Chapter: 5 

ভাৰতবৰ্ষৰ শিক্ষাত সাম্প্ৰতিক বিকাশ আৰু কাৰ্যসূচী 

(Recent Developments and programmes in Indian Education)

(1) অতি চমু উত্তৰৰ প্ৰশ্ন (Questions of Very Short Answer)


(১) কোন চনত ৰাষ্ট্ৰীয় জ্ঞান আয়োগ গঠন কৰা হৈছিল? 

In which year, National Knowledge Commission was constituted?

Ans: 2005 চনত ৰাষ্ট্ৰীয় জ্ঞান আয়োগ গঠন কৰা হৈছিল।

(২) ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ অধ্যক্ষ কোন আছিল? 

Who was the chairman of National Knowledge Commission?

Ans: ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ অধ্যক্ষ সেম পিত্ৰোদা আছিল।

(৩) জ্ঞানৰ সুগমতা মানে কি? 

What is access of knowledge?

Ans: জ্ঞানৰ সুগমতা মানে হ'ল- ব্যক্তি আৰু দলৰ বৃদ্ধি কৰাৰ মৌলিক উপায়ক জ্ঞান সুগমতা প্ৰদান কৰা বুজায় ।

(৪) কোন চনত উচ্চ শিক্ষাৰ সংস্কাৰ আৰু পুননিমাণৰ বাবে পৰামর্শদান কমিটি গঠন কৰা হৈছিল। 

In which year, the Committee to Advise on Renovation and Rejuvenation of Higher Education was constituted?

Ans: ২০০৯ চনৰ জুলাই মাহতউচ্চ শিক্ষাৰ সংস্কাৰ আৰু পুননিমাণৰ বাবে পৰামর্শদান কমিটি গঠন কৰা হৈছিল।

(৫) অধ্যাপক যশ পাল উচ্চ শিক্ষাৰ কোনখন কমিটিৰ লগত সম্বন্ধিত? 

With which committee of higher education, Prof. Yash Pal is related?

Ans: অধ্যাপক যশ পাল উচ্চ শিক্ষাৰ যশপাল কমিটিৰ লগত সম্বন্ধিত।

(৬) NCF ৰ সম্পূর্ণ গঢ়টো লিখা। 

Write the full form of NCF.

Ans: NCF ৰ সম্পূর্ণ গঢ়টো হ'ল- National Curriculum Framework.

(৭) ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা, ২০০৫ ৰ এটা নীতি উল্লেখ কৰা। 

Mention one principle of National curriculum Framwork, 2005.

Ans: ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা, ২০০৫ ৰ এটা নীতি উল্লেখ কৰা হ'ল- 

(১) বিদ্যালয়ৰ বাহিৰৰ জীৱনৰ লগতো জ্ঞান সংযুক্ত কৰিব লাগে।

(৮) পৰীক্ষাৰ সংস্কাৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা, ২০০৫ ৰ এটা পৰামৰ্শ আগবঢ়োৱা । 

Give one suggestion of National curriculum Framework, 2005 regarding examination reform.

Ans: পৰীক্ষাৰ সংস্কাৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা, ২০০৫ ৰ এটা পৰামৰ্শ আগবঢ়োৱা হ'ল- 

(১) বিষয়বস্তুভিত্তিক পৰীক্ষাৰ পৰা সমস্যা সমাধানৰ আৰু দক্ষতাভিত্তিক মূল্যায়নলৈ পৰীক্ষা ব্য়ৱস্থাক হস্তান্তৰিত কৰিব লাগে।

(৯) ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ সদস্য সংখ্যা কিমানজন?

How many members are there in National Knowledge Commission?

Ans: ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ সদস্য সংখ্যা হ'ল ৮ জন।

(১০) যশ পল কমিটিৰ সদস্য সংখ্যা কিমান জন? 

How many members are there in Yashpal Committee?

Ans: যশ পল কমিটিৰ সদস্য সংখ্যা ২২ জন।

(১১) SSA ৰ সম্পূর্ণ গঢ়টো লিখা।

Write the full form of SSA.

Ans: SSA ৰ সম্পূৰ্ণ গঢ়টো হ'ল- Sarva Shiksha Abhiyan.

 (১২) সর্বশিক্ষা অভিযানৰ এটা বৈশিষ্ট্য লিখা।

Write one feature of Sarva Shiksha Abhiyan.

Ans: সর্বশিক্ষা অভিযানৰ এটা বৈশিষ্ট্য হ'ল-

(১) সমগ্ৰ দেশৰ গুণগত প্ৰাথমিক শিক্ষাৰ দাবীৰ এক প্ৰতিক্ৰিয়া হ'ল সৰ্বশিক্ষা অভিযান।

(২) শিক্ষাৰ গুণগত আৰু পৰিমাণগত উন্নতিৰ ক্ষেত্ৰত এই অভিযানে সমানে গুৰুত্ব আৰোপ কৰে। 

 (১৩) সর্বশিক্ষা অভিযানৰ এটা উদ্দেশ্য উল্লেখ কৰা

Mention one objective of Sarva Shiksha Abhiyan.

Ans: সৰ্বশিক্ষা অভিযানৰ এটা উদ্দেশ্য তলত উল্লেখ কৰা হ'ল-

(১) ২০০৩ চনৰ ভিতৰত সকলো শিশুক বিদ্যালয়, শিক্ষা নিশ্চয়তা কেন্দ্ৰ বিকল্প বিদ্যালয়, বিদ্যালয় চৌহদলৈ ওভতাই পঠিওৱা।

(২) ২০১০ চনৰ ভিতৰত সকলো শিশুৱেই আঠবছৰীয়া প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰা।

(১৪) PPP ৰ সম্পূর্ণ গঢ়টো লিখা ।

Write the full form of PPP. 

Ans: PPP ৰ সম্পূর্ণ গঢ়টো হ'ল- Public, Private and Partnership.

(১৫) RMSA ৰ সম্পূৰ্ণ গঢ়টো লিখা ।

Write the full form of RMSA.

Ans: RMSA ৰ সম্পূৰ্ণ গঢ়টো হ'ল-  Rashtriya Madhyamik Shiksha Abhiyan.

(১৬) ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ এটা উদ্দেশ্য লিখা । 

Write one objective of Rashtriya Madhyamik Shiksha Abhiyan. 

Ans: ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ এটা উদ্দেশ্য হ'ল-

(১) বৌদ্ধিক সামাজিক আৰু সাংস্কৃতিক শিক্ষণৰ উন্নতিৰ বাবে মাধ্যমিক শিক্ষাৰ গুণগত মানৰ উন্নতি সাধন কৰে।

(১৭) ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ এটা উদ্দেশ্য লিখা ।

Write one objective of Rashtriya Uchchatar Shiksha Abhiyan. 

Ans: ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ এটা উদ্দেশ্য হ'ল-

১. অনুমোদন, শৈক্ষিক আৰু পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ নিশ্চিত কৰি তোলা। 

২. উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰে গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নিজকে নিয়োজিত কৰিবৰ বাবে এক সক্ষম পৰিৱেশ সৃষ্টি কৰি তোলা।

(১৮) RUSA ৰ সম্পূৰ্ণ গঢ়টো লিখা ।

Write the full form of RUSA.

Ans: RUSA ৰ সম্পূৰ্ণ গঢ়টো হ'ল- Rashtriya Uchchatar Shiksha Abhiyan.

(১৯) ৰাষ্ট্ৰীয় মূল্যায়ণ আৰু প্ৰত্যায়ন পৰিষদ কোন চনত গঠিত হৈছিল? 

In which year, National Assessment and Accreditation Council was set up?

Ans: ৰাষ্ট্ৰীয় মূল্যায়ণ আৰু প্ৰত্যায়ন পৰিষদ 1994 চনত গঠিত হৈছিল।

(২০) IQAC ৰ সম্পূৰ্ণ গঢ়টো কি? 

What is the full form of IQAC?

Ans: IQAC ৰ সম্পূৰ্ণ গঢ়টো হ'ল- Internal Quality Assurance Cell.

(II) চমু উত্তৰৰ প্ৰশ্ন (Questions of Short Answer)

(১) ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ কাৰ্য পৰিসৰৰ বিষয়ে লিখা। 

Write about the terms of reference of National Knowledge Commission.

Ans: ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ কাৰ্য পৰিসৰৰ বিষয়ে তলত দিয়া হ'ল-

(১) একবিংশ শতিকাৰ জ্ঞানৰ প্ৰত্যাহ্বানবোৰ পূৰণৰ বাবে শিক্ষা ব্যৱস্থাত উৎকৃষ্টতা নিৰ্মাণ আৰু জ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিযোগিতামূলক সবলতাৰ বিকাশ সাধন ।

(২) বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানৰ প্ৰয়োগশালাত জ্ঞানৰ সৃষ্টিৰ সমৃদ্ধিকৰণ ৷

(৩) বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ লগত সম্বন্ধিত প্ৰতিষ্ঠানৰ ব্যৱস্থাপনাৰ বিকাশ সাধন।

(৪) কৃষি আৰু উদ্যোগত জ্ঞানৰ প্ৰয়োগ উন্নতকৰণ।

(৫) নাগৰিকৰ বাবে চৰকাৰক ফলপ্রসূ, নিকা আৰু দায়ৱদ্ধ কৰিবলৈ জ্ঞান সামৰ্থতাৰ ব্যৱহাৰৰ উন্নতকৰণ আৰু সৰ্বাধিক উপকাৰিতা লাভৰ বাবে জনসাধাৰণক জ্ঞানৰ ব্যাপক বিস্তাৰণ।

(২) ৰাষ্ট্ৰীয় জ্ঞান আয়োগে বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত কি পৰামৰ্শ আগবঢ়াইছিল? What are the suggestions made by National Knowledge Commission on School education?

Ans: ৰাষ্ট্ৰীয় জ্ঞান আয়োগে বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত তলত পৰামৰ্শ আগবঢ়োৱা হ'ল-

(১) বিদ্যালয় শিক্ষা ( School Education) : ভাল বিদ্যালয় শিক্ষাৰ সুগমতাৰ বাবে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ প্ৰসাৰ প্ৰয়োজনীয়। এইক্ষেত্ৰত আয়োগে পৰামৰ্শ আগবঢ়াইছে যে— 

(i) বিকেন্দ্ৰীকৰণ, বিদ্যালয় ব্যৱস্থাপনাৰ স্থানীয় স্বায়ত্বশাসন আৰু পুঁজি বিতৰণৰ নমনীয়তাক উৎসাহিত কৰাকৈ বিদ্যালয় ব্যৱস্থাৰ পৰিৱৰ্তনৰ প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে ।

(ii) স্থানীয় হিতাধিকাৰী আৰু শিক্ষা ব্যৱস্থাক ব্যাপকভাৱে নিকা কৰাৰ বাবে বিদ্যালয়ৰ আন্তঃগাথঁনি সংশোধন কৰিব লাগে আৰু বিদ্যালয় পৰিদৰ্শনৰ পুনৰনিৰ্মাণ কৰিব লাগে। 

(iii) শিক্ষক, ছাত্র-ছাত্ৰী আৰু প্ৰশাসনিক তথ্য আৰু যোগাযোগ প্রযুক্তিবিস্তাৰ সুগমতা পাব লাগে।

(২) বৃত্তীয় শিক্ষা আৰু প্ৰশিক্ষণ (Vocational Education and Training) : বৃত্তীয় শিক্ষা আৰু প্ৰশিক্ষণৰ বিকাশ সাধনৰ বাবে আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ হ'ল—

