বিদ্য়ুৎ আৰু বৰ্তনী


আমাৰ দৈনন্দিম কাম-কাজ সহজ কৰিবলৈ বহুতো ক্ষেত্ৰত আমি বিদ্য়ুৎ ব্য়ৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে, পাম্পেৰে নাদৰ পৰা মাটিৰ পৰা ঘৰৰ চাদঁৰ ওপৰত থকা পানীৰ টেংকলৈ পানী তুলিবলৈ বিদ্য়ুৎ ব্য়ৱহাৰ কৰোঁ। আন কি কি কাৰণত আমি বিদ্য়ুৎ ব্য়ৱহাৰ কৰোঁ বাৰু? তোমালোকৰ টোকাবহীত ইয়াৰ এখন তালিকা প্ৰস্তুত কৰা। 

  তোমালোকৰ তালিকাখনত পোহৰৰ বাবে বিদ্য়ুৎ ব্য়ৱহাৰ কৰা কথাটো আছেনে? বিদ্য়ুৎত আনকি সূৰ্যাস্তৰ পাছতো আমাৰ ঘৰ, ৰাস্তা, কাৰ্যালয়, বজাৰ আৰু কাৰাখানা পোহৰাই ৰখাতো সম্ভৱ কৰি তুলিছে। ই আমাক ৰাতিও কাম কৰি থকাত সহায় কৰিছে। বৈদ্য়ুতৰ শক্তি উৎপাদন কেন্দ্ৰৰ পৰা আমি বিদ্য়ুৎ পাওঁ। অৱশ্য়ে বিদ্য়ুতৰ যোগান কেতিয়াবা বন্ধ হ'ব পাৰে বা কোনো ঠাইত বিদ্য়ুতৰ যোগান নাথাকিবও পাৰে। তেনে পৰিস্থিতিত পোহৰৰ বাবে কেতিয়াবা টৰ্চ লাইট ব্য়ৱহাৰ কৰা হয়। টৰ্চ লাইটত এটা বাল্ব থাকে। টৰ্চ লাইটটোৰ চুইছ অন কৰিলে বাল্বটো জ্বলি উঠে। টৰ্চ লাইটটোৱে ক'ৰ বিদ্য়ুৎ পায় বাৰু

১২.১ বিদ্য়ুতিক কোষ

   বিদ্য়ুৎ কোষে টৰ্চ লাইটৰ বাল্বটোলৈ বিদ্য়ুতৰ যোগান ধৰে। এলাৰ্ম ঘড়ী, হাতঘড়ী, ট্ৰেনজিচ্টৰ ৰেডিঅ', কেমেৰা আৰু অন্য় বহুতো অহিলাত বা যন্ত্ৰত বৈদ্য়ুতিক কোষ ব্ৱহাৰ কৰা হয়। বিদ্য়ুৎ কোষ এটা তোমালোকে কেতিয়াবা ভালদৰে চাইছানে? তোমালোকে কিজানি মন কৰিছা যে ইয়াৰ এটা মূৰ এটা সৰু ধাতুৰ টুপী থাকে আৰু অন্য় মূৰে এটা সৰু ধাতুৰ টুপী থাকে আৰু মূৰে ধাতুৰ এখন ঢাকনী  থাকে। বিদ্য়ুৎ কোষ এটাত তোমালোকেধনাত্মক (+) চিহ্ন আৰু ঋণাত্মক (-) চিহ্ন থকা  দেখিছানে? ধাতুৰ টুপীটো বিদ্য়ুৎ কোষটোৰ ধনাত্মক মেৰু। ধাতুৰ ঢাকনীখন হ'ল বিদ্য়ুৎ কোষটোৰ ঋণাত্মক মেৰু। সকলো বিদ্য়ুৎ কোষৰ দুটা মেৰু থাকে, এটা হ'ল ধণাত্মক মেৰু আৰু আনটো হ'ল ঋণাত্মক মেৰু। 

