জীৱ আৰু ইয়াৰ চৌপাশ, য'ত সিহঁত থাকে

 প্ৰহেলিকা আৰু প্ৰজ্ঞানে ভ্ৰমণৰ সময়ত বিভিন্ন স্থানত দেখি অহা বেলেগ জীৱবোৰৰ বিষয়ে জনাৰ পিছত সিহঁতৰ মনত আন এটা ভাবৰ উদ্ৰেক হৈছিল। মৰুভূমিত উট আছিল, পৰ্বতত ছাগলী আৰু য়াক আছিল। পুৰীত অন্য় ধৰণৰ জীৱ যেনে- সাগৰৰ পাৰত কেকোঁৰা আছিল আৰু সাগৰৰ পৰা মাছমৰীসকলে বিভিন্ন প্ৰজাতিৰ মাছবোৰ ধৰিছিল! এই বিভিন্ন স্থানবোৰত সিহঁতে কিছুমান পৰুৱাৰ দৰে জীৱ দেখা পাইছিল। এটা অঞ্চলত দেখা উদ্ভিদৰ লগত আন এটা অঞ্চলৰ উদ্ভিদৰ পাৰ্থক্য় আছিল। এই বেলেগ বেলেগ অঞ্চলৰ চৌপাশবোৰ কেনে বাৰু? সেইবোৰ একেই আছিলনে? 

  আহাচোন আমি অৰণ্য়ক লৈয়ে আৰম্ভ কৰোঁ। তাত পাব পৰা সকলো উদ্ভিদ, প্ৰাণী আৰু সামগ্ৰীৰ কথা ভাবাচোন। সেইবোৰক তালিকা ৯.১ ৰ স্তম্ভ ১ ত অন্তৰ্ভূক্ত কৰা। আন অঞ্চলত দেখা প্ৰাণী আৰু উদ্ভিদবোৰো তালিকাত দেখুৱা ধৰণে ভৰোৱা। এই অধ্য়ায়টোত সিঁচৰিত হৈ থকা উদাহৰণেৰে তোমালোকে তালিকা ৯.১ খন পূৰাব পাৰা। এই তালিকাখন আৰু বেছি সংখ্য়ক উদাহৰণেৰে পূৰাবলৈ তোমালোকৰ বন্ধু-বান্ধৱী, পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰা। বিভিন্ন অঞ্চলত থকা প্ৰাণী, উদ্ভিদ আৰু খনিজ দ্ৰব্য়ৰ বিষয়ে জানিবলৈ তুমি পুথিভঁৰালৰ পৰা সেই বিষয়ৰ কিতাপ অধ্য়য়ন কৰিব পাৰা। 

  এই তালিকাখনৰ প্ৰতিটো স্তম্ভ সৰু বৰ বিভিন্ন উদ্ভিদ, প্ৰাণী আৰু সামগ্ৰীৰে পূৰাবলৈ চেষ্টা কৰা। আমি এনে কি বস্তু দেখিবলৈ পাম যিবোৰ প্ৰাণী বা উদ্ভিদ নহয়? এইবোৰ সম্ভৱতঃ উদ্ভিদ আৰু প্ৰাণীৰ অংশ বিশেষ যেনে- শুকান পাত নতুবা প্ৰাণীৰ দেহৰ হাড় আদিও হ'ব পাৰে। আমি বিভিন্ন ধৰণৰ মাটি আৰু শিলগুটিও পাব পাৰোঁ। সাগৰৰ পানীত বিভিন্ন লৱণ মিহলি হৈ থাকিব পাৰে, যিটো অধ্য়য় ৫ ত আলোচনা কৰা হৈছে। ইয়াৰ উপৰিও আন বহুতো বস্তু থাকিব পাৰে। 

 এই অধ্য়য়টো পঢ়ি যাওঁতে আমি আৰু অধিক উদাহৰণ তালিকা ৯.১ ত য়োগ কৰিব পাৰিম। আমি যেতিয়া অধিক আকৰ্ষণীয় ঠাইৰ মাজেৰে ভ্ৰমণ কৰিম, তেতিয়া এই তালিকাখনৰ বিষয়ে আলোচনা কৰিম। 

