আঁহৰ পৰা কাপোৰলৈ

প্ৰহেলিকা আৰু প্ৰজ্ঞানে সিহঁতৰ বিদ্য়ালয়ত অনুষ্ঠিত হোৱা বিজ্ঞানৰ এখন কুইজ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পালে। সিহঁত খুউব উল্লাসিত হ'ল আৰু সিহঁতে পুৰস্কাৰৰ টকাৰে মাক-দেউতাকৰ বাবে কাপোৰ কিনিবলৈ ঠিক কৰিলে। যেতিয়া সিহঁতে দোকানত বহু বিধ বস্ত্ৰ সামগ্ৰী দেখিবলৈ পালে আৰু বিপাঙত পৰিল। দোকানীজনে ক'লে যে ইয়াৰ কিছুমান কাপোৰ কপাহী  সূতাৰে আৰু কিছুমান সাংশ্লেষিক সূতাৰে তৈয়াৰী। দোকানখনত উলৰ মাফলাৰ আৰু আলোৱানো আছিলয। ইয়াৰ উপৰি বহুতো পাটৰ মেখেলা-চাদৰ আছিল। প্ৰহেলিকা আৰু প্ৰজ্ঞানে এইবোৰ ভাবি অতিকৈ উল্লসিত হৈ পৰিল। তেওঁলোকে এখন উলৰ মাফলাৰ আৰু এযোৰ কপাহী মেখেলা চাদৰ কিনিলে। কাপোৰৰ দোকানখনৰ পৰা অহাৰ পাচৰে পৰা প্ৰহেলিকা আৰু প্ৰজ্ঞানে তেওঁলোকৰ চৌপাশে থকা বিভিন্ন ধৰণৰ কাপোৰবোৰলৈ মন কৰিবলৈ ধৰিলে। সিহঁতে মন কৰিলে যে বিছনা চাদৰ, কম্বল, পৰ্দা, 'টেবুল ক্লথ', টাৱেল আৰু ঘৰ মচা কাপোৰবোৰ বিভিন্ন ধৰণৰ। আনিক সিহঁতৰ স্কুলবেগ আৰু মৰাপাটৰ থৈলাবিলাকো এক ধৰণৰ আঁঁহৰ দ্বাৰা তৈয়াৰী। সাংশ্লেষিক তাক চিনাক্ত কৰিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। তোমালোকেও এনে কিছুমান কাপোৰ চিনাক্ত কৰিব পাৰিবানে ?

৩.১ কাপোৰৰ প্ৰকাৰ 

ওচৰৰ এখন দৰ্জীৰ দোকানলৈ যোৱা। চিলাই কৰাৰ পাছত কাটি পেলোৱা পেলনীয়া কাপোৰৰ টুকুৰা সংগ্ৰহ কৰা। প্ৰত্য়েক টুকুৰা কাপোৰ চুই চোৱা আৰু অনুভৱ কৰা। এতিয়া কাপোৰবোৰ কপাহী, পাট, ঊণী নে সাংশ্লেষিক তাক লিখি উলিওৱা। তোমালোকে এই বেলেগ বেলেগ কাপোৰৰ টুকুৰাবোৰ কিহেৰে তৈয়াৰী ভাবি আচৰিত হৈছে নহয়নে?তোমালোকে যিকোনো কাপোৰৰ টুকুৰা এডোখৰলৈ মন কৰাচোন, ইয়াক অবিচ্ছিন্ন টুকুৰা যেন লাগে। এতিয়া একেবাৰে ওচৰৰ পৰা লক্ষ্য় কৰা। কি দেখিবলৈ পাইছা ? ক্ৰিয়াকলাপ ১ ত চিহ্নিত কৰা এচুকুৰা কপাহী কাপোৰ বাছি লোৱা। এতিয়া যিকোনো এটা মূৰৰ পৰা ওলাই থকা এডাল সূতা বা পকোৱা সূতা বিচাৰি তাক টানি উলিওৱা। যদি কোনো ওলাই থকা সূতা দেখা নাই, তেন্তে তুমি লাহেকৈ পিন বা বেজি এটাৰে এডাল সূতা টানি উলিয়াবা পাৰা। আমি পাওঁ যে এডাখৰ কাপোৰত সূতাবোৰ কিহৰে তৈয়াৰী ? কপাহী কাপোৰ এটুকুৰাৰ পৰা এডাল সূতা টানি উলিয়াই লোৱা। সূতাডালৰ একন টেবুলৰ ওপৰত ৰাখা। এতিয়া সূতাডালৰ এটা মূৰ তোমাৰ বুঢ়া আঙুলিতৰে হেচি ধৰা। আনটো মূৰ চিত্ৰ ৩.৪ ত দেখুৱাৰ দৰে নখেৰে ইয়াৰ দৈৰ্ঘ্য়ৰ দিশত ঘঁহি দিয়া। তোমালোকে মন কৰিছানে এটা মূৰটোত সূতাডাল পাতল সৰু সৰু গুণলৈ (strands) বিভক্ত হৈছে ? তোমালোকে হয়তো বেজিত সূতা ভৰাওঁতে এনে ধৰণৰ কথাই লক্ষ্য় কৰিছা। বহুসময়ত সূতাডাৱৰ শেষমূৰটো কিছুমান মিহি মিহি গুণলৈ বিভক্ত হয়। তেনে অৱস্থাত সূতাডাল বেজিৰ ফুটাটোৰে সুমুৱাই দিয়াত অসুবিধা হয়। সূতাৰ এই মিহি গুণবোৰ তাতোকৈও পাতল আৰু মিহি কিছুমান গুণেৰে তৈয়াৰী। ইয়াকে আঁহ বুলি কোৱা হয়। কাপোৰবোৰ সূতাৰে তৈয়াৰী। এই আঁহবোৰ ক'ৰ পৰা আহে ? কিছুমান কাপোৰৰ সূতা যেনে- ধৰা কপাহী, মৰাপাট, ৰেচমী আৰু ঊণ সূতা আদি উদ্ভিদ আৰু প্ৰাণীৰ পৰা পাওঁ। এইবিলাকক প্ৰকৃতিক আঁহ (natural fibres) বুলি কোৱা হয়। কপাহ আৰু মৰাপাট হৈছে উদ্ভিদৰ পৰা পোৱা আঁহৰ উদাহৰণ। ভেড়া বা ছাগলীৰ নোমৰ পৰা ঊণ আহৰণ কৰা হয়। শহাপহু, য়াক আৰু উটৰ নোমৰ পৰাও এইবোৰ পাব পাৰোঁ। পাটৰ আঁহ পাটপলুৰ লেটাৰ পৰা উলিওৱা হয়। হাজাৰ হাজাৰ বছৰ ধৰি কাপোৰ তৈয়াৰ কৰিবলৈ প্ৰকৃতিক আহেঁই আছিল একমাত্ৰ সহজতে পোৱা আঁহ। যোৱা এশ বছৰত ৰাসায়নিক দ্ৰব্য়ৰ পৰাও আঁহ তৈয়াৰ কৰা হৈছে, যিবোৰ ৰাসায়নিক দ্ৰব্য় উদ্ভিদ বা প্ৰাণীৰ উৎসৰ পৰা পোৱা নাযায়। এইবিলাকক সাংশ্লেষিক আঁহ (synthetic libres) বুলি কোৱা হয়। এই কৃত্ৰিম আঁহৰ কিছুমান উদাহৰণ হৈছে পৰিয়েষ্টাৰ, নাইলন আৰু এক্ৰাইলিক।  

