Chapter-2 (C) 

পৰ্য্যায়লোচনামূলক বা উদ্দেশ্যমূলক গণতন্ত্ৰ


লেখকৰ সুবিধা অনুসৰি কিতাপৰ প্ৰশ্ন আৰু উত্তৰ দিয়া হোৱা নাই । কেৱল কিতাপখনৰ সূচী প্ৰত্ৰ হে দিয়া হৈছে । Click to Model Books Daily Assam |


১. 'Deliberative Democracy' শব্দটো প্ৰথমে কোনে উল্লেখ কৰিছিল ?

Who first mentioned the term 'Deliberative Democracy'?

উত্তৰঃ 'Deliberative Democracy' শব্দটো প্ৰথমে Joseph M. Bassett এ উল্লেখ কৰিছিল।


২. "Deliberative Democracy: the Majority Principle in Republic Government"- গ্ৰন্থখনৰ লিখক কোন ?

Who is the author of book "Deliberative Democracy: the Majority Principle in Republic Government"?

উত্তৰঃ "Deliberative Democracy: the Majority Principle in Republic Government"- গ্ৰন্থখনৰ লিখক Joseph M. Bassett.


৩. পৰ্য্যালোচনামূলক গণতন্ত্ৰ বুলিলে কি বুজা ?

What do you mean by deliberative democracy?

উত্তৰঃ পৰ্য্যালোচনাত্মক গণতন্ত্ৰ হৈছে এনে এক পদ্ধতি বা দৃষ্টিভঙ্গী যত সচেতন নাগৰিক সকলে সিদ্ধান্ত গ্ৰহণৰ বাবে প্ৰতিটো বিষয় বা ঘটনা বিভিন্ন কোনৰ পৰা চালি জাৰি চায়।


৪. পৰ্য্যালোচনামূলক গণতন্ত্ৰৰ দুগৰাকী সমৰ্থকৰ নাম উল্লেখ কৰা।

Mention two supporters of deliberative democracy.

উত্তৰঃ পৰ্য্যালোচনামূলক গণতন্ত্ৰৰ দুগৰাকী সমৰ্থকৰ নাম হল- David Held, Amy Gautam.


৫. James Fishkin এ উল্লেখ কৰা যিকোনো দুটা পৰ্য্যালোচনামূলক গণতন্ত্ৰৰ বৈশিষ্ট্য লিখা।

Write any two features of deliberative democracy as mentioned by James Fishkin.

উত্তৰঃ James Fishkin এ উল্লেখ কৰা যিকোনো দুটা পৰ্য্যালোচনামূলক গণতন্ত্ৰৰ বৈশিষ্ট্য হল- 

    ১) তথ্য প্ৰদানঃ এই ব্যৱস্থাত অংশগ্ৰহীসকলক কোনো এক বিষয় সম্পৰ্কে উপযুক্ত তথ্যৰ যোগান যুক্তিযুক্ততাৰ সৈতে দিয়া হয়।

    ২) সম বিবেচনাঃ এই গণতন্ত্ৰত অংশ গ্ৰহণকাৰী সকলৰ মতামত সমূহ কোনো ধৰণৰ পক্ষপাতিত্ত্বমূলক দৃষ্টিভঙ্গীৰে বিবেচনা নকৰি যোগ্যতা তথা যুক্তিযুক্ততাৰ ভিত্তিত গ্ৰহণ কৰা হয়।


৬. পৰ্য্যালোচনামূলক গণতন্ত্ৰৰ সংজ্ঞা দিয়া। ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

Define deliberative democracy. Discuss its Features.

উত্তৰঃ  পৰ্য্যালোচনাত্মক গণতন্ত্ৰ হৈছে এনে এক পদ্ধতি বা দৃষ্টিভঙ্গী যত সচেতন নাগৰিক সকলে সিদ্ধান্ত গ্ৰহণৰ বাবে প্ৰতিটো বিষয় বা ঘটনা বিভিন্ন কোনৰ পৰা চালি জাৰি চায়।

ইয়াৰ বৈশিষ্ট্যসমূহ হল-

১) তথ্য প্ৰদানঃ এই ব্যৱস্থাত অংশগ্ৰহীসকলক কোনো এক বিষয় সম্পৰ্কে উপযুক্ত তথ্যৰ যোগান যুক্তিযুক্ততাৰ সৈতে দিয়া হয়।