(i) মূলধাৰাৰ শিক্ষা ব্যৱস্থাৰ মাজত বৃত্তীয় শিক্ষা আৰু প্ৰশিক্ষণৰ নমনীয়তা বৃদ্ধি কৰিব লাগে।

(ii) বৃত্তীয় শিক্ষা আৰু প্ৰশিক্ষণৰ উপযুক্ত চাৰ্টিফিকেটৰ লগত শক্তিশালী নিয়ন্ত্ৰণকাৰী আৰু স্বীকৃতি সংৰচনা নিশ্চিত কৰিব লাগে।

(৩) উচ্চ শিক্ষা (Higher Education): উচ্চ শিক্ষাৰ ক্ষেত্ৰত আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ হ'ল—

(i) ২০১৫ চনৰ ভিতৰত উচ্চ শিক্ষাত মুঠ নামাংকন অনুপাত (Gross Enrolment Ratio) ১৫ বা তাতকৈ অধিক বৃদ্ধি কৰা আৰু ইয়াৰ বাবে ২০১৫ চনৰ ভিতৰত ১৫০০ খন বিশ্ববিদ্যালয় সৃষ্টি কৰা আৰু উপলব্ধবোৰৰ পুনগঠন কৰিব লাগে।

(ii) উচ্চ শিক্ষাৰ বাবে স্বতন্ত্র নিয়ন্ত্রক কর্তৃপক্ষ (Independent Regulatory Authority for Higher Education) স্থাপন কৰিব লাগে যি সকলো হিতাধিকাৰীৰ বাবে উপলব্ধ হ'ব।

(iii) অনুমোদিত স্নাতক পর্যায়ৰ মহাবিদ্যালয়বোৰৰ পুনর্গঠন কৰিব লাগে

(iv) যোগ্য ছাত্র-ছাত্রীক উচ্চ শিক্ষা লাভৰ বাবে বৃত্তি প্ৰদান কৰিব লাগে।

(৪) গণিত আৰু বিজ্ঞান বিষয়ত অধিক মেধাবী ছাত্র-ছাত্রী (More talented students in Mathematics and Science) : বিজ্ঞান শিক্ষা আৰু গৱেষণাৰ উন্নতিৰ বাবে আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ হ'ল—

(i) বিশাল বিজ্ঞান প্ৰচাৰ কাৰ্যসূচী (Massive Science outreach programme) এটাৰ আৰম্ভ কৰিব লাগে।

(ii) সকলো পর্যায়তে উপলব্ধ আন্তঃগাথঁনিৰ উন্নতি কৰা, শিক্ষকতা বৃত্তি পুনৰ্জ্জীৱিত কৰা আৰু শিক্ষক প্রশিক্ষণ নতুনকৈ প্ৰস্তুত কৰিব লাগে। 

(৫) পেছাদাৰী শিক্ষা (Professional Education) : পেছাদাৰী শিক্ষাৰ বিকাশৰ বাবে আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ হ'ল—

(i) চিকিৎসা, আইনী, ব্যৱস্থাপনা আৰু অভিযান্ত্ৰিক শিক্ষাৰ দৰে বৰ্তমানৰ পেছাদাৰী শিক্ষাৰ শাখাবোৰ প্রস্তাবিত স্বতন্ত্ৰ নিয়মাৱলীৰ অধীনত বিভিন্ন শাখাৰ উপদললৈ সলনি কৰিব লাগে। 

(ii) প্রতিষ্ঠানবোৰক বৃহত্তৰ স্বায়ত্ব শাসনৰ অনুমতি প্রদান, বৰ্তমান পৰীক্ষা পদ্ধতিৰ সংস্কাৰ, প্রচলিত পাঠ্যক্ৰমৰ বিকাশ আৰু গৱেষণাক উৎসাহ প্রদান কৰিব লাগে।


(৩) যশপাল কমিটিৰ মতে উচ্চ শিক্ষাক্ষেত্ৰৰ দুটা প্ৰত্যাহ্বান উল্লেখ কৰা। 

Mention two challenges suggested by Yashpal Committee regarding higher education sector.

Ans: যশপাল কমিটিৰ মতে উচ্চ শিক্ষাক্ষেত্ৰৰ দুটা প্ৰত্যাহ্বান উল্লেখ কৰা হ'ল-

(১) দূৰত্ব আৰু সংযোগ বিচ্ছিন্নতা (Distance and Disconnects) :

(i) আমাৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমবোৰ অধিক তাত্বিক বিধৰ, ব্যৱহাৰিক অভিজ্ঞতাৰ পৰা এইবোৰ বহু পৰিমাণে বঞ্চিত।

(ii) গৱেষণা সংস্থা আৰু বিশ্ববিদ্যালয়বোৰৰ মাজত এক প্ৰভাৱ আছে। শিক্ষাদান আৰু গৱেষণাক | পৃথক কাৰ্য স্বৰূপে বিবেচনা কৰা হয়।

(iii) উচ্চ শিক্ষাৰ অন্য প্ৰতিষ্ঠানৰ পৰা IIT আৰু IIM বোৰ বিচ্ছিন্ন হৈ থাকে। 

(iv) উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰে প্ৰতিদ্বন্দ্বী সামাজিক শক্তি আৰু আদৰ্শৰ মাজত শান্তিপূৰ্ণ পৰিৱেশ সংঘটিত কৰাৰ বাবে স্থান সৰবৰাহ কৰাত সফল হৈছিল। কিন্তু এতিয়া দেশৰ বিভিন্ন অঞ্চলত এইক্ষেত্ৰত অৱক্ষয় দেখিবলৈ পোৱা যায়।

(২) শিকণৰ স্থাপত্য (Architecture of Learning) :

(i) বৰ্তমান পাঠ্যক্ৰম আৰু পাঠ্যসূচীবোৰ পৰীক্ষা ব্যৱস্থাক কেন্দ্ৰ কৰি গঢ়ি উঠিছে যাৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলে বছৰৰ শেষত বা কিছুমান বিশ্ববিদ্যালয়ত ষান্মাষিকৰ শেষত প্রশ্নকাকতৰ মুখামুখি হ'ব লাগে। এই প্রশ্নতাত্বিক পৰীক্ষা পদ্ধতি শিক্ষাৰ্থীৰ দক্ষতা প্ৰমাণ কৰাৰ মাধ্যম হিচাপে ব্যৱহৃত হয় যদিও প্রকৃত তাত্বিক জ্ঞান অর্জন বা বাস্তৱ ব্যৱহাৰিক বিশ্বৰ পৰিস্থিতিত সফল হোৱাৰ প্ৰয়োজনীয় কৌশল আয়ত্ব কৰাত সফল হোৱা নাই।

(ii) বৰ্তমান আমাৰ বেছিভাগ উচ্চ শিক্ষাই একমুখী বা সংকীর্ণ দৃষ্টিকোণৰ ।

(iii) বিদ্যালয় পৰ্যায়ৰ শিক্ষক শিক্ষাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়বোৰৰ সংলগ্নতা বি. এড. পাঠ্যক্ৰমৰ অধীনৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ প্ৰাক্‌-কৰ্মকালীন প্ৰশিক্ষণৰ মাজতে আৱদ্ধ। প্ৰাথমিক আৰু প্ৰাক্‌-প্রাথমিক পৰ্যায়ৰ বাবে শিক্ষকসকলৰ প্ৰস্তুতিৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ কোনো অংশীদাৰীত্ব নাই।

(iv) এটা আনটোৰ পৰা পৃথক বাবে বিশ্ববিদ্যালয় আৰু কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠানবোৰ যথেষ্ট ক্ষতি হৈছে। বিশেষকৈ কলেজ বা প্রতিষ্ঠানত প্ৰদান কৰা অভিযান্ত্ৰিক আৰু চিকিৎসা শিক্ষাৰ দ্বীপ সদৃশ অস্তিত্বৰ অৱস্থাই বহুতো সামাজিক আৰু সাংস্কৃতিক হানি কৰিছে।

(v) কোনো সংগঠনৰ দায়বদ্ধতা মাপৰ বাবে কোনো স্থায়ী আহিলা নাই।


(৪) বিশ্ববিদ্যালয়ৰ ধাৰণাৰ বিষয়ে চমুকৈ লিখা।

Write shortly about the idea of university. 

Ans:  বিশ্ববিদ্যালয়ৰ ধাৰণাৰ বিষয়ে চমুকৈ তলত দিয়া হ'ল-

বিশ্ববিদ্যালয় হৈছে এক স্থান য'ত নতুন ধাৰণা অংকুৰিত হয়, শিপা মজবুত হয় আৰু দীঘল তথা ব্যাপক হয়। ই হৈছে এক অনন্য স্থান যি জ্ঞানৰ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডক সামৰি লয়। ই এক এনে স্থান য'ত সৃজনশীল মন একত্রিত হয়, এজনে আনজনৰ লগত যোগাযোগ সম্পন্ন কৰে আৰু নতুন বাস্তৱৰ দৃষ্টিভংগী তৈয়াৰ কৰে। জ্ঞান লাভৰ ক্ষেত্ৰত সত্য প্ৰতিষ্ঠিত ধাৰণাৰ জ্ঞানক প্ৰত্যাহ্বান প্রদান এইবোৰৰ আৰ্হি আৰু সংগঠন বৈচিত্রময়। বিশ্বৰ মানৱীয় পৰম্পৰাৰ এক ন্যাস হ'ল বিশ্ববিদ্যালয়বোৰ কৰা হয়। এই সকলোবোৰ কৰিবৰ বাবে বিশ্ববিদ্যালয়বোৰত স্বায়ত্ব শাসনৰ ব্যৱস্থা থাকিব লাগে। 

(৫) পদ্ধতিৰ সংস্কাৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা, ২০০৫ ৰ পৰামৰ্শবোৰ লিখা।

Write the suggestions of National curriculum Framawork, 2005 regarding system reform.

