দেহৰ চলন

সম্পূৰ্ণ স্থিৰ হৈ বহা। তোমালোকে শৰীৰত চলনবোৰ অনুভৱ কৰিবলৈ চেষ্টা কৰা। সময়ে সময়ে তোমালোকে চকুযুৰি টিপিয়াই আছা নিশ্চয়। উশাহ লোৱাৰ সময়ত তোমালোকৰ শৰীৰৰ চলন নিৰীক্ষণ কৰা। আমাৰ শৰীৰত বিভিন্ন ধৰণৰ চলন সংঘটিত হয়। তোমালোকে যেতিয়া তোমালোকৰ টোকা বহীত লিখি থাকা তেতিয়া দেহৰ কোনটো অংশ ব্য়ৱহাৰ কৰা? নাইবা যোতিয়া তোমালোকে তোমালোকৰ বন্ধুৰ ফালে ঘূৰি চোৱা তেতিয়া? এই উদাহৰণবোৰৰ জৰিয়তে তোমালোকে একেটা স্থানত থাকিলেও যে তোমালোকৰ শৰীৰৰ বিভিন্ন অংশত চলন হয় সেই কথা বুজিলা। তোমালোকে এঠাইৰ পৰা আন ঠাইলৈ গতি কৰিব পাৰা, বহাৰ পৰা উঠি তোমালোকৰ ছাৰ-বাইদেউৰ ওচৰলৈ যাব পাৰা বা বিদ্য়ালয় চৌহদৰ অন্য় এঠাইলৈ যাব পাৰা বা স্কুল ছুটীৰ পাছত ঘৰলৈ যাব পাৰা। তোমালোকে খোজ কাঢ়া, দৌৰা, জঁপিওৱা আৰু এখন ঠাইৰ পৰা আন্য় এখন ঠাইলৈ যাব পাৰা।  

 সহপাঠী, শিক্ষক-শিক্ষতয়িত্ৰী আৰু পিতৃ-মাতৃৰ লগত আলোচনা কৰি প্ৰাণীসমূহে কেনেকৈ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যায় সেই কথা জানি লৈ তালিকা ৮.১ খন পূৰ কৰোঁ আহা।

  এখন ঠাইৰ পৰা অন্য় এখন ঠাইলৈ গতি কৰোঁতে প্ৰাণীসমূহে ভিন্ ভিন্ উপায়ে, য়েনে- খোজকাঢ়ি, দৌৰি, উৰি, জঁপিওৱা, বগাই, বগুৱা বাই, পেটেৰে চুঁচৰি আৰু সাঁতুৰি যায়। এই॥বোৰ চলনৰ মাত্ৰ কেইটামানহে উদাহৰণ। এখন ঠাইৰ পৰা অন্য় এখন ঠাইলৈ যাওঁতে প্ৰণীসমূহে কিয় বিভিন্ন প্ৰকাৰে চলন কৰে? মাছে সাঁতুৰি, সাপে পিছলি বা কুকুৰে চুঁচৰি চলন কৰে যদিও আন বহুতো প্ৰাণীয়ে আকৌ কিয় কোজকাঢ়ি চলন কৰে? 

৮.১ মানৱ শৰীৰ আৰু ইয়াৰ চলন 

  প্ৰাণীৰ বিভিন্ন প্ৰকাৰৰ চলনলৈ লক্ষ্য় কৰাৰ আগতে আমাৰ নিজৰ কিছুমান চলনৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহা।

 তোমালোকে বিদ্য়ালয়ত বিভিন্ন শাৰীৰিক ব্য়ায়াম কৰি আনন্দ লাভ কৰানে? বিভিন্ন প্ৰকাৰ ব্য়ায়াম কৰিবলৈ তোমালোকেৈ তোমালোকৰ হাত-ভৰিবোৰ কেনেদৰে লৰচৰ কৰা? শৰীৰে কৰিব পৰা কিছুমান চলন কৰিবলৈ চেষ্টা কৰোঁচোন। 

   এখন কাল্পনিক ক্ৰিকেট খেলৰ উইকেটলৈ এটা কাল্পনিক বল দলিওৱাচোন। কেনেকৈ তোমালোকৰ বাহুটো ঘূৰালা? তোমালোকে ইয়াক কান্ধখনত বৃত্তাকাৰে ঘূৰাইছানে? তোমাৰ কান্ধটোও ঘূৰাইছেনে? শুই দিয়া আৰু ভৰিখন উৰু সন্ধিৰ (Hip Joint) ওপৰত ৰাখি ঘূৰোৱা। কিলাকুটিত বাহু আৰু আঁঠুত ভৰি ভাঁজ লগোৱা। বাহু দুটা শৰীৰৰ দুয়োকাষে পোনকৈ মেলি দিয়া। বাহুটো ভাঁজ লগাই আঙুলিৰে কান্ধটো চুৱা। তোমালোকৰ বাহুৰ কোনটো অংশত ভাজঁ লাগিল? বাহুটো পোন কৰা আৰু কিলাকুটিৰ তলৰফালে ভাঁজ লগাবলৈ চেষ্টা কৰা। তোমালোকে তেনে কৰিব পাৰিলেনে?

