8.5  লৈখিক পদ্ধতিৰে গতিৰ সমীকৰণ (Equations of Motion by Graphical Method)

বস্তু এটাই সৰল ৰেখা এডালেদি সুষম ত্বৰণেৰে গতি কৰিলে কেইটামান সমীকৰণৰ যােগেদি গতিৰ কালত তাৰ বেগ আৰু ত্বৰণৰ সম্বন্ধ আৰু এক নির্দিষ্ট সময়ৰ অন্তৰালত সি অতিক্রম কৰা দূৰত্ব নির্ণয় কৰিব পাৰি। এইবােৰক গতি বিষয়ক সমীকৰণ বুলি কোৱা হয়। এনে সমীকৰণৰ সংখ্যা তিনি। এই সমীকৰণবােৰ হ’ল ঃ

ইয়াত বস্তপৰ প্ৰাৰম্ভিক বেগ u, ই  t সময়ৰ বাবে a সুষম ত্বৰণেৰে গতি কৰে, v তাৰ অন্তিম বেগ আৰু ই t সময়ত s দূৰত্ব অতিক্ৰম কৰে। 8.5 সমী.য়ে বেগ-সময় সম্পৰ্ক আৰু 8.6 সমীকৰণেৰে অৱস্থা-সময় সম্পৰ্ক নিৰ্দেশ কৰে। 8.7 সমীকৰণে অৱস্থান আৰু বেগৰ মাজৰ সম্পৰ্ক নিৰ্দেশ কৰে আৰু ইয়াক 8.5 আৰু 8.6 সমীকৰণৰ পৰা t আঁতৰাই প্ৰতিপন্ন কৰিব পাৰি। লৈখিক প্ৰণালীৰে এই তিনিওটা সমীকৰণ প্ৰতিপন্ন কৰিব পাৰি।




Class 9 Science Assam SCERT Book (Chapter 8)
Type:- Bidyut Thakuria