২) সম বিবেচনাঃ এই গণতন্ত্ৰত অংশ গ্ৰহণকাৰী সকলৰ মতামত সমূহ কোনো ধৰণৰ পক্ষপাতিত্ত্বমূলক দৃষ্টিভঙ্গীৰে বিবেচনা নকৰি যোগ্যতা তথা যুক্তিযুক্ততাৰ ভিত্তিত গ্ৰহণ কৰা হয়।

৩) ন্যায় পৰায়ণতাঃ এই গণতান্ত্ৰিক ধাৰণাত অংশ গ্ৰহীসকলে তেওঁলোকৰ মতামত সমূহক সু-শৃংখল ভাৱে যোগ্যতাৰে বিচাৰ-বিবেচনা কৰি ন্যায় সংগত সিদ্ধান্ত লোৱাটো প্ৰয়োজনীয়।

৪) অনৈক্য বা ভিন্নতাক অৱজ্ঞাঃ আলোচনা বা পৰ্য্যালোচনা প্ৰক্ৰিয়াত যাতে সমাজৰ সকলো শ্ৰেণীক সমজ্ঞান কৰা তাৰ বাবে অংশ গ্ৰহণকাৰী সকলে সংখ্যা গৰিষ্ঠতাৰ ভিত্তিত আৰু সকলোৱে সন্তুষ্ট হব পৰা আলোচনা কৰা দৰকাৰ।

৫)  প্ৰকৃত বা দৃঢ় ভাৰসাম্যতাঃ পৰ্য্যালোচনামূলক গণতান্ত্ৰিক আৰ্হিৰ আন এটি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল যে অংশগ্ৰহীসকলৰ মতামত বা দৃষ্টিভঙ্গীসমূহ বিপৰীত দৃষ্টিভংগী সম্পন্ন অংশগ্ৰহীসকলেও বিবেচনামূলক উত্তৰৰ দ্বাৰা আলোচনাত আগবঢ়া প্ৰয়োজন। অৰ্থাৎ এই ব্যৱস্থাত সিদ্ধান্ত সমূহ সমিলমিলৰ দ্বাৰা ন্যায়সংগতভাৱে আলোচনা কৰা উচিত।


৭. Joshua Cohan- এ আগবঢ়োৱা পৰ্য্যায়লোচনামূলক গণতন্ত্ৰৰ বৈশিষ্ট্যসমূহ কি কি? আলোচনা কৰা।

What are the features of deliberative democracy as forwarded by Joshua Cohan? Discuss.

উত্তৰঃ Joshua Cohan- এ আগবঢ়োৱা পৰ্য্যায়লোচনামূলক গণতন্ত্ৰৰ বৈশিষ্ট্যসমূহ হল-

    ১) এই ব্যৱস্থা হল এক ভৱিষ্যৎ ধাৰাবাহিকতা ৰক্ষাৰ আশাৰে গঠিত প্ৰচলিত স্বাধীন সংস্থা।

    ২) এই ব্যৱস্থাত সংস্থা গঠনৰ দিশত আলোচনা বা পৰ্য্যালোচনাই হৈছে মূল কাৰক আৰু গঠন হোৱা সংস্থাই আলোচনাৰ ধাৰাবাহিকতা বজাই ৰখা দৰকাৰ।

    ৩) এই ব্যৱস্থাত ৰাজনীতিত মূল্যবোধ তথা ইয়াৰ উদ্দেশ্যৰ ক্ষেত্ৰত সংখ্যাগৰিষ্ঠতক সন্মান জনোৱাৰ অঙ্গীকাৰ কৰা হয়।

    ৪) নাগৰিকসকলে পৰ্য্যালোচনা বা আলোচনামূলক প্ৰক্ৰিয়াক বৈধতাৰ উৎস হিচাপে বিবেচনা কৰিব লাগে।

    ৫) প্ৰত্যেক গৰাকী অংশগ্ৰহণকাৰী সদস্যই আন সদস্যসকলৰ পৰ্যালোচনা বা আলোপনামূলক মতামতক সন্মান কৰা প্ৰয়োজন।


৮. পৰ্য্যালোচনামূলক গণতন্ত্ৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা।

Discuss about the needs or requirement of deliberative democracy.