Ans: পদ্ধতিৰ সংস্কাৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা, ২০০৫ ৰ পৰামৰ্শবোৰ হ'ল-

(১) পঞ্চায়তৰাজৰ শক্তিশালীকৰণ (Strengthening Panchayat Raj) : পঞ্চায়ত ৰাজ প্রতিষ্ঠানবোৰক শক্তিশালী কৰাৰ বাবে অধিক সৰলীকৃত অভিগমনৰ ব্যৱহাৰেৰে গুণমান আৰু জবাবদিহিতাক উপায়স্বৰূপে গ্ৰহণ কৰি সম্প্ৰদায়ৰ অংশ গ্ৰহণক উৎসাহিত কৰিব লাগে। আনুষ্ঠানিকতা বহির্ভূত বিভিন্ন প্রকল্প গ্রহণ কৰিব লাগে আৰু ইয়াৰ বাবে গ্ৰামাঞ্চলৰ গুণগত শিক্ষাৰ বাবে জনসাধাৰণক অংশ গ্ৰহণ কৰিবলৈ দিব লাগে।

(২) ব্লক আৰু ক্লাষ্টাৰ পৰ্যায়ত পৰিকল্পনা (Planning at Block and Cluster Level) : গুণমান বৃদ্ধিৰ বাবে বিদ্যালয় পৰ্যায়ৰ শৈক্ষিক পৰিকল্পনা নেতৃত্ব অতি প্রয়োজনীয় আৰু ব্লক আৰু ক্লাষ্টাৰ পৰ্যায়ৰ পৃথকীকৰণ কৌশলৰ ভূমিকাও গুৰুত্বপূৰ্ণ। গুণগত শিক্ষা প্ৰদানৰ বাবে ব্লক পৰ্যায়ৰ পৰিকল্পনাত পঞ্চায়ত, খণ্ড উন্নয়ন বিষয়া, সম্প্ৰসাৰণ শিক্ষাৰ বিষয়া আদি জড়িত থাকিব লাগে।

(৩) শিক্ষক শিক্ষাৰ সংস্কাৰ (Reform of Teacher Education) : বৃত্তীয় মানদণ্ড দুৰ্বল হোৱাৰ পৰিপ্ৰেক্ষিতত ১৯৮৪ চনৰ চট্টোপাধ্যায় আয়োগৰ পৰামৰ্শৰ ভিত্তিত শিক্ষক শিক্ষাৰ সংস্কাৰ সাধনৰ ওপৰত NCF,২০০৫ এ গুৰুত্ব দিছিল। এইক্ষেত্ৰত NCF, ২০০৫ এ গ্ৰহণ কৰা সংস্কাৰবোৰ হ'ল—

(i) শিক্ষকৰ বৃত্তিগত পৰিচয়ৰ বিকাশত গুৰুত্ব আৰোপ।

(ii) পূৰ্বৰ তুলনাত সৰ্বাত্মক আৰু দীৰ্ঘ প্ৰকৃতিৰ শিক্ষক-শিক্ষাৰ কাৰ্যসূচী।

(iii) বাস্তৱ বিদ্যালয়ৰ পৰিস্থিতিত শিশুসকলক নিৰীক্ষণৰ বাবে পর্যাপ্ত সুযোগ প্রদান। 

(৪) পৰীক্ষা সংস্কাৰ (Examination Reform) : পৰীক্ষাৰ সংস্কাৰৰ ক্ষেত্ৰত, NCF, ২০০৫ এ স্পষ্টভাৱে মত প্ৰকাশ কৰিছিল যে শিক্ষার্থীসকলক জ্ঞানৰ নিমাৰ্তাৰূপে প্ৰস্তুত কৰা লক্ষ্য উপলব্ধিৰ বাবে মূল্যায়ণ ব্যৱস্থাক গতিশীল আৰু সৰ্বাত্মক কৰা প্ৰয়োজন। এই ক্ষেত্ৰত NCF এ আগবঢ়োৱা সংস্কাৰবোৰ হ'ল—

(i) বিষয়বস্তুভিত্তিক পৰীক্ষাৰ পৰা সমস্যা সমাধানৰ আৰু দক্ষতাভিত্তিক মূল্যায়নলৈ পৰীক্ষা ব্যৱস্থাক হস্তান্তৰিত কৰিব লাগে। 

(ii) পৰীক্ষা চাপ সৃষ্টি কৰা মেচিন হ'ব নালাগে। অষ্টম শ্ৰেণীলৈ কোনো ৰাজহুৱা পৰীক্ষাৰ ব্যৱস্থা কৰিব নালাগে। ইয়াৰ বিপৰীতে বিভিন্ন পর্যায় লাভত গুৰুত্ব দিব লাগে।

(iii) দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মানসিক চাপ বেছিকৈ দেখা যায়। বিভিন্ন প্ৰকাৰৰ মূল্যায়ণ কৌশলৰ দ্বাৰা এইবোৰ হ্ৰাস কৰা উচিত।


(৬) ২০০৫ চনৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনাৰ পাঠ্যক্রম বিকাশৰ নিৰ্দেশনাত্মক নীতিবোৰ লিখা। 

Write the guiding principles of curriculum development of National curriculum Framework, 2005.

Ans: ২০০৫ চনৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনাৰ পাঠ্যক্রম বিকাশৰ নিৰ্দেশনাত্মক নীতিবোৰ হ'ল-

(১) বিদ্যালয়ৰ বাহিৰৰ জীৱনৰ লগতো জ্ঞান সংযুক্ত কৰিব লাগে। 

(২) শিকণৰ মুখস্থ পদ্ধতি দূৰ কৰাটো নিশ্চিত কৰিব লাগে । 

(৩) পাঠ্যপুথিৰ পৰা বাহিৰত যাবৰ বাবে পাঠ্যক্ৰমক সমৃদ্ধ কৰা উচিত। 

(৪) পৰীক্ষা অধিক নমনীয় হ'ব লাগে আৰু শ্ৰেণীকোঠাৰ জীৱনৰ লগত ই সংহত হ'ব লাগে। 

(৫) সমানতা, ন্যায়, ধৰ্মনিৰপেক্ষতা আৰু স্বাধীনতাৰ গণতান্ত্রিক মূল্যবোধৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে।

( ৭) সর্বশিক্ষা অভিযানৰ লক্ষ্যবোৰ উল্লেখ কৰা।

Mention the aims of Sarva Shiksha Abhiyan. 

Ans: সর্বশিক্ষা অভিযানৰ লক্ষ্যবোৰ  তলত উল্লেখ কৰা হ'ল-

(১) ২০১০ চনৰ ভিতৰত ৬-১৪ বছৰ বয়সৰ সকলো শিশুকে দৰকাৰী আৰু প্ৰাসংগিক প্রাথমিক শিক্ষা প্ৰদান কৰা ৷

(২) বিদ্যালয়ৰ পৰিচালনাত সম্প্ৰদায়ৰ সক্ৰিয় অংশ গ্ৰহণৰ যোগেদি সামাজিক, আঞ্চলিক আৰু লিংগ ব্যৱধানবোৰ পূৰণ কৰা।

(৩) শিশুসকলক প্রাকৃতিক পৰিৱেশ সম্পৰ্কে শিকাৰ আৰু জ্ঞান আয়ত্ব কৰাৰ বাবে অনুমতি প্ৰদান কৰা যিয়ে সিহঁতৰ আধ্যাত্মিক আৰু বস্তুগত উভয়ৰে মানৱীয় সম্ভাৱনীয়তা সম্পূৰ্ণ ব্যৱহাৰ কৰাত সহায় কৰে।

(৪) শিশুৱে স্বাৰ্থপৰ মনোভাৱ অনুসৰণ কৰাৰ পৰিৱৰ্তে মূল্যবোধ শিকণৰ যোগে এজনে আন এজনক সহায় কৰাৰ সুযোগ প্ৰদান কৰা এই শিক্ষাৰ আন এক লক্ষ্য।


(৮) সৰ্বশিক্ষা অভিযানৰ কাৰ্যসূচীৰ দুটা কৌশল লিখা।

Write two strategies of the Sarva Shiksha Abhiyan. 

Ans: সৰ্বশিক্ষা অভিযানৰ কাৰ্যসূচীৰ দুটা কৌশল হ'ল-

১. প্ৰতিষ্ঠানিক সংস্কাৰ:  ৰাজ্যসমূহে শিক্ষা প্ৰশাসন, বিদ্যালয়ত কৃতিত্বৰ স্তৰ, বিত্তীয় বিষয়, বিকেন্দ্ৰীকৰণ আৰু সম্প্ৰদায়ৰ মালিকীস্বত্ব, ৰাজ্যিক শিক্ষা আইনৰ পৰ্যালোচনা, শিক্ষক নিয়োগ আৰু শিক্ষক নিযুক্তিৰ যুক্তিসংগতকৰণ, নিৰীক্ষণ আৰু মূল্যায়নকে ধৰি তেওঁলোকৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ বস্তুনিষ্ঠ মূল্যায়ন কৰিব লাগিব, ছোৱালী, অনুসূচিত জাতি আৰু বঞ্চিত গোটৰ শিক্ষাৰ অৱস্থা, ব্যক্তিগত বিদ্যালয় আৰু প্ৰাথমিক শিশুৰ যত্ন আৰু শিক্ষা সম্পৰ্কীয় নীতি।

২. বহনক্ষম বিত্তীয় সাহায্য: এছ এছ এ এই ভিত্তিত ভিত্তি কৰি গঢ় লৈ উঠিছে যে প্ৰাথমিক শিক্ষাৰ হস্তক্ষেপৰ বিত্তীয় সাহায্য বহনক্ষম হ’ব লাগিব। ইয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত বিত্তীয় অংশীদাৰিত্বৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ প্ৰয়োজন।

৩. মূলসুঁতিৰ শিক্ষা প্ৰশাসনৰ উন্নতি: ইয়াত প্ৰতিষ্ঠানিক বিকাশ, নতুন পদ্ধতিৰ প্ৰৱেশ আৰু খৰচ-বহনক্ষম আৰু কাৰ্যক্ষম পদ্ধতিৰে মূলসুঁতিৰ শিক্ষা প্ৰশাসনৰ উন্নতিৰ আহ্বান জনোৱা হৈছে।

(৯) মাধ্যমিক শিক্ষাৰ সুগতাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ পৰামৰ্শ লিখা। 

Write the recommendations of Rashtriya Madhyamik Shiksha Abhiyan regarding accessibility of secondary education. 

Ans: মাধ্যমিক শিক্ষাৰ সুগতাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ পৰামৰ্শ হ'ল- 

(১) সম্প্রতি অধিষ্ঠিত মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সম্প্ৰসাৰণৰ কৌশল অৱস্থিত বিদ্যালয়সমূহলৈ স্থানান্তৰিত কৰা।

(২) প্রয়োজনীয় সকলো প্ৰকাৰৰ বুনিয়াদী সুবিধা আৰু শিক্ষক সমন্বিতে অনুপৰিকল্পনাৰ ওপৰত ভিত্তি কৰি উচ্চ প্রাথমিক বিদ্যালয়সমূহৰ উন্নীতকৰণৰ বেলিকা আশ্ৰমিক বিদ্যালয়বোৰক প্রাধান্যতা প্ৰদান কৰা হ'ব।

(৩) প্রয়োজনীয়তাৰ ভিত্তিত মাধ্যমিক বিদ্যালয়সমূহক উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহলৈ উন্নীত কৰা ।

(৪) সংৰক্ষিত এলেকাত স্কুল মেপিং অনুশীলনৰ আধাৰত নতুন মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় মুকলি কৰণ ৷

(৫) ইয়াত নির্মিত বিল্ডিংসমূহত পানী সংগ্ৰহৰ বাধ্যতামূলক ব্যৱস্থা থাকিব আৰু বিল্ডিংসমূহ বিকলাঙ্গৰ বাবে অনুকূল ধৰণে নিৰ্মাণ কৰা হ'ব।

(৬) স্কুলৰ বিল্ডিংসমূহত বৰষুণৰ পানী সংৰক্ষণৰো সু-ব্যৱস্থা কৰা ।

(৭) সম্প্ৰতি অৱস্থিত বিদ্যালয়সমূহো বিকলাঙ্গৰ অনুকূল সূচী ধৰণে তৈয়াৰ কৰিব লাগে।

(১০) ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ উপাদানবোৰ লিখা।

Write the components of Rashtriya Uchchatar Shiksha Abhiyan. 