  বৈদ্য়ুতিক কোষটোৱে ইয়াত ভৰাই থোৱা ৰাসায়নিক দ্ৰব্য়ৰ পৰা বিদ্য়ুৎ উৎপাদন কৰে। যেতিয়া বিদ্য়ুৎ কোষটোৰ ৰাসায়নিক দ্ৰব্য়খিনি শেষ হৈ যায়, তেতিয়া কোষটোৱে বিদ্য়ুৎ উৎপাদন কৰা বন্ধ কৰি দিয়ে। তেতিয়া বিদ্য়ুৎ কোষটো এটা নতুন কোষৰ দ্বাৰা সলনি কৰিবলগীয়া হয়। 

  টৰ্চৰ বাল্বটোত এটা কাচৰ বহিঃ আৱৰণ থাকে, যিটো ধাতুৰ খোলা এটাৰ ওপৰত লগাই থোৱা থাকে [চিত্ৰ ১২.২(ক)]। বাল্বটোত কাচৰ আৱৰণটোৰ মাজত কি থাকে বাৰু? 

  এটা টৰ্চ লোৱা আৰু ইয়াৰ বাল্বৰ ভিতৰৰ অংশ লক্ষ্য় কৰা। তোমালোকে শিক্ষকৰ সহায় লৈ বাল্বটো উলিয়াইও আনিব পাৰা। কি দেখা পাইছা? এডাল মিহি তাঁৰ কাচৰ বাল্বটোৰ মাজত লগাই থোৱা তোমালোকে দেখা পাইছানে?। এতিয়া টৰ্চটোৰ ছুইচ অন কৰা আৰু বাল্বটোৰ কোনটো অংশ জ্বলিছে লক্ষ্য় কৰা। 

  যিডাল মিহি তাঁৰৰ পৰা পোহৰ নিৰ্গত হয় তাকেই বাল্বটোৰ ফিলামেন্ট (Filament) বোলা হয়। চিত্ৰ ১২.২ (খ)ত দেখুওৱা ধৰণে ফিলামেন্টডাল আকৌ দুডাল শকত তাঁৰত লগাই থোৱা থাকে যি ইয়াক ধৰি ৰাখে। এই শকত তাঁৰ দুডালৰ এডালক বাল্বৰ তলফালে থকা ধাতুৰ খোলাটোত লগাই থোৱা থাকে। আনডাল শকত তাঁৰ ধাতুৰ খোলাটোৰ সোঁমাজত থকা ধাতুৰ টুপীটোত লগাই থোৱা থাকে। বাল্বটোৰ মূৰ দুটা হ'ল খোলাটো আৰু খালীটোৰ সোঁমাজত থকা ধাতুৰ টুপীটো, এটা দুটা মূৰ এনেদৰে সজোৱা থাকে যাতে সিহঁতে এটাই আনটোক স্পৰ্শ নকৰে।ঘৰতব্য়ৱহাৰ কৰা বৈদ্য়ুতিক চাকিসমূহো এনে আৰ্হিৰে প্ৰস্তুত কৰা হয়। 

  গতিকে, বিদ্য়ুৎ কোষ আৰু বৈদ্য়ুতিক চাকি প্ৰত্য়েকতে দুটা মূৰ থাকে। সিহঁতৰ দুটাকৈ মূৰ কিয় থাকে বাৰু?

১২.২ বিদ্য়ুৎ কোষত সংযোগ কৰা এটা বাল্ব 

 এটা বিদ্য়ুৎ কোষত সহায়ত এটা বাল্ব জ্বলাবলৈ চেষ্টা কৰোঁ আহা।আমি কামটো কিদৰে কৰিম? 

