৪.4.2 বেগ-সময় লেখ (Velocity - time graphs)

    সৰল ৰেখাৰে গতিশীল বস্তু এটাৰ সময়ৰ সাপেক্ষে বেগৰ পৰিবৰ্তন বেগ - সময় লেখেৰে নির্দেশ কৰিব পাৰি। এই লেখত সময় x-অক্ষৰে আৰু বেগ y-অক্ষৰে নির্দেশ কৰা হয়। যদি বস্তুটো সুষম বেগেৰে গতিশীল, তেন্তে সময়ৰ সাপেক্ষে বেগ-সময় লেখৰ উচ্চতাৰ পৰিবৰ্তন নঘটে। ই x-অক্ষৰ সমান্তৰালকৈ এডাল সৰল ৰেখা হ'ব। 8.5 চিত্ৰত 40 km h-1 সুষম বেগেৰে গতিশীল গাড়ী এখনৰ বেগ-সময় লেখ দেখুওৱা হৈছে।
    আমি জানো যে, সুষম বেগেৰে গতিশীল বস্তুৰ বেগ আৰু সময়ৰ পূৰণফলে বস্তুৰ সৰণ নিৰ্দেশ কৰে। সময়-অক্ষৰ আৰু বেগ-সময় লেখে আবৰা অংশৰ কালি সৰণৰ মান সমান হ'ব।
    8.5 চিত্ৰ ব্য়ৱহাৰ কৰি t-1 আৰু t-2 সময়ৰ ব্য়ৱধানত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিবলৈ t-1 আৰু t-2 চিহ্নিত কৰা বিন্দুৰ পৰা লেখডাললৈকে লম্ব অংকন কৰা। AC বা BD উচ্চতাই 40km h বেগ আৰু AB দৈৰ্ঘ্য়ই সময় নিৰ্দেশ কৰিব। গতিকে, গাড়ীখনে (t-2 一t-1) সময়ত অতিক্ৰম কৰা দূৰত্ব s হ'ব।
s = AC × CD
    [(40 km h-1)
    = 40 (t2ー t1) km
    = ABDC আয়তক্ষেত্ৰৰ কালি।
    বেগ-সময় লেখ অংকন কৰি আমি সুষমভাৱে চ্বৰিত গতিৰ বিষয়েও অধ্য়য়ন কৰিব পাৰো। ধৰা হওঁক, ইঞ্জিন পৰীক্ষাৰ বাবে গাড়ী এখন পোন ৰাস্তা এটাৰে চলাই নিয়া হৈছে আৰু, চালকৰ কাষতে বহি ব্য়ক্তি এজনে 5 ছেকেণ্ডৰ মূৰে মূৰে স্পীড'মিটাৰৰ পাঠ লৈ গাড়ীৰ বেগ লিপিবদ্ধ কৰিছে। 8.3 তালিকাত বিভিন্ন সময়ত গাড়ীখনৰ বেগ km h-1 আৰু m s-1 এককত দেখুওৱা হৈছে।

তালিকা-8.3 : নিয়মিত ক্ষণত গাড়ী এখনৰ বেগ

সময়

গাড়ীখনৰ বেগ

(s)

(m  s-1)

(km  h-1)

