গৌতম বুদ্ধৰ বিষয়ে কিছু প্ৰশ্ন উত্তৰঃ- 

১) গৌতম বুদ্ধ কোন আছিল ?

উত্তৰঃ-  গৌতম বুদ্ধ এজন প্ৰাচীন ভাৰতৰ এজন ধৰ্মগুৰু আৰু বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল। 

২) গৌতম বুদ্ধৰ কেতিয়া জন্ম হৈছিল ?

উত্তৰঃ- গৌতম বুদ্ধৰ অনুমানিক ষষ্ঠ শতাব্দীত জন্ম হৈছিল। 

৩)গৌতম বুদ্ধৰ পিতৃৰ নাম কি আছিল লিখাঁ ?

উত্তৰঃ- গৌতম বুদ্ধৰ পিতৃৰ নাম শুদ্ধোদন আছিল । 

৪) গৌতম বুদ্ধৰ মাতৃৰ নাম কি আছিল ?

উত্তৰঃ- গৌতম বুদ্ধৰ মাতৃৰ নাম মায়াদেৱী আছিল। 

৫) গৌতম বুদ্ধৰ সৰুকালৰ নাম কি আছিল ?

উত্তৰঃ-গৌতম বুদ্ধৰ সৰুকালৰ নাম সিদ্ধাৰ্থ আছিল । 

৬) গৌতম বুদ্ধৰ জন্মৰ কেইদিনৰ পাছত মাতৃৰ মৃত্যু হৈছিল ?

উত্তৰঃ- গৌতম বুদ্ধৰ জন্মৰ সাত দিনৰ পাছত মাতৃৰ মৃত্যু হৈছিল । 

৭) গৌতম বুদ্ধৰ বিবাহৰ সম্বন্ধে কেইধৰনে মত দিছিল?

উত্তৰঃ- গৌতম বুদ্ধৰ বিবাহৰ সম্বন্ধে দুইধৰনে মত দিছিল। 

৮) গৌতম বুদ্ধয়ে কেইবছৰ বয়ষত আৰু কাক বিয়া কৰাইছিল ?

উত্তৰঃ- গৌতম বুদ্ধয়ে ২৮ বছৰ বয়ষত আৰু যশোধৰাক বিয়া কৰাইছিল। 

৯) গৌতম বুদ্ধৰ পুত্ৰৰ নাম কি আছিল ?

উত্তৰঃ- গৌতম বুদ্ধৰ পুত্ৰৰ নাম ৰাহুল আছিল । 

১০) গৌতম বুদ্ধয়ে কিমান বছৰ বয়ষত ৰাজপ্ৰসাদ ত্যাগ কৰিছিল ?

উত্তৰঃ- গৌতম বুদ্ধয়ে ২৯ বছৰ বয়ষত ৰাজপ্ৰসাদ ত্যাগ কৰিছিল। 

১১) গৌতম বুদ্ধৰ জ্ঞানান্বেষণৰ যাত্ৰাক কি বুলি কোৱা হৈছিল ?

উত্তৰঃ- গৌতম বুদ্ধক জ্ঞানান্বেষণৰ যাত্ৰাক মহানিষ্ক্ৰমণ বুলি কোৱা হৈছিল । 

১২) ৰাজপ্ৰসাদ ত্যাগ কৰি গৌতম বুদ্ধয়ে প্ৰথমে কোন সন্ন্যাসীৰ ওচৰত গৈছিল ?

উত্তৰঃ- ৰাজপ্ৰসাদ ত্যাগ কৰি গৌতম বুদ্ধয়ে প্ৰথমে আলাৰা  নামৰ সন্ন্যাসীৰ ওচৰত গৈছিল । 

১৩) গৌতম বুদ্ধয়ে মুক্তি লাভৰ আনন্দ ক'ত আৰু কেইদিন উপভোগ কৰিছিল ?

উত্তৰঃ- গৌতম বুদ্ধয়ে মুক্তি লাভৰ আনন্দ বোধি বৃক্ষৰ তলত আৰু তাত সাতদিন  উপভোগ কৰিছিল। 

১৪) মাতৃৰ মৃতুৰ পাছত গৌতম বুদ্ধক কোনে লালন পালন কৰিছিল ?

উত্তৰঃ- মাতৃৰ মৃত্যুৰ পাছত গৌতম বুদ্ধক মাহীমাকে লালন পালন কৰিছিল । 

১৫) গৌতম বুদ্ধৰ গৌতম নামটো কাৰ পৰা আহিছে ?

উত্তৰঃ- গৌতম বুদ্ধৰ গৌতম নামটো মাহীমাকৰ পৰা আহিছে। 

১৬) গৌতম বুদ্ধক নামাকাৰন কৰিবলৈ গৌতম বুদ্ধৰ পিতৃয়ে কেইজন জ্ঞানী নিমন্ত্ৰণ দিছিল ?

উত্তৰঃ- গৌতম বুদ্ধক নামাকৰন কৰিবলৈ গৌতম বুদ্ধৰ পিতৃয়ে ৮ জন জ্ঞানী নিমন্ত্ৰণ দিছিল । 

১৭) গৌতম বুদ্ধয়ে কি হিচাপে শিক্ষা গ্ৰহন কৰিছিল ?

উত্তৰঃ- গৌতম বুদ্ধয়ে ৰাজপুত্ৰ হিচাপে শিক্ষা গ্ৰহন কৰিছিল । 

১৮) গৌতম বুদ্ধয়ে কিহৰ বাবে সন্ন্যাসী জীৱন যাপন কৰিছিল ?

উত্তৰঃ- গৌতম বুদ্ধয়ে দুখ আৰু দুখৰ কাৰণ সম্বন্ধে জানিবলৈ সন্ন্যাসী জীৱন যাপন কৰিছিল । 

১৯) গৌতম বুদ্ধয়ে ধ্যান কৰি কি কি জ্ঞান লাভ কৰিছিল ?

উত্তৰঃ- গৌতম বুদ্ধয়ে ধ্যান কৰি দুখ,দুখৰ কাৰন আৰু, প্ৰতিকাৰৰ প্ৰভূতি সৰ্ম্পকে জ্ঞান লাভ কৰিছিল । 

২০) গৌতম বুদ্ধয়ে জ্ঞান লাভ কৰা ঘটনাক কি বুলি জনা গৈছিল ?

উত্তৰঃ-গৌতম বুদ্ধয়ে জ্ঞান লাভ কৰা ঘটনাক বোধিলাভ বুলি জনা গৈছিল । 

২১) বৌদ্ধ ধৰ্ম লোকসকলে গৌতম বুদ্ধক কি বুলি উল্লেখ কৰিছিল ?

উত্তৰঃ- বৌদ্ধ ধৰ্ম লোকসকলে গৌতম বুদ্ধক দেৱতা বা মহামানৱ বুলি উল্লেখ কৰিছিল । 

২২) গৌতম বুদ্ধয়ে দ্বিতীয়তে কোন সন্ন্যসীৰ ওচৰত কাষ চাপিছিল ?

উত্তৰঃ- গৌতম বুদ্ধয়ে দ্বিতীয়তে উদ্দক নামৰ সন্ন্যসীৰ ওচৰত কাষ চাপিছিল । 



Post ID : DABP003952