৯.২ বাসস্থান আৰু অভিযোজন 

  ক্ৰিয়াকলাপ ১ত উদ্ভিদ আৰু প্ৰাণীবোৰক তালিকাভুক্ত কৰি তোমালোকে কি পালা? সেইবিলাকৰ মাজত এই ব্য়াপক বিন্নতা পোৱা নাছিলানে? তালিকা  ৯.১ ত তোমালোকে মৰুভূমি আৰু সাগৰৰ স্তম্ভবোৰত কি লিখিলা তালৈ লক্ষ্য় কৰা। এই দুই স্তম্ভত তোমালোকে সম্পৰ্ণ বেলেগ বেলেগ ধৰণৰ জীৱক অন্তৰ্ভূক্ত কৰা নাছিলানে? 

  এই দুই অঞ্চলৰ চৌপাশ কেনেকুৱা? সাগৰত, উদ্ভিদ আৰু প্ৰাণীবোৰত লুণীয়া (saline) পানীৰে আবৃত হৈ থাকে। সিহঁতৰ বহুতেই পানীত দ্ৰৱীভূত হৈ থকা বায়ুকে ব্য়ৱহাৰ কৰে।

 মৰুভূমিত নিচেই কম পৰিমাণৰ পানীহে থাকে। মৰুভূমিত দিনৰ ভাগত যথেষ্ট ঠাণ্ডা হয়। মৰুভূমিৰ উদ্ভিদ আৰু প্ৰাণীয়ে মৰুময় ভূমিত বাস কৰে আকু উশাহ-নিশাহৰ বাবে চৌপাশৰ বায়ু গ্ৰহণ কৰে।

সাগৰ আৰু মৰুভূমিৰ চৌপাশৰ বাতাৱৰণ একেবাৰে বেলেগ ধৰণৰ আৰু এই দুটা অঞ্চলত আমি বিভিন্ন ধৰণৰ প্ৰাণী আৰু উদ্ভিদ পাইছোঁ, নহয়নে বাৰু? মৰুভূমি আৰু সাগৰৰ দুবিধ বেলেগ বেলেগ ধৰণৰ প্ৰণী- উট আৰু মাছলৈ মন কৰাচোন। উচৰ দৈহিক গঠনে মৰুভূমিত জীয়াই থকাত ইয়াক সহায় কৰে। উটৰ দীঘল ঠেংবোৰে দেহটো বালিৰ উত্তাপৰ পৰা আঁতৰাই ৰাখে। সিহঁতে কম পৰিমাণৰ মূত্ৰ ত্য়াগ কৰে, সিহঁতৰ গোবৰো শুকান আৰু সিহঁত নাঘামে। যিহেতু উটে দেহৰ পৰা নিচেই কম পৰিমাণৰ পানী এৰি দিয়ে, সেয়ে সিহঁতে পানী আবিহনেই কেইবা দিনলৈ জীয়াই থাকিব পাৰে। 

বিভিন্ন ধৰণৰ মাছবোৰলৈ চোৱাচোন। এইবোৰৰ কিছুমান চিত্ৰ ৯.৩ দেখুওৱা হৈছে। যদিওবা তাত বহুতো ধৰণৰ মাছ আছে, কিন্তু তুমি মন কৰিছানে যে সিহঁত আটাইবোৰৰে আকৃতিৰ দিশত কিছু মিল আছে? অধ্য়ায় ৮ত আলোচনা কৰাৰ দৰে ইহঁত সকলোবিলাক দীঘলীয়া আকৃতিৰ। এই আকৃতিয়ে সিহঁতক পানীত চলাচল কৰাত সহায় কৰে। মাছৰ দেহত পিছল বাকলিও থাকে। এই বাকলিবোৰে মাছক ৰক্ষা কৰে আৰু পানীত সহজে চলাচল কৰাতো সহায় কৰে। মাছবোৰৰ দেহত থকা চেপেটা পাখি আৰু ফিচাই তাৰ গতি সলোৱা আৰু পানীত দেহৰ ভাৰসাম্য় ৰক্ষা কৰি থাকিব পৰা কথাটো অধ্য়য় ৮ ত আলোচিত হৈছে। মাছত থকা ফুলবোৰে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন গ্ৰহণ কৰাত সহায় কৰে। 