 তোমালোকৰ শৰীৰৰ বিভিন্ন অংশ ভাঁজ লগাবলৈ চেষ্টা কৰা আৰু সেইবোৰৰ চলন তালিকা ৮.২ ত অন্তৰ্ভুক্ত কৰা।

  আমি আমাৰ শৰীৰৰ কিছুমান অংশ কিয় সহজে বিভিন্ন দিশত ঘূৰাব পাৰোঁ আৰু আন কিছুমানক কেৱল এটা দিশতহে পাৰোঁ? কিয় কিছুমান অংশ একেবাৰেই ঘূৰাই নোৱাৰোঁ? 

 বাহুৰ তলফালে এডাল স্কেল দীঘলীয়াকৈ যাতে স্কেলৰ মধ্য়বিন্দুটো কিলাকুটিৰ তলত থাকে। এজন বন্ধুক স্কেলডাল বাহুৰ সৈতে চিত্ৰত দেখুওৱা ধৰণে বান্ধিবলৈ কোৱা। এতিয়া কিলাকুটিটো ভাঁজ কৰিবলৈ চেষ্টা কৰা। পাৰিলানে? 

 তোমালোকে দেখিলানে যে আমি শৰীৰৰ কিছুমান অংশ এনে ঠাইত ভাঁজ লগাব বা ঘূৰাব পাৰোঁ য'ত শৰীৰৰ দুটা অংশ একেলগে হৈ জোৰা লাগি থাকে, যানে- কিলাকুটি, কান্ধ বা ডিঙি? এই ঠাইবোৰকে সন্ধি বোলে। তোমালোকে আৰু অধিক তেনে সন্ধিৰ নাম ক'ৰ পাৰিবানে? যদি আমাৰ শৰীৰত কোনো সন্ধি নাথাকিলেহেঁতেন তেতিয়াহ'লে যিকোনো ধৰণে লৰচৰ কৰিব পৰাটো সম্ভৱ হ'লহেঁতেননে? এই সন্ধিবোৰত প্ৰকৃততে কি জৰা লাগে? 

 তোমালোকৰ আঙুলিৰে মূৰৰ ওপৰৰ অংশত, মূখমণ্ডলত, ডিঙিত, নাকত, কাণত, কান্ধৰ পাছফালত, হাতৰ আঙুলি আৰু হাতত, ভৰি আঙুলি আৰু ভৰিত হেঁচা দিয়া।

  আঙুলিৰে হেঁচা দিওঁতে কিবা এটা কঠিন যেন অনুভৱ হোৱা নাইনে? এই কঠিন গাঁঠনিবোৰেই হ'ল হাড়। এই কাৰ্যটো শৰীৰৰ অন্য় অংশতো কৰা আৰু অসংখ্য় হাড়ৰ সম্ভেদ পাবা।

  হাড়বোৰ ভাঁজ কৰিব নোৱাৰি। তেনেহ'লে আমাৰ কিলাকুটিটো কেনেকৈ ভাঁজ কৰোঁ? বাহুৰ ওপৰৰ পৰা মণিবন্ধনলৈ ই একেডাল দীঘল হাড় নহয়। বেলেগ বেলেগ হাড় কিলাকুটিটোতেই জোৰা লাগিছে। সেইদৰে শৰীৰৰ প্ৰত্য়েক অংশত বহুতো হাড় আছে। শৰীৰৰ এই হাড় জোৰা লগা অংশবোৰতহে আমি আমাৰ দেহ ভাঁজ কৰিব পাৰোঁ বা লৰচৰ কৰিব পাৰোঁ। 

  আমাৰ শৰীৰত থকা বিভিন্ন প্ৰকাৰৰ সন্ধিয়ে বিভিন্ন কাম-কাজ আৰু লৰচৰ কৰাত সহায় কৰে। এনে কিছুমান সন্ধিৰ বিষয়ে আমি জানোচোন আহা।

বল আৰু চকেট ন্ধি

কাগজ এখন চুঙাৰ আকৃতিত মেৰিয়াই লোৱা। এটা পুৰণি ৰবৰ বা প্লাষ্টিকৰ বলৰ ওপৰত এটি বিন্ধা কৰা। এতিয়া কাগজৰ চুঙাটো চিত্ৰ ৮.২ত দেখুৱাৰ দৰে বলটোৰ বিন্ধাত সুমুৱাই দিয়া। তোমালোকে চুঙাটো বলটোত আঠা লগাইও ল'ব পাৰা। এটা সৰু বাটিত সুমুৱাই দিয়া। বাটিটোত বলটোৱে মুক্তভাৱে ঘূৰিব পাৰিছানে? কাগজৰ চুঙাটোও ঘূৰাছেনে।

এতিয়া কাগজৰ চুঙাটো তোমাৰ বাহু বুলি আৰু বলটো ইয়াৰ অন্তিম মূৰ বুলি ভাবি লোৱা। বাটিটো তোমালোকৰ কান্ধৰ এটা অংশ বুলি ভাবা, যিটো অংশত বাহুটো জোৰা লাগিছে। এডাল হাড়ৰ ঘূৰণীয়া মূৰটো আন এডাল হাড়ৰ গোলাকৃতিৰ গাঁতত সোমাই থাকে। এনেকুৱা সন্ধিত হাড়ডাল চাৰিওফালে ঘূৰিব পাৰে। তোমালোকে বাৰু এই অধ্য়ায়ৰ আৰম্ভণিতে শৰীৰৰ চলন সম্পৰ্কে কৰা আলোচনাৰ ওপৰত ভিক্তি কৰি এনেকুৱা আন এটা সন্ধিৰ নাম ক'ব পাৰিবানে?

