Chapter-2 (D) 

অংশগ্ৰহণ আৰু প্ৰতিনিধিত্ব



১) J.H. Hagei ৰ অংশগ্ৰহণৰ সংজ্ঞাটো লিখা।

Write the definition of participation given by J.H. Hagei.

উত্তৰঃ J.H. Hagei ৰ মতে অংশগ্ৰহণ হৈছে এনে কাৰ্য্য যাৰ জৰিয়তে সাধাৰণ সদস্য বা নাগৰিকে কোনো এক ৰাজনৈতিক ব্যৱস্থাৰ ফলাফলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে বা প্ৰভাৱ বিস্তাৰ কৰিবলৈ প্ৰচেষ্টা চলায়।


২) Verba আৰু Nie-এ উল্লেখ কৰা যিকোনো এটি অংশগ্ৰহণৰ ধৰণ লিখা।

Write any one form of participation as mentioned by Verba and Nie.

উত্তৰঃ Verba আৰু Nie-এ উল্লেখ কৰা যিকোনো এটি অংশগ্ৰহণৰ ধৰণ হল-

নিষ্ক্ৰিয় অংশগ্ৰহণঃ যেতিয়া কোনো ব্যক্তি বা নাগৰিকে কেৱল নিৰ্বাচনত ভোটদানহে কৰে আৰু নিজে কোনো ৰাজনৈতিক সংগঠনত অন্তৰ্ভূক্ত নহয় আৰু দেশৰ ৰাজনীতিৰ বিষয়ে আলোচনা বা বিতৰ্ক আদিত অংশগ্ৰহণ নকৰে, তেনে ব্যক্তি বা নাগৰিকৰঅংশগ্ৰহণক নিষ্ক্ৰিয় অংশগ্ৰহণ আখ্যা দিয়া হয়।


৩) Sarah White- এ উল্লেখ কৰা যিকোনো এটা প্ৰতিনিধিত্বমূলক অংশগ্ৰহণৰ প্ৰকাৰ লিখা ?

Write any one type of representative participation as mentioned by Sarah White.

উত্তৰঃ Sarah White- এ উল্লেখ কৰা যিকোনো এটা প্ৰতিনিধিত্বমূলক অংশগ্ৰহণৰ প্ৰকাৰ-

১) সহায়ক অংশগ্ৰহণঃ সহায়কাৰীমূলক অংশ গ্ৰহণৰ দ্বাৰা সমাজৰ নাগৰিকসকলক দেশৰ বিকাশৰ প্ৰয়োজনীয় আঁচনি আদিৰ লগত জড়িত কৰা হয় এনে প্ৰক্ৰিয়াত জনগণৰ পাৰদৰ্শিতা আৰু কৌশলৰ দ্বাৰা বিভিন্ন কাৰ্য্যৰ যথোচিত কাৰ্য্যকাৰিতাত গুৰুত্ব আৰোপ কৰা হয়।


৪) ৰাজনৈতিক অংশগ্ৰহণৰ যিকোনো এটা কাৰক উল্লেখ কৰা।

Mention any one factor of political participation

উত্তৰঃ ৰাজনৈতিক অংশগ্ৰহণৰ যিকোনো এটা কাৰক হল-

১) সামাজিক পৰিৱেশঃ ৰাজনৈতিক অংশগ্ৰহণত সামাজিক পৰিৱেশে যথেষ্ট প্ৰভাৱ পেলায়। সমাজৰ অৰ্থনৈতিক, শৈক্ষিক, জাতি, ধৰ্ম, বৰ্ণ, লিঙ্গ, বয়স, বৃত্তি প্ৰথা বা পৰম্পৰা আদি বিভিন্ন দিশৰ প্ৰভাৱ নিশ্চিতভাৱে পৰে। যিমানেই এখন সমাজৰ লোক শিক্ষিত হয় সিমানে ৰাজনৈতিক অংশগ্ৰহণ সক্ৰিয় আৰু ৰাজনৈতিক দিশত সচেতন হয়। ফলত এনে সমাজত ৰাজনৈতিক ব্যৱস্থা যথেষ্ট সৱল হোৱা দেখা যায়।


৫) প্ৰতিনিধিত্ব সম্পৰ্কত দুগৰাকী পণ্ডিতৰ নাম লিখা।

Name any two scholars relating to representation.

