জীৱিত প্ৰাণীৰ বৈশিষ্য়

 আমি বিভিন্ন আৱাসস্থলীৰ বিষয়ে অধ্য়য়ন কৰোঁতে বহুতো উদ্ভিদ আৰু প্ৰাণীৰ বিষয়ে আলোচনা কৰিছোঁ। ক্ৰিয়াপলাপ ১ ত আমি বিভিন্ন পৰিৱেশত পোৱা সামগ্ৰী, উদ্ভিদ আৰু প্ৰাণীৰ তালিকা কৰিছিলোঁ। ধৰা হওঁক, আমি খন্তেক ৰৈ চিন্তা কৰোঁ তালিকাৰ কোনবিলাক বাৰু জীৱিত? এতিয়া অৰণ্য়ত থকা উদাহৰণবোৰৰ কথাকে ভাবাচোন। গছ, লতা, সৰু-ডাঙৰ প্ৰাণী, চৰাই , সাপ, কীট-পতঙ্গ, শিল, মাটি, পানী, পানী, বায়ু, শুকান পাত, মৃত প্ৰাণী, কাঠফুলা, মছ আৰু শেলাইবোৰ অৰণ্য়ত পোৱা কিছুমান সামগ্ৰী। সেইবোৰৰ কোনবিলাক জীৱিত বাৰু? 

এই মুহূৰ্তত তোমাৰ চাৰিওফালে দেখা বস্তুবোৰৰ কথা ভাবা আৰু সেইবোৰক জীৱ আৰু জড় হিচাপে ভাগ কৰা। কিছুমান ক্ষেত্ৰত এইটো তেনেই সহজ। উদাহৰণস্বৰূপে আমি জানো যে আমাৰ ঘৰত থকা সামগ্ৰী, যেনে- চকী বা মেজ জীৱিত নহয়। প্ৰহেলিকাই এড্ৱাৰ্ড লিয়াৰৰ 'কমপ্লিট ননচেল'ৰ ছন্দময় কবিতাটো পঢ়িছিল।   

  প্ৰহেলিকা আৰু পজ্ঞানে এই কবিতাটোত বেছআমোদ পাইছিল, কাৰণ সিহঁতে জানে যে চকী বা মেজ  জীৱিত নহয়, ইহঁতে কথা ক'ব নোৱাৰে, খোড কাঢ়িব নোৱাৰে বা আমি দেকা সমস্য়াৰ মুখামুখি হৈ কষ্ট খাব নেলাগে।

 আমি জানো যে এখন চকী, মেজ , শিল, বা এটা মুদ্ৰা এইবোৰৰ কোনটোৱে জীৱিত নহয়। একেধৰণে, আমি জানো যে আমি জীৱিত আৰু পৃথিৱীৰ সকলো মানুহেই জীৱিত। আমি আমাৰ চাৰিওফালে দেখা কুকুৰ, মেকুৰী, বান্দৰ, কেক্টুৱা, পতঙ্গ আৰু আন বহুতো প্ৰাণী হ'ল জীৱিত প্ৰাণী। 

  আমি কেনেকৈ জানো যে কিছুমান বস্তু জীৱিত? সাধাৰণতে ইয়াৰ সিদ্ধান্ত লোৱাটো সহজ নহয়। আমি কৈছলোঁ যে উদ্ভিদ জীৱিত, কিন্তু এইবোৰ কুকুৰ বাপাৰ চৰাইৰ দৰে চলাচল নকৰে। আনহাতে এখন মটৰ বা বাছ গাড়ী চলি যাব পৰা সত্ত্বেও আমি তাক জড় বুলি বিবেচনা কৰোঁ। উদ্ভিদ আৰু প্ৰাণী সময়ৰ লগে লগে আকাৰত বৃদ্ধি হয়। কিন্তু তেনেকুৱা ধৰণে আকাশত থকা মেঘবোৰো আকাৰগতভাৱে বৃদ্ধি হয়। এইটোৱে মেঘক জীৱিত বুলি বুলি বুজাবনে? নহয়। সেয়ে জীৱ আৰু জড় পদাৰ্থকেনেকৈ পৃথক কৰিবা? জীৱিতবোৰৰ কিছুমান সাধাৰণ বৈশিষ্ট আছে নেকি, যাৰ দ্বাৰা আমি ইহঁতক জড় বস্তুৰ পৰা পৃথক কৰিব পাৰোঁ। 

