিধ যন্ত্ৰৰ সহায়ত কৰ্ক এচকল নিৰীক্ষণ কৰিছিল। কৰ্ক হ'ল গা-গছৰ বাকলিৰ এটা অংশ। তেওঁ কৰ্কৰ এচকল পাতল অংশ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰ্যবেক্ষণ কৰিলে। তেওঁ কৰ্ক  চলক নিৰীক্ষণ কৰি কোঠালি সদৃশ গঠন কিছুমান

দেখা পাইছিল ( চিত্র -৮.১ ) । এই বাকচবােৰ দেখিবলৈ মৌচাকৰ দৰে । তেওঁ এইটোও নিৰীক্ষণ কৰিলে যে এই বাকচ বা কোঠাবােৰৰ প্রতিটোৱে এটা আনটোৰ পৰা এখন বেৰৰ দ্বাৰা পৃথক হৈ আছে । হুকে প্রত্যেকটো বাকচ বা কোঠাক “ কোষ ” বুলি নামকৰণ কৰিছিল । হুকে পর্যবেক্ষণ কৰা বাকচ বা কোষবােৰ প্ৰকৃততে মৃত কোষহে আছিল । উন্নত অণুবীক্ষণ যন্ত্র আৱিষ্কাৰ হােৱাৰ পাছতহে জীৱিত কোষক পর্যবেক্ষণ কৰিব পৰা হৈছিল । ৰবার্ট হুকৰ পর্যবেক্ষণৰ ডেৰশ ( ১৫০ বছৰ ) বছৰৰ পাছলৈকো কোষৰ বিষয়ে বহু কম কথাহে জানিব পৰা গৈছিল । বর্তমান উচ্চ পৰিবর্ধক ক্ষমতা সম্পন্ন অণুবীক্ষণ যন্ত্র থকাৰ কাৰণে আমি কোষৰ গঠন আৰু কামৰ বিষয়ে বহু কথা জানিব পাৰিছোঁ ।

 ৮.২ কোষঃ

ঘৰৰ বাবে ইটা আৰু জীৱৰ বাবে কোষ হৈছে ইহঁতৰ মৌলিক গঠনৰ গােট [ চিত্র -৮.২ ( ক ) , ( খ ) ] যদিও একে ধৰণৰ ইটা ব্যৱহাৰ কৰি ঘৰ সজা হয় ঘৰবােৰৰ আৰ্হি , আকৃতি আৰু আকাৰ কিন্তু বিভিন্ন ধৰণৰ হয় । ঠিক সেইদৰে , জীৱজগতত জীৱসমূহ এটাৰ পৰা আনটো পৃথক হলেও সকলােবােৰেই কোষৰ দ্বাৰা গঠিত । জড় ইটাবােৰতকৈ জীৱিত প্ৰাণীৰ কোষবােৰৰ গঠন জটিল ।


কুকুৰাৰ কণীয়ে এটা কোষক সূচায় আৰু ই ইমান ডাঙৰ যে খালী চকুৰেও যথেষ্ট ডাঙৰ দেখা যায়।  

৮.৩ জনই কোষৰ সংখ্যা , আকৃতি আৰু আকাৰৰ ভিন্নতা দেখুৱায় ?

 বিজ্ঞানীসকলে কেনেকৈ জীবিত কোষক পর্যবেক্ষণ আৰু অধ্যয়ন কৰে ? তেওঁলােকে বস্তুবােৰ ডাঙৰকৈ দেখাৰ বাবে অণুবীক্ষণ যন্ত্র ব্যৱহাৰ কৰে । কোষৰ গঠন বিস্কৃতভাৱে অধ্যয়ন কৰিবলৈ ৰঞ্জক দ্রব্য ব্যৱহাৰ কৰি কোষৰ বিভিন্ন অংশ ৰং কৰি লােৱা হয় । পৃথিৱীত বহু নিযুত সংখ্যক জীৱ আছে । সিহঁতৰ আকৃতি আৰু আকাৰ বিভিন্ন ধৰণৰ । সিহঁতৰ অংগসমূহৰাে আকৃতি , আকাৰ আৰু কোষৰ সংখ্যা বেলেগ বেলেগ । সিহঁতৰ কিছুমানৰ বিষয়ে অধ্যয়ন কৰোঁ আহা । 

