বস্ত্ৰ সামগ্ৰীৰ বুৰঞ্জী 

প্ৰাচীন কালত মানুহে সাজ-পোছাকৰ বাবে কি সামগ্ৰী ব্য়ৱহাৰ কৰিছিল তোমালোকে কেতিয়াবা ভাবি চাইছেনে ? জনা গৈছে যে সেই সময়ত মানুহে গছৰ বাকলি আৰু ডাঙৰগছৰ পাত অথবা প্ৰাণীৰ ছাল আৰু নোম আদিৰে নিজকে ঢাকি লজ্জা নিবাৰণ কৰিছিল। কৃষিভিক্তিক সমাজ ব্য়ৱস্থাৰে মানুহেবোৰে স্থায়ীভাৱে বসতি কৰাৰ পাছত লাহে লাগে তেওঁলোকে গছৰ মিহি ঠানি আৰু ঘাঁহ আদিৰে কঠ, পাচি, খৰাহী ববলৈ শিকিছিল। লতা, প্ৰাণীৰ নোম বা চুলি একেলগে পকাই দীঘল ৰছীলৈ পৰিৱৰ্তন কৰিছিল। এইবিলাক বৈ কাপোৰ তৈয়াৰী পোছাক পিন্ধিছিল। শণগছো এনে এবিধ উদ্ভিদ যিয়ে প্ৰকৃতিক আঁঙ দিয়ে। প্ৰাচীন ইজিপ্তৰ নীল নদীৰ পাৰত কপাহ শণগছৰ খেতি কৰা হৈছিল আৰু ইয়াক আঁহবোৰ কাপোৰ ববলৈ ব্য়ৱহাৰ কৰা হৈছিল। সেই সময়ত মানুহে চিলাইৰ বিষয়ে জনা নাছিল। মানুহে কাপোৰবোৰ শৰীৰৰ বিভিন্ন অংশত মাত্ৰ মেৰিয়াই লৈছিল। বিভিন্ন ধৰণেৰে মেৰিয়াই কাপোৰবোৰ ব্য়ৱহাৰ কৰিছিল। চিলাই কৰা বেজি উদ্ভাৱন হোৱাৰ লগে লগে মানুহে কাপোৰবোৰ চিলাই কৰি বিভিন্ন সাজ-পোছাক তৈয়াৰ কৰিবলৈ ললে। এই উদ্ভাৱনৰ পাছত চিলোৱা কাপোৰৰ বিন্নতা আহি পৰিল। কিন্তু এতিয়াও শাৰী, ধতি, লুঙী বা পাগুৰী এটুকুৰা নিচিলোৱা কাপোৰ হিচাপে ব্য়ৱহাৰ হৈ থকাটো বিস্বয়কৰ নহয় নে ? যেনেকৈ আমাৰ দেশত ঠাইবেদে খাদাৰ বিন্নতা আছে তেনেকৈ কাপোৰ আৰু সাজ-পোছাকৰ ক্ষেত্ৰতো যথেষ্ট ভিন্নতা দেখা যায়।



Class 6 Science 

Type: Dimi Bora