  ভিন ভিন ৰঙৰ প্লাষ্টিকৰ আৱৰণ থকা চাৰিডাল বিভিন্ন দৈৰ্ঘ্য়ৰ বৈদ্য়ুতিক তাঁৰ লোৱা। প্ৰত্য়েকডাল তাঁৰৰ দুই মূৰৰ প্লাষ্টিকৰ আৱৰণৰ কিছু অংশ এৰুৱাই লোৱা। এনে কৰিলে তাঁৰ কেইডালৰ দুই মূৰৰ ধাতুৰ তাঁৰবোৰ ওলাই পৰিব। চিত্ৰ ১২.৩ আৰু ১২.৪ত দেখুওৱা ধৰণে দুডাল তাঁৰ ওলাই থকা মূৰটো বিদ্য়ুৎ কোষটোত আৰু দুডাল তাঁৰ বাল্বটোত সংযোগ কৰি লোৱা। 

   ইলেক্ট্ৰিচিয়ানে ব্য়ৱহাৰ কৰা চেলোটেপৰ দ্বাৰা তাঁৰ দুডাল তোমালোকে বাল্বটোত লগাই ল'ব পাৰা। বিদ্য়ুৎ কোষটোত তাঁৰ সংযোজিত কৰিবলৈ বৰব বেণ্ড বা চেলোটেপ ব্য়ৱহাৰ কৰা। ধাৰণে বাল্বত সংযোজিত তাঁৰ দুডালক বিদ্য়ুৎ কোষৰ তাঁৰ দুডালৰ লগত ছয়টো বিভিন্ন প্ৰকাৰে সংযোগ কৰা। প্ৰত্য়েকটো সজ্জাতেই বাল্বটো জ্বলেো নে নজ্বলে মন কৰা।প্ৰত্য়েকটো সজ্জাৰ কাৰণে তোমালোকৰ টোকাবহীত 'হয়' বা 'নহয়' বুলি লিখা। 

    এতিয়া যিবোৰ সজ্জাত বাল্বটো জ্বলি উঠে সেই সজ্জাবোৰ ভালকৈ মন কৰা। সেইবোৰক বাল্বটো জ্বলি নুঠা সজ্জাসমূহৰ লগত তুলনা কৰা। এই পাৰ্থক্য়ৰ কাৰণ তোমালোকে উলিয়াবা পাৰিবানে? 

  চিত্ৰ ১২.৫(ক)ত দিয়া সজ্জাটোৰ ক্ষেত্ৰত বিদ্য়ুৎ কোষটোৰ মূৰত থকা তাঁৰডালৰ ওপৰত পেঞ্চিল এডালৰ জোঙা মূৰটো ৰাখা। পেঞ্চিলডাল তাঁৰৰ ওপৰেৰে বাল্বটোলৈ আগবঢ়াই লৈ যোৱা। এতিয়া বাল্বৰ আনটো মেৰুৰ পৰা বিদ্য়ুৎ কোষত সংযোগ হৈ থকা আনডাল তাঁৰৰ ওপৰেৰে পেঞ্চিলডালৰ জোঙা মূৰটো আগবঢ়াই আনা। এই কামটো চিত্ৰ ১২.৫ ত দিয়া আন সজ্জাসমূহৰ ক্ষেত্ৰতো কৰা। যিবোৰ সজ্জাত পেঞ্চিলডালক এনেদৰে কোষৰ এটা মেৰুৰ পৰা আনটো মেৰুলৈ নিব নোৱাৰি তেনে সজ্জাত বাল্বটো জ্বলিছেনে? 

১২.৩ বৈদ্য়ুতিক বৰ্তনীঃ

   ক্ৰিয়াকলাপ ২ত বাল্বলৈ যোৱা আৰু বাল্বৰ পৰা ওলাই অহা তাঁৰ দুডালৰ সৈতে তোমালোকে বৈদ্য়ুতিক কোষৰ এটা মেৰুক আনটো মেৰুৰ সৈতে সংযোগ কৰিছিলা। মন কৰিবা যে, চিত্ৰ ১২.৫ (চ)ত দেখুওৱা সজ্জা দুটাত বৈদ্য়ুতিক কোষৰ মেৰু দুটা বাল্বৰ দুই মেৰুৰ সগত সংযোগ কৰা হৈছে। এই ধৰণৰ সজ্জাই হৈছে। বিদ্য়ুৎ বৰ্তনীৰ উদাহৰণ। বৈদ্য়ুতিক বৰ্তনী হৈছে বৈদ্য়ুতিক কোষৰ দুই মেৰুৰ মাজেৰে বিদ্য়ু প্ৰৱাহিত হয়। তেতিয়াহে বাল্বটো জ্বলি উঠে। 