 তোমালোক জীৱিত প্ৰাণীৰ এক সুন্দৰ ুদাহৰণ। তোমালোকৰ কি বৈষ্টি আছে যাৰ বাবে তোমালোকে জড় পদাৰ্থতকৈ পৃথক। টোকাবহীত এনেকুৱা বৈশিষ্ট্ৰত তালিকা কৰা। তালিকাখন চোৱাচোন আৰু এনেবিলাকত চিন দিয়া যিবিলাক আন প্ৰাণী বা উদ্ভিদতো দেখা যায়। সম্ভৱত ইয়াৰে কিছুমান বৈসিষ্ট্য় সকলো জীৱৰ বাবে একেই। 

সকলো জীৱকে খাদ্য় লাগেনে? 

  অধ্য়ায় ১ আৰু ২ ত আমি শিকিলোঁ য়ে সকলো জীৱকে খাদ্য় লাগে আৰু ই প্ৰাণী বা আমাৰ বাবে কিমান প্ৰয়োজনীয়. আমি এইটোও শিকিছোঁ যে উদ্ভিদে সিহঁতৰ কাদ্য় সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰি লয়। প্ৰাণীয়ে খাদ্য়ৰ বাবে উদ্ভিদ বা অন্য় প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল। 

  খাদ্য়ই জীৱক জীয়াই থকাৰ বাবে প্ৰয়োজনীয় শক্তি দিয়ে। সিহঁতৰ দেহৰ আন কিছুমান জৈৱিক প্ৰক্ৰিয়া চলাই নিয়াৰ বাবেও এই শক্তি প্ৰয়োজন হয়। 

সকলো জীৱই বৃদ্ধি দেখুৱায়নে?

 চাৰি বছৰ আগৰ চোলাটো তোমাৰ দেহত এতিয়াও সুন্দৰকৈ খাপ খায়নে? ইয়াক তোমালোকে আৰু পিন্ধিব নোৱাৰা, নহয়নে? এই কেিবচৰত তোমালোক নিশ্চয় ওখ হৈছা। তোমালোকে তাক অনুভৱ কৰিব নোৱাৰিলেও কিন্তু তোমালোকে সকলো সময়তে বাঢ়ি গৈ আছা আৰু কিছু বছৰ পিছত প্ৰাপ্তবয়স্ক লোক হ'বা 

  সকলো প্ৰাণীৰ পোৱালি বৃদ্ধি হৈ প্ৰাপ্ত সয়স্ক হয়। তুমি কুকুৰাৰ পোৱালি প্ৰাপ্ত  বয়স্ক হোৱাটো নিশ্চয় মন কৰিছা। এটা কুকুৰা পোৱালি কণীৰ পৰা ফাটি ওলায় আৰু বাঢ়ি গৈ মাইকী কুকুৰা বা মতা কুকুৰা চৰাই হয়।

 উদ্ভিদবিলাকৰো বৃদ্ধি হয়। তোমালোকে চাৰিওফালে লক্ষ্য় কৰা আৰু যিকোনো এক ধৰণৰ উদ্ভিদ কিছুমান মন কৰা। কিছুমান বৰ সৰু আৰু কিছুমান পৈণত। সেইবোৰ বৃদ্ধিৰ বিভিন্ন পৰ্যায়ত থাকিব পাৰে। কিছুদিন বা সপ্তাহৰ পিছত উদ্ভিদ কেইজোপা পুনৰ লক্ষ্য় কৰাচোন। কিছুমানক জীৱৰ ক্ষেত্ৰত বৃদ্ধি একে ধৰণৰ। জড় পদাৰ্থ বৃদ্ধি নহয় বুলি তুমি ভাবানে? 

সকলো জীৱই উশাহ-নিশাহ লয়নে?