 আমি দেখিলোঁ যে মাছৰ আকৃতিগত লক্ষমবোৰে ইয়াক পানীত আৰু উটৰ আকৃতিগত লক্ষণবোৰে ইয়াক মৰুভূমিত জীয়াই থাকিবলৈ সহায় কৰে। 

 এই পৃথিৱীত থকা বিভিন্ন প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদৰ পৰা আমি কেৱল দুবিধ উদাহৰণহে লৈছোঁ।

  এই সকলোবোৰ ভিন ভিন জীৱৰ ক্ষেত্ৰত আমি জানিম যে সিহঁতৰ কিছুমান নিৰ্দিষ্ট্য় আছে যিয়ে সিহঁতক সাধাৰণতে পোৱা ঠাইবোৰত জীয়াই থকাত সহায় কৰে। কিছুমান বিশেষ লক্ষণ বা নিৰ্দিষ্ট স্বভাৱ বিদ্য়ামান হোৱাৰ বাবে উদ্ভিদ বা প্ৰাণীয়ে তাৰ চৌপাশত বাচি থাকিবলৈ সমৰ্থ হয়। তাকেই অভিযোজন (adaptation) বোলে। বিভিন্ন প্ৰাণীয়ে সিহঁতৰ বাতাৱৰণৰ লগত অভিযোজিত হ'বলৈ বেলেগ বেলেগ উপায় লগত অৱলম্বন কৰে। 

 জীৱবিলাকে বাস কৰা চৌপাশকে আৱাসস্থলী বা বাসস্থান (habitat) বোলে। জীৱবিলাক খাদ্য়, পানী, বায়ু, আশ্ৰয় তথা অন্য় প্ৰয়োজনত এই আৱাসস্থলীৰ ওপৰত নিৰ্ভৰশীল। আৱাসস্থলী হৈছে বাস কৰা ঠাই (ঘৰ)। বিভিন্ন উদ্ভিদ আৰু প্ৰাণীয়ে একেটা আৱাসস্থলীতে ভাগ-বতৰা কৰি বসবাস কৰিব পাৰে। 

  যিবিলাক উদ্ভিদ আৰু প্ৰাণীয়ে মাটিত বাস কৰে তেনেবিলাকক স্থলজ আৱাসস্থলীত ( terrestrial habitats) বাস কৰা বুলি কোৱা হয়। হাবি, ঘাঁহনি, মেৰুভূমি, উপকুলীয় আৰু পৰ্বতীয়া অঞ্চল হৈচে কিছুমান স্থলজ আৱাসস্থলীৰ উদাহৰণ। আনহাতে, যিবিলাক উদ্ভিদ আৰু প্ৰাণীয়ে পানীত বাস কৰে সেই বাসস্থানক জলজ আৱাসস্থলী (aquatic habitats) বোলে। পুখুৰী, জলশয়, বিল, নদী আৰু মহাসাগৰ হৈছে কিছুমান জলজ আৱাসস্থলীৰ উদাহৰণ। পৃথিৱীৰ বিভিন্ন অংশত অৱস্থিত অৰণ্য, ঘাঁহনি, মৰুভূমি, উপকূলীয়া আৰু পৰ্বতীয়া অঞ্চলবোৰৰ মাজত বহুতো ভিন্নতা আছে। সেয়া  সকলোবোৰ জলজ আৱাসস্থলীৰ ক্ষেত্ৰতো প্ৰযোজ্য় হয়।

  আৱাসস্থলীত থকা জীৱিত বস্তু যেনে উদ্ভিদ আৰু প্ৰাণীবোৰ হৈছে ইয়াৰ জৈৱিক উপাদান (Biotic component)। বিভিন্ন জড় পদাৰ্থ যেনে- শিল, মাটি, বায়ু আৰু পানী লগহৈ আৱাসস্থলীৰ অজৈৱিক উপাদান(Abiotic component) গঠন হৈছে। সূৰ্যৰ পোহৰ আৰু তাপ আৱাসস্থলীৰ অজৈৱিক উপানাদ। 