  চিত্ৰ ১২.৬ত দেখুওৱাৰ ধৰণে এটা বৈদ্য়ুতিক বৰ্তনীত বিদ্য়ুৎ প্ৰৱাহৰ দিশ বিদ্য়ুৎ কোষৰ ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ বুলি ধৰা হয়। যেতিয়া বাল্বৰ মেৰু দুটা তাঁৰৰ সহায়ত বৈদ্য়ুতিক কোষৰ মেৰু দুটাৰ লগত সংযোগ কৰা হয়,তেতিয়াল বাল্বৰ ফিলামেন্টৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হয়। ফলত বাল্বটো জ্বলি উঠে। 

  কেতিয়াবা বৈদ্য়ুতিক কোষৰ লগত সংযোগ কৰিলেও বাল্ব এটা জ্বলি নুঠিব পাৰে। বৈদ্য়ুতিক বাল্বটো 'ফিউজ' হ'লে এনে হ'ব পাৰে। এনে ফিউজ হোৱা বাল্ব এটা সাৱধানেৰে পৰ্যৱেক্ষণ কৰা। বাল্বৰ ভিতৰত ইয়াৰ ফিলামেন্টডাল অক্ষত অৱস্থাত আছেন?

  এই বৈদ্য়ুতিক বাল্ব বহুতো কাৰণত ফিউজ হ'ব পাৰে। ফিলামেন্টডাল যোৱাটো বাল্ব এটা ফিউজ হোৱাৰ এটা কাৰণ হ'ব পাৰে। বৈদ্য়ুতিক বাল্বটোৰ ফিলামেন্টডাল ছিঙি যোৱা মানে বিদ্য়ৎ কোষটোৰ মূৰ দুটাৰ মাজত বিদ্য়ুৎ প্ৰৱাহিত নহয় গতিকে ফিফজ হোৱা বাল্বটো জ্বলি নুঠে। 

   চিত্ৰ ১২.৫ (খ), (গ), (ঘ), আৰু (ঙ)ত দেখুওৱা সজ্জাকেইটাত বাল্বটো কিয় জ্বলি নুঠিল তোমালোকে এতিয়া ব্য়াখ্য়া কৰিব পাৰিবানে? 

  বৈদ্য়ুতিক কোষ ব্য়ৱহাৰ কৰি কেনেকৈ বাল্ব এটা জ্বলাব পাৰি আমি এতিয়া জানিলোঁ। তুমি নিজে এটা টৰ্চ সাজিবলৈ ইচ্ছা কৰা নেকি? 

  এটা টৰ্চৰ বাল্ব আৰু এডাল তাঁৰ লোৱা। আগতে কৰাৰ দৰে তাঁৰডালৰ দুইমূৰৰ প্লাষ্টিকৰ আৱৰণখিনি এৰুৱাই লোৱা। চিত্ৰ ১২.৭ত দেখুওৱাৰ ধৰণে তাঁৰডালৰ এটা মেৰু বাল্বটোৰ ধাতুৰ খোলাটোৰ চাৰিফালে মেৰিয়াই লোৱা। এডাল ৰবৰ বেণ্ডৰ সহায়ত তাঁৰডালৰ আনটো মূৰ এটা বৈদ্য়ুতিক কোষৰ ঋণাত্মক মেৰুত লৰচৰ কৰিব নোৱাৰাকৈ। বান্ধি লোৱা। এতিয়া বাল্বটোৰ তলৰফালে থকা ধাতুৰ টুপীটো অৰ্থাৎ বাল্বৰআন মূৰটো বৈদ্য়ুতিক কোষটোৰ ধণাত্মক মেৰুত লগাই দিয়া। বাল্বটো জ্বলি উছিছেনে? এতিয়া বাস্বটো বৈদ্য়ুতিক কোষটোৰ মূৰটোৰ পৰা আঁতৰাই দিয়া। বাল্বটো এতিয়াও জ্বলি আছেনে? তোমালোকে টৰ্চটো অন আৰু অফ কৰোঁতে কৰা কামটো ইয়াৰ দৰেই নহয়নে? 