Ans: ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ উপাদানবোৰ হ'ল-

(১) নতুন বিশ্ববিদ্যালয় স্থাপন।

(২) কলেজবোৰক ক্লাষ্টাৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত্ৰকৰণ।

(৩) বিশ্ববিদ্যালয়বোৰক আন্তঃগাঁথনিৰ বাবে অনুদান ৷

(৪) নতুন আদর্শ কলেজ (সাধাৰণ) স্থাপন ।

(৫) নতুন কলেজ (পেচাগত) স্থাপন

(৬) কলেজবোৰক আন্তঃগাথঁনিৰ বাবে অনুদান।

(৭) গৱেষণা, উদ্ভাৱন আৰু গুণমান উন্নীতকৰণ।

(৮) নায্যতা উদ্যোগ।

(৯) শিক্ষক-কর্মচাৰীৰ নিয়োগত সহায় ।

(১০) শিক্ষক-কর্মচাৰীৰ বিকাশ

(১১) গৱেষণামূলক বিশ্ববিদ্যালয় স্থাপন।

(১২) উচ্চ শিক্ষাৰ বৃত্তিমুখীকৰণ।

(১১) শিক্ষাৰ অধিকাৰ আইনৰ দুটা সুবিধা লিখা।

Write two Provisions of Right to Education Act.

Ans: শিক্ষাৰ অধিকাৰ আইনৰ দুটা সুবিধা হ'ল-

 (ক) শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ (Right to free and compulsory education of children) :

১। প্ৰত্যেক শিশুৱেই ওচৰৰ বিদ্যালয়ত ৬-১৪ বছৰ বয়সৰ ভিতৰত বিনামূলীয়াকৈ বাধ্যতামূলক শিক্ষা গ্ৰহণ কৰি প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ সুবিধা পাব লাগিব ।

২। প্রাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কোনো মাচুল ল'ব নোৱাৰি, যিয়ে শিশুক শিক্ষা সম্পূৰ্ণ কৰাত বাধাৰ সৃষ্টি কৰিব পাৰে। 

৩। শাৰীৰিক অক্ষমতা থকা শিশুসকলৰো বিনামূলীয়া বাধ্যতামূলক শিক্ষা পোৱাৰ অধিকাৰ থাকিব।


(খ) চৰকাৰ, স্থানীয় কর্তৃপক্ষ আৰু অভিভাৱকৰ কৰ্তব্য (Duties of Government, Local authorities and Parents) :

১। এই আইন কার্যকৰীকৰণৰ বাবে প্ৰয়োজনীয় অর্থ যোগান ধৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যুটীয়া দায়িত্ব থাকিব।

২। আইন কাৰ্যকৰীকৰণৰ বাবে পৰিকল্পনা আৰু প্ৰাককলন (Plan and estimates) প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহলৈ আৰ্থিক সাহাৰ্য্য আগবঢ়াব ।

৩। বিদ্যালয় ভৱন, প্রয়োজনীয় শিক্ষক মণ্ডলী, পাঠ্যপুথি আৰু শিক্ষণ সঁজুলি যোগান ধৰাৰ দায়িত্ব চৰকাৰৰ।

৪। গুণগত শিক্ষাদান আৰু শিক্ষকক প্ৰশিক্ষণ সুবিধা দান আদিও চৰকাৰৰ দায়িত্ব।

৫। ওচৰৰ বিদ্যালয়ত উপযুক্ত বয়সত প্রতিজন সন্তানকে নামভৰ্তি কৰাৰ দায়িত্ব পিতৃ-মাতৃ বা অভিভাৱকৰ। 

(গ) বহিষ্কাৰকৰণ, শাৰীৰিক শাস্তি দান আৰু মানসিক অত্যাচাৰ (Expulsion, Physical Punishment and Mental harassment):

১। বিদ্যালয়ত নামভৰ্তি কৰাৰ পিছত ১৪ বছৰ বয়সত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ আগলৈকে কোনো কাৰণতে শিশুক বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰিব নোৱাৰিব।

২। কোনো কাৰণতে শিশুৰ ওপৰত মানসিক অত্যাচাৰ চলাব নোৱাৰে আৰু শাৰীৰিক শাস্তি দিব নোৱাৰিব ৷


(১২) চমু টোকা লিখা :

Write short notes :

(ক) ৰাষ্ট্ৰীয় শিক্ষা আয়োগ

National Knowledge Commission.

Ans: একবিংশ শতিকাৰ এক স্বীকৃতিপ্রাপ্ত শক্তি হ'ল জ্ঞান আৰু জ্ঞান সম্পদৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষই বিশ্বায়নৰ প্রতিযোগিতামূলক জগতত দক্ষতাৰে নিজৰ স্থিতি সবল কৰিব পাৰিছে। এইবোৰ দিশৰ লগত সম্বন্ধ ৰক্ষা কৰি ৰাষ্ট্ৰীয় জ্ঞান আয়োগ গঠন কৰা হৈছিল। 

    ২০০৫ চনত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ড° মনমোহন সিং (Dr. Manmohan Singh) এ ৰাষ্ট্ৰীয় জ্ঞান আয়োগ গঠন কৰিছিল। এই আয়োগৰ অধ্যক্ষ আছিল সেম পিত্ৰোদা (Sam Pitroda)। এই আয়োগ মুখ্যত শিক্ষা, গৱেষণা প্ৰতিষ্ঠান আৰু জ্ঞানৰ অৰ্থনীতিত ভাৰতক প্রতিযোগীমূলক কৰিবৰ বাবে কৰা সংস্কাৰ সম্বন্ধীয় নীতিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক পৰামৰ্শ প্ৰদান কৰিবৰ বাবে গঢ় লৈ উঠিছিল। এই আয়োগে শিক্ষাৰ সংস্কাৰ সাধন, গৱেষণাৰ প্ৰয়োগশালা আৰু প্ৰতিষ্ঠানিক সম্পত্তি আইনৰ সংস্কাৰ সাধন আৰু সকলো কাৰ্যক নিকা কৰিবৰ বাবে চৰকাৰে ব্যৱহাৰ কৰা আধুনিক কৌশলবোৰৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াইছিল।

(খ) যশপাল কমিটি

Yash Pal Committee.

Ans: ২০০৮ চনৰ ফেব্ৰুৱাৰী মাহত মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা জাননীৰ আধাৰত ভাৰত চৰকাৰে বিশ্ববিদ্যালয় অনুদান আয়োগৰ প্ৰাক্তন অধ্যক্ষ অধ্যাপক যশপালৰ সভাপতিত্ব এখন কমিটি গঠন কৰে। ২০০৯ চনৰ জুলাই মাহত এই কমিটিয়ে প্রতিবেদন প্রস্তুত কৰি উলিয়ায়। উচ্চ শিক্ষাৰ সংস্কাৰৰ বাবে গঠন কৰা এই কমিটিখনৰ নাম হ'ল “উচ্চ শিক্ষাৰ সংস্কাৰ আৰু পুনর্নিমান সম্পৰ্কে পৰামৰ্শদান কমিটি”। অধ্যক্ষ সমন্বিতে এই কমিটিত সৰ্বমুঠ ২২ জন সদস্য আছিল। অধ্যক্ষৰ নাম অনুসৰি এই কমিটিক জনপ্রিয়ভাৱে যশপাল কমিটি নামেৰেও জনা যায়।


(গ) ৰাষ্ট্ৰীয় পাঠ্যক্রম সংৰচনা, ২০০৫

National Curriculum Framework, 2005.

Ans: সমগ্ৰ দেশখনক সংহত কৰাৰ বাবে বিদ্যালয় শিক্ষাৰ বাবে গঠন কৰা এক গাথঁনি হ'ল ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা। বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ প্ৰদানৰ বাবে সকলো বিষয়ৰ আৰু কৰ্মসূচীৰ পাঠ্যক্ৰমৰ ই হ'ল সংৰচনা। ভাৰতবৰ্ষ হ'ল অঞ্চল, ধর্ম, ভাষা, সংস্কৃতি আৰু ভৌগলিক পৰিৱেশৰ দিশেৰে ভিন্ন বৈচিত্ৰ্যৰ দেশ। এই দিশৰ ভিত্তিত জাতীয় শিক্ষা আঁচনিয়ে সমগ্ৰ দেশৰ বিদ্যালয় শিক্ষাক একত্ৰিত কৰাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনাৰ প্ৰস্তাৱ আগবঢ়াইছিল। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ১৯৯২ চনৰ কৰ্ম আঁচনিৰ ভিত্তিত ২০০০ চনত প্ৰথমবাৰৰ বাবে বিদ্যালয় শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা প্ৰস্তুত কৰা হৈছিল। এই সংৰচনাৰ পৰ্যালোচনাৰ ভিত্তিত দ্বিতীয়বাৰৰ বাবে ২০০৫ চনত ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা প্ৰস্তুত কৰা হৈছিল। এই সংৰচনা প্রস্তুত কৰিছিল ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (NCERT) আৰু সংৰচনা প্ৰস্তুত কৰা কমিটিৰ অধ্যক্ষ আছিল অধ্যাপক যশ পাল।

(ঘ) সর্বশিক্ষা অভিযান

Sarva Shiksha Abhiyan

Ans: সমগ্ৰ দেশতে ভাৰতৰ জনসাধাৰণৰ বুনিয়াদী শিক্ষাৰ দাবীৰ এক প্ৰতিক্ৰিয়া হ'ল সৰ্বশিক্ষা অভিযান। ২০০০ চনত জিলা প্রাথমিক শিক্ষা আঁচনিক সর্ব শিক্ষা অভিযানলৈ প্ৰসাৰিত কৰা হৈছে। এই আঁচনিখনক সর্ব শিক্ষা বুলি কোৱা হৈছে কাৰণ ইয়াত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰ আৰু সাধাৰণ জনসাধাৰণ সকলো জড়িত হৈছে আৰু এই অভিযানৰ জৰিয়তে সার্বজনীনভাৱে গুণগত প্রাথমিক শিক্ষা প্ৰদানত গুৰুত্ব দিয়াৰ লগতে সকলোকে সমানভাৱে শিক্ষা দিয়াত গুৰুত্ব দিয়া হৈছে। এই অভিযানৰ দ্বাৰা জাতি, বর্ণ, ধর্ম, সম্প্রদায়, লিংগ তথা জন্মস্থান নির্বিশেষে ৬-১৪ বছৰ বয়সৰ সকলো শিশুকে সামৰি লোৱাৰ লগতে দৈহিকভাৱে অক্ষম আৰু মানসিকভাৱে দুৰ্বল শিশুকো শিক্ষা দিয়াত গুৰুত্ব দিয়া হৈছে। এই অভিযানৰ প্ৰধান নীতি হৈছে সকলো অনুষ্ঠান-প্ৰতিষ্ঠান, সংস্থা আৰু সংগঠনৰ লোকক শিক্ষাৰ লগত জড়িত কৰি তোলা। ‘সকলোৰে বাবে শিক্ষা' (Education For all)ৰ ধাৰণা আগত ৰাখি ২০০০ চনত কেন্দ্ৰীয় চৰকাৰে এই অভিযানৰ শুভাৰম্ভ কৰে। 