কেন্দ্ৰীয় সন্ধি 

ডিঙি আৰু মূৰ যি স্থানত লগ লাগিছে সেইটো এটা কেন্দ্ৰীয় সন্ধি। এই সন্ধিৰ বাবেই আমি আমাৰ মূৰটো আগ-পিছ কৰিব পাৰোঁ আৰু মূৰটো সোঁফালে বা বাঁওফালে ঘূৰাব পাৰোঁ। এই চলনকেইটা চেষ্টা কৰি চোৱাচোন। বল আৰু চকেট সন্ধিৰ জৰিয়তে আমাৰ বাহুক সম্পৰ্ণূকে বৃত্তাকাৰত ঘূৰাব পাৰোঁ। ইয়াৰ লগত কেন্দ্ৰীয় সন্ধিয়া জৰিয়তে কৰা ঘূৰ্ণন বা চলনৰ কি পাৰ্থক্য়? কেন্দ্ৰীয় সন্ধিৰ ক্ষেত্ৰত চুঙাকৃতিৰ হাড় এডালে এটা আঙুটিত ঘূৰে। 

কব্জা সন্ধি 

 দুৱাৰ এখন কেইবাৰমান খোলা আৰু বন্ধ কৰা। দুৱাৰখনৰ কব্জাবোৰ (Hinges) সাবধানেৰে নিৰীক্ষণ কৰা। সিহঁতে দুৱাৰখন অগা-পিছা কৰাত সহায় কৰে।

 কব্জাৰ দ্বাৰা হোৱা চলন বা চলাচল নিৰীক্ষণ কৰোঁ আহা। চিত্ৰ ৮.৪ ত দেখুওৱাৰ দৰে ডাঠ কাগজ বা হাৰ্ডব'ৰ্ডেৰে এটাৈ চুঙা তৈয়াৰ কৰা। এডাল সৰু পেঞ্চিল চুঙাটোৰ মধ্য়ভাগত (ছবিত দেখুওৱাৰ ধৰণে) সুমুৱাই লোৱা। এটা ফোপোলা অৰ্দ্ধ চুঙাটো ইয়াৰ ভিতৰত সহজে খাপ খাই সোমাই পৰে। মেৰিয়াই লোৱা চুঙাটো ভিতৰত ৰাখি অৰ্দ্ধ  চুঙাটোৱে কব্জাৰ দৰে চলন কৰাত সহায় কৰে। এতিয়া সোমাই থকা চুঙাটো ঘূৰাবলৈ চেষ্টা কৰা। ই কেনেকৈ ঘূৰে? আগেয়ে কৰি চোৱা বল আৰু চকেট সন্ধিৰ সৈতে ইয়াৰ ঘূৰ্ণনৰ কি প্ৰৰ্থক্য় আছে?

 ক্ৰিয়াকলাপ ১ ত আমি কিলাকুটিত এই ধৰণৰ ঘূৰ্ণন ছেখিছিলোঁ। অৱশ্য়ে চিত্ৰ ৮.৪ ত আমি যিটো সাজিছো সেইটো প্ৰকৃত কব্জাতকৈ বেলেগ। কিন্তু এইটোৱে কব্জাৰ ঘূৰ্ণনৰ দিশৰ বিষয়ে ধাৰণা দিয়ে। কিলাকুটিত এটা কব্জা সন্ধি থাকে যিয়ে আগলৈ আৰু পিচলৈ চলন কৰাত সহায় কৰে। এই সন্ধিৰ আৰু অধিক উদাহৰণ তোমালোকে চিন্তা কৰিব পাৰানে? 

অচল সন্ধি

 আমাৰ মূৰৰ কিচুমান হাড়ৰ সন্ধি আমি ইতিপূৰ্বে আলোচনা কৰা সন্ধিবোৰতকৈ বেলেগ। এই সন্ধিবোৰত হাড়বোৰে লৰচৰ কৰিব নোৱাৰেয। এনে সন্ধিবোৰকে অচল সন্ধি বুলি কোৱা হয়। যেতিয়া তোমালোকে মুখখন বহলকৈ মেলি দিয়া যেতিয়া তোমালোকৰ নিম্ন-হনু (lower jaw) লৰচৰ হয়, নহয় জানো? এইবাৰ উৰ্দ্ধহনুটো (upper jaw) লৰচৰ কৰাব পাৰি নেকি চেষ্টা কৰা। লৰচৰ কৰাৰ পাৰিলানে? উৰ্দ্ধহনু আৰু মূৰৰ ান অংশৰ মাজত এটা সন্ধি আছে যিটো হ'ল এটা অচল সন্ধি।            

 আমাৰ দেহৰ অংশবোৰ লগ লগোৱা মাত্ৰ কেইবিধমান সন্ধিৰ বিষয়েহে আমি আলোচনা কৰিলোঁ। শৰীৰৰ বিভিন্ন অংশৰ বিভিন্ন আকৃতি কিহে প্ৰদান কৰে? 