১২.৪ বৈদ্য়ুতিক ছুইচ 

  বৈদ্য়ুতিক কোষটোৰ টুপীটোৰ (অৰ্থাৎ ধণাত্মক মেৰু) পৰা বাল্বৰ তলৰ ধাতুৰ আগটো আঁতৰাই আনি আমি নিজে ঘৰতে বনোৱা টৰ্চটোৰ ছুইচ অন বা অফ কৰাৰ ব্য়ৱস্থা কৰি লৈছিলোঁ। এইটো আছিল এটা সৰল ছুইচ। কিন্তু ইয়াক ব্য়ৱহাৰ কৰা বৰ সহজ নহয়। আমাক বৰ্তনীত ব্য়ৱহাৰ কৰিবলৈ আমি অন্য় এটা সৰল ছুইচ বনাব পাৰোঁ।

  দুটা ড্ৰয়িং পিন, এটা ছেফটি পিন বা পেপাৰ ক্লিপ, দুডাল তাঁৰ আৰু এডোখৰ থাৰ্ম'কল বা কাঠৰ বোৰ্ড ব্য়ৱহাৰ কৰি তুমি এটা ছুইচ বনাই ল'ব পাৰা। ট

  চিত্ৰ ১২.৮ত দেখুওৱা ধৰণে এটা ড্ৰেয়িং পিন ছেফটি পিনৰ এটা মূৰত থকা আঙুঠিটোৰ মাজেৰে সুমুৱাই দিয়া আৰু ইয়াক থাৰ্ম'কল টুকুৰাত বিন্ধাই স্থাপন কৰা। নিশ্চিত কৰিবা যাতে ছেফটি পিনটো মুক্তভাৱে ঘূৰি থাকিব পাৰে।এতিয়া আনটো ড্ৰয়িং পিন থাৰ্ম'কল ডোখৰত এনেভাৱে লগোৱা যাতে চেফটি পিনটোৰ মুক্ত অংশটোৱে ইয়াকটুব পাৰে। এনেধৰণে স্থাপন কৰি লোৱা চেফটি পিনটোৱেই হ'ল এই কামটোৰ বা এটা ছুইচ। 

  এতিয়া চিত্ৰ ১২.৯ত দেখুওৱা ধৰণে এই চুইচটোৰ লগত বিদ্য়ুতিক কোষ আৰু এটা বাল্ব সংযোগ কৰি এটা বৈদ্য়ুতিক বৰ্তনী সাজি লোৱা। ছেফটি পিনৰ মুক্ত মূৰটো এনেদৰে ঘূৰোৱা যাতে ই আনটো ড্ৰয়িং পিন স্পৰ্শ কৰে। তোমালোকে কি দেখা পাইছা? এতিয়া ছেফটি পিনটো ড্ৰয়িং পিনটোৰ পৰা আঁতৰাই দিয়া। বাল্বটো এতিয়াও জ্বলি আছেনে? 

   ছেফটি পিনটোৱে যেতিয়া দুয়োটা ড্ৰয়িং পিন স্পৰ্শ কৰি থাকে তেতিয়া ই পিন দুটাৰ মাজৰ খালী ঠাই নোহোৱা কৰে। এই অৱস্থাত চুইচটোঅন হোৱা বুলি কোৱা হয়। যিহেতু ছেফটি পিনটো যি পদাৰ্থৰে বনোৱা হৈছে সেই পদাৰ্থই বিদ্য়ুৎ প্ৰৱাহিত হ'বলৈ দিয়ে সেয়েহে বৰ্তনিটো সম্পূৰ্ণ হ'ব আৰু বাল্বটো জ্বলি উঠিব। 

  আন যেতিয়া দুয়োটা ড্ৰয়িং পিন ছেফটি পিনটোৱে চুই নাথাকে, তেনে অৱস্থাত বাল্বটো জ্বলি নুঠে। যিহেতু দুয়োটা ড্ৰয়িং পিনৰ  মাজত এটা খালী ঠাই আছিল। চিত্ৰ ১২.৯ত দেখুওৱাৰ দৰে এটা অৱস্থাটোত ছুইচটো 'অফ' হৈ থকা বুলি কোৱা হয়। 