 আমি উশাহ-নিশাহ নোলোৱাকৈ বাছি থাকিব পাৰোঁনে? আমি যেতিয়া উশাহ লওঁ, বাহিৰৰ পৰা শৰীৰৰ ভিতৰলৈ বায়ু সোমাই আহে। য়েতিয়া আমি নিশাহ এৰোঁ, তেতিয়া বায়ু আমাৰ দোেহৰ পৰা বাহিৰলৈ ওলাই যায়। উশাহ-নিশাহ শ্বসন (raspiration) প্ৰক্ৰিয়াৰ এটা অংশহে। শ্বসন প্ৰক্ৰিয়াত আমি উশাহত লোৱা বায়ুৰ কিছু অক্সিজেন জীৱদেহে ব্য়ৱহাৰ কৰে। এই প্ৰক্ৰিয়াত উৎপন্ন হোৱা কাৰ্বন-ডাই-অক্সাইড নিশাহত আমি এৰি দিওঁ। 

  গৰু, ম'হ, কুকুৰ আৰু মেকুৰীৰ দৰে প্ৰাণীসমূহৰ ক্ষেত্ৰতো উশাহ-নিশাহ লোৱা প্ৰক্ৰিয়া মানুহৰ দৰে একে। তেনে এবিধ প্ৰাণীক জিৰণি লৈ থকা সময়ত লক্ষ্য় কৰা আৰু সিহঁতৰ পেটৰ চালচলন চোৱাচোন। পেটৰ মৃদু গতিৰ উঠা-নমাই সিহঁতৰ উশাহ-নিশাহৰ ইংগিত দিয়ে। 

 সকলো জীৱৰে শ্বসনৰ প্ৰয়োজন। শ্বসনৰ দ্বাৰাই জীৱদেহে গ্ৰহণ কৰা খাদ্য়ৰ পৰা শক্তি আহৰণ কৰে। কিছুমান প্ৰাণীয়ে গেছৰ বিনিময়ৰ বাবে বিভিন্ন প্ৰক্ৰিয়া অৱলব্মন কৰিব পাৰে। ইও শ্বসন প্ৰক্ৰিয়াৰ এটা অংশ। উদাহৰণস্বৰূপে কেঁচুৱে ছালৰ জৰিয়তে উশাহ-নিশাহ লয়। আমি পাইছোঁ যে পানীত দ্ৰৱীভূত অক্সিজেন গ্ৰহণ কৰিবলৈ মাছৰ জলক্লোম আছে। এই জলকেলোম পানীত দ্ৰৱীভূত বায়ুৰপৰা অক্সিজেন শোষণ কৰে। 

 উদ্ভিদে শ্বাস-প্ৰশ্বাস লয়নে? উদ্ভিদত গেছৰ বিন্ময় সিহঁতৰ পাত জৰিযতে হয়। পাতে সিহঁতৰ ক্ষুদ্ৰ ছিদ্ৰৰ সহায়ত বায়ু গ্ৰহণ কৰে আৰু অক্সিজেন ব্য়ৱহাৰ কৰে। সিহঁত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইজ এৰি দিয়ে। 

  আমি শিকিছোঁ যে সূৰ্যৰ পোহৰত উদ্ভিদে খাদ্য় প্ৰস্তুত কৰিবলৈ বায়ুৰ পৰা কাৰ্বন-ডাই- অক্সাইড গ্ৰহণ কৰে আৰু অক্সিজেন উলিয়াই দিয়ে। উদ্ভিদে দিনৰ ভাগতহে খাদ্য় প্ৰস্তুত কৰে; আনহাতে শ্বসন দিনে-ৰাতিয়ে সমানে চলি থাকে। খাদ্য় প্ৰস্তুত কৰোঁতে উৎপন্ন হোৱা অক্সিজেন শ্বসনত ব্য়ৱহাৰ হোৱা অক্সিজেনৰ পৰিমাণতকৈ যথেষ্ট বেছি।

সকলো জীৱিতবস্তুৱে উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়নে?

