Chapter-1 (D) 

ৰাজনৈতিক তত্ত্বৰ সমালোচনাত্মক আৰু সমসাময়িক দৃষ্টিভঙ্গী

লেখকৰ সুবিধা অনুসৰি কিতাপৰ প্ৰশ্ন আৰু উত্তৰ দিয়া হোৱা নাই । কেৱল কিতাপখনৰ সূচী প্ৰত্ৰ হে দিয়া হৈছে । Click to Model Books Daily Assam |

প্ৰশ্নাৱলী


১. নাৰীবাদ কি ? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি ?

What is Feminism ? What are its features ?

উত্তৰঃ নাৰীবাদ হল এনে এক মতাদৰ্শ যি নাৰী আৰু পুৰুষৰ মাজত থকা অসমতা আঁতৰ কৰি লিংগ সমতা আৰু লিংগ ন্যায় প্ৰতিষ্ঠা কৰিব বিচাৰে।

    ইয়াৰ বৈশিষ্ট্যসমূহ হল-

    ১) নাৰীবাদ হৈছে এক নৱ্য ৰাজনৈতিক মতাদৰ্শ। ই নাৰীক আত্মসচেতন কৰি তোলাৰ এক প্ৰচেষ্টা।

    ২) নাৰীবাদে পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰোধিতা কৰে আৰু ইয়াৰ পতনত বিশ্বাস কৰে।

    ৩) নাৰীবাদে জৈৱিক লিগ আৰু কৃত্ৰিম লিংগৰ ধাৰণাক ভিন্ন বা পৃথক জ্ঞান কৰে।

    ৪) এক নব্য সামাজিক আন্দোলন হিচাপে নাৰীবাদ পৰিবৰ্তনত বিশ্বাসী। ই প্ৰচলিত বৈষম্য সৃষ্টিকাৰী ব্যৱস্থাৰ আমূল পৰিবৰ্ত্তন সাধন কৰিব বিচাৰে।

    ৫) নাৰীবাদে বিশ্বাস কৰে যে নাৰীৰ প্ৰতি থকা বৈষম্যতা আৰু অসমতা স্থায়ী নহয়। বৰং ইয়াক নাইকীয়া কৰি নাৰীৰ মৰ্য্যদা বৃদ্ধি কৰিব পাৰি।

    ৬) নাৰীবাদী মতাদৰ্শৰ বিভিন্ন প্ৰকাৰ যেনে- উদাৰতাবাদী নাৰীবাদ, মাৰ্ক্সবাদী নাৰীবাদ, সমাজবাদী নাৰীবাদ আদি দেখা যায়।

    ৭) ৰাজনৈতিক মতাদৰ্শ হিচাপে নাৰীবাদ গণতান্ত্ৰিক প্ৰমূল্যবোধত বিশ্বাসী।

    ৮) নাৰীবাদে সমাজ, ৰাজনীতি, অৰ্থনীতি আদিত নাৰীৰ স্থান লিংগ সংবেদনশীল দৃষ্টিভঙ্গীৰে বিশ্লেষণ কৰিব বিছাৰে।


২. 'A Vindication of the Rights of Women' গ্ৰন্থৰ লিখক কোন ?

Who was the author of the book 'A Vindication of the Rights of Women?

উত্তৰঃ 'A Vindication of the Rights of Women' গ্ৰন্থৰ লিখক হল- Mary Wollstonecraft.


৩. নাৰীবাদ কেতিয়া আৰম্ভ হৈছিল ?

When did Feminism started ?

উত্তৰঃ ওঠৰ শতিকাৰ মাজভাগত নাৰীবাদৰ আৰম্ভ হৈছিল।


৪.''The Origin of the Family, Private Property and the State' গ্ৰন্থৰ লিখক কোন ?

Who is the author of the book ''The Origin of the Family, Private Property and the State'?

উত্তৰঃ ''The Origin of the Family, Private Property and the State' গ্ৰন্থৰ লিখক হল- Friedrich Engels.


৫. চৰম বা উগ্ৰ নাৰীবাদী চিন্তাবিদ এগৰাকীৰ নাম লিখা।

Write down the name of a radical feminist thinker.