0

0

0

5

2.5

9

10

5.0

18

15

7.5

27

20

10.0

36

25

12.5

45

30

15.0

54

    এই ক্ষেত্ৰত, গাড়ীখনৰ গতিৰ বেগ-সময় লেখ 8.6 চিত্ৰত দেখুওৱা হৈছে। লেখডালৰ প্ৰকৃতিৰ পৰা গম পোৱা যায় যে সমান সমান সময়ৰ অন্তৰালত গাড়ীখনৰ বেগৰ সমান সমান পৰিবৰ্তন হৈছে। গতিকে, সুষমভাৱে ত্বৰিত সকলো বস্তুৰ ক্ষেত্ৰত বেগ-সময় লেখৰ ৰূপ হ'ব সৰল ৰেখা।
FD 8.6
    গাড়ীখনে অতিক্ৰম কৰা দূৰত্বও তাৰ বেগ সময় লেখৰ পৰা নিৰ্ণয় কৰিব পাৰি। বেগ-সময় লেখৰ তলৰ অংশৰ কালিয়ে গাড়ীখনে এক প্ৰদত্ত সময়ত অতিক্ৰম কৰা দূৰত্ব (সৰণৰ মান) সূচায়। যদি গাড়ীখনে সুষম বেগেৰে গতি কৰিলেহেঁতেন তেন্তে লেখৰ ABCD অংশৰ কালিয়ে ই অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰিলেহেঁতেন। যিহেতু এই ক্ষেত্ৰত ত্বৰণৰ বাবে গাড়ীখনৰ বেগ সলনি হৈছে গতিকে বেগ-সময় লেখৰ তলত ABCDE অংশৰ কালিয়ে গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব, s নিৰ্দেশ কৰিব।
    অৰ্থাৎ.
  ABCDEৰ কালি
 =ABCD আয়তক্ষেত্ৰৰ কালি + ADE ত্ৰিভূজৰ কালি
      বিষমভাৱে ত্বৰিত গতিৰ ক্ষেত্ৰত বেগ-সময় লেখৰ আকৃতি যিকোনো ধৰণৰ হ'ব পাৰে।
FD 8.7 (a), (b)

    8.7 (a)  চিত্ৰত দেখুওৱা বেগ-সময় লেখে সময়ৰ সাপেক্ষে কমি অহা বেগৰ গতি নিৰ্দেশ কৰিছে। আনহাতে, 8.7 (b) চিত্ৰৰ বেগ-সময়ৰ লেখে সময়ৰ সাপেক্ষে অসমভাৱে সলনি হোৱা বেগ নিৰ্দেশ কৰে। এই লেখসমূহৰ তাৎপৰ্য বুজিবলৈ যত্ন কৰা।
কাৰ্যকলাপ..............................8.9
   A, B আৰু C তিনিটা ষ্টেচনত ৰে'লগাড়ী এখনৰ আগমন আৰু C ষ্টেচনৰ দূৰত্ব 8.3 চালিকাত দিয়া হৈছে।

তালিকা-8.4  : A ৰ পৰা আৰু C ষ্টেচনলৈ দূৰত্ব আৰু ৰেলগাড়ীৰ আগমন আৰু প্ৰস্থানৰ সময়।

 

ষ্টেচন

Aৰ পৰা

আগমনৰ

প্ৰস্থানৰ সময়

 

দূৰত্ব

সময়

(ঘণ্টা)

 

(km)

(ঘণ্টা)

 

A

0

08:00

08:15

B

120

11:15

11:30

C

180

13:00

13:15

  যিকোনো দুটা ষ্টেচনৰ মাজৰ গতি সুষম বুলি ধৰি লৈ ৰে'লগাড়ীখনৰ দূৰত্ব-সময় লেখ অংকন কৰা আৰু তাৰ তা
ৎপৰ্য ব্য়াখ্য়া কৰা।
কাৰ্যকলাপ...................................8.10
    ফিৰোজ আৰু তাৰ ভনীয়েক চাইকেলেৰে স্কুললৈ যায়। দুয়ো একে সময়তে ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰে। সিঁহতে একেটা বাটেৰে যায় যদিও বেলেগ বেলেগ সময়তহে সিঁহত স্কুল গৈ পায়। 8.5 তালিকাত সিহঁতে বিভিন্ন সময়ত অতিক্ৰম কৰা দূৰত্ব দেখুওৱা হৈছে一

তালিকা-8.5ফিৰোজ আৰু চানিয়াই বিভিন্ন সময়ত চাইকেলেৰে অতিক্ৰম কৰা দূৰত্ব।

সময়

ফিৰোজে অতিক্ৰম কৰা

চানিয়াই অতিক্ৰম কৰা

 

দূৰত্ব (km)

দূৰত্ব (km)

8:00 পুৱা

0

0

8:05 পুৱা

1.0

0.8

8:10 পুৱা

1.9

1.6

8:15 পুৱা

2.8

2.3

8.20 পুৱা

3.6

3.0

8:25 পুৱা

-

3.6


    একে স্কেলত সিঁহতৰ গণিতৰ দূৰত্ব-সময় লেখ অংকন কৰা আৰু তাৰ তাৎপৰ্য ব্য়াখ্য়া কৰা।

Class 9 General Science Assam SCERT Book (Chapter 8)
Type:- Bidyut Thakuria.