  খালি ভৰিৰে খোজ কাঢ়ি যাওঁতে হঠাতে যদি কাঁইটৰ দৰে জোঙা বস্তুৰ ওপৰত খোজ পৰে, তোমালোকৰ প্ৰতিক্ৰিয়া কেনে ধৰণৰ হ'ব? তোমালোকে ভাল পোৱা খাদ্য়বস্তু দেখিলে বা তাৰ কথা মনত পৰিলে বাৰু কেনে অনুভৱ কৰা? হঠাতে তোমালোকে যেতিয়া এন্ধাৰ ঠাইৰ পৰা সূৰ্যৰ উজ্জ্বল পোহৰলৈ ওলাই আহা তেতিয়া কি হ'ব? বাহিৰৰ উজ্জ্বল পৰিৱেশৰ লগত তোমালোকে মিলি নোযোৱালৈকে তোমালোকৰ চকুৰ পতা স্বয়ংক্ৰিয়ভাৱে এটা মূহূৰ্তৰ বাবে জাপ খাই যাব। তোমালোকৰ ভালপোৱা খাদ্য়, উজ্জ্বল পোহৰ আৰু কাঁইট উপৰোক্ত অৱস্থা সাপেক্ষে পৰিৱৰ্তিত পৰিৱেশৰ কিছুমান উদাহৰণ। আমি সকলোৱে এনেকুৱা পৰিৱৰ্তন প্ৰতি ততাতৈয়াকৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।, তাকেই উদ্দীপক বুলি কোৱা হয়।

 আন প্ৰাণীয়েও উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়নে? প্ৰাণীক খাদ্য় পৰিৱেশন কৰি থাকোতে, সিহঁতৰ আচৰণ লক্ষ্য় কৰাচোন। খাদ্য় দেখাৰ লগে সিহঁত হঠাতে কেনেকুৱাকৈ সক্ৰিয়া হৈ উঠে তোমালোকে দেখিছানে? তুমি যেতিয়া বাৰু ই কি কৰে? বনৰীয়া প্ৰাণীবোৰে সিহঁতৰ ওপৰত উজ্জ্বল পোহৰ পেলালে দৌৰি পলায়। ঠিক তেনেদৰে ৰাতি পাকঘৰত লাইট জ্বলোৱাৰ লগে লগে পঁইতাচোৰাই লুকাই থাকিব পৰা ঠাইলৈ পলাই যাবলৈ আৰম্ভ কৰে। তুমি বাৰু উদ্দীকৰ প্ৰতি সঁহাৰি জনোৱা এনেকুৱা আৰু কিছুমান উদাহৰণ দিব পাৰিলানে?

  উদ্ভিদেও উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়নে? কিছুমান উদ্ভিদত ফুল কেৱল ৰাতিহে ফুলে। আন কিছুমান উদ্ভিদত সূৰ্য অস্ত যোৱাৰ পিছত ফুল জাপ খাই যায়। লাজুকী লতা নামৰ উদ্ভিদ আমি ক্ষেত্ৰত পাতবোৰ কোনোবাই চুই দিয়াৰ লগে লগেই জাপ খাই যায়। এইবোৰ পৰিৱেশ সাপেক্ষে উদ্ভিদৰ উদ্দীপকৰ প্ৰতি সঁহাৰিৰ কিছুমান উদাহৰণ। থকা উদ্ভিদৰ দৰে গছজোপা থিয়কৈ বাঢ়িছেনে? যদি ই পোনেৈ পোনে ওপৰলৈ বঢ়া নাই, ই কোন দিশত হেলনীয়া হৈছে লক্ষ্য় কৰা। এইটো কিছুমান উদ্দীপকৰ প্ৰতি সঁহাৰি হ'ব পাৰে বুলি তোমালোকে ভাবানে? 

            সকলো জীৱিত বস্তুৱে তাৰ চাৰিওফালে ঘটা পৰিবৰ্তনৰ প্ৰতি সঁহাৰি জনায়। 

জীৱ আৰু ইহতঁৰ ৰেচন ক্ৰিয়া

   সকলো জীৱই খাদ্য় গ্ৰহণ কৰে। সকলো খোৱা খাদ্য়ই শৰীৰত ব্য়ৱহাৰ নহয়, মাত্ৰ এটা অংশহে শৰীৰে ব্য়ৱহাৰ কৰে। বাকীখিনিৰ কি হয়? এইবোৰ বৰ্জিত বস্তু হিচাপে শৰীৰৰ পৰা আঁতৰাৰ লগা হয়। আমাৰ শৰীৰেও আন কিছুমান জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা কিছু বৰ্জিত পদাৰ্থ উৎপন্ন কৰে। জীৱই নিজৰ শৰীৰৰ পৰা এনেদৰে বৰ্জিত পদাৰ্থবোৰ আতঁৰাই পেলোৱাকে ৰেচন ক্ৰিয়া (exerction) বোলে। 