কোষৰ সংখ্যাঃ

 তােমালােকে অনুমান কৰিব পাৰিবানে এজোপা ওখ গছ বা হাতীৰ দৰে ডাঙৰ প্ৰাণীৰ কিমান সংখ্যক কোষ থাকিব পাৰে ? সংখ্যাৰ হিচাপত বিলিয়ন বা ত্রিলিয়ন । মানুহৰ শৰীৰত ত্রিলিয়ন সংখ্যক কোষ আছে আৰু ইহঁতৰ আকৃতি আৰু আকাৰ বিভিন্ন । বিভিন্ন সমষ্টিৰ কোষে বিভিন্ন কাম সম্পাদন কৰে ।

এটাতকৈ বেছি কোষৰ দ্বাৰা গঠিত জীৱক বহুকোষী জীৱ বোলে। সৰু জীৱসমূহত কম সংখ্যক কোষ থাকিলেও ইয়ে প্ৰাণীটোৰ কামতকোনো প্ৰভাৱ নেপেলায়। তোমালোকে জানিবলৈ পাই আচৰিত হ'বা যে, বহু বিলিয়ন কোষেৰে গঠিত জীৱই জীৱন আৰম্ভ কৰে এটা কোষেৰে আৰু এইটো হ'ল এটা নিষেচিত ডিম্বাণু। কোষৰ নিষেচিত ডিম্বাণুটোৰ ক্ৰমাগত কোষ বিভাজনৰ ফলত কোষৰ দ্বাৰা গঠিত সংখ্যা বৃদ্ধি হৈ জীৱটোৰ বিকাশ হয়। 

চিত্ৰ-৮.৩ (ক) আৰু (খ) চোৱা। দুয়োটা জীৱই এটা কোষৰ দ্বাৰা গঠিত। এটা কোষেৰে গঠিত জীৱক এককোষী জীৱ বোলে।  এটা কোষৰ জীৱই বহুকোষী জীৱৰ দৰেই প্ৰয়োজনীয় সকলো কাম কৰিব পাৰে।


 






চিত্ৰ ৮.৩ : (ক) এমিবা (খ) পেৰামেছিয়াম 

এমিবাৰ দৰে এককোষী জীৱবোৰে আহাৰ গ্ৰহণ আৰু হজম কৰা, উশাহ লোৱা ৰেচন ক্ৰিয়া (ex-cretes), বৃদ্ধি আৰু প্ৰজননৰ কাম কৰিব পাৰে। ঠিক সেইদৰে, বহগুকোষৰ  দ্বাৰা গঠিত জীৱবোৰে বিশেষ কোষৰ সমষ্টিৰে গঠিত বিভিন্ন কলাৰ দ্বাৰাকামবোৰ কৰে। এই কলাসমূহেই পাছলৈ অংগ গঠত কৰে। 

কোষৰ আকৃতিঃ

চিত্ৰ ৮.৩ (খ) চোৱা। চিত্ৰত থকা এমিবাৰ আকৃতি  তোমালোকে কেনেকৈ ব্যাখ্যা কৰিবা? তোমালোকে ক'ব পাৰা যে, ইয়াৰ আকৃতি অনিয়মীয়া। আচলতে, আন জীৱৰ দৰে এমিবাৰ নিৰ্দিষ্ট আকৃতি নাই। ই তাৰ আকৃতি সলনি কৰি থাকে। বিভিন্ন দৈৰ্ঘ্যত শৰীৰৰ বিভিন অংশ বাহিৰলৈ উলিয়াই দিয়াটো পৰ্যবেক্ষণ কৰা। তোমালোকে সপ্তম শ্ৰেণীত পঢ়িছিলা যে এইবোৰক কূটপদ (pseudo-মিছা, podia- ভৰি/পদ) বোলে। এই প্ৰক্ষেপনবোৰ এমিবাই চলাচল বা আহাৰ খোৱাৰ সময়তহে দেখা পোৱা যায় আৰু নেদেখা হয়। 

মানুহৰ তেজৰ শ্বেত ৰক্ত কোষবোৰ (WBC), একক আন এটা উদাহৰণ। ই নিজৰ আকৃতি সলনি কৰিব পাৰে। তেজৰ শ্বেত ৰক্ত কণিকা এবিধ কোষহে। কিন্তু এমিবা সম্পূৰ্ণভাৱে এটা জীৱ, যাৰ স্বাধীনভাৱে জীয়াই থকা সামৰ্থ্য আছে।