উত্তৰঃ চৰম বা উগ্ৰ নাৰীবাদী চিন্তাবিদ এগৰাকীৰ নাম হল- Simone de Beavoir.


৬. "Understanding Gender" নামৰ গ্ৰন্থখনৰ লিখক কোন ?

Who is the author of the book "Understanding Gender"?

উত্তৰঃ "Understanding Gender" নামৰ গ্ৰন্থখনৰ লিখক হল- Kamala Bhasin.


৭. যিকোনো দুটা লিংগ পৃথকীকৰণ ক্ষেত্ৰৰ বিষয়ে উল্লেখ কৰা।

Mention any two areas of gender exclusion.

উত্তৰঃ যিকোনো দুটা লিংগ পৃথকীকৰণ ক্ষেত্ৰ হল-

    ১) সমাজঃ সমাজ হল লিংগ পৃথকীকৰণ পৰিস্ফুট হোৱা প্ৰধান ক্ষেত্ৰ। সমাজে অৰ্পন কৰা নাৰী-পুৰুষৰ পৃথক পৃথক দায়িত্ব সমূহ সামাজিকীকৰণ প্ৰক্ৰিয়াৰ যোগেদি এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰবাহিত হয়। আকৌ জাতিভেদে নাৰীসকলে সন্মুখীন হোৱা বৈষম্যও ভিন্ ভিন্ হয়। নিম্ন জাতিৰ তুলনাত উচ্চ জাতিৰ নাৰী অধিক নিৰ্য্যাতনৰ সন্মুখীন হয়। নিম্ন শ্ৰেণীৰ নাৰীয়ে জীৱিকাৰ তাড়নাত বাহ্যিক কৰ্মক্ষেত্ৰত নিয়োজিত হলেও পাৰিশ্ৰমিক লাভৰ ক্ষেত্ৰত বৈষম্যৰ সন্মুখীন হয়। ভাৰতীয় সমাজত জাতিগত সন্মান ৰক্ষাৰ অৰ্থে, সন্মান ৰক্ষাৰ হত্যা আদি ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। সমাজত প্ৰচলিত প্ৰধান ধৰ্ম সমূহৰ ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰা আদিয়েও বহু ক্ষেত্ৰত নাৰীৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰি আহিছে।

    ২) ৰাজনীতিঃ ৰাজনৈতিক ক্ষেত্ৰখন হল লিংগ পৃথকীকৰণ পৰিলক্ষিত হোৱা আন এখন ক্ষেত্ৰ। ৰাজনৈতিক ক্ষেত্ৰখনত অংশ গ্ৰহণ কৰাৰ বিভিন্ন উপায় যেনে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা, ভোটদান কৰা, ৰাজনৈতিক দলৰ সক্ৰিয় সদস্য হোৱা আদি কাৰ্য্যত অংশ গ্ৰহণ কৰাৰ ক্ষেত্ৰত নাৰী যথেষ্ট বাধাৰ সন্মুখীন হয়। লগতে গৃহ ক্ষেত্ৰত সম্পাদন কৰিবলগীয়া কামৰ হেঁচাইয়ো নাৰীক ৰাজনৈতিক অংশ গ্ৰহণৰ অবকাশ নিদিয়ে। সাধাৰণতে দেখা যায় যে বিভিন্ন ৰাজনৈতিক দল, সংগঠন, চৰকাৰ আদিত মহিলাৰ প্ৰতিনিধিত্ব যথেষ্ট তাকৰ। তদুপৰি এনে দল সংগঠনৰ উচ্চ পদবী লাভ আৰু সাংগঠনিক সিদ্ধান্ত গ্ৰহণত পুৰুষসকলে প্ৰাধান্য লাভ কৰা দেখা যায়। অৱশ্যে ভাৰতীয় ৰাজনীতিত ইন্দিৰা গান্ধী, প্ৰতিভা পাটিল, সুষমা স্বৰাজ, নিৰ্মলা সীতাৰমন আদি কিছু সংখ্যক মহিলাই নিজৰ দক্ষতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। ৰাজনৈতিক ক্ষেত্ৰখনত দেখা দিয়া আন এটা লিংগ বৈষম্যৰ সমস্যা হল মহিলা ভোটাৰৰ আচৰণ পুৰোষৰদ্বাৰা নিয়ন্ত্ৰণৰ চেষ্টা কৰা। বহুক্ষেত্ৰত দেখা যায় যে নাৰীসকলে প্ৰায়ে নিজৰ পৰিয়ালৰ সদস্য বিশেষকৈ পিতৃ, স্বামী, শহুৰ আদিৰ মতামতৰ ওপৰত ভিত্তি কৰিহে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।


৮. লিংগ বুলিলে কি বুজা ?