 যদি তোমালোকে  এটি পুতলা তৈয়াৰ কৰিব বিচৰা তেতিয়াহ'লে প্ৰথম কি সাজিব? সম্ভৱতঃ তোমালোকে বাহ্য়িক আকৃতি দিয়াৰ আগতে এটি ঠাচ তৈয়াৰ কৰি ল'বা, নহয় জানো? আমাৰ দেহৰ আটাইবোৰ হাড় লগলাগি আমাৰ শৰীৰৰ গড় বা ঠাচটো নিৰ্মাণ কৰা হয়। এই গঢ় বা ঠাচটোকে জঁকা (Skeleton) বুলি কোৱা হয়।  

  আমি কেনেকৈ জানিম যে এইটোৱেই মানুহৰ জঁকা? আমাৰ শৰীৰৰ বিভিন্ন হাড়়ৰ আকৃতিৰ বিষয়ে আমি কেনেকৈ জানিম? আমি অনুভৱৰ দ্বাৰা  আমাৰ দেহৰ কিছুমান অংশত থকা হাড়ৰ আকৃতি আৰু সংখ্য়াৰ বিষয়ে কিছু ধাৰণা পাব পাৰোঁ। মানৱ শৰীৰৰ এক্স-ৰেৰ প্ৰতিচ্ছৰি চাই এই আকৃতিৰ বিষয়ে ভালদৰে জানিব পাৰোঁ। তোমালোকৰ বা তোমালোকৰ পৰিয়ালৰ কোনো ব্য়ক্তিৰ কেতিয়াবা শৰীৰৰ কোনো অংশৰ একেস-ৰে লৈছে নে? কেতিয়াবা আমি দুখ পালে বা আমাৰ আকস্মিক দুৰ্ঘাটনা হ'লে, চিকিৎসকে সেই অংশৰ এক্স-ৰে চাই হাড়ৰ কোন অংস আঘাতপ্ৰাপ্ত হৈছে ঠাৱৰ কৰে। এক্স-ৰে খনে আমাৰ শৰীৰৰ হাড়ৰ আকৃতি দেখুৱায়। 

   তোমালোকৰ আগ বাহু আৰু উৰ্দ্ধ বাহু, ভৰিৰ নিম্নভাগ আৰু উৰ্দ্ধভাগৰ হাড়বোৰ অনুভৱ কৰা। প্ৰতিটো অংশত কিমানডাল হাড় আছে, জানিবলৈ চেষ্টা কৰা। ঠিক সেইদৰে ভৰিৰ সৰু গাঁঠি আৰু আঁঠুৰ সন্ধিৰ হাড়বোৰ চুই চোৱা আৰু সেইবোৰক এক্স-ৰেৰ ছবিত লগত তুলনা কৰি চোৱা।  

  হাতৰ আঙুলি ভাঁজ কৰা। প্ৰতিটো গাঁঠিতে সেইবোৰক ভাঁজ লগাব পাৰিছানে? তোমাৰ মধ্য়মা আঙুলিত কেইটা গাঁঠি আছে? হাতৰ তলুৱাৰ পিঠি চুই চোৱা। ইয়াত কেবাডালো হাড় থকা যেন লাগে, নহয় জানো? তোমালোকৰ মণিবন্ধন শিথিলনে? ইয়াতো কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ হাড় আছে। য়দি অকল এডাল হাড়েই থাকিলেহেঁতেন?

 দীঘলকৈ উশাহ লোৱা আৰু এখন্তেকৰ কাৰণে ধৰি ৰাখা। তোমাৰ বুকু আৰু মেৰুদণ্ডৰ মধ্য়ভাগত থকা হাড়ত লাহে লাহে হেঁচা দি চুই চোৱা। যিমান পাৰা কামিহাড়বোৰ গণি চোৱা। ৮.৯ত দিয়া চিত্ৰটো ভালদৰে লক্ষ্য় কৰা াৰু তুমি চুই চোৱা কামিহাড়ৰ লগত তুলনা কৰা। আমি দেখিলোঁ যে কামিহাড়বোৰ আচৰিত ধৰণে ভাঁজ লগা। 

  কামিহাড়বোৰে বুকুৰ হাড় আৰু ৰাজহাড়ৰ লগত লগ লাগি এটা বাকচ আকৃতিৰ আকাৰ গঠন কৰে। ইয়াকে কামিহাড়ৰ সঁজা (Rib Cage) বুলি কোৱা হয়। এই সঁজাটোত আমাৰ শৰীৰৰ কিছুমান অতি প্ৰয়োজনীয় আভ্য়ন্তৰীণ অংগ সুৰক্ষিত অৱস্থাত থাকে।

 তোমালোকৰ সহপাঠীক আঠু ভাঁজ নকৰাকৈ ভৰিৰ আঙুলি চুবলৈ দিয়া। তোমালোকৰ বন্ধুৰ ডিঙিৰ পৰা আৰম্ভ কৰি পিঠিৰ তললৈকে হাতৰ আঙুলি বুলাই চোৱা। তোমালোকে অনুভৱ কৰা এই অংশটোৱে হৈছে ৰাজহাড় (Backbone)। ৰাজহাড়ডাল কিছুমান সৰু সৰু হাড়ৰ টুকুৰাৰ সমষ্টি। এই হাড়ৰ লগতে কামিহাড়ৰ সজাঁটো জোৰা লাগি থাকে।

 যদি ৰাজহাড়ডাল একমাত্ৰ এডাল দীঘল হাড় হয়, তেন্তে তোমালোকৰ বন্ধুৱে ইয়াক ভাঁজ কৰিবলৈ সক্ষম হ'লেহেঁতেন? 