 মিলিয়ন সংখ্যক কোষেৰে সৈতে এটা জীৱৰ আকৃতি কি হ'ব বুলি তুমি আশা কৰা ? মানুহৰ বিভিন্ন কোষ যেনে- তেজ , মাংসপেশী আৰু স্নায়ু আদিৰ চিত্র ৮.৪ ( ক , খ , গ ) ত দেখুৱা হৈছে । সিহঁতে কৰা নির্দিষ্ট কামৰ লগত ইহঁতৰ আকৃতিৰ সম্পর্ক আছে । সাধাৰণতে , কোষবােৰ ঘূৰণীয়া , গােলাকাৰ বা দীঘলীয়া [ চিত্র -৮.৪ ( ক ) ] হয় । কিছুমান কোষ দীঘলীয়া আৰু দুয়ােমূৰ জোঙা হয় । ই দেখাত মাকোৰ দৰে হয় [ চিত্র ৮.৪ ( খ ) ] । কেতিয়াবা কোষবােৰ বৰ বেছিদীঘলীয়া হয় । স্নায়ুকোষ বা নিউৰনৰ নিচিনা কোষবােৰ আকৌ শাখাযুক্ত হয় [ চিত্র -৮.৪ ( গ ) ] । স্নায়ুকোষে বার্তা সংগ্রহ

চিত্ৰ ৮.৪-(ক) মানুহৰ গোলাকাৰ লোহিত ৰক্ত কণিকা,

(খ) মাকো আকাৰৰ পেশী কোষ,

(গ) দীঘল শাখাযুক্ত স্নায়ুকোষ কৰি পঠিয়াই দেহৰ বিভিন্ন অংশৰ নিয়ন্ত্ৰণ আৰু যোগাযোগ ৰক্ষা কৰাত সহায় কৰে।

তোমালোকে অনুমান কৰিব পাৰিবানে, কোষৰ কোনটো অংশই তাৰ আকৃতি প্ৰদান কৰে। এখন পাতল আৱৰণে কোষৰ পদাৰ্থসমূহ আৱৰি ৰাখে। এই আৱৰণখনেই প্ৰাণী আৰু উদ্ভিদৰ কোষৰ আকৃতি প্ৰদান কৰে। উদ্ভিদৰ কোষত থকা পাতল আৱৰণখনক আৱৰি এখন অতিৰিক্ত কোষবেৰ থাকে। ইয়ে কোষৰ আকৃতি আৰু দৃঢ়তা আনে (চিত্ৰ-৮.৭)। বেক্টেৰিয়া কোষতো কোষবেৰ থাকে। 

কোষবোৰৰ আকাৰঃ

জীৱ কোষৰ আকাৰ ইমান সৰু যে ই এক মিটাৰৰ এক নিযুত ভাগৰ এক ভাগৰ সমান (মাইক্ৰ'মিটাৰ বা মাইক্ৰন) বা কেইবা চেন্টিমিটাৰ পৰ্যন্ত হয়। যিয়েই নহওক, বেছি সংখ্যক কোষেই আকাৰত অতি সূক্ষ্ম আৰু খালী চকুৰে দেখা নাযায়। সেয়েহে অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা ডাঙৰ কৰি চোৱাৰ আৱশ্যক হয়। ০.১ ৰ পৰা ০.৫ মাইক্ৰ'মিটাৰৰ আটাইতকৈ সৰু কোষটো বেক্টেয়াত পোৱা যায়।১৭০ মি.মি X ১৩০ মি.মি ৰ উট চৰাইৰ কণীটো আটাইতকৈ ডাঙৰ কোষ।  ASS   উদ্ভিদ আৰু প্ৰাণীৰ শৰীৰৰ আকাৰৰ লগত কোষৰ আকাৰৰ কোনাে সম্বন্ধ নাই । এইটো আৱশ্যক নহয় যে এটা এন্দুৰৰ কোষতকৈ এটা হাতীৰ কোষ বেছি ডাঙৰ হ'ব । কোষৰ আকাৰ তাৰ কামৰ ওপৰতহে নিৰ্ভৰ কৰে । উদাহৰণ স্বৰূপে হাতী আৰু এন্দুৰৰ স্নায়ুকোষ দীঘল আৰু শাখাযুক্ত । সিহঁতে বার্তা প্ৰেৰণ কৰাৰ দৰে একে কাম কৰে । 

