2.1.1    মিশ্ৰণৰ প্ৰকাৰ (TYPES OF MIXTURES)

উপাদানবােৰৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি মিশ্রণ কেবাটাও শ্রেণীত ভগাব পাৰি।

কাৰ্যকলাপ..................................2.1

তােমালােকৰ শ্ৰেণীৰ ছাত্ৰবিলাক চাৰিটা দলত (group) ভাগ হােৱা一 A, B, C আৰু D

•  A দলে লােৱা一 এটা কাচৰ বিকাৰত এচামুচ কপাৰ ছালফেট আৰু 50 mL পানী। B দলে লােৱা দুই চামুচ কপাৰ ছালফেট আৰু 50 mL পানী।

•  C আৰু D দলে বেলেগ বেলেগ পৰিমাণৰ কপাৰ ছালফেট আৰু পটেছিয়াম পাৰমাংগানেট বা সাধাৰণ নিমখ লৈ ভালদৰে মিহলাই মিশ্রণ তৈয়াৰ কৰা।

•  ৰঙৰ সমানতা (uniformity of colour) আৰু মিশ্রণৰ গাঁথনি (Texture) মন কৰা।

    A আৰু B দলে সকলো অংশতে একে সংযুতি আৰু একে ৰঙৰ মিশ্রণ পাবা। এনে মিশ্রণক সমসত্ব মিশ্রণ (Homogeneous mixture) বা দ্ৰৱণ বোলে। সমসত্ব মিশ্ৰণৰ দুটিমান উদাহৰণ হ'ল 一 (i) নিমখৰ পানী আৰু আৰু (ii) চেনীৰ দ্ৰৱ। A আৰু B দলে দ্ৰৱণ দুটাৰ ৰঙৰ তুলনা কৰা। দুয়োটা দ্ৰৱণৰ ৰঙৰ গাঢ়তা ভিন ভিন হব। ইয়াৰ পৰা ঠাৱৰ কৰিব পাৰি যেসমসত্ব মিশ্ৰণটোৰ সংযুক্তি বেলেগ বেলেগ হব পাৰে।

•    C আৰু D দলে পোৱা মিশ্ৰণৰ উপাদানবোৰ ভৌতিকভাবে স্পষ্ট আৰু সকলো অংশতে সংযুক্তি বেলেগ বেলেগ। এনেকুৱা মিশ্ৰণক অসমসত্ব মিশ্ৰণ (Heterogeneous mixture) বোলে। লোৰ গুড়ি আৰু নিমখ, নিমখ আৰু গন্ধক, পানী আৰু তেল আদি কেতবোৰ অসমসত্ব মিশ্ৰণৰ উদাহৰণ।

কাৰ্যকলাপ.............................2.2

•    তোমাৰ শ্ৰেণীৰ ছাত্ৰবিলাক আকৌ চাৰিটা দলত ভাগ হোৱা一             A, B, C, D

•    প্ৰতিটো দলক তলৰ বস্তুবোৰ ভগাই দিয়া।

    A দলক কপাৰ ছালফেটৰ কেইটামান স্ফটিক।

    B দলক সম্পূৰ্ণ এচামুচ কপাৰ ছালফেট।

    C দলক চকমাটি বা ময়দাৰ গুড়ি

    D দলক  কেইটোপালমান গাখীৰ বা চিয়াঁহী।

•    প্ৰতিটো দলে তেওঁলাকক দিয়া বস্তুবোৰ পানীত দি কাচৰ মাৰিৰে ভালদৰে লৰাই দিয়া। মিশ্ৰণবিলাকত পদাৰ্থৰ কণিকাবোৰ দৃশ্য়মান হ'বনে?

•    বিকাৰত থকা মিশ্ৰণবোৰৰ মাজেদি টৰ্চ লাইট মাৰি পোহৰ পাৰ     হৈ যাবলৈ দিয়াー আনটো ফলৰ পৰা পোহৰ ৰশ্মিৰ পথ মন কৰা। ৰশ্মিবোৰ দৃশ্য়মান হ'বনে ?

•  মিশ্ৰণবোৰ কেইমিনিটমান লৰচৰ নকৰাকৈ থৈ দিয়া। (এই সুযোগতে পৰিস্ৰাৱন (filtration) সজুলি এটা সাজু কৰা)। মিশ্ৰণবোৰ সুস্থিৰ হয় নে, নে কণিকাবোৰ লাহে লাহে বিকাৰৰ তলিত গোট খাবলৈ ধৰে ?

•    মিশ্ৰণবোৰ ফিলটাৰ কাগজৰ মাজেদি চেকা। ফিলটাৰ কাগজৰ ওপৰত কিবা অৱশেষ থাকিল নেকি মন কৰা। 

•    প্ৰতিটো গোটে পোৱা পৰীক্ষাৰ ফলাফলবোৰ ফঁহিয়াই চাই এটা মন্তব্য় দিব পাৰিবানে ?

•    A আৰু B দলে একোটা দ্ৰৱ বা দ্ৰৱণ (Solution) পাব।

•    C দলে পোৱা মিশ্ৰণটো প্ৰলম্বন (Suspension)।

•    D দলে পোৱা মিশ্ৰণটো কলডীয় দ্ৰৱ (Colloidal solution).







Class 9 General Science Assam SCERT Book (Chapter 2)
Type:- Bidyut Thakuria.