উত্তৰঃ প্ৰতিনিধিত্ব সম্পৰ্কত দুগৰাকী পণ্ডিতৰ নাম হল- Eric Voegelin, Edmund Burke.


৬) ১৯৬৭ চনৰ গ্ৰন্থ 'The Concept of Political Representation' কোনে লিখিছিল ?

Who wrote the book 'The Concept of Political Representation', 1967?

উত্তৰঃ ১৯৬৭ চনৰ গ্ৰন্থ 'The Concept of Political Representation' Hanna Pitkin এ লিখিছিল।


৭) ইংলেণ্ডৰ প্ৰতিনিধিত্বমূলক চৰকাৰ ব্যৱস্থাৰ জনক বুলি কাক কোৱা হয় ?

Who is regarded as the founder if representative government e in England?

উত্তৰঃ ইংলেণ্ডৰ প্ৰতিনিধিত্বমূলক চৰকাৰ ব্যৱস্থাৰ জনক বুলি Simon de Montfort ক কোৱা হয়।


৮) 'Make present again'- কথাষাৰ কোনে কৈছিল?

'Make present again'- Who said this?

উত্তৰঃ 'Make present again'- কথাষাৰ কৈছিল Hanna Pitkin এ।


৯) প্ৰতিনিধিত্বৰ সম্পৰ্কত Pope Leo ৰ কথাফাঁকী লিখা।

Write the statement given by Pope Leo on representation.

উত্তৰঃ প্ৰতিনিধিত্বৰ সম্পৰ্কত Pope Leo ৰ কথাফাঁকী হল- যিয়ে সকলোকে শাসন কৰে তেওঁ সকলোৰে দ্বাৰা নিৰ্বাচিত হোৱাটো দৰকাৰ।


১০) সমানুপাতিক প্ৰতিনিধিত্বৰ প্ৰকাৰ দুবিধ উল্লেখ কৰা।

Mention the two types of proportional representation.

উত্তৰঃ সমানুপাতিক প্ৰতিনিধিত্বৰ প্ৰকাৰ দুবিধ হল- হেয়াৰ পদ্ধতি আৰু তালিকা পদ্ধতি।


১১) ১৮৫১ চনৰ 'Elections of Representatives' গ্ৰন্থখনৰ লিখক কোন আছিল লিখা ?

Who was the writer of the book 'Elections of Representatives' in 1851?

উত্তৰঃ ১৮৫১ চনৰ 'Elections of Representatives' গ্ৰন্থখনৰ লিখক আছিল থাচ হেয়াৰ ।


১২) কোটা বুলিলে কি বুজা ?

What do you mean by Quota ?

উত্তৰঃ কোটা হল এটা পদ্ধতি যত ভোটাৰসকলে প্ৰাৰ্থীৰ পৰিবৰ্তে দলৰ তালিকা ভিত্তিত ভোটদান কৰে।


১৩) হেয়াৰ পদ্ধতিৰ দুগৰাকী সমৰ্থকৰ নাম উল্লেখ কৰা।

Name Two supporters of Hare System.

উত্তৰঃ হেয়াৰ পদ্ধতিৰ দুগৰাকী সমৰ্থক হল- থাচ হেয়াৰ আৰু J. S. Mill.


১৪) 'Hare system' প্ৰয়োগ কৰা দুখন ৰাষ্ট্ৰৰ নাম লিখা ?

Name two supporters of 'Hare System'.

উত্তৰঃ 'Hare system' প্ৰয়োগ কৰা দুখন ৰাষ্ট্ৰৰ নাম হল- চুইজাৰলেণ্ড, আয়াৰলেণ্ড।


১৫) 'List System' প্ৰয়োগ কৰা দুখন ৰাষ্ট্ৰৰ নাম লিখা ?