What do you mean by gender ?

উত্তৰঃ লিংগ হৈছে মানৱসৃষ্ট এক সামাজিক ধাৰণা। আমাৰ সমাজ ব্যৱস্থালৈ লক্ষ্য কৰিলে দেখা যায় যে নাৰী আৰু পুৰুষে লিংগৰ ওপৰত ভিত্তি কৰি কিছুমান পৃথক পৃথক দায়িত্ব ববা ভূমিকা পালন কৰি আহিছে।


৯.  লিংগ সামাজিকীকৰণ বুলিলে কি বুজা ?

What do you mean by gender socialisation ?

উত্তৰঃ লিংগ সামাজিকীকৰণ হৈছে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে শিশুৱে সাধাৰণতে ল'ৰা আৰু ছোৱালীৰ সৈতে সম্পৰ্কিত সামাজিক প্ৰত্যাশা, মনোভাৱ আৰু আচৰণৰ বিষয়ে শিকে। এই বিষয়টোৱে এই সামাজিকীকৰণ প্ৰক্ৰিয়া আৰু শিশুৰ লিংগ বিকাশক প্ৰভাৱিত কৰা কাৰকবোৰৰ ওপৰত দৃষ্টি ৰাখে।


১০. যিকোনো দুগৰাকী উদাৰতাবাদী নাৰীবাদী চিন্তাবিদৰ নাম উল্লেখ কৰায

Mention any two thinkers of liberal feminism.

উত্তৰঃ দুগৰাকী উদাৰতাবাদী নাৰীবাদী চিন্তাবিদৰ নাম হল- John Stuart Mill আৰু Harriet Taylor.


১১'The Feminine Mystic' গ্ৰন্থখন কোনে লিখিছিল ?

Who wrote the book 'The Feminine Mystic'.

উত্তৰঃ 'The Feminine Mystic' গ্ৰন্থখন লিখিছিল Betty Friedan য়ে।


১২. 'The Personal is Political' শ্লোগানটো নাৰীবাদৰ কোনটো ধাৰাৰ লগত জড়িত ?

In which wave of feminism slogan ' The Personal is Political' is related ?

উত্তৰঃ 'The Personal is Political' শ্লোগানটো নাৰীবাদৰ দ্বিতীয় ধাৰাৰ লগত জড়িত।


১৩. লিংগ পৃথকীকৰণ বুলিলে কি বুজা ?

What do you mean by gender exclusion ?

উত্তৰঃ লিংগ পৃথকীকৰণ মানে হল সমাজত নাৰী আৰু পুৰুষক পৃথক পৃথক জ্ঞান কৰি উভয়ৰে বাবে পৃথক পৃথক দায়িত্ব, ভূমিকা আৰু মৰ্যাদ্যা নিৰূপন কৰা ব্যৱস্থা।


১৪. লিংগৰ ধাৰণাটো কেনেদৰে গঠন হয় ব্যাখ্যা কৰা ?

Explain how the concept of gender is constructed ?

উত্তৰঃ লিংগৰ ধাৰণাটো 


১৫. লিংগ পৃথকীকৰণ বুলিলে কি বুজা ? লিংগ পৃথকীকৰণৰ বিভিন্ন ক্ষেত্ৰসমূহ আলোচনা কৰা।

What do you mean by gender exclusion. Discuss different areas of gender exclusion.