(ঙ) ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান 

Rashtriya Madhyamik Shiksha Abhiyan

Ans: প্ৰাথমিক শিক্ষাৰ দৰে মাধ্যমিক শিক্ষাৰ সাৰ্বজনীকৰণ এক গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা। যিদৰে প্ৰাথমিক শিক্ষা আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ প্ৰথম পৰ্যায় তথা ভেটি, ঠিক তেনেদৰে সমাজৰ প্ৰতিজন ব্যক্তিক বিকাশশীল আৰু সুস্থ নাগৰিক ৰূপে গঢ় দিয়াত এই শিক্ষাৰ ভূমিকা অতুলনীয়।  সামাজিক চাহিদা পূৰণৰ কাৰণেও এই গুৰুত্বপূৰ্ণ কালছোৱাতে শিক্ষা পৰিকল্পনাও কৰিবলগীয়া হয়। অর্থনৈতিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক সকলো দিশৰপৰা এই স্তৰটোৰ শিক্ষা অত্যন্ত তাৎপর্যপূর্ণ। মাধ্যমিক শিক্ষা সাৰ্বজনীনকৰণে প্ৰধানতঃ দুটা দিশক সামৰি লয় । প্ৰথমে ১৪ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰৰ সকলো শিশুকে মাধ্যমিক স্তৰত অন্তৰ্ভুক্তকৰণ নিশ্চিত কৰা। এই ক্ষেত্ৰত অন্তৰ্ভুক্তিকৰণ জাতি-বৰ্ণ, লিংগ, সামাজিক পদ নির্বিশেষে প্রাধান্য নিদিয়াকৈ হ'ব লাগিব । দ্বিতীয়তে, অন্তৰ্ভুক্তিকৰণৰ পিছত শিক্ষাকাল সমাপ্ত নোহোৱালৈকে শিক্ষাৰ্থীসকলক সংৰক্ষণ কৰা। সফলতাৰে শিক্ষাকাল সম্পূৰ্ণ কৰাৰ বাবে প্ৰশিক্ষণপ্রাপ্ত শিক্ষক, গুণগত শিক্ষাদান আৰু শিক্ষণ আহিলা আদিৰ সুব্যৱস্থা থকা প্রয়োজন ।

১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ১৯৯২ চনৰ কৰ্ম আঁচনিৰ পৰামৰ্শৰ ভিত্তিত ভাৰত চৰকাৰে মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাত গুণমান আনিবৰ বাবে বিভিন্ন আঁচনি আৰম্ভ কৰিছিল। এই সকলোবোৰ আঁচনিৰ ভিতৰত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এক গুৰুত্বপূৰ্ণ আঁচনি। ভাৰত চৰকাৰৰ ২০০৯ চনৰ মাৰ্চ মাহৰ ২ তাৰিখে মাধ্যমিক শিক্ষাৰ সুগমতা আৰু গুণমান বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান গঠন কৰে।

(চ) ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান 

Rashtriya Uchchatar Shiksha Abhiyan

Ans: উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত বৰ্তমান বিভিন্ন ধৰণৰ নতুন ধাৰণাৰ সৃষ্টি হৈছে। গ্ৰহণ কৰা এক উদ্ভাৱনমূলক আঁচনি হ'ল ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান। ২০১৩ চনত কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতা এই আঁচনি গঢ় লৈ উঠিছিল। এই আঁচনিৰ মূললক্ষ্য আছিল যোগ্য ৰাজ্যিক উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানক কৌশলগতভাৱে অর্থসাহাৰ্য প্ৰদান কৰা। কেন্দ্ৰই প্ৰদান কৰা অৰ্থ সাহার্য (সাধাৰণ শ্ৰেণীৰ ৰাজ্যবোৰৰ বাবে ৬০:৪০ অনুপাতত, বিশেষ শ্ৰেণীৰ ৰাজ্যৰ বাবে ৯০:১০ অনুপাতত আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ১০০%) মানদণ্ড ভিত্তিক আৰু ফলাফল নিৰ্ভৰশীল। কেন্দ্ৰীয় মন্ত্ৰালয়ৰ দ্বাৰা ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাধ্যমেৰে নিৰ্দিষ্ট প্ৰতিষ্ঠানৰ আগতে ৰাজ্যিক উচ্চ শিক্ষা সংসদৰ ওচৰত এই সাহাৰ্য জমা হয়। ৰাজ্যবোৰে লাভ কৰা অৰ্থ সাহাৰ্য ৰাজ্যিক উচ্চ শিক্ষা আঁচনি (State Higher Education Plan) ৰ সমালোচনামূলক মূল্যায়ণৰ ওপৰত প্ৰতিষ্ঠিত যিয়ে উচ্চ শিক্ষাত নায্যতা, সুগমতা আৰু শ্ৰেষ্ঠত্বৰ বিষয়ৰ কৌশলগত বিশ্লেষণ আগবঢ়ায়। এই আঁচনিৰ মূল লক্ষ্য হ'ল ৰাজ্যৰ উচ্চ শিক্ষা প্রতিষ্ঠানবোৰ গুণমান উন্নত কৰি তোলা।

(ছ) শিক্ষাৰ অধিকাৰ আইন 

Right to Education Act

Ans: ৰাষ্ট্ৰসংঘই (United Nations) ১৯৯৮ চনৰ ১০ ডিচেম্বৰত ‘মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণা (Universal Delclaration of Human Rights or UDHR) জাৰি কৰি প্ৰস্তাৱনাত উল্লেখ কৰে যে ৰাষ্ট্ৰসমূহে জনসাধাৰণক জ্ঞান আৰু দক্ষতা প্ৰদান কৰি মানৱ অধিকাৰৰ প্ৰসাৰ ঘটোৱাটোৱেই শিক্ষাৰ লক্ষ্য হোৱা উচিত। সংবিধানৰ সংশোধিত ২১ (ক) অনুচ্ছেদ অনুসৰি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০০৯ চনত এখন আইন জাৰি কৰে । এই আইনখন হৈছে “শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা অধিকাৰ আইন-২০০৯। আইনখন যদিও ২০০৯ চনৰ ২০ জুলাইত ৰাজ্যসভাত, ৪ আগষ্টত লোকসভাত পাছ হয়, তাৰ পিছত ৰাষ্ট্ৰপতি ৩ চেপ্তেম্বৰত সন্মতি প্ৰদান কৰে আৰু আৰু সেইদিনাই জাননী আকাৰে জাৰি কৰা হয়। অৱশ্যে ২০১০ চনৰ ১ এপ্ৰিলৰ পৰাহে এই আইন কার্যকৰী কৰা হ'ব বুলিও ঘোষণা কৰা হয় ৷

(জ) ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদ 

National Assessment and Accreditation Council

Ans: স্বাধীনতাৰ পিছৰ পৰা আমাৰ দেশত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ সংখ্যা বহু পৰিমানে বৃদ্ধি পাইছে। ইয়াৰ ফলস্বৰূপে শিক্ষাৰ গুণগত মানদণ্ড নিম্নগামী হৈছে আৰু শিক্ষা বজাৰকেন্দ্ৰিক হৈ পৰিছে। ১৯৮৬ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়েও উচ্চ শিক্ষাৰ নিম্নগামী মানদণ্ডক লৈ সংকিত হৈছিল। ১৯৯২ চনৰ কৰ্ম আঁচনিয়ে ভাৰতত উচ্চ শিক্ষাৰ গুণগত মানদণ্ডৰ বিকাশ সাধনৰ বাবে এক স্বাধীন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মূল্যায়ণ সংস্থা গঠনৰ পৰামৰ্শ আগবঢ়াইছিল। ফলস্বৰূপে ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ১৯৯২ বিশ্ববিদ্যালয় চনৰ কৰ্মৰ আঁচনিৰ পৰামৰ্শৰ ভিত্তিত ১৯৯৪ চনত ৰাষ্ট্ৰীয় মূল্যায়ণ আৰু প্ৰত্যায়ন পৰিষদ (National Assossment and Accreditation Council or NAAC) গঠন কৰা হৈছিল। 

অনুদান আয়োগৰ এক স্বতন্ত্র প্রতিষ্ঠান হ'ল ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদ। কলেজ আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ উচ্চ শিক্ষাৰ গুণমান বৈজ্ঞানিকভাৱে মূল্যায়ণ কৰিবৰ বাবে ১৯৯৪ চনৰ চেপ্তেম্বৰ মাহত ভাৰত চৰকাৰে এই পৰিষদ গঠন কৰে। ১৯৯৪-২০০৬ চনলৈ এই পৰিষদৰ মুখ্য কার্যালয় বাংগালোৰৰ ৰাজাজী নগৰত অৱস্থিত আছিল আৰু ২০০৬ চনৰ পৰা বৰ্তমানলৈ এই কার্যালয় বাংগালোৰৰ নগৰভাবি অঞ্চলত অৱস্থিত।


(III) দীঘল উত্তৰৰ প্ৰশ্ন (Questions of Long Answer ) 

(1) জ্ঞানৰ ধাৰণাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় জ্ঞান আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ বৰ্ণনা কৰা। 

Describe the suggestions made by National Knowledge Commission regarding knowledge concept.

Ans: জ্ঞানৰ ধাৰণাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় জ্ঞান আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ বৰ্ণনা কৰা হ'ল-

(১) বিদ্যালয় শিক্ষা (School Education) : ভাল বিদ্যালয় শিক্ষাৰ সুগমতাৰ বাবে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ প্ৰসাৰ প্ৰয়োজনীয়। এইক্ষেত্ৰত আয়োগে পৰামৰ্শ আগবঢ়াইছে যে—

 (i) বিকেন্দ্ৰীকৰণ, বিদ্যালয় ব্যৱস্থাপনাৰ স্থানীয় স্বায়ত্বশাসন আৰু পুঁজি বিতৰণৰ নমনীয়তাক উৎসাহিত কৰাকৈ বিদ্যালয় ব্যৱস্থাৰ পৰিৱৰ্তনৰ প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে।

(ii) স্থানীয় হিতাধিকাৰী আৰু শিক্ষা ব্যৱস্থাক ব্যাপকভাৱে নিকা কৰাৰ বাবে বিদ্যালয়ৰ আন্তঃগাথঁনি সংশোধন কৰিব লাগে আৰু বিদ্যালয় পৰিদৰ্শনৰ পুনৰনিৰ্মাণ কৰিব লাগে। 

(iii) শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু প্ৰশাসনিক তথ্য আৰু যোগাযোগ প্রযুক্তিবিস্তাৰ সুগমতা পাব লাগে। 

(iv) মুখস্থ শিকণৰ পৰিৱৰ্তে ধাৰণাৰ সমালোচনাত্মক বোধৰ যোগে পাঠ্যক্ৰম আৰু পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ কৰিব লাগে।

(২) বৃত্তীয় শিক্ষা আৰু প্ৰশিক্ষণ (Vocational Education and Training) : বৃত্তীয় শিক্ষা আৰু প্ৰশিক্ষণৰ বিকাশ সাধনৰ বাবে আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ হ'ল—

(i) মূলধাৰাৰ শিক্ষা ব্যৱস্থাৰ মাজত বৃত্তীয় শিক্ষা আৰু প্ৰশিক্ষণৰ নমনীয়তা বৃদ্ধি কৰিব লাগে। 

(ii) বৃত্তীয় শিক্ষা আৰু প্ৰশিক্ষণৰ উপযুক্ত চাৰ্টিফিকেটৰ লগত শক্তিশালী নিয়ন্ত্ৰণকাৰী আৰু স্বীকৃতি সংৰচনা নিশ্চিত কৰিব লাগে।

(৩) উচ্চ শিক্ষা (Higher Education) : উচ্চ শিক্ষাৰ ক্ষেত্ৰত আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ হ'ল-

(i) অনুমোদিত স্নাতক পৰ্যায়ৰ মহাবিদ্যালয়বোৰৰ পুনর্গঠন কৰিব লাগে।

(ii) দুবছৰীয়া ডিগ্ৰীৰ লগত সম্বন্ধিত ক্রেডিট থকা আৰু নথকা পাঠ্যসূচী প্ৰদানৰ বাবে কমিউনিটি মহাবিদ্যালয়ৰ বাবে আৰ্হি সৃষ্টি কৰিৰব লাগে। 

(iii) যোগ্য ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষা লাভৰ বাবে বৃত্তি প্ৰদান কৰিব লাগে।