Name any two nations which have applied 'List System'?

উত্তৰঃ 'List System' প্ৰয়োগ কৰা দুখন ৰাষ্ট্ৰৰ নাম হল- চুইডেন, ডেনমাৰ্ক।


১৬) উত্তৰঃ a) Verba আৰু Nie ৰ মতে অংশগ্ৰহণৰ ধাৰণাসমূহঃ 

১) নিষ্ক্ৰিয় অংশগ্ৰহণঃ যেতিয়া কোনো ব্যক্তি বা নাগৰিকে কেৱল নিৰ্বাচনত ভোটদানহে কৰে আৰু নিজে কোনো ৰাজনৈতিক সংগঠনত অন্তৰ্ভূক্ত নহয় আৰু দেশৰ ৰাজনীতিৰ বিষয়ে আলোচনা বা বিতৰ্ক আদিত অংশগ্ৰহণ নকৰে, তেনে ব্যক্তি বা নাগৰিকৰঅংশগ্ৰহণক নিষ্ক্ৰিয় অংশগ্ৰহণ আখ্যা দিয়া হয়।

২) সংকীৰ্ণ অংশগ্ৰহণকাৰীঃ কিছু সংখ্যক নাগৰিকে বা ব্যক্তিয়ে নিজকে ভোটদানৰ পৰা বিৰত ৰাখে আৰু কোনো ৰাজনৈতিক প্ৰচাৰ, সভা-সমিতি আদিত অংশ গ্ৰহণ নকৰি সমাজত থকা নাগৰিকৰ অনুষ্ঠানবোৰৰ পৰাও আঁতৰি থাকে, কিন্তু নিজৰ ব্যক্তিগত কাৰণ বা স্বাৰ্থৰ বাবে স্থানীয় চৰকাৈৰী বিষয়া-কৰ্মচাৰীসকলৰ সৈতে সম্পৰ্ক বজাই ৰাখে। এনে ধৰণৰ ব্যক্তিৰ ৰাজনৈতিক আচৰণক সংকীৰ্ণ অংশগ্ৰহণ আখ্যা দিয়া হয়।

৩) পূৰ্ণাঙ্গ কৰ্মকৰ্তা/ অংশগ্ৰহণকাৰীঃ কোনো এগৰাকী ব্যক্তি, যি ব্যক্তিয়ে চৰকাৰৰ বাহিৰত থাকি সম্পূৰ্ণ বা পূৰ্ণাঙ্গ ৰূপত ৰাজনীতিত অংশগ্ৰহণ কৰে আৰু দলীয় আদৰ্শ নীতি মানি চলি দলৰ হৈ নিজেই আগভাগ লোৱাত গুৰুত্ব দিয়ে তেনে কৰ্মকৰ্তা বা অংশগ্ৰহণকাৰী বুলি গণ্য কৰা হয়।

৪) দক্ষ ভোটদানকাৰীঃ কিছুমান ব্যক্তি তথা নাগৰিকে কেৱল ভোটদান প্ৰক্ৰিয়াত নিজ ইচ্ছা অনুসৰি অংশগ্ৰহণ কৰে যদিও ৰাজনীতিক এক বৃত্তি হিচাপে লব নিবিচাৰে আৰু নিজকে কোনো স্বাৰ্থৰ বাবে ৰাজনৈতিক প্ৰক্ৰিয়াৰ লগত জড়িত নকৰে, তেনে ব্যক্তিক কেৱল দক্ষ ভোটদানকাৰী হিচাপে আখ্যা দিব পাৰি।