উত্তৰঃ সমাজত নাৰী আৰু পুৰুষক পৃথক পৃথক জ্ঞান কৰি উভয়ৰে বাবে পৃথক পৃথক দায়িত্ব, ভূমিকা আৰু মৰ্যাদ্যা নিৰূপন কৰা ব্যৱস্থাই হল লিংগ পৃথকীকৰণ ব্যৱস্থা।

লিংগ পৃথকীকৰণৰ বিভিন্ন ক্ষেত্ৰসমূহ হল-

১) পৰিয়াল- লিংগ পৃথকীকৰণ ধাৰণাটো পৰিয়ালৰ পৰাই আৰম্ভ হয় বুলিব পাৰি। কোনো এটা পৰিয়ালত নাৰী আৰু পুৰুষে পালন কৰা দায়িত্বসমূহ পৃথক হোৱা দেখা যায়। পুৰোষ এগৰাকীয়ে ঘৰৰ বাহিৰলৈ কাম কৰিবলৈ যোৱাৰ বিপৰীতে মহিলা এগৰাকী ঘৰুৱা কামত নিয়োজিত হৈ থকা দেখিবলৈ পোৱা যায়।

২) সমাজঃ সমাজ হল লিংগ পৃথকীকৰণ পৰিস্ফুট হোৱা প্ৰধান ক্ষেত্ৰ। সমাজে অৰ্পন কৰা নাৰী-পুৰুষৰ পৃথক পৃথক দায়িত্ব সমূহ সামাজিকীকৰণ প্ৰক্ৰিয়াৰ যোগেদি এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰবাহিত হয়। আকৌ জাতিভেদে নাৰীসকলে সন্মুখীন হোৱা বৈষম্যও ভিন্ ভিন্ হয়। নিম্ন জাতিৰ তুলনাত উচ্চ জাতিৰ নাৰী অধিক নিৰ্য্যাতনৰ সন্মুখীন হয়। নিম্ন শ্ৰেণীৰ নাৰীয়ে জীৱিকাৰ তাড়নাত বাহ্যিক কৰ্মক্ষেত্ৰত নিয়োজিত হলেও পাৰিশ্ৰমিক লাভৰ ক্ষেত্ৰত বৈষম্যৰ সন্মুখীন হয়। ভাৰতীয় সমাজত জাতিগত সন্মান ৰক্ষাৰ অৰ্থে, সন্মান ৰক্ষাৰ হত্যা আদি ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। সমাজত প্ৰচলিত প্ৰধান ধৰ্ম সমূহৰ ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰা আদিয়েও বহু ক্ষেত্ৰত নাৰীৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰি আহিছে।

৩) ৰাজনীতিঃ ৰাজনৈতিক ক্ষেত্ৰখন হল লিংগ পৃথকীকৰণ পৰিলক্ষিত হোৱা আন এখন ক্ষেত্ৰ। ৰাজনৈতিক ক্ষেত্ৰখনত অংশ গ্ৰহণ কৰাৰ বিভিন্ন উপায় যেনে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা, ভোটদান কৰা, ৰাজনৈতিক দলৰ সক্ৰিয় সদস্য হোৱা আদি কাৰ্য্যত অংশ গ্ৰহণ কৰাৰ ক্ষেত্ৰত নাৰী যথেষ্ট বাধাৰ সন্মুখীন হয়। লগতে গৃহ ক্ষেত্ৰত সম্পাদন কৰিবলগীয়া কামৰ হেঁচাইয়ো নাৰীক ৰাজনৈতিক অংশ গ্ৰহণৰ অবকাশ নিদিয়ে। সাধাৰণতে দেখা যায় যে বিভিন্ন ৰাজনৈতিক দল, সংগঠন, চৰকাৰ আদিত মহিলাৰ প্ৰতিনিধিত্ব যথেষ্ট তাকৰ। তদুপৰি এনে দল সংগঠনৰ উচ্চ পদবী লাভ আৰু সাংগঠনিক সিদ্ধান্ত গ্ৰহণত পুৰুষসকলে প্ৰাধান্য লাভ কৰা দেখা যায়। অৱশ্যে ভাৰতীয় ৰাজনীতিত ইন্দিৰা গান্ধী, প্ৰতিভা পাটিল, সুষমা স্বৰাজ, নিৰ্মলা সীতাৰমন আদি কিছু সংখ্যক মহিলাই নিজৰ দক্ষতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। ৰাজনৈতিক ক্ষেত্ৰখনত দেখা দিয়া আন এটা লিংগ বৈষম্যৰ সমস্যা হল মহিলা ভোটাৰৰ আচৰণ পুৰোষৰদ্বাৰা নিয়ন্ত্ৰণৰ চেষ্টা কৰা। বহুক্ষেত্ৰত দেখা যায় যে নাৰীসকলে প্ৰায়ে নিজৰ পৰিয়ালৰ সদস্য বিশেষকৈ পিতৃ, স্বামী, শহুৰ আদিৰ মতামতৰ ওপৰত ভিত্তি কৰিহে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।


