7.5.10  (ঘ) পক্ষী

   পক্ষী শ্ৰেণীৰ প্ৰাণীবোৰ উষ্ণৰক্তী। ইহঁতৰ হৃদযন্ত্ৰটো চাৰিটা কোঠালীত বিভক্ত। ইহঁতে কণী পাৰে। ইহঁতৰ দেহৰ বহিঃআৱৰণ পাখীৰে আবৃত। আগ ঠেং দুখন দেউকালৈ ৰূপান্তৰ হয় যাতে ইহঁতে উৰিব পাৰে। ইহঁতে হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ লয়। সকলো প্ৰকাৰৰ চৰাই এই শ্ৰেণীচত অন্তৰ্ভুক্ত। (চিত্ৰ ঃ 7.24 চোৱা)।

Bird
চিত্ৰ- 7.4 : পক্ষী


Type:- Bidyut Thakuria

Class 9 Science Assam SCERT Book (Chapter 7)