আচ্ছাদক কলা

প্ৰাণীৰ দেহক সুৰক্ষা দিয়াৰ বাবে থকা বাহ্য়িক আৱৰণখিনিয়েই হ'ল আচ্ছাদক কলা। এই কলাৰ কোষবোৰৰ মাজত অন্তঃকোষীয় স্থান নাথাকে। আচ্ছাদক কলাই দেহৰ বিভিন্ন অংগ আৰু দেহ গুহাৰ আৱৰণ গঠন কৰে। ছাল, মুখৰ অন্তঃআৱৰণী, ৰক্তবাহকৰ অন্তঃআৱৰণী, হাওঁফাওঁৰ বায়ুথলী আৰু বৃক্ক নলীকাৰ আভ্য়ন্তৰীণবেৰ এইবিধ কলাৰে গঠিত। আচ্ছাদক কলাৰ কোষবোৰ ইটোৱে সিটোৰ লগত আঁটিলকৈ লাগি থাকে কাৰণে এখন আৱৰণৰ দৰে দেখা যায়। কোষবোৰৰ মাজত আঠাঁজাতীয় বস্তু নাথাকে আৰু আন্তঃকোষৱৰ্ত্তী স্থান দেখা পোৱা নাযায়। দোহৰ যিকোনো স্থানত কোনো বস্তু প্ৰৱেশ কৰোঁতে বা দেহৰ পৰা ওলাই যাওঁতে আচ্ছাদক কলা ভেদ কৰিব লাগিব। সেয়েহে দেহৰ বিভিন্ন অংশৰ মাজত আৰু বাহিৰ আৰু ভিতৰৰ মাজত বেলেগ বেলেগ স্থানত আচ্ছাদক কলাৰ কোষবোৰৰ ভেদ্য়তাৰ তাৰতম্য়ই দ্ৰব্য়ৰ সৰবৰাহত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আচ্ছাদক কলাৰ প্ৰকাৰ যিয়েই নহওঁক কিয় এই কলাবিধ ইয়াৰ তলত থকা আন কলাৰ পৰা বহিঃকোষীয় তন্তুময় আধাৰ আৱৰণ এখনৰ দ্বাৰা পৃথক হৈ থাকে।

    বিভিন্ন প্ৰকাৰৰ আচ্ছাদক কলাসমূহৰ গঠন কাৰ্য অনুযায়ী বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে ৰক্ত বাহকৰ অন্তঃআৱৰণী বা হাওঁফাওঁৰ বায়ুথলাসমূহ আচ্ছাদক কলাৰ কোষেৰে গঠিত। এই কলাৰ কোষবোৰে কিছুমান বিশেষ পদাৰ্থ পৰিৱহণ কৰে আৰু অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ গেছৰ বিনিময় ঘটায়। এনেধৰণৰ আচ্ছাদক কলাক সৰল ছটীয়া আচ্ছাদক কলা বুলি কোৱা হয়। এই কলাৰ কোষবোৰ অত্য়ন্ত পাতল আৰু চেপেতা আৰু দেখাত মাছৰ বাকলিৰ দৰে। গ্ৰাসনলী, মুখগহ্বৰৰ ভিতৰৰ আৱৰণী এই কলাৰে আবৃত। প্ৰাণীদেহৰ বহিঃআৱৰণ এই কলাৰ দ্বাৰা আবৃত আৰু ইহঁতে প্ৰাণীক আত্ম ৰক্ষা কৰাত সহায় কৰে। ই দেহাভ্য়ন্তৰত থকা অংগৰ বাহ্য়িক আঘাতৰ পৰা ৰক্ষা কৰে আৰু আভ্য়ন্তৰ অংগবোৰ শুকাই নাওযাবৰ বাবে ঘাম, চকুৰ পানী আদিৰ দ্বাৰা সুৰক্ষা প্ৰদান কৰে। এই কলাৰ কোষবোৰ একাধিক তৰপৰ দ্বাৰা গঠিত হয় কাৰণে ইয়াক স্তৰাভূত ছটায় আচ্ছাদক কলা বুলি কোৱা হয়।

    দেহৰ কিছুমান অংগ যেনে ক্ষুদ্ৰান্তৰ আন্ত্ৰিক ভিলাই, শ্বাসনলী আদি কোষবোৰ স্তম্ভ আকৃতিৰ। এই কোষবোৰে আচ্ছাদক কলাৰ মাজেদি দ্ৰব্য়ৰ সৰবৰাহ নিয়ন্তৰন কৰে। শ্বাসনলীৰ কোষবোৰৰ স্তম্ভাকাৰ আৰু ইয়াৰ মুক্ত প্ৰান্তত অতি সূক্ষ্ম চিলিয়া বা কেশৰ থাকে। এই চিলিয়াবোৰে এটা নিৰ্দিষ্ট দিশত লৰচৰ কৰিব পাৰে। এইবোৰৰ সঞ্চালনৰ ফলত শ্লেস্মা নিৰ্দিষ্ট দিশত স্থানান্তৰিত হয়।

    বৃক্কনলীৰ আভ্য়ন্তৰত থকা আচ্ছাদক কোষবোৰ ঘনাকাৰ, একেদৰে লালটি গ্ৰন্থিৰ কোষবোৰ ষড়ভূজীয়, কোষকেন্দ্ৰ ঘূৰণীয়া আৰু কোষবোৰ এতৰপীয়াভাৱে সজ্জিত হৈ থাকে। এই কলাবোৰে দেহত সুদৃঢ়তাৰে ৰক্ষণাবেক্ষণ দিয়ে। কেতিয়াবা আচ্ছাদক কলাৰ কোষবোৰ ৰূপান্তৰিত হৈ কিছুমান গ্ৰন্থি কোষৰ সৃষ্টি কৰে। গ্ৰন্থিবোৰৰ পৰা কিছুমান ৰস নিঃসৰিত হয়। এই কলাসমূহক গ্ৰন্থময় আচ্ছাদক কলা বুলি কোৱা হয়। কেতিয়াবা এই কলাৰ এটা মাত্ৰ আচ্ছাদক কোষ ৰূপান্তৰিত হৈ এককোষী গ্ৰন্থকোষ আৰু কেতিয়াবা বহু আচ্ছাদক কোষ একেলগে হৈ বহুকোষী গ্ৰন্থি সৃষ্টি কৰে।


Class 9 General Science Assam SCERT Book

Type:- Bidyut Thakuria.