১৬. মাৰ্ক্সবাদী আৰু সমাজবাদী নাৰীবাদৰ মাজৰ পাৰ্থক্যসমূহ কি কি ?

What are the differences between Marxist and Socialist Feminism ?

উত্তৰঃ মাৰ্ক্সবাদী আৰু সমাজবাদী নাৰীবাদৰ মাজৰ পাৰ্থক্যসমূহ হল-

    নাৰীৰ প্ৰতি থকা বৈষম্যৰ ক্ষেত্ৰত মাৰ্ক্সবাদে পুঁজিবাদক দোষাৰোপ কৰিছে, আনহাতে সমাজবাদী নাৰীবাদে পিতৃতন্ত্ৰ আৰু পুঁজিবাদ উভয়কে দোষাৰোপ কৰিছে। সমাজবাদী নাৰীবাদে বিশ্বাস কৰে যে পুঁজিবাদৰ অবসান ঘটিলে নাৰীৰ প্ৰতি থকা বৈষম্যৰ ক্ষেত্ৰত মাৰ্ক্সবাদে পুঁজিবাদক দোষাৰোপ কৰিছে, আনহাতে সমাজবাদী নাৰীবাদে পিতৃতন্ত্ৰ আৰু পুঁজিবাদ উভয়কে দোষাৰূপ কৰিছে।


১৭. নাৰীবাদৰ সংজ্ঞা দিয়া। নাৰীবাদৰ বিভিন্ন ধাৰাসমূহ আলোচনা কৰা।

Define Feminism. Discuss different waves of Feminism.

উত্তৰঃ নাৰীবাদ হল এনে এক মতাদৰ্শ যি নাৰী আৰু পুৰুষৰ মাজত থকা অসমতা আঁতৰ কৰি লিংগ সমতা আৰু লিংগ ন্যায় প্ৰতিষ্ঠা কৰিব বিচাৰে।