৫) দলীয় বা নিৰ্বাচনী প্ৰচাৰকঃ দলীয় বা নিৰ্বাচনী প্ৰচাৰক সকল কেৱল ভোটদানতে সন্তুষ্ট নহয়। বৰং এইসকল ব্যক্তিয়ে কোনো এক নিৰ্দিষ্ট ৰাজনৈতিক দল আৰু নিৰ্বাচনত প্ৰক্ৰিয়াত সেই নিৰ্দিষ্ট দলৰ বাবে সৱলভাৱে প্ৰচাৰ কাৰ্য্যত অংশগ্ৰহণ কৰে। এওঁলোকে যিকোনো বিতৰ্কৰ বাবে সাজু থকাৰ উপৰিও দলৰ মজিয়াত নিজৰ স্থিতি সৱল কৰি ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখে।


b) Sarah White ৰ অংশগ্ৰহণৰ প্ৰকাৰঃ

১) প্ৰতিনিধিত্বমূলক অংশগ্ৰহণঃ প্ৰতিনিধিত্বমূলক অংশগ্ৰহণকাৰী সকলে সমাজ বা দেশৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণৰ জৰিয়তে সমাজৰ বাবে প্ৰস্তুত কৰা আঁচনি তথা প্ৰকল্পৰ নীতি আদিত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়। এওঁলোকে নিজকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ বাবে দুৰ্বল প্ৰতিনিধিসকলক বশ কৰি নিজৰ প্ৰভূত্ব বিস্তাৰ কৰাত গুৰুত্ব দিয়ে।

২) নামমাত্ৰ অংশগ্ৰহণঃ নামমাত্ৰ অংশগ্ৰহণ কোনো এক শক্তিশালী কৰ্ত্তা বা কাৰকৰ দ্বাৰা কোনো উন্নয়নমূলক কাৰ্য্যৰ বাবে প্ৰস্তুত কৰা আঁচনিৰ বৈধতাৰ বাবে সঘন ব্যৱহাৰ কৰা দেখা যায়। কম ক্ষমতাসম্পন্ন ব্যক্তিসকল এই প্ৰক্ৰিয়াত অন্তৰ্ভূক্ত হোৱাৰ আশাৰে আগবাঢ়ি আহে যদিও ইয়াৰ পৰিবৰ্তন বিশেষকৈ পদমৰ্য্যদাৰ ক্ষেত্ৰত উপলব্ধ নহয়।

৩) পৰিবৰ্তনযুক্ত অংশগ্ৰহণঃ সাধাৰণতে পৰিবৰ্তনযুক্ত অংশগ্ৰহণে ক্ষমতাত অধিষ্ঠিত আৰু সংলগ্ন হৈ থকা ব্যক্তিৰ সৈতে জড়িত আৰু এই ব্যক্তিসকলৰ পৰিবৰ্তনৰ বাবে প্ৰয়োজন সাপেক্ষে অনুষ্ঠান আৰু ইয়াৰ গাঁঠনি  আদিৰো ৰূপান্তৰ ঘটে। ফলত এওঁলোক একাষৰীয়া বা বহিস্কৃত হব পাৰে।

৪) সহায়ক অংশগ্ৰহণঃ সহায়কাৰীমূলক অংশ গ্ৰহণৰ দ্বাৰা সমাজৰ নাগৰিকসকলক দেশৰ বিকাশৰ প্ৰয়োজনীয় আঁচনি আদিৰ লগত জড়িত কৰা হয় এনে প্ৰক্ৰিয়াত জনগণৰ পাৰদৰ্শিতা আৰু কৌশলৰ দ্বাৰা বিভিন্ন কাৰ্য্যৰ যথোচিত কাৰ্য্যকাৰিতাত গুৰুত্ব আৰোপ কৰা হয়।


c) ৰাজনৈতিক অংশগ্ৰহণৰ কাৰকসমূহঃ 

১) সামাজিক পৰিৱেশঃ ৰাজনৈতিক অংশগ্ৰহণত সামাজিক পৰিৱেশে যথেষ্ট প্ৰভাৱ পেলায়। সমাজৰ অৰ্থনৈতিক, শৈক্ষিক, জাতি, ধৰ্ম, বৰ্ণ, লিঙ্গ, বয়স, বৃত্তি, প্ৰথা বা পৰম্পৰা আদি বিভিন্ন দিশৰ প্ৰভাৱ নিশ্চিতভাৱে পৰে। যিমানেই এখন সমাজৰ লোক শিক্ষিত হয় সিমানে ৰাজনৈতিক অংশগ্ৰহণ সক্ৰিয় আৰু ৰাজনৈতিক দিশত সচেতন হয়। ফলত এনে সমাজত ৰাজনৈতিক ব্যৱস্থা যথেষ্ট সৱল হোৱা দেখা যায়।

