অখণ্ড সংখ্যাৰ যোগ আৰু বিযোগৰ বিধিঃ


1. যোগ সাপেক্ষে আৱদ্ধ বিধিঃ

    আমি পাই আহিছোঁ যে পূৰ্ণসংখ্যাৰ যোগফল আন এটা পূৰ্ণসংখ্যা। অৰ্থাৎ পূৰ্ণসংখ্যাই যোগ সাপেক্ষে আৱদ্ধ বিধি মানি চলে। তলৰ তালিকাখনলৈ মন কৰা-

চাৰিওটা সমস্যাৰ ক্ষেত্ৰতে দুটা অখণ্ড সংখ্যাৰ যোগফল আন এটা অখণ্ড সংখ্যা পোৱা গৈছে। এই তথ্যটো সকলো অখণ্ড সংখ্যাৰ যোগৰ ক্ষেত্ৰত প্ৰযোজ্য হয়।


    যদি a আৰু b দুটা অখণ্ড সংখ্যা হয় তেন্তে a+b সদায় এটা অখণ্ড সংখ্যা হ'ব। ইয়াকে যোগ সাপেক্ষে অখণ্ড সংখ্যাৰ আৱদ্ধ বিধি বোলে।

যোগৰ সাপেক্ষে আৱদ্ধ বিধি

2. বিয়োগ সাপেক্ষে আৱদ্ধ বিধিঃ

    যিকেনো দুটা পূৰ্ণসংখ্যাৰ বিয়োগফল সদায় এটা পূৰ্ণসংখ্যা হ'ব পাৰেনে? তলৰ উদাহৰণলৈ লক্ষ্য কৰা- 16 - 2 = 4, এটা পূৰ্ণ সংখ্যা, কিন্তু 10 - 12 = -2, ই পূৰ্ণ সংখ্যা নহয়। অৰ্থাৎ পূৰ্ণ সংখ্যা বিযোগ সাপেক্ষে আৱদ্ধ নহয়। এইবাৰ তলৰ তালিকাখনলৈ মন কৰা- তিনিওটা উদাহৰণতে দেখা পাইছোঁ যে, দুটা অখণ্ড সংখ্যাৰ বিযোগফল অন্য এটা অখণ্ড সংখ্যা হয়।

    যদি a আৰু b দুটা অখণ্ড সংখ্যা হয়, তেন্তে a - b সদায় এটা অখণ্ড সংখ্যা হ'ব।

বিয়োগ সাপেক্ষে আৱদ্ধ বিধি