৮.৪ কোষৰ গঠন আৰু কাম ঃ

তােমালােকে শিকিলা যে , প্রত্যেক জীৱৰ বহু অংগ থাকে । তােমালােকে সপ্তম শ্রেণীত পাচন অংগৰ বিষয়ে পঢ়িছিলা যিয়ে এক গােট হৈ পাচন তন্ত্ৰৰ সৃষ্টি কৰে । এই তন্ত্ৰৰ প্রত্যেক অংগই বিভিন্ন কাম কৰে যেনে- পাচন , আত্মীকৰণ আৰু শােষণ । সেইদৰে , উদ্ভিদৰ বিভিন্ন অংগই নির্দিষ্ট কাম কৰে । উদাহৰণ স্বৰূপে , শিপাই পানী আৰু খনিজ পদার্থ শােষণ কৰাত সহায় কৰে । তােমালােকে সপ্তম শ্ৰেণীত পাইছিলা যে গছৰ পাতত সালােক সংশ্লেষণ হৈ খাদ্য প্রস্তুত হয় । তদুপৰি প্রত্যেক অংগ কিছুমান সৰু অংশৰ দ্বাৰা গঠিত যাক কলা বােলে । কলা হৈছে কিছুমান একে ধৰণৰ কোষৰ সমষ্টি , যিয়েবিশেষ ধৰণৰ কাম কৰে । প্রহেলিকাই বুজি পালে যে , অংগবােৰ কলাৰ দ্বাৰা গঠিত । কলাবােৰ আকৌ কোষৰ দ্বাৰা গঠিত হয় । এই কোষবােৰ জীৱৰ মৌলিক গঠনগত একক ।

৮.৫ কোষৰ অংশসমূহঃ 

কোষাৱৰণ কোষৰ মূল উপাদান হ’ল কোষাৱৰণ , কোষপ্রৰস আৰু নিউক্লিয়াছ বা কোষকেন্দ্র ( চিত্র -৮.৭ ) । কোষপ্রৰস আৰু কোষকেন্দ্ৰক যি কোষাৱৰণে আৱৰি ধৰি ৰাখে , তাক প্লাজমাবেৰ বুলিও কোৱা হয় । বেৰবােৰে কোষবােৰক এটাৰ পৰা আনটোৰ লগতে চাৰিওফালৰ মাধ্যমৰ পৰাও পৃথক কৰি ৰাখে । প্লাজমা বেৰখন ছিদ্রযুক্ত আৰু ই বস্তু বা পদার্থসমূহ বাহিৰলৈ বা ভিতৰলৈ সঞ্চালন হ’ব দিয়ে ।

পিয়াঁজৰ কোষৰ অন্তৰ্ভাগ কোষাৱৰণে আৱৰি থাকে । কোষাৱৰণক আন এখন ডাঠ আৱৰণে আৱৰি থাকে আৰু ইয়াক কোষবেৰ বােলে । মাজৰ ঘন ঘূৰণীয়া আকৃতিৰ অংগটোক কোষকেন্দ্র বা নিউক্লিয়াছ বােলে । নিউক্লিয়াছ আৰু কোষাৱৰণৰ মাজত থকা জেলিৰ দৰে পদার্থখিনিক কোষপ্রস বােলে ।


তােমালােকে আগতে শিকিছা যে কোষাৱৰণে কোষৰ আকৃতি প্রদান কৰে । অতিৰিক্তভাৱে উদ্ভিদ কোষৰ কোষাৱৰণৰ বাহিৰত এখন ডাঠ তৰপ পােৱা যায় । ইয়াক কোষবেৰ বােলে । এই অতিৰিক্ত তৰপে কোষাৱৰণৰ চাৰিওফালে থাকি উদ্ভিদক সুৰক্ষা দিয়ে । উষ্ণতাৰ ভিন্নতা , উচ্চ গতিত হােৱা বতাহ , বায়ুমণ্ডলৰ জলীয় বাষ্পৰ তাৰতম্য আদিৰ পৰা উদ্ভিদৰ সুৰক্ষাৰ প্রয়ােজন । লৰচৰ কৰিব নােৱাৰা হেতুকে , উদ্ভিদে উক্ত প্রাকৃতিক তাৰতম্যৰ মুখামুখি হ’ব লগা হয় । ট্রেডেছকেনচিয়া , ইল’ডিয়া বা ৰিঅ ' আদিৰ পাতৰ বাকলিত কোষ পর্যবেক্ষণ কৰিব পাৰি । পিয়াঁজৰ নিচিনাকৈ তােমালােকে স্লাইড প্রস্তুত কৰিব পাৰা । প্রহেলিকাই প্রজ্ঞানক প্রাণী কোষ পর্যবেক্ষণ কৰিছে নেকি সুধিলে ।