  তোমালোকৰ এজন বন্ধুক থিয়কৈ হাতেৰে জোৰদি দেৱাল এখন ঠেলিবলৈ দিয়া।

 তোমালোকে তেওঁৰ কান্ধখন লক্ষ্য় কৰিছানে? তাত দুডাল হাড় স্পষ্টকৈ দেখা গৈছে। ইয়াকে কান্ধৰ হাড় (Shoulder bones) বুলি কয়। 

 ৮.১২নং চিত্ৰলৈ মন কৰা। এই গঠনটো শ্ৰোণিৰ হাড়েৰে (pelvic bones) গঠিত। তোমালোকৰ শৰীৰৰ পাকস্থলীৰ তলৰ অংশটো এই হাড়ৰ সজ্জাই আৱৰি ৰাখে। এই অংশৰ বাবেই তোমাৰলোকে বহিব পাৰা।

 কেবাডালো হাড় জোৰা লাগি লাওখোলাটো গঠিত হয়। ইয়াৰ ভিতৰত শৰীৰৰ আটাইতকৈ দৰকাৰী অংশ মগজুটো সুৰক্ষিত হৈ সোমাই থাকে।

 জঁকাটোৰ কিছুমান অতিৰিক্ত অংশ হাড়ৰ নিচিনা কঠিন নোহোৱা হেতু সেই অংশবোৰক ভাঁজ লগাব পাৰি। এই অংশবোৰক কোমলাস্থি (cartilage) বোলা। 

 তোমালোকৰ কাণ দুখন চুই চোৱা। তাত ভাঁজ কৰিব পৰা কঠিন হাড়ৰ অংশৰ আছে নেকি?। ইয়াত হাড় থকা অনুমান কৰিব নোৱাৰি নহয় জানো?কাণৰ লতি আৰু কাণৰ ওপৰৰ অংশত ছবিত দেখুওৱা দৰে আঙুলিৰে চিপি চোৱা, কিবা পাৰ্থক্য় অনুভৱ কৰিছা নেকি? 

 তোমালোকৰ কাণৰ ওপৰৰ অংশত কিবা এটা অনুভৱ কৰিছানে, যিটো কাণৰ লতিটোৰ নিচিনা নিশ্চয় কোমল নহয় নাইবা হাড়ৰ নিচিনা ইমান কঠিনো নহয়। এয়েই কোমল অস্থি। শৰীৰৰ সন্ধিসমূহতো কোমলাস্থি থাকে। 

  আমাৰ জঁকাটো যে কিছুমান হাড়, সন্ধি আৰু কোমালাস্থিৰ সমষ্টি তোমালোকে জানিলা। এইবোৰ তোমালোকে চুব পাৈৰা, কিছুমানক ভাঁজ কৰিব পাৰা আৰু কিছুমানক লৰচৰ কৰাব পাৰা।পৰিপাটিকৈ তোমাৰ বহীত এটা জঁকাৰ ছবি আঁকা।

 আমাৰ শৰীৰত হাড় সন্ধিসমূহে বিভিন্ন ধৰণে কেনেকৈ আমাক লৰচৰ কৰাত সহায় কৰে আমি সেই বিষয়ে শিকিলোঁ। কিহৰ কাৰণে হাড়বোৰ লৰচৰ কৰে? জানি লওঁ আহা। 

  এখন হাতেৰে এটা মুঠি মাৰা, কিলাকুটিত ভাঁজ কৰা আৰু তোমালোকৰ কান্ধ বুঢ়া আঙুলিৰে স্পৰ্শ কৰা। তোমালোকৰ বাহুৰ ওপৰ অংশত কিবা পৰিৱৰ্তন দেছিছানে? 

 আনখন হাতেৰে চুই চোৱা। তোমালোকৰ বাহুৰ ওপৰ অংশৰ ভিতৰফালে এটা ওফন্দি উঠা অংশ পাইছানে? ইয়েই পেশী (muscle)। সংকোচন (con-traction)ৰ বাবেই এই পেশী ওফন্দি উঠিছে (দীঘলীয়াকৈ থাকিলে এ সৰু হৈ যায়)। এতিয়া তোমাৰলোকৰ বাহু আগৰ সাধাৰণ অৱস্থালৈ আনা। পেশীত কি সংঘটিত হ'ল? ই এতিয়াও সংকুচিত হৈ আছেনে? তোমালোকে যেতিয়া খোজ কাঢ়া বা দৌৰা তেতিয়া তোমালোকৰ ভৰিত একে ধৰণৰ পেশীৰ সংকোচন নিৰীক্ষণ কৰিব পাৰা। 