  কোনো বৰ্তনী বিচ্ছিন্ন বা সম্পূৰ্ণ কৰিবলৈ ছুইচ হ'ল এটা সৰল ব্য়ৱস্থা। ঘৰত বৈদ্য়ুতিক বাল্ব জ্বলাবলৈ আৰু আন বৈদ্য়ুতিক আহিলাত ব্য়ৱহাৰ হোৱা ছুইচসমূহে এই একে নীতিৰে কাম কৰে, কিন্তুসিহঁতৰ নক্সা কিছু জটিল হয়। 

১২.৫ বিদ্য়ুৎ পৰিবাহী অপৰিবাহীঃ

 আমাৰ সকলোবিলাক ক্ৰিয়াকলাপতেই বৰ্তনী এটা বনাবলৈ ধাতুৰ তাঁৰ ব্য়ৱহাৰ কৰিছোঁ। ধৰি লোৱা যে বৰ্তনী এটা বনাবলৈ আমি ধাতুৰ তাঁৰৰ সলনি এডাল কপাহী সূতা ব্য়ৱহাৰ কৰিছোঁ। এনে এটা বৰ্তনীত বৈদ্য়ুতিক বাল্ব এটা জ্বলিব বুলি তোমালোকে ভাবানে? বিদ্য়ুৎ প্ৰৱাহিত হ'বলৈ এটা বৈদ্য়ুতিক বৰ্তনীত কেনে ধৰণৰ পদাৰ্থ ব্য়ৱহাৰ কৰিব পাৰি? আমি বিচৰি উলিয়াও আহা। 

  ক্ৰিয়াকলাপ ৪ত ব্য়ৱহাৰ কৰা বৰ্তনীটোৰ পৰা ছুইচটো এৰুৱাই পেলোৱা। ইয়াৰ ফলত চিত্ৰ ১২.১২ (ক)ত দেখুওৱাৰ নিচিনাকৈ তোমালোকে ধাতুৰ তাঁৰৰ দুটা মুক্ত মূৰ পাবা। এতচিয়া এই মুক্তমূৰ দুটা পৰস্পৰৰ ওচৰলৈ আনি লগ লগাই দিয়া। বাল্বটো জ্বলি উঠিছেনে? কোনো এটা নিৰ্দিষ্ট পদাৰ্থই তাৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হ'বলৈ দিয়ে নে নিদিয়ে পৰীক্ষা কৰিবলৈ তোমালোকে এতিয়া এই সজ্জাটো ব্য়ৱহাৰ কৰিব পাৰা। 

  বিভিন্ন ধৰণৰ পদাৰ্থ যেনে- মুদ্ৰা, ঠিলা, ৰবৰ, কাচ, চাবি, পিন, প্লাষ্টিকৰ স্কেল, কাঠৰ টুকুৰা, পেঞ্চিল সীহ, এলুমিনিয়ামৰ পাট, মমবাতি, চিলাই কৰা বেজি, থাৰ্ম'কল আৰু কাগজ আদি সংগ্ৰহ কৰা। এটাৰ পিছত এটাকৈও ওপৰৰ প্ৰত্য়েকবিধ নমুনাৰ দুয়ো মূৰে টেষ্টাৰৰ তাঁৰ দুডাল লগাই চোৱা। মন কৰিবা যাতে এনে কৰোঁতে টেষ্টাৰৰ তাঁৰ দুডালৰ মুক্ত মূৰ দুটা পৰস্পৰে লগ নালাগে। প্ৰতিবাৰতেই বাল্বটো জ্বলি উঠিছেনে? 