কোষপ্রস বা চাইটোপ্লাজম 

ই কোষাৱৰণ আৰু কোষকেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্রব্য । কোষৰ আন বহু উপাদান বা কোষাংগ কোষপ্রসত পােৱা যায় । সেইবােৰ হ’ল মাইট্র ' কনড্রিয়া , গলগি বডি , ৰাইব’জম ইত্যাদি । পাছৰ শ্ৰেণীত তােমালােকে এইবােৰৰ বিষয়ে শিকিবা । 

কোষকেন্দ্র বা নিউক্লিয়াছ 

ই জীৱ কোষৰ আটাইতকৈ প্রয়ােজনীয় উপাদান । ই সাধাৰণতে গােলাকাৰ আৰু কোষৰ কেন্দ্ৰত অৱস্থিত । ইয়াক ৰং কৰিব পাৰি আৰু অতি সহজে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰি । এখন আৱৰণে কোষকেন্দ্রক কোষপ্রৰসৰ পৰা পৃথক কৰিছে । এই আৱৰণখনক কোষকেন্দ্রীয় আৱৰণ বােলে । এই আৱৰণখনাে বিন্ধাযুক্ত আৰু কোষপ্রৰস আৰু কোষকেন্দ্ৰৰ মাজত পদার্থ চলাচলত সহায় কৰে । 

    উচ্চ শক্তি সম্পন্ন অণুবীক্ষণ যন্ত্রৰ সহায়ত কোষকেন্দ্ৰত এটা সৰু গােলাকাৰ অংশ দেখা পাওঁ । ইয়াক অতিকোষকেন্দ্র বােলে ।      ক্ৰম 'জ'মনামৰ পকোৱা সূতাৰ দৰে কিছুমান গঠন কোষকেন্দ্ৰত থাকে । এইবােৰে জিন কঢ়িয়ায় আৰুবংশানুক্রমে পােৱা গুণবােৰ পিতৃ - মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত হােৱাত সহায় কৰে । যেতিয়া কোষ বিভাজন হয় তেতিয়া ক্রম’জমসমূহ স্পষ্টকৈ দেখা পােৱা যায় । কোষকেন্দ্ৰৰ বংশানুক্ৰমৰ ওপৰত থকা ভূমিকাৰ উ পৰিও , অতিৰিক্তভাৱে ই কোষৰ কামসমূহক

কেন্দ্রীয়ভাৱে নিয়ন্ত্রণ কৰে । জীৱিত কোষৰ ভিতৰত সম্পূর্ণ দ্রব্যখিনিক প্রট’প্লাজম ( Protoplasm ) নামে জনা যায় । প্রট’প্লাজমত কোষপ্রৰস আৰু কোষকেন্দ্র থাকে । প্রট’প্লাজমক কোষৰ জীৱিত পদার্থ কোৱা হয় ।

যেতিয়া তােমালােকে , পিয়াঁজৰ কোষক অণুবীক্ষণ যন্ত্ৰত পর্যবেক্ষণ কৰিছিল , তেতিয়া কোষপ্রৰসত খালী ঠাইৰ দৰে কিছুমান আকৃতি দেখিছিলানে ? ইয়াকে সধানী ( vocuole ) বুলি কয় । পিয়াঁজৰ কোষত ই অকলশৰীয়া আৰু ডাঙৰ , গালৰ কোষৰ ৰসধানীবােৰ সৰু । উদ্ভিদ কোষত সাধাৰণতে ডাঙৰ ৰসধানী থাকে । প্রাণী কোষৰ ৰসধানীবােৰ বহুত সৰু । ট্রেডেছকেনচিয়া পাতৰ কোষৰ কোষপ্রসত বহুতাে সৰু সৰু ৰঙীন গঠন ( অংশ ) নিশ্চয় দেখিবলৈ পাইছিলা । এইবােৰ পাতৰ কোষৰ কোষপ্রৰসত সিঁচৰতি হৈ থাকে । এইবােৰক প্লাষ্টিড বােলে । ইহঁত বিভিন্ন ৰঙৰ হয় । ইহঁতৰ কিছুমানৰ সেউজীয়া ৰঞ্জক পদার্থ থাকে , যাক ক্ল’ৰ'ফিল ( chlorophyll ) বােলে । সেউজীয়া ৰঙৰ প্লাষ্টিডবােৰ হৰিৎকণা বা ক্ল’ৰপ্লাষ্ট বােলে ।