উত্তৰঃ পৰ্য্যালোচনামূলক গণতন্ত্ৰৰ প্ৰয়োজনীয়তা সমূহ তলত আলোচনা কৰা হ'ল-

১) পৰস্পৰ আদান-প্ৰদানঃ নিকা আৰু পৰিস্কাৰ সহযোগিতামূলক সম্পৰ্কৰ দ্বাৰা আলোচিত বিষয়ৰ ওপৰত যুক্তিযুক্ততা কেৱল মুক্ত আৰু সমকক্ষ সকলৰ মাজতহে হোৱা উচিত।

২) সহজলভ্যঃ আলোচ্য বিষয়ৰ যুক্তিযুক্ততা বা ইয়াৰ ওপৰত হোৱা অভিমত সমূহ জনসাধাৰণৰ বাবে প্ৰকাশ হোৱা দৰকাৰ আলোচনাৰ জৰিয়তে চূড়ান্ত হোৱা সিদ্ধান্তসমূহ বা আলোচনাৰ বিষয়সমূহ জনগণৰ বাবে সহজলভ্য তথা বোধগম্য হোৱা দৰকাৰ।

৩) প্ৰযোজ্যতাঃ যুক্তিযুক্ততা প্ৰদান কৰা প্ৰক্ৰিয়াই আইন প্ৰণয়ণৰ সিদ্ধান্তত উপনীত কৰায় আৰু এনে আইন এক নিৰ্দিষ্ট সময়লৈকে প্ৰচলন হয়। এই ব্যৱস্থাত অংশগ্ৰহী সকলে কেৱল আলোচনা বা ব্যক্তিগত উন্নতিৰ বাবেই সহমত ব্যক্ত নকৰে।

৪) গতিশীলতাঃ এই ব্যৱস্থাত অংশগ্ৰহণ কাৰী সকলে তেওঁলোকৰ মন আৰু সিদ্ধান্তৰ প্ৰতি থকা মানসিক চিন্তা প্ৰয়োজন অনুসৰি পৰিবৰ্তন কৰিবলৈ সাজু থাকিব লাগে আৰু পূৰ্বৰ সিদ্ধান্ত বা আইনক প্ৰত্যাহ্বান জনাব পৰাকৈ ধাৰাবাহিক ভাৱে যুক্তিযুক্ত মতামত আগবঢ়াই থাকিব লাগে। 


৯. পৰ্য্যালোচনামূলক গণতন্ত্ৰৰ গুণ বা সুবিধাসমূহ কি কি ? আলোচনা কৰা।

What are the merits or advantages of deliberative democracy? Discuss.

উত্তৰঃ পৰ্য্যালোচনামূলক গণতন্ত্ৰৰ গুণ বা সুবিধাসমূহ হল- 

১) এই গণতন্ত্ৰত উদ্গনি তথা অনুপ্ৰেৰণাৰ ওপৰত বিশ্বাস ৰখা হয়। ফলত উদ্দেশ্যসমূহৰ সফলতা সম্ভৱপৰ হৈ পৰে।

২) ইয়াত কাৰ্যব্যৱস্থাৰ প্ৰক্ৰিয়াসমূহৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় আৰু চৰকাৰ দায়বদ্ধ হয়।

৩) যুক্তিপূৰ্ণ আৰু সামগ্ৰীক দিশৰ ওপৰত এই ব্যৱস্থাত গুৰুত্ব প্ৰদানেৰে সমূহ সম্প্ৰদায়ক সম মৰ্যাদা দিয়া হয়।

৪) এই ব্যৱস্থা সাংবিধানিক আৰু নিকা পদ্ধতিত পৰিচালিত হয়।

৫) যোগাযোগৰ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি এই গণতান্ত্ৰিক প্ৰক্ৰিয়া পৰিচালিত হয়।

৬) ক্ষমতাৰ পৰিৱৰ্ত্তে যুক্তিসংগত বিচাৰ-ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি এই গণতন্ত্ৰ পৰিচালিত হয়।

৭) এই গণতন্ত্ৰ বুজাবুজি আৰু সামূহিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত।

৮) এই ধাৰণাত যুক্তিৰ ওপৰত নিৰ্ভৰ কৰি এই গণতান্ত্ৰিক প্ৰক্ৰিয়া পৰিচালিত হয়।


Question type- Leena Kakati

Answered by- Leena Kakati