 নাৰীবাদৰ বিভিন্ন ধাৰাসমূহ হল- 

প্ৰথম পৰ্যায়ঃ নাৰীবাদৰ প্ৰথম পৰ্যায় আৰম্ভ হয় ১৮৩০-১৯৩০ ৰ মাজৰ সময়ছোৱাত। প্ৰথম পৰ্য্যায়ৰ নাৰীবাদত উদাৰতাবাদী মতাদৰ্শৰ প্ৰভাৱ দেখা যায়। এই সময়ছোৱাত বিশ্বত কিছুমান গুৰুত্বপূৰ্ণ ঘটনা যেনে- আমেৰিককাৰ স্বাধীনতা বিপ্লৱ, ফৰাচী বিপ্লৱ আদিৰ উত্থান হৈছিল আৰু এই বিপ্লৱসমূহে বিশ্বত স্বতন্ত্ৰতা, সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শ বিয়পাইছিল। এই ধাৰণাসমূহে উদাৰতাবাদী চিন্তাধাৰাৰে নাৰীবাদৰ বিকাশত অৰিহণা যোগাইছিল। নাৰীবাদৰ প্ৰথম ধাৰাটোৰ উত্থানত সনাতন উদাৰতাবাদী চিন্তাবিদসকলৰ সংকীৰ্ণ ধাৰণায়ো পৰোক্ষভাৱে সহায় কৰিছিল। নাৰীবাদৰ এনে উদাৰতাবাদী চিন্তাধাৰাৰ ফলত ১৮৪৮ চনত আমেৰিকাত Seneca Falls Convention অনুষ্ঠিত কৰা হয় যত নাৰীৰ ৰাজনৈতিক অধিকাৰ সম্পৰ্কীয় বিষয়টো দাঙি ধৰা হয়। এনে পদক্ষেপে আমেৰিকাত নাৰীৰ ভোটাধিকাৰ সাব্যস্তৰ দাবীত এক শক্তিশালী নাৰী আন্দোলনৰ সূচনা কৰে। এনে আন্দোলনৰ ফলত ১৯২০ চনত ১৯ তম সংশোধনীৰ জৰিয়তে আমেৰিকাৰ নাৰীসকলে ভোটদানৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হয়। নাৰীৰ অধিকাৰৰ দাবী জনাই বিভিন্ন সংস্কাৰ সাধনৰ ওপৰত গুৰুত্ব দিয়া বাবে এই উধাৰতাবাদী নাৰীবাদক এক সংস্কাৰমুখী আন্দোলন বুলি অভিহিত কৰিব পাৰি। নাৰীবাদৰ প্ৰথম পৰ্যায়ত উদাৰতাবাদী নাৰীবাদৰ সমান্তৰালকৈ মাৰ্ক্সবাদী নাৰীবাদ আৰু সমাজবাদী নাৰীবাদে বিশ্বাস কৰেযে নাৰীয়ে কেৱল ৰাজনৈতিক ক্ষেত্ৰতেই নহয়, সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰতো অসমতা ভোগ কৰে। নাৰীবাদৰ এনে পৰ্যায়ত পুঁজিবাদ আৰু পিতৃতন্ত্ৰ উভয়কে ঘোৰ সমালোচনা কৰা হৈছিল। মাৰ্ক্সবাদী নাৰীবাদী চিন্তাবিদ Friedrich Engels আৰু সমাজবাদী নাৰীবাদী চিন্তাবিদ Juliet Mitchell, Heidi Hartman আৰু Zillah Eisenstein ৰ লিখনি আৰু চিন্তাধাৰাসমূহে নাৰীবাদী আন্দোলনৰ প্ৰথম পৰ্য্যায়ৰ অগ্ৰগতিত বিশেষ অৰিহণা যোগাইছিল।

দ্বিতীয় পৰ্যায়ঃ নাৰীবাদৰ দ্বিতীয় পৰ্য্যায় আৰম্ভ হয় ১৯৬০ ৰ দশকত। নাৰীবাদৰ প্ৰথম পৰ্য্যায়ত ৰাজহুৱা খণ্ডত নাৰীৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। আনহাতে দ্বিতীয় পৰ্য্যায়ৰ নাৰীবাদে, যাক আমি চৰম বা উগ্ৰ নাৰীবাদ বুলি আখ্যা দিব পাৰো, ব্যক্তিগত বা ঘৰুৱা পৰ্য্যায়ৰ নাৰীবাদে, যাক আমি চৰম বা উগ্ৰ নাৰীবাদ বুলি আখ্যা দিব পাৰো, ব্যক্তিগত বা ঘৰুৱা পৰ্য্যায়ত নাৰী প্ৰতি সমতা প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে মত পোষণ কৰে যে ঘৰুৱা বা ব্যক্তিগত খণ্ডত লিংগ অসমতাৰ মূল কাৰণ হল পিতৃতন্ত্ৰ। এই পিতৃতান্ত্ৰিক ব্যৱস্থাৰ বিৰোধিতা কৰি তেওঁলোকে কয় যে এনে বৈষম্যমূলক ব্যৱস্থাৰ আধাৰতে পুৰুষে নাৰীৰ ওপৰত আধিপত্য বিস্তাৰ কৰি নিয়ন্ত্ৰণ চলায়। এই সময়ছোৱাত উক্ত মনোভাৱ প্ৰকট হৈ পৰে নাৰীবাদী চিন্তাবিদ Kate Millet ৰ "Sexual Politics" নামৰ গ্ৰন্থখনৰ জৰিয়তে। এই ব্যৱস্থাৰ ঘোৰ বিৰোধিতা কৰে Shulamith Firestone এ তেওঁৰ "The Dialectic of Sex" নামৰ গ্ৰন্থখনৰ জৰিয়তে। এই দুয়োজন চৰম তথা উগ্ৰ নাৰীবাদী চিন্তাবিদৰ লিখনি আৰু চিন্তাধাৰাই নাৰীবাদৰ দ্বিতীয় পৰ্য্যায়ত উল্লেখনীয় অৱদান যোগাইছিল। নাৰীবাদৰ এই দ্বিতীয় পৰ্য্যায়ত চৰম তথা উগ্ৰনাৰীবাদীসকলৰ "Personal is Political বা ব্যক্তিগতই হৈছে ৰাজনৈতিক বাণীটোৱে বিশেষ স্থান লাভ কৰিছিল।

