8.2.1 দিশৰ সৈতে দ্ৰুতি (Speed with Direction)

    বস্তু এটাৰ গতিৰ হাৰ এধিক বোধগম্য় হ'ব যদিহে আমি ইয়াৰ দ্ৰুতিৰ লগতে দিশো নিৰ্ণয় কৰোঁ। দিশ আৰু মান দুয়োটা সলনি কৰি ইয়াৰ নির্দেশ কৰা এই ৰাশিটোক বেগ বুলি কোৱা হয়। গতিশীল বস্তু এটাৰ নির্দিষ্ট দিশৰ দ্ৰুতিকে ইয়াৰ বেগ বােলে। বস্তু এটাৰ বেগ সুষম বা পৰিবৰ্তনশীল হ'ব পাৰে। বস্তুৰ দ্রুতি, গতিৰ দিশ নাইবা দুয়ােটা সলনি কৰি ইয়াৰ পৰিবর্তন ঘটাব পাৰি। বস্তু এটাই সৰল ৰেখাৰে পৰিবর্তনীয় দ্রুতিত গতি কৰিলে, আমি তাৰ গতিৰ হাৰৰ মান তাৰ গড় বেগৰ সহায়ত প্ৰকাশ কৰিব পাৰে। ইয়াক গড় দ্রুতি নির্ণয় পদ্ধতিৰে নির্ণয় কৰিব পাৰি। 

    বস্তু এটাৰ বেগ সুষমভাৱে পৰিবৰ্তন হ'লে ইয়াৰ গড় বেগ হ’ব এক প্রদত্ত সময়ত প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগৰ পাটীগণিতীয় গড় মান। অর্থাৎ一

য'ত      হৈছে গড়বেগ, u আৰু v ক্ৰমে বস্তুৰ প্ৰাৰম্ভিক আৰু অন্তিম বেগ।
    দ্ৰুতি আৰু বেগৰ একক একেই,অৰ্থা m s- 1  বা or m/s .
কাৰ্যকলাপ..........................................8.6
•    তোমালোকে ঘৰৰ পৰা বাছ অৱস্থানলৈ বা স্কুললৈ খোজ কাঢ়ি যাওঁতে লগা সময় জোখা। যদি তোমাৰ খোজ কঢ়াৰ গঢ় দ্ৰুতি 4 km h হয় বুলি ভাবা তেন্তে তোমাৰ ঘৰৰ পৰা বাছ অৱস্থান বা স্কুললৈ দূৰত্ব নিৰ্ণয় কৰা।
কাৰ্যকলাপ..........................................8.7
•  ডাৱৰীয়া বতৰত সঘনাই ঢেৰেকনি আৰু বজ্ৰপাতৰ সম্ভাৱনা থাকে। বজ্ৰপাতৰ চকমকনি দেখাৰ কিছু সময়ৰ পিছতহে ঢেৰেকনিৰ শব্দ তুমি শুনিবলৈ পোৱা। কিয় এনে হয় ক'ব পাৰিবানে?
•  সাংখ্য়িকীয় হাতঘড়ী বা বিৰাম ঘড়ীৰ সহায়ত এই সময়ৰ ব্য়ৱধান নিৰ্ণয় কৰা।
•  নিকটতম বজ্ৰপাতৰ দূৰত্ব নিৰ্ণয় কৰা। (বায়ুত শব্দৰ দ্ৰুতি = 346 m s-1)
প্ৰশ্নাৱলী
1.    দ্ৰতি আৰু বেগৰ পাৰ্থক্য় লিখা।
2.    কি চৰ্ত বা কি কি চৰ্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হয়?
3.    মটৰগাড়ীৰ অড'মিটাৰে কি জোখে?
4.    সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা?
5.    পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5মিনিটত ভূমিস্থিত ষ্টেচনত সংগ্ৰীহিত হ'ল। ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানখনৰ দূৰত্ব কিমান হ'ব? সংকেতটোৱে পোহৰৰ দ্ৰুতিৰে অৰ্থা3 ✖ 10 m s দ্ৰুতিৰে গতি কৰে।
                                                                                                              

উদাহৰণ 8.2 যাত্ৰাৰ আৰম্ভণিত গাড়ী এখনৰ অড'মিটাৰৰ পাঠ 2000 km আৰু যাত্ৰাৰ শেষত ইয়াত পাঠ 2400 km । যদি  ভ্ৰমণ সম্পূৰ্ণ কৰোতে 8 ঘণ্টা অতিবাহিত হৈছে তেন্তে গড় দ্ৰুতি km h-1 আৰু m sত নিৰ্ণয় কৰা।

সমাধান ঃ

    গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব,

    s = 2400 km - 2000 km = 400 km

    অতিবাহিত সময়, t = 8 h

    গাড়ীখনৰ গড় দ্ৰুতি হ'ব

                 

                    = 50 km h-1

                            

                            = 13.9 m s-1

 গাড়ীখনৰ দ্ৰুতি হ'ব 50 km  বা 13.9 m

                                                                                                                                                                                                                                                                                                       

উদাহৰণ 8.3   90 m দৈৰ্ঘ্য়ৰ পুখুৰী এটাত ঊষাই সাতোঁৰে তাই এটা মূৰৰ পৰা আনটো মূৰলৈ সাতুঁৰি পুনৰ একে পথেৰে উভতি মুঠতে 180 m দূৰত্ব। মিনিটত অতিক্ৰম কৰিলে। ঊষাৰ গতি দ্ৰুতি আৰু গড় বেগ নিৰ্ণয় কৰা।

সমাধান ঃ

    ঊষাই 1 মিনিটত 180 m দূৰত্ব অতিক্ৰম কৰে।

    1 মিনিটত ঊষাৰ সৰণ = 0 m

                  

                              = 3m s-1
                         
     উষাৰ গড় দ্ৰুতি 3m s-1 আৰু তাইৰ গড় বেগ) m s-1



Class 9 Science Assam SCERT Book (Chapter 8)
Type :- Bidyut Thakuria.


Post ID :DABP003830