কপাহৰ পৰা সূতাকটা

তোমালোকে নিজেও কপাহৰ পৰা সূতা কাটিবলৈ চেষ্টা কৰিব পাৰি। এখন হাতত অলপ কপাহৰ লোৱা। আনখন হাতৰ বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰে কপাহখিনিৰ এটা অংশ চেপা মাৰি ধৰা। এতিয়া সাৱধানেৰে কপাহখিনি টানিবলৈ আৰম্ভ কৰা আৰু লগে লগে আঁহখিনি পকাই যোৱা। সূতা এডাল তৈয়াৰ কৰিবলৈ পাৰিলানে ? আঁহৰ পৰা সূতা তৈয়াৰ কৰা দ্ধিতিটোক সূতাকটা (spinning) বুলি কোৱা হয়। এই পদ্ধতিটোকে এটা কপাহৰ জোলাৰ পৰা আঁহবোৰ একেলগ কৰি সূতা কাটিবৰ বাবে ব্য়ৱহাৰ কৰা হয় আৰু ইয়াক টাকৰী বোলে। হাতেৰেো সূতা কাটিবলৈ ব্য়ৱহাৰ কৰা আন এটা সঁজুলি হৈছে যঁতৰ। স্বাধীনতা সংগ্ৰামৰ অংশ হিচাপে মহাত্মা গান্ধীয়ে যঁতৰৰ জনপ্ৰিয় কৰিছিল। তেওঁ মানুহক হাতেকটা সূতাৰে তৈয়াৰী পোছাক পিন্ধিবলৈ উৎসাহিত কৰিছিল আৰু বৃটেইনৰ কলঘৰত তৈয়াৰী কৰা আমদানিকৃত কাপোৰ এৰাই চলিবলৈ কৈছিল। বৃহৎ পৰিমাণৰ সূতা কাটিবলৈ হ'লে সূতাকটা যন্ত্ৰৰ সহায় লোৱা হয়। সূতা কটাৰ পাছত কাপোৰ তৈয়াৰ কৰিবলৈ ব্য়ৱহাৰ কৰা হয়। 



Class 6 Science

Type: Dimi Bora