২) ৰাজনৈতিক সামাজিকৰণঃ সামাজিকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে ব্যক্তিয়ে সমাজৰ বিভিন্ন ঘটনা আৰু আদৰ্শসমূহৰ বিষয়ে অৱগত হয় আৰু ৰাজনৈতিক দলৰ সৈতেও সম্পৰ্ক স্থাপন কৰে। ই ব্যক্তিৰ যোগ্যতা আৰু অংশগ্ৰহণত যথেষ্ট প্ৰভাৱ পেলায় আৰু সমাজৰ মূল্যবোধ, ৰাজনৈতিক পৰিৱেশ, স্থায়িত্ব আৰু সামাজিক ব্যৱস্থাৰ প্ৰতি বিশ্বাস জন্মায়।

৩) মনস্তাত্ত্বিক দিশৰ প্ৰভাৱঃ মনোবিজ্ঞানী সকলৰ মতে ব্যক্তিৰ দক্ষতাৰ জ্ঞান, পৌৰ তথা সামাজিক দায়িত্ববোধ, একনায়কত্ববাদী মনোভাৱ তথা প্ৰকৃতি আদিয়েও ৰাজনৈতিক আচৰণত প্ৰভাৱ পেলায় আৰু এইবোৰে জনগণৰ ৰাজনৈতিক অংশগ্ৰহণৰ মাত্ৰা নিৰ্ণয় কৰে।


d) প্ৰতিনিধিত্বৰ উৎপত্তিঃ

প্ৰতিনিধিত্বমূলক ব্যৱস্থাৰ প্ৰৱৰ্তন খ্ৰীষ্টিয়ান ধৰ্মৰ পৰিচালনাৰ বাবে গঠিত পৰিষদ বোৰত হোৱা দেখা গৈছিল। পিছলৈ সামন্ত ব্যৱস্থাৰ ইউৰোপীয় সমাজত বিভিন্ন সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিবলৈ ৰজাই এই ব্যৱস্থাৰ বিকাশ সাধন কৰিছিল। কিন্তু এই ব্যৱস্থাৰ প্ৰতিনিধিসকল ৰাষ্ট্ৰীয় পৰ্য্যায় বা জাতীয় পৰ্য্যায়ৰ নাছিল। এওঁলোকে সৰ্বসাধাৰণক প্ৰতিনিধিত্ব কৰাৰ পৰিবৰ্ত্তে নিৰ্দিষ্ট এটা সম্প্ৰদায়ৰ বা শ্ৰেণীকহে প্ৰতিনিধিত্ব কৰিছিল আৰু স্থানীয় পৰ্য্যায়ৰ বিষয়ে সমূহৰ ওপৰত নিজৰ প্ৰভূত্ব খটুৱাব পাৰিছিল। কোনো নিৰ্দিষ্ট সমষ্টি ভিত্তিক নিৰ্বাচিত প্ৰতিনিধি সামন্ত ব্যৱস্থাত নাছিল।