 যেতিয়া সংকুচিত হয় তেতিয়া পেশীবোৰ চুটি, কঠিন আৰু ডাঠ হয়। ই হাড়ক টানি ধৰে। 

 পেশীয়ে যুৰীযাভাৱে কাম কৰে। যেতিয়া সিহঁতৰ এটা সংকুচিত হয় তেতিয়া হাড়ডালক সেই দিশলৈকে টানে। যোৰৰ আনটো পেশীয়ে জিৰণি লয়। হাড়ডালক বিপৰীত দিশত লৰচৰ কৰাবৰ বাবে জিৰণি লোৱা পেশীটোৱে হাড়ডালক আগৰ অৱস্থালৈ আনিবৰ বাবে সংকুচিত হয়। তেতিয়া প্ৰথম পেশীটোৱে জিৰণি লয়। এটা পেশীয়ে মাথো টানিব পাৰে, ঠেলিব নোৱাৰে। এইদৰে, দুটা পেশীয়ে হাড়ক লৰচৰ কৰাৰ বাবহে একেগলে কাম কৰিব লগা হয়। 

  পেশী আৰু হাড়বোৰ সদায় লৰচৰ কৰাটো প্ৰয়োজনীয় নে? আন প্ৰাণীবোৰে কেনেদৰে চলা-ফিৰা কৰে? সকলো প্ৰাণীৰে হাড় আছেনে?কেঁচু বা এটা শামুকৰ বিষয়ে কি ভাবা? কিছুমান প্ৰাণীৰ চলা-ফিৰাৰ বৈশিষ্ট্য়, যেনে- খোজ কঢ়াৰ ধৰণ বা চলনৰ বিষয়ে আমি শিকোঁ আহা। 

৮.২ প্ৰাণীৰ চলন 

কেঁচু (Earthworm)

 এখন বাগিচাৰ মাটিত কেঁচুৰ চলন নিৰীক্ষণ কৰা। সাৱধানেৰে ইয়াক উঠোৱা আৰু এখন ব্লটিং বা ফিল্টাৰ পেপাৰত ৰাখা। তাৰ লৰচৰ পৰ্যৱেক্ষণ কৰা। পিচত ইয়াক নিজম গ্লাছৰ প্লেট বা অন্য় পিচল পৃষ্ঠাত ৰাখা। এতিয়া ইয়াৰ লৰচৰ পৰ্যৱেক্ষণ কৰা। পেপাৰৰ ওপৰত ৰখাতকৈ ই বেলেগনে? তোমালোকে চোৱা ওপৰৰ দুয়োটা পৃষ্টৰ কোনটোত কেঁচুৱে সহজে লৰচৰ কৰিব পাৰিছানে?  

  বহুতবোৰ আঙঠি ইটোৰ সগত সিটো লগলাগি কেঁচুৰ শৰীৰটো গঠিত। কেঁচুৰ হাড়ৰ নাথাকে। ইহঁতৰ পেশী আছে যিয়ে শৰীৰটো দীঘল আৰু চুটি কৰাত সহায় কৰে। চলনৰ সময়ত কেঁচুৱে প্ৰথমে শৰীৰৰ সমুখৰ ভাগ দীঘল কৰে আৰু পিছৰ অংশ মাটিত খামোচ মাৰি ধৰি ৰাখে। পিছত ইহঁতে সমুখৰ ভাগটোৰে মাটিত খামোচ মাৰে আৰু পিছৰ অংশ মুক্ত কৰে। তেতিয়া ই শৰীৰটো চুটি কৰে আৰু পিছৰ অংশ মুক্ত কৰে। তেতিয়া ই শৰীৰটো চুটি কৰে আৰু পিছৰ অংশ আগলৈ টানি নিয়ে। এইদৰে ইহঁতে অতি কম দূৰত্ব অতিক্ৰম কৰিব পাৰে। এইদৰে বাৰে বাৰে পেশীৰ প্ৰসাৰণ আৰু সংকোচন ঘটাই কেঁচুৱে মাটিত চলন কাম কৰে। ইহঁতৰ শৰীৰৰ পৰা পৰা ওলোৱা এটা বিজলুৱা পদাৰ্থই ইহঁতক মাটিত চলনত সহায় কৰে।

  কেনেকৈ ইহঁতৰ শৰীৰটোৱে মাটিত খামোচ মাৰি ধৰে? শৰীৰৰ ভিতৰফালে ওলাই থকা বহু সংখ্য়ক চুটি ঠৰঙা শুং (চুলিৰ দৰে গঠন) আছে। এই চুটি ঠৰঙা শুংবোৰ পেশীৰ লগত লগ লাগি থাকে। এই শুংবোৰেই সুন্দৰভাৱে মাটিত খামোচ মাৰি ধৰাত সহায় কৰে।

 কেঁচুৱে আচলতে ইহঁতৰ বাটত মাটি খায়। তাৰপিছত ইয়াৰ শৰীৰে খোৱা খাদ্য়ৰ হজম নোহোৱা অংশ বাহিৰ কৰি দিয়ে। কেঁচুৰ এই কাৰ্যই মাটিক উদ্ভিদৰ বাবে বেছি প্ৰয়োজনীয় কৰি তোলে।