  আমি জানো যে কিছুমান উদ্ভিদ বীজৰ পৰা গজে। বীজৰ পৰা পুলি গজিবলৈ প্ৰয়োজনীয় কিছুমান অজৈৱিক কাৰক আৰু সেইবোৰৰ প্ৰভাৱৰ বিষয়ে আমি চাওঁ আাহা। 

 পেলোৱাচোন- য'ত আমি মগুমাহ আৰু বুট মাহৰ বীজৰ পৰা গজালি উলিয়াইছিলোঁ। বীজৰ পৰা গজালি ওলোৱাটোৱে বীজৰ অংকুৰণ (germination)। এইটোৱেই বীজৰ পৰা হোৱা এজোপা নতুন উদ্ভিদৰ আৰম্ভণি।

   শুকান মগুমাহৰ বীজ অলপ সংগ্ৰহ কৰা। বীজবোৰৰ এটা অংস একাষৰীয়াকৈ আঁতৰাই ৰাখি বাকীখিনি পানীত এদিনৰ বাবে তিয়াই ৰাখা। এই তিওৱা মগুমাহখিনি চাৰিটা ভাগত ভগাই লোৱা। এই অংশ ৩-৪ দিনলৈ পানীত ডুবাই ৰখা বীজবোৰ নুচুবা। তিওৱা বীজৰ এভাগ সূৰ্যৰ পোহৰ পৰা কোঠালিত ৰাখা আৰু আনভাগ সম্পূৰ্ণৰূপে আন্ধাৰ ঠাইত যেনে আলমাৰীৰ ভিতৰত য'ত পোহৰ সোমাব নোৱাৰে তেনে ঠাইত ৰাখা। শেষৰ ভাগ একেবাৰে ঠাণ্ডা পৰিৱেশত যেনে ধৰা ফ্ৰিজ বা বৰফৰ মাজত ৰাখা। এই তিনিওভাগকে প্ৰত্য়েক দিনে এবাৰ পানীত জুবুৰিয়াই পানীবোৰ আঁতৰাই অংকুৰিত হ'বলৈ দিয়া। কেইদিনমানৰ পাছত তুমি কি দেখিলা? পাঁচোটা ভাগৰ বীজৰ আটাইবিলাকৰ কিছুমানৰ লেহেমীয়া অংকুৰণ নোহোৱাকৈ ৰৈ গ'ল নেকি?

 তুমি গম পালানে যে অজৈৱিক কাৰক যেনে বায়ু, পানী, পোহৰ আৰু তাপ উদ্ভিদৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয়। কাৰ্যত, এই অজৈৱিক কাৰকসমূহ সকলো জীৱৰ বাবেই প্ৰয়োজনীয়। 

  আমি পালোঁ যে জীৱ অতি শীতল বা অতি গৰম জলবায়ুসম্পন্ন পৰিৱেশত বাচি থাকিব পাৰে, নহয়নে? সেইবোৰে বাৰু কেনেকৈ বাচি থকাৰ ব্য়ৱস্থা কৰে? ইয়াতেই অভিযোজনৰ কথা আহি পৰে। 

 অভিযোজন কম সময়ৰ ভিতৰতসংঘটিত হ'ব নোৱাৰে। কোনো এটা অঞ্চলৰ অজৈৱিক কাৰকৰ পৰিৱৰ্তন হ'বলৈ হাজাৰতকৈ অধিক বছৰৰ প্ৰয়োজন হয়। যিবোৰ প্ৰাণী পৰিৱৰ্তনৰ লগত অভিযোজিতবোৰেহে বাছি থাকে। বিভিন্ন অজৈৱিক কাৰকৰ ক্ষেত্ৰত প্ৰাণীয়ে ভিন্ন ধৰণে অভিযোজিত হয়। ফলত ভিন ভিন জীৱ ভিন্ন আৱাসস্থলীত পোৱা যায়। 

  এতিয়া কিছুমান আৱাসস্থলী, ইহঁতৰ অজৈৱিক কাৰকবোৰ আৰু আৱাসস্থলীত অভিযোজিত হৈ বাস কৰা প্ৰাণীবোৰক চাওঁ আহা। 



Class 6 Science 

Type:Dimi Bora



post ID :DABP003945