   উদ্ভিদবোৰেও ৰেচন ক্ৰিয়া কৰেনে? হয়, উদ্বিদেও ৰেচন ক্ৰিয়া কৰে। অৱশ্য়ে উদ্ভিদৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়া সাধাৰণতে কিছু বেলেগ। উদ্ভিদৰ দেহত কিছুমান ক্ষতিকাৰক আৰু বিষাক্ত দ্ৰব্য় বৰ্জিত পদাৰ্থ হিচাপে উৎপন্ন হয়। কিছুমান উদ্ভিদে এনেবোৰ বৰ্জিত পদাৰ্থ শৰীৰৰ কিছুমান অংশত এনেদৰে জমা কৰি ৰাখে যাতে ই উদ্ভিদজোপাৰ কোনো ধৰণৰ ক্ষতি নকৰে। কিছুমান উদ্ভিদে বৰ্জিত বস্তুবোৰ নিঃসৰণৰ দ্বাৰা আঁতৰাই পেলায়। ৰেচন ক্ৰিয়া সকলো জীৱৰ আন এটা উমৈহতীয়া বৈশিষ্ট্য়।  

সকলো জীৱই নিজৰ নিচিনা জীৱ জন্ম দিয়ে নে? 

   তোমালোকে পাৰ চৰাইৰ দৰে চৰাইৰ বাহ কেতিয়াবা দেখিছানে? বহুতো চৰায়ে সিহঁতৰ বাহত কণী পাৰে। কিছুমান কণী উমনি দ্বাৰা ফুটে আৰু ইয়াৰ পৰা চৰাইৰ পোৱালি ওলাই আহে। 

  প্ৰাণীয়ে থ নিজৰ দৰে পোৱালি জন্ম দিয়ে। প্ৰাণী বিষয়ে এই প্ৰজনন প্ৰক্ৰিয়াও বেলেগ বেলেগ হ'ব পাৰে। কিছুমান প্ৰাণীয়ে কণীৰ জৰিয়তে তাৰ পোৱালি জন্ম দিয়ে। 

 উদ্ভিদেও প্ৰজনন কৰে। প্ৰাণীৰ দৰে উদ্ভিদৰো প্ৰজনন ক্ৰিয়া বেলেগ বেলেগ। বহুতো উদ্ভিদে বীজৰ দ্বাৰা বংশ বিস্তাৰ কৰে। এইবোৰ উদ্ভিদে বীজ উৎপন্ন কৰে, যিভোৰ অংকৃৰিত হৈ এজোপা নতুন উদ্ভিদৰ সৃষ্টি হয়।

 বীজৰ বাহিৰৈ আন অংশৰ দ্বাৰাও কিছুমান উদ্ভিদে প্ৰজনন কৰে। উদাহৰণ হিচাপে মকলকল থকা আলুৰ এটা অংশৰ পৰা নতুন এজোপা উদ্ভিদৰ জন্ম হয়। 

   উদ্ভিদে কমলৰ জৰিয়তেও প্ৰজনন কৰে। তোমালোকে নিজাববীয়াকৈ এনেকুৱা ধৰণে উদ্ভিদ এজোপা গজাবলৈ ইচ্ছা কৰানে? 

  গোলাপ বা জেতুকাৰ গছৰ কটা ডাল এটা লোৱা। ডালটো মাটিত পুতি লৈ নিয়মীয়াকৈ পানী দি থাকা। কিছুদিনৰ পিছত তুমি বাৰু কি দেখিবা? 

  কটা অংশৰ পৰা উদ্ভিদ এজোপা গজোৱাটো সহজ কথা নহ'বও পাৰে। গজোপাৰ কটা অংশৰ পৰা উদ্ভিদৰ গজালি নোলালেও হতাশ নহ'বা। যদি সম্ভৱ হয় মালীৰ লদত আলোচনা কৰি যথা সম্ভৱ যত্ন লৈ কঠা অংশটোৰ পৰা উদ্ভিদজোপা গজাবলৈ চেষ্টা কৰা। 

  জীৱিত বস্তুৱে প্ৰজনন (reproduction) জৰিয়তে তাৰ নিজৰ নিচিনা অধিক জীৱৰ জন্মৰ দিয়ে। বিভিন্ন জীৱৰ ক্ষেত্ৰত এইটো বিভিন্ন উপায়েৰে ঘটে। 

সকলো জীৱিত বস্তুৱে লৰচৰ কৰেনে? 