(৪) গণিত আৰু বিজ্ঞান বিষয়ত অধিক মেধাৱী ছাত্র-ছাত্রী (More talented students in Mathematics and Science) : বিজ্ঞান শিক্ষা আৰু গৱেষণাৰ উন্নতিৰ বাবে আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ হ'ল—

(i) বিশাল বিজ্ঞান প্ৰচাৰ কাৰ্যসূচী (Massive Science outreach programme) এটাৰ আৰম্ভ কৰিব লাগে।

(ii) সকলো পর্যায়তে উপলব্ধ আন্তঃগার্থনিৰ উন্নতি কৰা, শিক্ষকতা বৃত্তি পুনৰ্জ্জীৱিত কৰা আৰু শিক্ষক প্রশিক্ষণ নতুনকৈ প্ৰস্তুত কৰিব লাগে।

(৫) পেছাদাৰী শিক্ষা (Professional Education) : পেছাদাৰী শিক্ষাৰ বিকাশৰ বাবে আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ হ'ল—

(i) চিকিৎসা, আইনী, ব্যৱস্থাপনা আৰু অভিযান্ত্ৰিক শিক্ষাৰ দৰে বৰ্তমানৰ পেছাদাৰী শিক্ষাৰ শাখাবোৰ প্রস্তাবিত স্বতন্ত্ৰ নিয়মাৱলীৰ অধীনত বিভিন্ন শাখাৰ উপদললৈ সলনি কৰিব লাগে। 

(ii) প্রতিষ্ঠানবোৰক বৃহত্তৰ স্বায়ত্ব শাসনৰ অনুমতি প্রদান, বৰ্তমান পৰীক্ষা পদ্ধতিৰ সংস্কাৰ, প্রচলিত পাঠ্যক্ৰমৰ বিকাশ আৰু গৱেষণাক উৎসাহ প্রদান কৰিব লাগে।

(৬) অধিক গুণমানৰ পি. এইচ. ডি (More Quality Ph. Ds) : গৱেষণাৰ গুণমানৰ উন্নতি সাধনৰ বাবে আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ হ'ল—

(i) বিশ্ববিদ্যালয় ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে সকলো পৰ্যায়তে শিক্ষা আৰু গৱেষণাত ব্যাপক বিনিয়োগ কৰিব লাগে।

(ii) সকলো শাখাৰ ডক্টৰেল কাৰ্যসূচী পুনৰুজ্জীৱিত কৰিব লাগে আৰু উদ্যোগ শিক্ষাৰ আন্তঃক্ৰিয়াৰ প্রবল বিকাশ সাধন কৰিব লাগে।

(iii) প্রয়োজনীয় গৱেষণা পৰিৱেশতন্ত্ৰ সৃষ্টিৰ বাবে জাতীয় গৱেষণা মিচন (National Research Mission) স্থাপন কৰিব লাগে।

(৭) মুক্ত আৰু দূৰত্ব শিক্ষা আৰু মুক্ত শৈক্ষিক সম্পদ (Open and Distance Education and Open Educational Resources) : মুক্ত আৰু দূৰত্ব শিক্ষাৰ ক্ষেত্ৰত আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ হ'ল—

(i) এক জাতীয় তথ্য আৰু যোগাযোগ প্রযুক্তিবিজ্ঞানৰ আন্তঃগাথঁনি সৃষ্টি কৰিব লাগে, নিয়ম গাথঁনিৰ সংশোধন কৰিব লাগে, ৱেবভিত্তিক সাধাৰণ মুক্ত সম্পদৰ বিকাশ কৰিব লাগে, ক্রেডিট বেংক প্রতিষ্ঠা কবি লাগে আৰু এক জাতীয় পৰীক্ষাৰ পৰিষদৰ ব্যৱস্থা কৰিব লাগে।

(ii) গুণমানবিশিষ্ট সামগ্ৰীৰ উৎপাদন কৰিব লাগে আৰু গোলকীয় মুক্ত শৈক্ষিক সম্পদৰ সুবিধা কৰিব লাগে।


(2) যশপাল কমিটিয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শ লিখা। 

Write the suggestions made by Yash Pal Committee regarding higher education.

Ans: যশপাল কমিটিয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শ হ'ল-

(১) নতুনকৈ গঠড় কৰা NCHER ৰ সৰ্বাধিক অগ্রাধিকাৰৰ বিষয় হ'ল পাঠ্যক্ৰমৰ সংস্কাৰ ৷ নমনীয়তা নীতিৰ ভিত্তিত সম্পূৰ্ণ পৰিসৰৰ শিক্ষাগত গভীৰতা তথা দক্ষতা সংহতকৰণৰ যোগে পাঠ্যক্ৰমৰ সংৰচনা গঠন কৰিব লাগে।

(২) স্নাতক পৰ্যায়ৰ কাৰ্যসূচীৰ পুনগঠন কৰিব লাগে যাতে নমনীয়তাৰ ভিত্তিত সকলো পাঠ্যক্ৰমত সুগমতাৰ বাবে সুযোগ লাভ কৰিব পাৰে।

(৩) বৃত্তীয় শিক্ষা বিশ্ববিদ্যালয়ৰ অধীনত থাকিব লাগে আৰু পলিটেকনিক, ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান, আৰু অন্যান্য প্রতিষ্ঠানত উপলব্ধ বিষয়বোৰৰ অনুমোদন প্রদান কৰা প্ৰয়োজনীয়। বৃত্তীয় প্ৰশিক্ষণৰ মাধ্যমেৰে শিক্ষাৰ্থীৰ বিশ্ববিদ্যালয়ত প্ৰৱেশৰ ক্ষেত্ৰত থকা বাধা কম কৰি জ্ঞানৰ ভিত্তিত সিহঁতক যিকোনো পৰ্যায়ত উন্নত কৰিব লাগে।

(৪) জাতীয় গৱেষণা প্ৰতিষ্ঠান (National Research Foundation) গঠনৰ যোগে NCHER এ বিশ্ববিদ্যালয়ৰ গৱেষণাক উৎসাহিত কৰিব লাগে।

(৫) বিশ্ববিদ্যালয়বোৰ স্বচ্ছ আৰু জবাবদিহি কৰিবৰ বাবে তথা স্বায়ত্বশাসন ৰক্ষাৰ বাবে নতুন শাসন প্ৰণালীৰ গাথঁনি প্ৰস্তুত কৰিব লাগে।

(৬) বিশ্ববিদ্যালয়লৈ পৰ্যবসিত কৰিবৰ বাবে ভাৰতবৰ্ষৰ ১৫০০ খন শ্রেষ্ঠ কলেজ NCHER এ চিনাক্ত কৰিব লাগে আৰু আন সম্ভাৱ্য ভাল কলেজবোৰ বিশ্ববিদ্যালয়লৈ উন্নত কৰাৰ বাবে এক গুচ্ছ (Cluster) তৈয়াৰ কৰিব লাগে।

(৭) সকলো স্তৰৰ শিক্ষক শিক্ষাক উচ্চ শিক্ষাৰ অন্তৰ্ভুক্ত কৰিব লাগে । 

(৮) বৰ্ধনৰ প্ৰয়োজনীয়তাৰ ভিত্তিত ৰাজ্যিক সাহাৰ্যপ্রাপ্ত বিশ্ববিদ্যালয়বোৰে বহনক্ষমতা বৃদ্ধিৰবাবে কেন্দ্রীয় সাহাৰ্যৰ লাভৰ বাবে কাৰ্য সম্পাদন কৰিব লাগে । 

(৯) শৈক্ষিক উলম্বতাৰ বাবে ন্যায়সংগত, সুগম, গুণবিশিষ্ট আৰু সুযোগ নিশ্চিত কৰাৰ বাবে উচ্চ শিক্ষা ব্যৱস্থাৰ সম্প্ৰসাৰণৰ মূল্যায়ণ আৰু অবিৰত মূল্যাংকন কৰিব লাগে। এই কাৰ্য ভাৰতবৰ্ষৰ সকলো অঞ্চলৰ প্ৰয়োজনীয়তাৰ ভিত্তিত কৰিব লাগে।

(১০) এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই কাৰ্যসূচীবোৰ বাস্তৱায়িত কৰিবৰ বাবে কৰ্ম-বাহিনী গঠন কৰিব লাগে ।


(৩) পাঠ্যক্রমিক ক্ষেত্ৰৰ পুনৰস্বীকৃতিকৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা ২০০৫, ৰ পৰামৰ্শবোৰ লিখা । 

Write the recommendations made by National Curriculum, Framwwork, 2005 regarding reconceptualisation of curriculum aspect.

Ans: পাঠ্যক্রমিক ক্ষেত্ৰৰ পুনৰস্বীকৃতিকৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা ২০০৫, ৰ পৰামৰ্শবোৰ হ'ল- 

(১) ভাষা (Languages) : ভাষা শিক্ষাৰ পুনৰ স্বীকৃতিৰ বাবে NCF এ আগবঢ়োৱা পৰামৰ্শবোৰ হ'ল—

(i) বিদ্যালয় শিক্ষাত ত্ৰিভাষিক সূত্ৰ কাৰ্যকৰী কৰিব লাগে।

(ii) ইংৰাজী ভাষাতো দক্ষতা থাকিব লাগে।

(iii) ভাষাৰ চাৰিওটা কৌশলৰ বিকাশৰ ওপৰত গুৰুত্ব দিব লাগে।

(iv) মাতৃভাষা শিক্ষাৰ বাবে এক সুস্থ শিকণ বিজ্ঞান গঢ়ি তুলিব লাগে।

(v) প্রাথমিক স্তৰত পঠন কৌশলৰ ওপৰত গুৰুত্ব দিব লাগে।


(২) গণিত (Mathematics) : গণিতৰ অধ্যয়নত অংশ গ্ৰহণৰ আগ্ৰহ নথকা অধিক সংখ্যক ছাত্র- ছাত্রীকে বৰ্তমানৰ গণিতৰ পাঠ্যক্ৰমে হতাশ কৰিছে বুলি NCF, ২০০৫ এ মত প্ৰকাশ কৰিছিল। গণিত শিকণৰ আগ্ৰহী প্ৰতিভাশালী ছাত্র-ছাত্রীসকলকো এই পাঠ্যক্রমে কোনো প্রত্যাহ্বান কোনো প্রত্যাহ্বান প্ৰদান কৰিব নোৱাৰে। পাঠ্যপুথিবোৰ সমস্যা, অনুশীলন আৰু মূল্যায়ণ পদ্ধতিৰে ভৰপূৰ যিবোৰ পুনৰাবৃত্তিমূলক আৰু যান্ত্ৰিক । একাংশ শিশুৰ গণিতত অকৃতকাৰ্য হোৱাৰ ভয় থকাও দেখা যায়। ভয়ৰ বাবে বহুতে সোনকালে পঢ়াও ত্যাগ কৰে। সেয়েহে, গণিতৰ শিক্ষাদানে শিশুৰ চিন্তন আৰু যুক্তি সম্পদৰ ওপৰত গুৰুত্ব দিব লাগে। সিহঁতে বিমূর্ততা কল্পনা কৰি সমস্যা সমাধান কৰা উচিত।

(৩) বিজ্ঞান (Science) : এই ক্ষেত্ৰৰ পৰামৰ্শবোৰ হ'ল—

 (i) NCF, ২০০৫ ৰ মতে, বিজ্ঞানৰ শিক্ষাদানক পুনৰুদ্ধাৰ কৰা উচিত যাতে শিশুসকলে প্ৰতিদিনৰ অভিজ্ঞতাবোৰৰ পৰীক্ষা আৰু বিশ্লেষণ কৰিবলৈ সক্ষম হয়। 