    প্ৰতিনিধিত্বৰ ক্ষেত্ৰত প্ৰথমে এক চৈৰাচাৰী বা একনায়কত্বমূলক ধাৰণা বা তত্ত্বমূলক ভাৱধাৰাৰ জন্ম দিয়া প্ৰথম চিন্তাবিদ গৰাকী হল মণ্টেস্কু। তেওঁৰ মত অনুসৰি প্ৰতিনিধিত্বৰ বাবে এটা নিৰ্দিষ্ট ভৌগলিক সীমা বা অঞ্চলৰ ভিত্তি থকা প্ৰয়োজন আৰু যাক বৰ্তমানত সমষ্টি বুলি নিৰ্দ্ধাৰণ কৰা হয়।


e) ৰাজনৈতিক প্ৰতিনিধিত্বৰ মূল উপাদানসমূহঃ

১) কিছুমান এনে দল বা গোট আছে যিয়ে সংগঠন, প্ৰতিনিধিত্বমূলক বিচাৰভঙ্গী, জনজাগৰণ বা আন্দোলন, ৰাষ্ট্ৰীয় সংস্থা আদি গঠনত অৰিহণা যোগায়,

২) কিছুমান এনে বিষয় থাকে যিবোৰ মতামত, স্বাৰ্থ, জনগণৰ দৃষ্টিভঙ্গী কথোপকথন আদিৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা হয়।

৩) এটি ৰাজনৈতিক গাঁঠনি যাৰ দ্বাৰা প্ৰতিনিধিসকলে কাৰ্য্যকলাপ কৰাৰ সুযোগ লাভ কৰে,

৪) কিছুমান দল থাকে যিবোৰে কিছু বিশেষ আশ্ৰিত ব্যক্তি বা সমষ্টিক প্ৰতিনিধিত্ব কৰি থাকে, অৰ্থাৎ উপৰোক্ত আটাইকেইটা উপাদানৰ সৈতে সহমত বা অনুমতি, জনগণৰ ইচ্ছা, নিৰ্বাচন, কৰ্তৃত্ব প্ৰদান আৰু জনপ্ৰতিনিসকলৰ দায়ৱদ্ধতাৰ বিষয় বা কথা ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে।


f) হেয়াৰ পদ্ধতিঃ থাচ হেয়াৰ এ তেওঁৰ গ্ৰন্থ 'Elections of Representatives' ১৮৫১ চনত হেয়াৰ পদ্ধতিৰ বিষয়ে উল্লেখ কৰিছিল। এই পদ্ধতি অনুসৰি এটা সমষ্টিৰ জনপ্ৰতিনিধিৰ সংখ্যা কেইবাজনো হব পাৰে আৰু যিমান সদস্য নিৰ্বাচিত কৰাৰ প্ৰয়োজন সিমানেই ভোটাৰ সকলে ভোটদান প্ৰক্ৰিয়াত পচন্দ অনুসৰি ভোট দিব লাগে। সেইবাবে এই পদ্ধতিক একক হস্তান্তৰযোগ্য ভোট ব্যৱস্থাও বোলা হয়। এই ব্যৱস্থাত ভোটাৰ সকলে প্ৰয়োজনীয় মুঠ প্ৰতিনিধিৰ সংখ্যা অনুসৰি নিজৰ অগ্ৰাধিকাৰ বা পচন্দ ১,২,৩,৪ আদি প্ৰদান কৰিব লাগে। আকৌ এটা নিৰ্দিষ্ট সংখ্যক ভোট কোটা লাভ কৰিলেহে কোনো প্ৰাৰ্থী বিজয়ী বুলিব পাৰি।

    নিৰ্বাচনী কোটাৰ ক্ষেত্ৰত থকা নিয়ম অনুসৰি মুঠ আসনৰ সংখ্যাৰে মুঠ ভোটাৰৰ সংখ্যাক ভাগ কৰি যি ভাগফল পোৱা যায় তাৰ লগত ১ যোগ কৰিলে নিৰ্দিষ্ট কোটা লাভ কৰিব পাৰি। এই ব্যৱস্থাত প্ৰথম পচন্দৰ ভোট গণনা কৰাৰ পিছত দ্বিতীয় পচন্দৰ ভোট গণনা কৰা হয় যদিহে মুঠ আসনৰ সংখ্যা সম্পূৰ্ণ নহয়। অৰ্থাৎ যেতিয়ালৈ মুঠ প্ৰতিনিধিৰ সংখ্যা লাভ কৰা নহয় তেতিয়ালৈ ২য়, ৩য়, বা ৪ৰ্থ পচন্দৰ ভোট গণনা অব্যাহত থাকে।