  তলৰ তালিকা ১২.১ত দিয়া ধৰণে তোমালোকৰ টোকা বহীত এখন তালিকা কৰা আৰু তোমালোকৰ পৰ্যৱেক্ষণবোৰ লিখা। 

  তোমামালোকে কি পালা? তোমালোকে পৰীক্ষা কৰা। কিছুমান পদাৰ্থৰ দুয়োমূৰৰ তাঁৰৰ মুক্ত মূৰ দুটা সংযোগ কৰিলেও বাল্বটো জ্বলি নুঠে। ই এইটো বুজায় যে সেই পদাৰ্থসমূহে সিহঁতৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হ'বলৈ নিদিয়ে। আনহাতে কিছুমান পদাৰ্থই সিহঁতৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হ'বলৈ দিয়ে, যিটো কথা জ্বলি উঠা বাল্বটোৱে সূচায়। যিবোৰ পদাৰ্থই সিহঁতৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হ'বলৈ দিয়ে। সেইবোৰ পদাৰ্থক বিদ্য়ুতৰ পৰিবাহী পদাৰ্থ বোলে। অপৰিবাহী পদাৰ্থসমূহে সিহঁতৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হ'বলৈ নিদিয়ে। তালিকা ১২.১ৰ সহায়ত বিদ্য়ুতৰ পৰিবাহী আৰু অপৰিবাহীপদাৰ্থসমূহলিখা। 

         পৰিবাহী পদাৰ্থ ______, ______, ______

     অপৰিবাহী পদাৰ্থ ______, ______, ______ 

 তোমালোকে কি পালা? কোনবোৰ পদাৰ্থ পৰিবাহীত আৰু কোনবোৰ অপৰিবাহী? ৪নং অধ্য়য়ত আমি যিবোৰ বস্তু উজ্জ্বল বুলি তালিকা কৰিছিলোঁ সেইবোৰ মনত পেলোৱা। সেইবোৰেই পৰিবাহী পদাৰ্থ নেকি? বৈদ্য়ুতিক তাঁৰ বনাবলৈ তাম, এলুমিনিয়াম আৰু অন্য় ধাতুসমূহ কিয় ব্য়ৱহাৰ কৰা হয় সেইটো এতিয়া বুলি পাবলৈ সহজ যেন লাগিছে। 

   এতিয়া আমি ক্ৰিয়াকলাপ ৪ টো মনত পেলাওঁ আহা য'ত আমি ছুইচ এটা সংযোগ কৰি এটা বৈদ্য়ুতিক বৰ্তনী সাজিছিলোঁ। যেতিয়া ছুইচটো খোলা অৱস্থাত আছিল তেতিয়া ড্ৰয়িং পিন দুটা থাৰ্ম'কল ডোখৰৰ জৰিয়তে সংযোজিত হৈ থকা নাছিলনে? কিন্তু তোমালোকে বোধহয় পাইছা যে থাৰ্ম'কল হ'ল এবিধ অপৰিবাহী পদাৰ্থ। ড্ৰয়িং পিন  দুটাৰ মাজৰ ফাঁকত থকা বায়ুখিনিৰ বিষয়ে তুমি কি ভাবা? যিহেতু ছুইচৰ ড্ৰয়িং পিন দুটাৰ মাজৰ ফাঁকটোত কেৱল বায়ু থাকিলেও বাল্বটো নজ্বলে, গতিকে আমি বুজিব পাৰোঁ যে বায়ুও এবিধ অপৰিবাহী পদাৰ্থ। 

  পৰিবাহী আৰু অপৰিবাহীত এই দুয়োবিধ পদাৰ্থই আমাক কাৰণে সমানেই দৰকাৰী। ছুইচ, বৈদ্য়ুতিক প্লাগ আৰু ছকেট ইত্য়াদিবোৰ পৰিবাহী পদাৰ্থৰ দ্বাৰা প্ৰস্তুত কৰা হয়। আনহাতে বৈদ্য়ুতিক তাঁৰ, প্লাগৰ ওপৰ প্ৰস্তুত কৰা হয়। আনহাতে বৈদ্য়ুতিক আঁহিলাসমূহ যিবোৰ মানুহে কেতিয়াবা স্পৰ্শ কৰিবহ পাৰে, সেইবোৰত আৱৰণ দিবলৈ ৰবৰ াৰু প্লাষ্টিক ব্য়ৱহাৰ কৰা হয়। 



Class 6 Science 

Type: Dimi Bora