৩,৩ কিছুমান উদ্ভিদজাত আঁহ 

কপাহ

তোমালোকে কেতিয়াবা তেলৰ চাকিৰ শলিকা তৈয়াৰ কৰিছিনে ? এই শলিতা তৈয়াৰ কৰোঁতে তোমালোকে কি ব্য়ৱহাৰ কৰা বাৰু ? এই কপাহ জোলাবোৰ তুলি, লেপ বা গাৰু তৈয়াৰ কৰিবলৈ ব্য়ৱহাৰ কৰা হয়। অলপ কপাহৰ জোলা লোৱা দুয়োমূৰ ধৰি লাগে লাহে টানিছ ছিঙা আৰু ইয়াৰ কাষবিলাকলৈ চোৱা। কি দেখিলা বাৰু ? সৰু সৰু পাতল যিবোৰ গুণ তোমালোকে দেখিচা সেইবোৰেই কপাহৰ আঁহ। এই কপাহ গছৰ ফলৰ পৰা হয়। এই গছবিলাকৰ খেতি কৰা হয়। সাধাৰণতে ক'লা মাচি আৰু গৰম জলবায়ুত কপাহৰ খেতি ভাল হয়। আমাৰ দেশৰ কপাহ খেতি কৰা কিছুমান ৰাজ্য়ৰ নাম তোমাতোকে ক'ব পাৰিবানে ? কপাহ গছৰ ফলটোৰ (cotton bolls) আকাৰ এটা গোল নেমুৰ প্ৰায় সমান হয়। পূৰঠ হোৱাৰ পাছত ফলটো ফাটি যায় আৰু কপাহৰ আঁহেৰে আগুৰি থকা গুটিবোৰ দেখিবলৈ পোৱা যায়। তোমালোকে কেতিয়াবা সাজু হৈ থকা কপাহৰ খেতিৰ পথাৰ দেখিছানে ? ই বৰফেৰে ঢাক খাই থকা এখন পথাৰ যেনে লাগে। এই ফলবোৰৰ পৰা কপাহবোৰ সাধাৰণতে হাতেৰে ছিঙা হয়। আঁহবোৰ তাৰপিছত ফণিয়াই (combing) গুটিবোৰৰ পৰা পৃথক কৰা হয়। এই প্ৰক্ৰিয়াটোক কপাহ নেওঠনি (ginning) কৰা বোলা হয়। পৰম্পৰাগতভাৱে নেওঠনি হাতেৰে কৰা হয়।   

মৰাপাট 

মৰাপাটৰ আঁহবোৰ মৰাপাটৰ গা-গছ বা কাণ্ডৰ পৰা আহৰণ কৰা হয়। ভাৰতবৰ্ষত মৰাপাট খেতি প্ৰধানকৈ পশ্চিমবঙ্গ, বিহাৰ আৰু অসমত কৰা হয়। মৰাপাট গছবোৰ ফুলি থকা অৱস্থাত সাধাৰণতে চপোৱা হয়। চপোৱা মৰাপাটৰ কাণ্ডবোৰ পানীত কিছুদিনৰ বাবে ডুবাই থোৱা হয়। কাণ্ডবোৰ যেতিয়া পচি যায়, আঁহবোৰ হাতেৰে পৃথক কৰি উলিওৱা হয়। কাপোৰ তৈয়াৰ কৰিবলৈ এই সকলোবোৰ আঁহ প্ৰথমতে সূতালৈ পৰিৱৰ্তন কৰা হয়। ইয়াক বাৰু কেনেকৈ কৰা হয় ? 


 


Class 6 Science

Type: Dimi Bora