সিহঁতে পাতক সেউজীয়া ৰঙ প্ৰদান কৰে। তোমালোকে মনত পেলোৱা যে, পাতৰ ক্ল'ৰ'প্লাষ্ট থকা ক্ল'ৰ'ফিল সালোক সংশ্লেষণৰ বাবে অতি প্ৰয়োজন ।

৮.৬ উদ্ভিদ আৰু প্ৰণীৰ কোষৰ তুলনাঃ

যদি তোমালোকে ক্ৰিয়াকলাপ ৮.৩ আৰু উদ্ভিদ ৮.৪ লৈ মনত পেলোৱা তেন্তে তোমালোকে প্ৰাণী আৰু উদ্ভিদ কোষক সহজে তুলনা কৰিব পাৰিবা। চিত্ৰ-৮.৭ (ক) ,(খ) ত দিয়া উদ্ভিদ আৰু প্ৰাণীৰ কোষ  সাৱধানেৰে পৰ্যবেক্ষণ কৰা।

আহা, উদ্ভিদ আৰু প্ৰাণী কোষৰ সাদৃশ্য আৰু বৈসাদৃশ্যসমূহৰ তালিকা প্ৰস্তুত কৰোঁ। মাথো কিছু বৈশিষ্ট্যহে উল্লেখ কৰা হৈছে। তুমি  তালিকা ৮.১ ত আৰু অধিক সংযোগ কৰা।     


চিত্ৰ ৮.৭ (ক) উদ্ভিদ কোষ, (খ) প্ৰাণী কোষৰ 

তোমালোকে কি শিকিলাঃ

১) সকলো জীৱ সৰু সৰু অংশৰ দ্বাৰা গঠিত যাক অংগ বোলে।

২) এই অংগবোৰ সৰু সৰু অংশৰে গঠিত, জীৱৰ এই অংগ, আটাইতকৈ  সৰু মৌলিক গঠনৰ অংশকে কোষ বোলে।

৩) ১৬৬৫ চনত ৰবাৰ্ট হুকে এডোখৰ কৰ্কত কোষবোৰ পৰ্যবেক্ষণ কৰিছিল। 

৪) কোষবোৰে বিভিন্ন আকৃতি আৰু আকাৰ দেখুৱায়। 

৫) জীৱ বিশেষে কোষৰ সংখ্য়াও বেলেগ হয়।

৬) কিছুমান কোষ যথেষ্ট ডাঙৰ হয় আৰু খালী চকুৰে দেখা যায়, যেনে কুকুৰাৰ কণী।

৭) কিছুমান জীৱৰ এটা কোষ থাকে, যদিও আন কিছুমানত বহু সংখ্যক কোষ থাকে।

৮) যেনেদৰে বহুকোষী প্ৰাণীয়ে বিভিন্ন কাম কৰিব পাৰে ঠিক সেইদৰে এককোষী প্ৰাণীয়েও এটা মাত্ৰ কোষেৰে সিহঁতৰ সকলো মৌলিক কামবোৰ কৰিব পাৰে। 

৯) কোষৰ তিনিটা মূল অংশ আছে- i) কোষাৱৰণ,

ii) কোষপ্ৰৰস, যত কোষাংগবোৰ থাকে আৰু (iii) কোষকেন্দ্ৰ।

১০) কোষকেন্দ্ৰটো কোষপ্ৰৰসৰ পৰা কোষকেন্দ্ৰীয় আৱৰণৰ দ্বাৰা পৃথক হৈ থাকে।

১১) যিবোৰ কোষত সু-সংগঠিত কোষকেন্দ্ৰ নাথাকে অৰ্থাৎ কোষকেন্দ্ৰীয় আৱৰণ নাথাকে তাক প্ৰ'কেৰিঅ'টিক কোষ কয়। 

১২) উদ্ভিদৰ কোষত কোষাৱৰণৰ বাহিৰেও এখন ডাঠ কোষবেৰ থাকে। ইয়ে উদ্ভিদকোষক প্ৰাণীকোষৰ পৰা পৃথক কৰে।

১৩) প্লাষ্টিড নামৰ ৰঙীন পদাৰ্থবোৰ মাথো উদ্ভিদ কোষতহে পোৱা যায়, সেউজীয়া প্লাষ্টিডত ক্ল'ৰ'ফিল বা পত্ৰহৰিৎ থাকে তাক হৰিৎকণা বোলে। 

১৪) উদ্ভিদ কোষত এটা ডাঙৰ ৰসধানী থাকে আনহাতে প্ৰাণীৰ কোষত এটাতকৈ বেছি সৰু সৰু ৰসধানী পোৱা যায়।