   অধ্য়ায় ৮ ত প্ৰাণীয়ে চলাচল কৰা বিভিন্ন উপায়ৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। সিহঁতে এঠাইৰ পৰা আন ঠাইলৈ চলাচল কৰে আৰু শৰীৰৰ অন্য়ন্য়া সঞ্চালনো দেখুৱায়। 

  উদ্ভিদৰ ক্ষেত্ৰত বাৰু কি হয়? সুহঁতে লৰচৰ কৰিব পাৰেনে? উদ্ভিদবোৰে সাধাৰণতে সাধাৰণে মাটিত খাচোম মাৰি ধৰি থাকে, সেয়ে এঠাইৰ পৰা আন এঠাইৰ পৰা আন ঠাইলে গতি কৰিব নোৱাৰে। অৱশ্য়ে উদ্ভিদজোপাত বিভিন্ন সামগ্ৰী যেনে- পানী, খনিজ লৱণ আৰু সংশ্লেষণ কৰা খাদ্য়বস্তুবোৰ এটা অংশৰ পৰা আন অংশলৈ যায়। তোমালোকে ইয়াৰ বাহিৰেও উদ্ভিদৰ আন কিবা সঞ্চালন লক্ষ্য় কৰিছানে? ফুল মেল খোৱা বা জাপ খোৱা? কেনেকৈ কিছুমান উদ্ভিদে কিছুমান নিদিৰ্ষ্ট উদ্দীপকৰ প্ৰতি সহাৰিৰে চলন দেখুৱায় সেইটো তোমালোকে মনত পেলাব পাৰিবানে?

  অৱশ্য়ে বহুতো চলাচল কৰিব পৰা জড় বস্তুও আছে। বাছ, মটৰ গাড়ী, কাগৰ সৰু টুকুৰা, মেঘ ইত্য়াদি। ইহঁতৰ চলনবোৰ আন জীৱিত বস্তুৰ চলনতকৈ কিবা বেলেগ নে? 

 আমি আলোচনা কৰাৰ দৰে যদিওৱা বিভিন্ন ধৰণৰ জীৱ আছে সেইবোৰে কিন্তু কিছুমান উমৈহতীয়া বৈশিষ্ট্য় দেখুৱায়। ইয়াৰ উপৰি জীৱিত মৃত্য়ু হয়। জীৱৰ মৃত্য়ু হয় যদিও সিহঁতে নিজৰ নিচিনা জীৱ জন্ম দি হেজাৰতকৈ অধিক বছৰ প্ৰজন্মটো জীৱাই ৰাখিব পাৰে। কোনো এটা জীৱৰ প্ৰজনন নোহোৱাকৈ মৃত্য়ু হ'ব পাৰে, কিন্তু জীৱটোৰ প্ৰজাতিটো প্ৰজনন কাৰ্যৰ দ্বাৰাহে বহু বছৰ বৰ্তি থাকিব পাৰে। 

  আমি দেখা পাওঁ যে সকলো জীৱৰে কিছুমান উমৈহতীয়া বৈশিষ্ট্য় আছে। সকলো জীৱকে খাদ্য়ৰ প্ৰয়োজন, সকলোৱে উশাহ-নিশাহ লয়, উদ্দীপকৰ প্ৰতি সহাঁৰি জনায়, প্ৰজনন ঘটায়, সঞ্চালন দেখুৱায় আৰু সকলোৰে বৃদ্ধি আৰু মৃত্য়ু হয়। 

  আমি এনে কিছুমান জড় পদাৰ্থ পাওঁনে, যিবোৰে এনেকুৱা কিছুমান বৈশিষ্ট্য় দেখুৱায়? গাড়ী, চাইকেল, ঘড়ী আৰু নদীৰ পানীায়ে গতি কৰে। চন্দ্ৰটোৱে আকাশত গতি কৰে। আমাৰ চকুৰ সমুখতে মেঘ আকাৰত বাঢ়ী যায়। এইবোৰ বস্তুক জীৱিত বুলি ক'ব পাৰিনে? আমি নিজকে প্ৰশ্ন কৰোঁচোন - এই বস্তুবোৰে জীৱিত বস্তুৰ সকলো বৈশিষ্ট্য় দেখুৱায়নে?