(ii) প্রত্যেক বিষয়ত পৰিৱেশ সম্বন্ধীয় উদ্বেগ আৰু বিচার্য বিষয়ত গুৰুত্ব দিয়া উচিত। 

(iii) বাহ্যিক প্রকল্প সন্নিৱিষ্ট ব্যাপক পৰিসৰৰ কাৰ্যবোৰ পৰিৱেশনৰ লগত সম্পর্কিত কৰা উচিত।

(iv) প্রকল্পবোৰ সুপৰিকল্পিত হোৱা উচিত যাতে এইবোৰৰ বেছি ভাগেই জ্ঞান সৃষ্টি কৰিব পাৰে। 

(v) সমগ্র দেশ তথা দক্ষিণ এছিয়াত আৱিস্কাৰমূলক শিকণৰ প্ৰচাৰ শিশুৰ বিজ্ঞান সন্মিলন (Children's Science Congress) আৰু সামাজিক আন্দোলনে দৃশ্যায়িত কৰিব লাগে।

(vi) বিজ্ঞানৰ শিক্ষাদানে পদ্ধতি আৰু প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব দিব লাগে যিয়ে চিন্তন প্রক্রিয়া, কৌতুহলতা আৰু সৃজনশীলতা বিকশাই তুলিব।

(৪) সমাজ বিজ্ঞান (Social Science ) : NCF, ২০০৫ এ সমাজ বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা বিভিন্ন পৰামৰ্শবোৰ হ'ল—

(i) সমাজ বিজ্ঞানত, NCF এ প্রস্তাৱিত কৰা অভিগমন স্বীকৃতি প্ৰদান কৰিব লাগে যিয়ে উল্লেখযোগ্য কেতবোৰ বিষয়ৰ মাজত সংহতিৰ সৃষ্টি কৰে, যেনে—পানী।

(ii) অনুন্নত দলৰ দৃষ্টিকোণৰ সমাজ বিজ্ঞানৰ অধ্যয়ন হোৱা উচিত। 

(iii) সমাজ বিজ্ঞানৰ সকলো ক্ষেত্রতে লিংগ ন্যায়তা, অনুসূচীত জাতি আৰু জনজাতি সম্বন্ধীয় সংবেদনশীল বিষয় আৰু সংখ্যালঘুসকলৰ সংবেদনশীলতাই স্থান পাব লাগে। 

(iv) পৌৰ বিজ্ঞানক ৰাজনীতি বিজ্ঞান স্বৰূপে স্বীকৃতি দিব লাগে ।

(v) বুৰঞ্জী অধ্যয়নৰ যোগেদি অতীতৰ প্ৰতি শিশুৰ ধাৰণা গঠন কৰিব পাৰি আৰু পৌৰবিজ্ঞানৰ যোগেদি পৰিচয়ক স্বীকৃতি প্ৰদান কৰিব পাৰি । 


(৪) প্রাথমিক শিক্ষা সাৰ্বজনীনকৰণত সৰ্বশিক্ষা অভিযানৰ ভূমিকা বর্ণনা কৰা।

Describe the role of Sarva Shiksha Abhiyan regarding universalisation of primary education. 

Ans: প্রাথমিক শিক্ষা সাৰ্বজনীনকৰণত সৰ্বশিক্ষা অভিযানৰ ভূমিকা তলত বর্ণনা কৰা হ'ল- 


(৫) মাধ্যমিক শিক্ষা সাৰ্বজনীনকৰণত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ ভূমিকা বৰ্ণনা কৰা। 

Describe the role of Rashtriya Madhyamik Shiksha Abhiyan regarding  universalisation of secondary education. 

Ans: মাধ্যমিক শিক্ষা সাৰ্বজনীনকৰণত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ ভূমিকা বৰ্ণনা কৰা হ'ল-

(৬) প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ অধিকাৰ আইনৰ বিষয়ে বিশ্লেষণ কৰা। Explain about Right to Education Act regarding Primary education.

Ans: প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ অধিকাৰ আইনৰ বিষয়ে বিশ্লেষণ কৰা হ'ল-ৰাষ্ট্ৰসংঘই (United Nations) ১৯৯৮ চনৰ ১০ ডিচেম্বৰত ‘মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণা (Universal Delclaration of Human Rights or UDHR) জাৰি কৰি প্ৰস্তাৱনাত উল্লেখ কৰে যে ৰাষ্ট্ৰসমূহে জনসাধাৰণক জ্ঞান আৰু দক্ষতা প্ৰদান কৰি মানৱ অধিকাৰৰ প্ৰসাৰ ঘটোৱাটোৱেই শিক্ষাৰ লক্ষ্য হোৱা উচিত। সংবিধানৰ সংশোধিত ২১ (ক) অনুচ্ছেদ অনুসৰি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০০৯ চনত এখন আইন জাৰি কৰে ৷ এই আইনখন হৈছে ‘শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা অধিকাৰ আইন-২০০৯। আইনখন যদিও ২০০৯ চনৰ ২০ জুলাইত ৰাজ্যসভাত, ৪ আগষ্টত লোকসভাত পাছ হয়, তাৰ পিছত ৰাষ্ট্ৰপতি ৩ চেপ্তেম্বৰত সন্মতি প্ৰদান কৰে আৰু আৰু সেইদিনাই জাননী আকাৰে জাৰি কৰা হয় । অৱশ্যে ২০১০ চনৰ ১ এপ্ৰিলৰ পৰাহে এই আইন কার্যকৰী কৰা হ'ব বুলিও ঘোষণা কৰা হয় ৷

(৭) ৰাষ্ট্ৰীয় জ্ঞান আয়োগে জ্ঞানৰ সুগমতাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শবোৰ বৰ্ণনা কৰা। 

Describe the suggestions made by National Knowledge Commission regarding knowledge access.

Ans: ৰাষ্ট্ৰীয় জ্ঞান আয়োগে জ্ঞানৰ সুগমতাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শবোৰ বৰ্ণনা কৰা হ'ল- 

(১) শিক্ষাৰ অধিকাৰ (Right to Education) : ভাৰতীয় সংবিধানৰ ৮৬ তম সংশোধনত শিক্ষাক এক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। গুণগত শিক্ষাৰ সাৰ্বজনীন সুগমতা বৃদ্ধিৰ বাবে আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ হ'ল— 

(i) শিক্ষাৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে এখন কেন্দ্ৰীয় আইনৰ প্ৰয়োজন ।

(ii) শিক্ষাৰ অধিকাৰৰ প্ৰয়োজনীয়তা উপলব্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত পুঁজি প্ৰদান কৰিব লাগে।

(iii) আইনে বিদ্যালয় শিক্ষাৰ গুণমানৰ নিম্নতম মানদণ্ড নিৰ্ধাৰণ কৰা উচিত।

(২) ভাষা (Language) : বর্তমান পৰিস্থিতিত ইংৰাজী ভাষা উচ্চ শিক্ষা লাভৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্ধাৰক। এইক্ষেত্ৰত আয়োগৰ পৰামৰ্শবোৰ হ'ল—

(i) প্ৰথম শ্ৰেণীৰ পৰা প্ৰথম ভাষা (মাতৃভাষা বা আঞ্চলিক ভাষা) ৰ লগত এটা ভাষা হিচাপে ইংৰাজী শিকোৱা উচিত। 

(ii) ইংৰাজী ভাষা শিক্ষণৰ শিক্ষণ-বিজ্ঞানৰ সংস্কাৰ সাধন কৰা প্ৰয়োজনীয় আৰু পৰম্পৰাগত শিক্ষণ পদ্ধতিৰ পৰিপূৰকস্বৰূপে সকলো মাধ্যমৰ ব্যৱস্থাৰ কৰা উচিত।

(৩) অনুবাদ (Translation) : ভাৰতবৰ্ষৰ দৰে বহুভাষিক দেশ এখনত বিভিন্ন ভাষাগোষ্ঠীৰ মাজত জ্ঞান উপলব্ধ কৰাৰ ক্ষেত্ৰত অনুবাদে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ক্ষেত্ৰত আয়োগৰ পৰামৰ্শবোৰ হ'ল-


(i) অনুবাদক এটা শিল্প হিচাপে বিকশাই তুলিব লাগে আৰু সমগ্ৰ দেশতে অনুবাদ কাৰ্যক প্ৰচাৰৰ বাবে জাতীয় অনুবাদ মিছন (National Translation Mission) গঢ় দি তুলিব লাগে।

(ii) অনুবাদ সম্বন্ধীয় সকলো দিশৰ তথ্যৰ বাবে ভাণ্ডাৰ স্থাপন কৰিব লাগে, অনুবাদসকলৰ বাবে গুণবিশিষ্ট প্ৰশিক্ষণ আৰু শিক্ষাৰ ব্যৱস্থা কৰিব লাগে আৰু অনুবাদৰ বাবে বিভিন্ন আহিলাৰ সৃষ্টি আৰু ৰক্ষণাবেক্ষণ কৰিব লাগে।

(৪) পুথিভড়াল (Library) : পুথিভড়াল আৰু তথ্যসেৱা (Library and Information Services or LIS) ৰ পুৰ্ননিৰ্মাণৰ বাবে আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ হ'ল—

(i) পুথিভড়াল আৰু তথ্যসেৱাৰ বিকাশৰ বাবে ৰাজহুৱা ব্যক্তিগত অংশীদাৰীত্বৰ আৰ্হি আৰু বিভিন্ন প্রয়োগৰ বাবে তথ্য আৰু যোগোযোগ প্ৰযুক্তিবিদ্যা লাভৰ যোগে বৃহৎ সম্প্ৰদায়ৰ অংশ গ্ৰহণ নিশ্চিত কৰিবলৈ পুথিভড়াঁল ব্যৱস্থাপনাৰ আধুনিকীকৰণৰ বাবে সৰ্বাত্মকভাৱে পুথিভড়াঁলবোৰৰ জৰীপ কৰিব লাগে।

(ii) এই ক্ষেত্ৰৰ সকলো উন্নয়নমূলক কাৰ্যৰ প্ৰবাহৰ বাবে স্বাধীনভাৱে এক পুথিভড়ালৰ জাতীয় আয়োগ (National Commission on Libraries) গঠন কৰিব লাগে ।


(৫) জাতীয় জ্ঞান নেটৱৰ্ক (National Knowledge Network) : বৰ্তমানৰ সফল গৱেষণাৰ মূল চাকিাঠি হ'ল তথ্য আৰু সম্পদৰ বিতৰণ। এই ক্ষেত্ৰত আয়োগৰ পৰামৰ্শবোৰ হ'ল— 

(i) সমগ্ৰ দেশৰ বিভিন্ন ক্ষেত্ৰ আৰু বিভিন্ন স্থানৰ সকলো জ্ঞান প্রতিষ্ঠানক সংযোগ কৰাৰ বাবে এক উচ্চ পৰ্যায়ৰ জাতীয় জ্ঞান নেটৱৰ্ক প্ৰতিষ্ঠা কৰিব লাগে।

(ii) এই নেটৱৰ্ক গিগাবিট ক্ষমতাসহ এক বৈদ্যুতিক ডিজিটেল ব্রডব্রাণ্ড নেটৱৰ্কৰ মাধ্যমেৰে হ'ব লাগে।