শামুক - (Snail) 

বাগিচাৰ পৰা এটা শামুক সংগ্ৰহ কৰা। তোমালোকে দেখিছানে যে ইহঁতে পিঠিত এটা ঘূৰণীয়া গঠন লৈ ঘূৰি ফুৰে? এইটোকে খোলা বোলে আৰু ইয়েই শামুকৰ বাহিৰৰ আৱৰণ, কিন্তু ই হাড়েৰে গঠিত নহয়। খোলাটো এটা একক গোট আৰু ই এঠাইৰ পৰা আন ঠাইলৈ চলনত সহায় নকৰে। 

  শামুকটোক এখন গ্লাছৰ প্লেটৰ ওপৰত ৰাখা আৰু চোৱা। যেতিয়া ইয়াৰ চলন আৰম্ভ হ'ব, তোমালোকৰ মূৰৰ ওপৰলৈ লাহেকৈ শামুকৰ সৈতে গ্লাছৰ প্লেটখন উঠোৱা। তলৰ পৰা ইয়াৰ চলন পৰ্যৱেক্ষণ কৰা 

 খোলাটোৰ ছিদ্ৰৰ শামুকৰ এটা ডাঠ অংশ আৰু মূৰটো ওলাই আহে। টান পেশীৰে গঠিত ডাঠ অংশটোৱেই হ'ল ইহঁতৰ ভৰি। এতিয়া সাৱধানেৰে গ্লাছ প্লেটখন বেঁকা ৰা। ভৰিত ঢৌৰ দৰে গতি  দেখা পাবা। কেঁচুৰ তুলনাত শামুকৰ গতি ধীৰ নে দ্ৰুত?

পইতাচোৰা - (Cockroach) 

চিত্ৰ ৮.১৯ত দিয়া পঁইতাচোৰাটোক পৰ্যৱেক্ষণ কৰা।  পঁইতাচোৰাই খোজ কাঢ়ে, বগাব পাৰে আৰু বতাহত উৰিবও পাৰে। সিহঁতৰ তিনিযোৰ ভৰি থাকে, এইবোৰে খোজ কঢ়াত সহায় কৰে। শৰীৰৰ বাহিৰটো এটা ডাঠ জঁকাৰে আৱৰা। এই বাহিৰৰ জঁকাটো বিভিন্ন ধৰণৰ গোট (Unit) লগলাগি গঠিত আৰু সিয়েই চলন কাৰ্য কৰাত সহায় কৰে।

 সিহঁতৰ বক্ষত দুয়োৰ পাখীা সংলগ্ন হৈ থাকে। পঁইতাচোৰাৰ পৃথক পেশী আছে। ভৰিৰ ওপৰত থকাবোৰৰ বাবে সিহঁতে খোজ কাঢ়ে আৰু যেতিয়া সিহঁত উৰে তেতিয়া বক্ষৰ পেশীয়ে পাখিবোৰক লৰচৰ কৰায়।

চৰাই - (Birds)

 চৰাই উৰে আৰু মাটিত খোজ কাঢ়ে। কিছুমান চৰাই যেনে- হাঁহ আৰু ৰাজহাঁহে পানীত সাঁতুৰিবও পাৰে। চৰায় উৰিব পাৰে কাৰণ সিহঁতৰ শৰীৰটো উৰাৰ বাবে উপযোগী। সিহঁতৰ হাড়বোৰ ফোপোলা আৰু পাতল। পিচফালৰ ভৰিৰ হাড়বোৰ খোজকঢ়া আৰু ওখ ঠাইত জিৰণি লোৱাৰ বাবে উপযুক্ত। আগভৰিৰ হাড়ৰ অংশবোৰ পাখিলৈ ৰূপান্তৰিক হয় কান্ধৰ হাড়বোৰ উৰণ পেশীলৈ ৰূপান্তৰিত হয়, যিবোৰক সিহঁতে পাখি ওপৰ আৰু তল কৰাত ব্য়ৱহাৰ কৰে।

মাছ - (Fish)

এখন কাগজৰ নাও সাজা। ইয়াক পানীত ৰাখা আৰু জোঙা মূৰটো আগলৈ ঠেলি দিয়া। ই পানীত সহজে যাব পাৰিছেনে? এতিয়া নাখন একাষৰীয়াকৈ ধৰা আৰু বহল অংসটোৰে ইয়াক পানীত ঠেলা মাৰা। যেতিয়া তুমি ইয়াক কাষৰ পৰা ঠেলা মাৰিবা, তেতিয়া তুমি নাওখন পানীত চলাব পাৰিলানে? 

