অখণ্ড সংখ্যাৰ সহযোগ বিধিঃ

1. যোগ সাপোক্ষে সহযোগ বিধিঃ

    পূৰ্ণ সংখ্যাই সহযোগ বিধি মানি চলে। এতিয়া তলৰ উদাহৰণকেইটালৈ মন কৰা- যিকোনো অখণ্ড সংখ্যাই ক্ৰমে 5, -2, -6 লোৱা হ'ল এই সংখ্যা তিনিটাকৈ তলত দিয়া ধৰণেৰে যোগ কৰি পাওঁ-

                5 + {(-2) + (-6)} = 5+(-2-6) = 5 + (-8) = 5 -8= -3

আকৌ    {5 + (-2)} + (-6) = (5-2) - 6 = 3 - 6 = -3

দেখা গ'ল যে, সংখ্যা তিনিটাক বেলেগ বেলেগ গোট কৰি যোগ কৰোঁতেও যোগফল একে পোৱা গৈছে।

a, b, c ৰ স্থানত যিকোনো অখণ্ড সংখ্যা বহুৱাই উক্ত বিধিৰ সত্যতা নিৰূপণ কৰি চাবা।


2. বিয়োগ সাপেক্ষে সহযোগ বিধিঃ

তলৰ বিয়োগফলকেইটালৈ মন কৰা-

ধৰাহ'ল, -5, 6, 7 ৰ বিয়োগফল নিৰ্ণয় কৰিব লাগে।

এতিয়া, (-5) - 6 - 7 = {(-5)-6}-7 = (-11) -7 = (-18)

আকৌ (-5) - (6 - 7) = (-5) - (-1) = (-5) + 1 = (-4)

অৰ্থ    {(-5) -6} - 7 ≠ (-5) - (6 - 7)

    দেখা গ'ল যে, তিনিটা অখণ্ড সংখ্যাক বেলেগ বেলেগ গোট কৰি বিয়োগ কৰিলে বিয়োগফল একে পোৱা নাযায়। বিয়োগ সাপেক্ষে অখণ্ড সংখ্যাত সহযোগ বিধি প্ৰযোজ্য নহয়।