তৃতীয় পৰ্য্যায়ঃ ১৯৮০ৰ দশকৰ পৰা নাৰীবাদৰ তৃতীয়টো ধাৰা বা পৰ্য্যায়ৰ আৰম্ভণি হয়। ইয়াৰ পূৰ্বৰ পৰ্য্যায়ত সমাজৰ বিশেষ শ্ৰেণীৰ নাৰীসকলে ভোগ কৰি অহা সমস্যাসমূহে বিশেষ গুৰুত্ব লাভ কৰা নাছিল। সেয়েহে ১৯৮০ ৰ দশকৰ মাজৰ সময়ছোৱাৰ পৰা বিশেষকৈ নতুন বিশ্ব ব্যৱস্থাত উন্নত ৰাষ্ট্ৰসমূহৰ লগতে উন্নয়নশীল ৰাষ্ট্ৰসমূহতো এনে বিশেষ শ্ৰেণীৰ মহিলাৰ সমস্যা সমূহে স্থান লাভ কৰিছে। ইয়াৰ ভিত্তিতেই কিছুমান বিশেষ নাৰীবাদী চিন্তাধাৰাই যেনে কৃষ্ণাংগ নাৰীবাদ, পাৰিবেশিক নাৰীবাদ, উপনিবেশোত্তৰ নাৰীবাদ, সমকামী নাৰীবাদ আদিয়ে গা কৰি উঠিছে। ইয়াৰ ভিতৰত কৃষ্ণাংগ নাৰীবাদে কৃষ্ণ বৰ্ণৰ নাৰীয়ে পাশ্চাত্যৰ সমাজত ভোগ কৰা বঞ্চনৰ ওপৰত আলোকপাত কৰে। Chandra Talpada Mohanty আদি চিন্তাবিদৰ লিখনিত উপনিবেশোত্তৰ সমাজত নাৰীৰ সমস্যাৰ বিশ্লেষণ দেখা যায়। নাৰীবাদৰ এই তৃতীয় পৰ্য্যায়টো সাম্প্ৰতিক সময়লৈ চলি আছে।


১৮. উদাৰতাবাদী নাৰীবাদৰ এটি সমালোচনামূলক টোকা লিখা।

Write a critical note on liberal Feminism.

