7.5.10 (গ) সৰীপসৃপ (Reptilia)

এই শ্ৰেণীৰ প্ৰাণীসমূহ শীতলৰক্তী। ইহঁতৰ দেহআৱৰণ বাকলি থাকে। শ্বাস-প্ৰশ্বাস হাওঁফাওঁৰ সহায়ত লয়। বেছি সংখ্য়ক প্ৰাণীৰ হৃদযন্ত্ৰটো তিনিটা কোঠালীযুক্ত কিন্তু ঘৰিয়াল বা হৃদযন্ত্ৰটোত চাৰিটা কোঠালী পোৱা যায়। ইহঁতে কণী পাৰে। সৰীসৃপৰ কণী উভচৰ প্ৰাণীসমূহতকৈ কিছু বেলেগ ধৰণৰ হয়। সৰীপসৃপৰ কণীবোৰৰ এখন ডাঠ চোকোৰা থাকে আৰু সেইকাৰণে পানীত কণী পৰা প্ৰয়োজন নহয়। বিভিন্ন সাপ, কাছ জেঠী, গুঁই আৰু ঘৰিয়াল আদি এই শ্ৰেণীত অন্তৰ্ভুক্ত। (চিত্ৰ 7.23 চোৱা)।

সৰীপসৃপ প্ৰাণী
চিত্ৰ- 7.23  : সৰীপসৃপ প্ৰাণী




Type:- Bidyut Thakuria.

Class 9 Science Assam SCERT Book (Chapter 7)