 তোমালোকে মন কৰিছানে য়ে নাৱৰ আকৃতি কিছু পৰিমাণে মাছৰ দূৰ. সাধাৰণতে মাছৰ মূৰ আৰু ফিছা শৰীৰৰ মাজত অংশতকৈ সৰু। শৰীৰটোৰ দুই মূৰ চিঁয়া। এই ধৰণৰ শৰীৰৰ আকৃতিক ধাৰা অপ্ৰতিৰোধী (streamlined) বোলে। 

  ইয়াৰ আকৃতি এনে ধৰণৰ যে পানী সহজে ইয়াৰ চাৰিওফালে প্ৰৱাহিত হ'ব পাৰে আৰু পানীত মাছৰ চলনক সম্ভৱপৰ কৰে। মাছৰ জঁকাটো শক্তিশালী পেশীৰে আৱৰা। সাঁতোৰাৰ সময়ত পেশীবোৰে শৰীৰৰ সমুখৰ অংশৰ এটা কাষ ভাঁজ খুৱাই আৰু ফিছা বা নেজৰ অংশ বিপৰীত দিসত গতি কৰে। ইয়াৰ ঠিক পাছতেই সৰীৰ আৰু নেজে আনটো দিসত আকৌ ভাঁজ লয়। এইদৰে শৰীৰটোক আগলৈ যাবৰ বাবে জোকাৰ মাৰে আৰু ছেলি দিয়ে। ক্ৰমানুসাৰে মৰা জোকাৰণিৰে মাছটো আগলৈ সাতুৰি যায়। এইক্ষেত্ৰত নেজত থকা ফানে সহায় কৰে।   

 মাছৰ শৰীৰত আন বেলেগ ফান বা পাখিও আছে যিয়ে প্ৰধানকৈ সাঁতোৰাৰ সময়ত শৰীৰৰ ভাৰসাম্য় ৰক্ষা কৰাত সহায় কৰে। তোমালোকে মন কৰিছানে যে পানীৰ তলৰ ডুবাৰুসকলে ভৰিত ফান বা পাখিৰ দৰে যোৰ লগা ৰবৰৰ জোতা বা পদপক্ষ পিন্ধে, যিয়ে পানীত সহজে লৰচৰ কৰাত য়হায় কৰে?  

সাপে কেনেকৈ গতি কৰে?                        

   তোমালোকে দেখিছানে সাপে কেনেকৈ চুচৰি যায়? সিহঁতে পোনকৈ গতি কৰে নে? সাপৰ এডাল দীঘল মেৰুদণ্ড আছে। সিহঁতৰ বহুতো পাতল পেশী আছে। যদিও ইটোৰ লগত সিটো লগ লাগি থাকে, এই পেশীবোৰ কিন্তু এটাৰ পৰা আনটোতকৈ দূৰত থাকে। পেশীবোৰ মেৰুদণ্ড, কামিহাড় আৰু ছালৰ লগত সৰস্পৰ সংযুক্ত।

 সাপৰ শৰীৰটোৱে বহু চক্ৰাকাৰ ভাঁজ লয়। প্ৰত্য়েকে চক্ৰই সাপটোক মাটিৰ বিপৰীতে হেঁচা দি আগলৈ ঠেলি দিয়ে। ইয়াৰ শৰীৰটো দীঘল হোৱা হেতুকে বহুতো চক্ৰৰ সৃষ্টি হয় আৰু প্ৰত্য়েকটো চক্ৰই এই ধৰণৰ ঠেলা মাৰে। সেয়ে সাপে খৰকৈ আগলৈ গতি কৰিব পাৰে, কিন্তু সৰল ৰেখাত নহয়। 

 বিভিন্ন প্ৰাণীৰ চলনৰ ক্ষেত্ৰত হাড় আৰু পেশীৰ ব্য়ৱহাৰৰ বিষয়ে শিকিলোঁ। প্ৰহেলিকা আৰু প্ৰজ্ঞানৰ মোনাত (sacks) বিভিন্ন প্ৰণীৰ চলনৰ বিষয়ে বহুতো প্ৰশ্ন আছে। একেদৰে উত্তৰ নোপোৱা বহুতো প্ৰশ্নই তোমালোকৰ মনত খুদুৱাই আছেনে? পুৰণি গ্ৰীক দাৰ্শনিক এৰিষ্ট'টলে তেওঁৰ কিতাপ 'প্ৰাণীৰ চলন'ত নিজকে এইবোৰ প্ৰশ্ন কৰিছিল। কিয় বিভিন্ন প্ৰাণীৰ দেহৰ অংশবোৰ তেনে ধৰণৰ হয় আৰু কেনেকৈ এই দেহৰ অংশবোৰে প্ৰাণীটোক চলনত সহায় কৰে? এঠাইৰ পৰা আন ঠাইলৈ চলনত বিভিন্ন প্ৰাণীৰ শৰীৰৰ কিমান অংশৰ প্ৰয়োজন হয়? মানুহৰ দুখন ভৰি আৰু গৰু-ম'হৰ চাৰিখন কিয়? বহুতো প্ৰাণীৰ যোৰসংখ্য়ক ভৰি দেখা যায় কিয়? আমাৰ ভৰিৰ ভাঁজ আমাৰ বহুতকৈ কিয় বেলেগ? 

  এই অধ্য়ায়ত ক্ৰিয়াকলাপৰ মাজেদি আমাৰ কিছুমান প্ৰশ্নৰ উত্তৰ পোৱাটো সম্ভৱ হৈছে আৰু বহু উত্তৰ আমি পাবলৈ বাকী আছে। 



Class 6 Science 

Type: Dimi Bora 





Post ID : DABP005182