(৬) প্ৰৱেশদ্বাৰ বা প'ৰ্টেল (Portal) : প'ৰ্টেলৰ ক্ষেত্ৰত আয়োগৰ পৰামৰ্শবোৰ হ'ল— 

(i) পানী, শক্তি, পৰিৱেশ, জৈৱবৈচিত্ৰ, স্বাস্থ্য, কৃষি, কর্মসংস্থান, নাগৰিক অধিকাৰ ইত্যাদিৰ দৰে কেতবোৰ মূল ক্ষেত্ৰৰ ওপৰত এক জাতীয় ৱেৱভিত্তিক প'ৰ্টেল সৃষ্টি কৰিব লাগে।

(ii) সকলো হিতাধিকাৰীৰ বাবে নিৰ্দিষ্ট ক্ষেত্ৰৰ তথ্যৰ একক সমষ্টি (Single window) হিচাপে পৰিৱেশন কৰিব লাগে আৰু এইবোৰৰ জাতীয় চৰিত্ৰৰ বিশ্লেষণৰ বাবে ব্যাপক পৰিসৰৰ হিতাধিকাৰীৰ ব্যৱস্থা কৰিব লাগে।

(৭) স্বাস্থ্য তথ্য নেটৱৰ্ক (Health Information Network) : এই ক্ষেত্ৰত আয়োগ আগবঢ়োৱা পৰামৰ্শবোৰ হ'ল—

(i) ৰাজহুৱা আৰু ব্যক্তিগত ক্ষেত্ৰৰ সকলো স্বাস্থ্যসেৱা সংস্থাক সংযুক্ত কৰাৰ বাবে এক ৱেব- ভিত্তিক নেটৱৰ্ক বিকশাই তুলিব লাছে।

(ii) বৈদ্যুতিকভাৱে তথ্যবোৰ লিপিৱদ্ধ কৰাৰ বাবে এটা সাধাৰণ বৈদ্যুতিক স্বাস্থ্য ৰেকৰ্ড (Electronic Health Record) সৃষ্টি কৰিব লাগে আৰু ব্যাপকভাৱে বিস্তাৰ কৰিব লাগে।


(৮) উচ্চ শিক্ষাৰ গুণমান নিয়ন্ত্ৰণত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ ভূমিকা বর্ণনা কৰা।

Describe the role of National Assessment and Accredition Council regarding quality control of higher education.

Ans: উচ্চ শিক্ষাৰ গুণমান নিয়ন্ত্ৰণত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ ভূমিকা বর্ণনা কৰা হ'ল- 
গুণমান নিশ্চিতকৰণ এক সৰ্বাত্মক ধাৰণা আৰু ই উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ সকলোবোৰ প্ৰক্ৰিয়াক সামৰি লয়। উচ্চ শিক্ষাত সুগমতা আৰু গুণমান বৃদ্ধিৰ বাবে স্বাধীনোত্তৰ কালত ভাৰতবৰ্ষত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ গুণমানৰ উৎকৰ্ষ সাধন শিক্ষণ, মূল্যায়ন ব্যৱস্থাৰ কৌশল আৰু প্ৰতিষ্ঠানৰ ফলাফলৰ লগত সম্বন্ধিত । ই আকৌ নিয়োগ ব্যৱস্থা, স্নাতকোত্তৰ বা বৃত্তীয় শিক্ষা লাভ কৰা ছাত্ৰৰ শতাংশ, গবেষণা, ব্যৱস্থাপনা, সহ-পাঠ্যক্রমিক সুবিধা আদি দিশৰ লগতো সম্বন্ধিত।

উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ কৃতিত্বৰ মূল্যায়নৰ বাবে এই পৰিষদে বহুতো নির্ণায়ক গ্ৰহণ কৰে আৰু সেই অনুসৰি প্ৰতিষ্ঠানবোৰক প্ৰত্যায়নো প্ৰদান কৰে। এই পৰিষদে গুণমান নিশ্চিতকৰণৰ বাবে গ্ৰহণ কৰা নিৰ্ণায়ক সাতটা তলত বৰ্ণনা কৰা হ'ল

(১) পাঠ্যক্রমিক দিশ (Curricular Aspects) : যিকোনো শিক্ষা প্ৰতিষ্ঠানৰ মূল ভিত্তি হ'ল। পাঠ্যক্রমিক দিশ। এইক্ষেত্ৰত বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ দায়িত্ব প্রশাসনিক অৱস্থাৰ ওপৰত নিৰ্ভৰশীল। অনুমোদিত কলেজবোৰে এই ক্ষেত্ৰত নিৰ্দিষ্ট বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক আৰু প্ৰশাসনিক গোটৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। পাঠ্যক্রমিক দিশত এই পৰিষদে নিজৰ লক্ষ্য-উদ্দেশ্যৰ লগ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ প্ৰচলিত কাৰ্যসূচীবোৰৰ তুলনা কৰে। এই নির্ণায়কত ১০০ ৰ ভিতৰত 10 পইণ্ট থাকে।

এই নির্ণায়কৰ অধীনৰ বিভিন্ন সূচকবোৰ হ'ল—

(i) পাঠ্যক্রম প্রস্তুত আৰু বিকাশ।

(ii) পাঠ্যক্ৰম পৰিকল্পনা আৰু বাস্তবায়িতকৰণ।

(iii) বিদ্যায়তনিক নমনীয়তা।

(২) শিক্ষণ-শিকণ আৰু মূল্যায়ণ (Teaching-Learning and Evaluation) : পৰিষদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নির্ণায়ক স্বৰূপে ইয়াত ফলপ্ৰসু শিক্ষণ-শিকাৰ মোখে বিভিন্ন পৰিস্থিতিৰ আৰু দক্ষতাৰ ছাত্ৰ-ছাত্ৰীক সেৱা আগবঢ়োৱাৰ প্ৰচেষ্টা গ্রহণ কৰা হয়। ইয়াত উচ্চ চিন্তন ক্ষমতাৰ বিকাশৰ বাবে গ্ৰহণ কৰা বিভিন্ন কৌশলবোৰৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু লগতে ই শিক্ষকসকলৰ বৃক্তিগত বিকাশো সম্ভৱ কৰি তোলে। এই নির্ণায়কৰ বাবে ৪০ পইণ্ট থাকে।

এই নির্ণায়ক অধীনৰ বিভিন্ন সূচকবোৰ হ'ল- 

(i) ছাত্ৰ-ছাত্ৰীৰ নামভৰ্ত্তিকৰণ আৰু পৰিচয়।

(ii) ছাত্ৰ-ছাত্ৰীৰ বৈচিত্ৰতাৰ সৰবৰাহ।

(iii) শিক্ষণ-শিকণ প্রক্রিয়া।

(৩) গৱেষণা, পৰামৰ্শদান আৰু সম্প্ৰসাৰণ (Research, Consultancy and Extension) : এই নির্ণায়কে গৱেষণা, পৰামৰ্শদান আৰু সম্প্ৰসাৰণৰ প্ৰসংগত উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ নীতি, অনুশীলন আৰু ফলাফল সম্বন্ধীয় তথ্যৰ অনুসন্ধান কৰে। গৱেষণা সংস্কৃতি (Research Culture) ৰ প্ৰচাৰৰ বাবে প্ৰতিষ্ঠানে প্ৰদান কৰা সুবিধা আৰু প্ৰচেষ্টাৰ লগত ই সম্বন্ধ ৰাখে। সমাজৰ বাবে ব্যৱহাৰণযোগী গৱেষণা প্ৰকল্প গ্ৰহণ কৰাৰ বাবে শিক্ষকসকলক সক্ষম কৰি তোলাৰ দায়িত্ব প্রতিষ্ঠানে গ্ৰহণ কৰিব লাগে। এই নির্ণায়কৰ বাবে ৫ পইণ্ট থাকে। এই নির্ণায়কৰ বিভিন্ন সূচকবোৰ হ'ল—

(i) গৱেষণা আৰু সুবিধাৰ উন্নতি সাধন

(ii) গৱেষণাৰ বাবে সমল একীকৰণ।

(iii) উদ্ভাৱনীমূলক পৰিৱেশতন্ত্র।

বিভাগীয় বা গোট প্রত্যায়ন সম্পাদন কৰা হয়। শিক্ষক-কর্মচাৰীৰ গুণমান, গবেষণা কর্ম, গবেষণা পত্ৰৰ সংখ্যা, গবেষণা কার্যত জড়িত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা, উদ্যোগৰ লগত সম্বন্ধ আদিৰ ভিত্তিত


বিভাগীয় বা গোট প্রত্যায়ন প্রতিষ্ঠিত। এই পৰিষদে প্ৰদান কৰা প্ৰত্যায়ন চার্টিফিকেট বা মানপত্ৰখন পাঁচ বছৰৰ বাবে বৈধ। সেয়ে প্রতি চাৰি বছৰৰ মূৰত প্ৰত্যায়ন লাভ কৰা প্ৰতিষ্ঠানবোৰে পুনৰ প্ৰত্যায়ন লাভৰ বাবে আবেদন জনাব লাগে। গুণমান এক সম্বন্ধসূচক ধাৰণা। সেয়ে ইয়াক বাহ্যিকভাৱে প্ৰদান কৰা সম্ভৱ নহয়। এই কথা অনুভৱ কৰি এই পৰিষদে প্ৰতিখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানতে আভ্যন্তৰীণ গুণ নিশ্চিতকৰণ কোষ (Internal Quality Assurance Cell or IQAC) স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল যাতে প্ৰতিষ্ঠানৰ ভিতৰতে গুণমান উন্নীত কৰিব পাৰি আৰু বহনক্ষম কৰিব পাৰি। বিশ্ববিদ্যালয় অনুদান আয়োগে এই কোষ গঠনৰ বাবে নীতি-নিৰ্দেশনাও প্রদান কৰিছে আৰু 2 (1) আৰু 12 (b) স্বীকৃত প্রতিষ্ঠানবোৰক ইয়াৰ বাবে আর্থিক সাহায্যও প্রদান কৰিছে।

ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদে এক তথ্যভিত্তিক পর্যালোচনা প্ৰক্ৰিয়াৰ মাধ্যমেৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰক নিজৰ সবলতা, দুৰ্বলতা, আৰু সুযোগৰ বিষয়ে জনাত সহায় কৰিছে আৰু পৰিকল্পনা আৰু সমল বিতৰণৰ আভ্যন্তৰীণ ক্ষেত্ৰবোৰো চিনাক্ত কৰিব পাৰিছে।

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবে৷ এই পৰিষদৰ দ্বাৰা মূল্যায়ন আৰু প্ৰত্যায়ন কৰাটো বাধ্যতামূলক কিয়নো ইয়াৰ অবিহনে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানে বিশ্ববিদ্যাল অনুদান আয়োগৰ পৰা কোনো ধৰণৰ আৰ্থিক সাহাৰ্য লাভ কৰিব নোৱাৰে। ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ মাজত এই পৰিষদে উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ মৰ্যাদা বৃদ্ধি কৰি তোলে।

গতিকে ক'ব পাৰি ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদে উচ্চ শিক্ষাৰ গুণমান বৃদ্ধি, নিয়ন্ত্রণ আৰু নিশ্চিতকৰণত প্রধান ভূমিকা গ্ৰহণ কৰে। এই পৰিষদে ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ সমগ্ৰ ব্যৱস্থাটোতে এক নতুন ৰূপ প্ৰদান কৰিছে।


Question And Answer Type: Himashree Bora.



Post ID :DABP003953