সূতা পৰা কাপোৰলৈ

সূতাৰ পৰা কাপোৰ তৈয়াৰ কৰাৰ কেইবাটাও পদ্ধতি আছে। দুটা প্ৰধান পদ্ধতি হৈছে তাঁত বোৱা বা বয়ন (weaving)আৰু গুঁঠা কাৰ্য (knitting)

বয়ন (Weaving)

ক্ৰিয়াকলাপ ২ত তোমালোকে নিশ্চয় লক্ষ্য় কৰিছিলা যে এখন কাপোৰত দীঘ আৰু বাণি হিচাপে সূতাবোৰ একেলগ কৰা থাকে। এনেদৰে দীঘ আৰু বাণি হিচাপে সূতা একেলগে কৰি কাপোৰ প্ৰস্তুত কৰা পদ্ধতিটোক বয়ন (Weaving) বুলি কোৱা হয়। আহাচোন আমি কিছুমান কাগজৰ পটি বনাই ৰবলৈ চেষ্টা কৰোঁ।  দুখন বেলেগ বেলেগ ৰঙৰ কাগজ লোৱা। প্ৰত্য়েকখন কাগজৰ দৈৰ্ঘ্য় আৰু প্ৰস্থ ৩০ চে.মি. হোৱাকৈ বৰ্গাকৃতিত কাটা। এতিয়া দুয়োখন কাগজ সোঁমাজত ভাঁজ কৰা। এখন কাগজত চিত্ৰ ৩.১২ (ক)ত দেখুৱাৰ দৰে আৰু আনখন চিত্ৰ ৩.১২ (খত দেখুৱাৰ দৰে আঁচ টানা। দুয়োখন কাগজ আঁচবোৰেদি কাটা আৰু ভাঁজটো খুলি দিয়া। এতিয়া কাগজৰ পটিবোৰ এখন এখনকৈ চিত্ৰ  ৩.১২ (গ)ত দেখুৱাৰ দৰে বৈ যায়। চিত্ৰ ৩.১২ (ঘ) ই আটাইবোৰ পটি বৈ উঠাৰ পাঠত পোৱা নমুনাটোক দেখুৱাইছে। এই ধৰণেৰে দীঘ আৰু বাণি হিচাপে সূতা শালত বৈ কাপোৰ তৈয়াৰ কৰা হয়। অৱশ্য়ে সূতাবোৰ তোমালোকে কাগজৰ পটিবোৰতকৈ বহুত পাতল। কাপোৰৰ বয়ন কাৰ্য তাঁতশালত  (looms) কৰা হয়। এই তাঁতশালবোৰ হাতেৰে বা বিজুলীৰ সহায়েৰে চলোৱা হয়। 

গুঁঠা (Knitting

চুৱেটাৰ কেনেকৈ গুঁঠে তোমালোকে লক্ষ্য় কৰিছানে ? গুঁঠা (Knitting) কাৰ্যত কাপোৰ তৈয়াৰ কৰিবলৈ এডাল সূতা ব্য়ৱহাৰ কৰা হয়। তোমালোকে কেতিয়াবা ফাটি যোৱা মোজাৰ পৰা সূতা টানি পাইছানে ? কি হয় ? এডাল এডলীয়া সূতা একেবাৰে টানি থাকিব পাৰি যেতিয়ালৈকে কাপোৰখনত আউল নালাগে। মোজা আৰু অন্য়ান্য় বহু বস্ত্ৰ সামগ্ৰী গুঁঠি তৈয়াৰ কৰা হয়। গুঁঠা কাৰ্য হাতেৰে আৰু যন্ত্ৰৰ সহায়েৰে কৰা হয়। বয়ন আৰু গুঁঠা কাৰ্য বিভিন্ন ধৰণৰ কাপোৰ তৈয়াৰ কৰিবৰ বাবে ব্য়ৱহাৰ কৰা হয়। এই কাপোৰবোৰ বহু ধৰণৰ পোছাক তৈয়াৰ কৰিবলৈ ব্য়ৱহাৰ হয়।



Class 6 Science 

Type: Dimi Bora