উত্তৰঃ নাৰীবাদী চিন্তাধাৰাৰ বিকাশৰ প্ৰথম পৰ্য্যায়তে উদাৰতাবাদী নাৰীবাদী তত্ত্বৰ বিকাশ সাধন হৈছিল। ওঠৰ আৰু উনৈশ শতিকাৰ সময়ছোৱাত ইউৰোপত আমেৰিকাৰ স্বাধীনতা যুদ্ধ আৰু ফৰাচী বিপ্লৱে স্বাধীনতা, সমতা আৰু ভাতৃত্বৰ বাণী জনপ্ৰিয় কৰি তুলিবলৈ সক্ষম হৈছিল। ইয়াৰ জৰিয়তে জনসাধাৰণক অধিকাৰসমূহ প্ৰদান কৰাৰ উপৰিও চৰকাৰৰ গঠন জনসাধাৰণৰ সন্মতিত প্ৰতিষ্ঠা হোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। উদাৰতাবাদী নাৰীবাদী তত্ত্বও এনে ভাবধাৰাক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছিল। কিন্তু, তাৎপৰ্য্যপূৰ্ণভাৱে Voltaire, Rousseau, Montesquieu আদি সেই সময়ৰ চিন্তাবিদসকলে মহিলাসকলক ইচ্ছাকৃতভাৱে অধিকাৰ প্ৰদান কৰাৰ দাবীৰ পৰা বিৰত আছিল। কাৰণ মহিলাসকলৰ যুক্তিযুক্ততাৰ সামৰ্থতা নাথাকে বুলি বিবেচনা কৰি তেওঁলোকক যিকোনো ৰাজহুৱা কামৰ পৰা আঁতৰত ৰাখিব লাগে বুলি তেওঁলোকে গণ্য কৰিছিল। কেৱল পুৰুষৰহে যুক্তিযুক্ততা বা বিচাৰ-বিবেচনা কৰাৰ শক্তি থাকে- এই দাবী পোন-প্ৰথমে অস্বীকাৰ কৰিছিল Mary Wollstonecraft এ। তেওঁ মন্তব্য কৰিছিল যে পুৰোষ আৰু নাৰী উভয়ৰে বিচাৰ-বিবেচনাৰ শক্তি থাকে। কিন্তু নাৰীসকলেহে ৰাজহুৱা জীৱনত অংশগ্ৰহণ কৰাৰ পৰা বঞ্চিত কৰা হয়। এনে ক্ষেত্ৰত নাৰীক কেবল ভোটাধিকাৰেই নহয়, শিক্ষা, কৰ্মসংস্থাপন, সম্পত্তিৰ বৈধ অধিকাৰ আদিৰ পৰাও বঞ্চিত কৰা হৈছিল। নাৰীৰ প্ৰতি হোৱা এনে বঞ্চনা আৰু নিম্ন মৰ্য্যদাপূৰ্ণ জীৱনৰ প্ৰত্যাহ্বান জনাই Mary Wollstoncrat এ নাৰী আৰু পুৰুষৰ সমঅধিকাৰৰ দাবী উত্থাপন কৰিছিল। তেওঁ মন্তব্য কৰিছিল যে নাৰী আৰু পুৰুষৰ শিক্ষাৰ সমঅধিকাৰে নৈতিকতা াৰু বিবেচনা শক্তি দুয়োকে প্ৰদান কৰিব আৰু তেওঁলোকে সমাজৰ সামগ্ৰিক কল্যাণৰ বাবে অৰিহণা যোগাব পাৰিব। নাৰীয়ে নিজে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আবেগতকৈ বিবেচনা শক্তিহে প্ৰয়োজন বুলি তেওঁ গণ্য কৰিছিল।


১৯. মাৰ্ক্সবাদী নাৰীবাদৰ সমালোচনা সহকাৰে বৰ্ণনা কৰা।

Explain critically the Marxian Feminism.

উত্তৰঃ নাৰীবাদী তত্ত্বসমূহৰ ভিতৰত মাৰ্ক্সবাদী নাৰীবাদ হল অন্যতম। তেওঁলোকৰ দৃষ্টিত সকলো সমস্যাৰ মূল হল শ্ৰেণীশোষণ ব্যৱস্থা। কাৰণ পুঁজিবাদী ব্যৱস্থাত মহিলাসকলৰ ওপৰত হোৱা শোষণ অন্য ধৰণৰ শোষণতকৈ পৃথক। মাৰ্ক্সবাদী নাৰীবাদীসকলে মত পোষণ কৰে যে লিংগ বৈষম্যৰ ধাৰণাটো সমাজত ঐতিহাসিকভাৱে গঢ় লোৱা ধাৰণা আৰু ই নিৰ্ভৰ কৰে উৎপাদনৰ আহিলাসমূহৰ সৈতে নাৰীৰ সম্পৰ্কৰ ওপৰত। তদুপৰি বুৰ্জোৱা শ্ৰেণীৰ নাৰী আৰু সৰ্বহাৰা শ্ৰেণীৰ নাৰীয়ে একেধৰণৰ শোষণৰ সন্মুখীন নহয় বুলিও তেওঁলোকে মন্তব্য কৰে। শ্ৰমিক শ্ৰেণীৰ নাৰীয়ে পুৰোষৰ লগত শ্ৰমৰ-বজাৰত প্ৰবেশৰ সুযোগ লাভ কৰা বাবে তেওঁলোকে নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে। ইয়াৰ বিপৰীতে বুৰ্জোৱা শ্ৰেণীৰ নাৰীয়ে তেনে সুযোগ লাভৰ পৰা বঞ্চিত হয়।


Question Type- Leena Kakati

Answered by- Leena Kakati