  আমি আলোচনা কৰা সকলোবোৰ বৈশিষ্ট্য় সাধাৰণতে জীৱৰ থাকিব পাৰে, আনহাতে একে সময়তে জড় পদাৰ্থবোৰে এই সকলো বৈশিষ্ট্য় দেখুৱাবও পাৰে। 

 এইটো সদায় সত্য় নে? আমি আলোচনা কৰা সকলোবিলাক বৈশিষ্ট্য় জীৱই স্পষ্টকৈ দেখুৱায়নে? জড় পদাৰ্থই এইবোৰৰ কিছুমান বৈশিষ্ট্য়হে দেখুৱায় নেকি? জড় পদাৰ্থই এইবোৰৰ কিছুমান বৈশিষ্ট্য়হে দেখুৱাব পাৰে আৰু বাকী বৈশিষ্ট্য়সমূহ কেতিয়াও নেদেখুওৱাকৈ থাকে নেকি?  

 এই কথাটো ভালদৰে বুজিবলৈ এতিয়া এটা বিশেষ উদাহৰণ চাওঁ আহা। যিকোনো বীজ যেনে মগুমাহৰ কথাই ধৰা, ই জীৱিত নে? কোনো ধৰণৰ বৃদ্ধি বা জীৱৰ আন লক্ষণ নেদেখুৱাকৈ এইবোৰে দোকানত কেইবা মাহলৈ থাকিব পাৰে। কিন্তু আমি এই একেই বীজ সংগ্ৰহ কৰি মাটিত সিঁচি, পানী ঢালি এডাল পূৰ্ণাংগ উদ্ভিদলৈ পৰিৱৰ্তিত কৰিব পাৰোঁ। দোকানত কেইবামাহো থকাৰ সময়ত বীজবোৰৰ বাৰু খাদ্য়ৰ প্ৰয়োজন হৈছিলনে? ৰেচন, প্ৰজনন কাৰ্য বা বৃদ্ধি হৈছিলনে? 

 আমি দেখিলোঁ যে, এনেকুৱা বহুতো উদাহৰণ থাকিব পাৰে য'ত এটা বস্তুৱে আমি আলোচনা কৰা সকলো বৈশিষ্ট্য় বহন কৰিলেও ইয়াক জীৱিত বস্তু বুলি সহজে ক'ব নোৱাৰি। 

তেনেহ'লে জীৱননো কি?

  ঘেঁহুৰ বীজৰ বস্তা এটাৰ ভিতৰত হাতখন ভৰাই দিয়া। ভিতৰত গৰম  অনুভৱ কৰিছানে? ঘেঁহুৰ বস্তাৰ ভিতৰত কিছু পৰিমাণৰ তাপ উৎপন্ন  হয়। বীজবোৰৰো শ্বাস-প্ৰশ্বাস হয় আৰু এই প্ৰক্ৰিয়াত কিছু তাপ উৎপন্ন হয়। 

 আমি দেখিলোঁ যে বীজৰ ক্ষেত্ৰত জীৱন ধাৰণৰ আন প্ৰক্ৰিয়াবোৰ সক্ৰিয় হৈ নাথাকিলেও শ্বসন কাৰ্য চলি থাকে। তেনেহ'লে জীৱননো কি? এই প্ৰশ্নটোৰ উত্তৰ দিয়াটো বৰ সহজ নহ'বও পাৰে। সি যি কি নহওক, আমাৰ চাৰিওফালে থকা জীৱৰ বিচিত্ৰতা লক্ষ্য় কৰি আমি সিদ্ধান্ত ল'ব পাৰোঁ যে ''জীৱন অতি সুন্দৰ''।  

Class 6 Science 
Type: Dimi Bora 

Post ID : DABP003946