g) তালিকা পদ্ধতিঃ তালিকা পদ্ধতি সমানুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থাৰ দ্বিতীয় পদ্ধতি আৰু এই পদ্ধতিত সমষ্টি অনুসৰি ৰাজনৈতিক দল সমূহে এখন প্ৰাৰ্থীৰ তালিকা প্ৰদান কৰে। ভোটাৰসকলে প্ৰাৰ্থীৰ পৰিবৰ্তে দলৰ তালিকা ভিত্তিত ভোটদান কৰে। এই ব্যৱস্থাটো কোটা ৰ প্ৰয়োগ হয়। যদি এটা সমষ্টিত মুঠ ভোটৰ সংখ্যা ১ লাখ আৰু আসনৰ সংখ্যা ৪ খন হয়, তেন্তে এগৰাকী প্ৰাৰ্থীৰ বাবে জয় লাভ কৰিবলৈ প্ৰয়োজন হব ২৫০০১ টা ভোট। যদি কোনো দলে ৫০,১০ বা ৭৫০০৫ ভোট লাভ কৰে তেন্তে সেই দলৰ পৰা ২ বা ৩ জন প্ৰাৰ্থী বিজয়ী হব। কোনো দলে যদি ২৫০০ ভোটতকৈ কিছু কম ভোট লাভ কৰে অৰ্থাৎ ৩০০০ বা ৪০০০ মান ভোট কম পায় তেতিয়া সেইদলে ওচৰৰ সমষ্টিৰ পৰা অতিৰিক্তভাৱে লাভ কৰা ভোট যোগ কৰি বিজয়ী কৰা হয়। মুঠৰ ওপৰত চাৰিওখন আসন পূৰ্ণ কৰাটো এই পদ্ধতিৰ এটি নিয়ম। সাম্প্ৰতিক কালত এই ব্যৱস্থাৰ কিছু পৰিবৰ্ত্তন সাধন কৰি ইটালী, চুইডেন, ডেনমাৰ্ক, নৰওৱে, আদি ৰাষ্ট্ৰত ইয়াৰ প্ৰয়োগ হোৱা দেখা যায়।


h) সমানুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থাৰ গুণসমূহঃ 

১) এই পদ্ধতিয়ে সকলো জনসংখ্যাৰ অনুপাত অনুসৰি নিৰ্বাচিত হোৱাৰ সুযোগ প্ৰদান কৰে,

২) এই পদ্ধতিৰ দ্বাৰা সংখ্যালঘূসকলক তেওঁলোকৰ স্বাৰ্থ পূৰণৰ সুবিধা দিয়ে,

৩) এই পদ্ধতিত নিৰ্বাচকমণ্ডলীৰ পচন্দৰ ওপৰত গুৰুত্ব দিয়াৰ উপৰিও ভোটাৰসকল চতুৰ ৰাজনীতিবিদ সকলৰ প্ৰভাৱৰ পৰা মুক্ত হব পাৰে।

৪) এই পদ্ধতিত ৰাজনৈতিক দলৰ গুৰুত্ব অপৰিহাৰ্য্য আৰু গণতন্ত্ৰৰ বাবে ই  অতি উপযুক্ত বুলি বহুতো পণ্ডিতে কব বিচাৰে, আৰু

৫) সকলো শ্ৰেণীৰ জনসাধাৰণৰ প্ৰতিনিধি এই ব্যৱস্থা বা পদ্ধতিৰ দ্বাৰা নিৰ্বাচিত হয় বাবে ই সকলো জনগণৰ আস্থা লাভ কৰিবলৈ সক্ষম হয়।


i) সমানুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থাৰ দোষসমূহঃ 

১) সমানুপাতিক প্ৰতিনিধিত্বমূলক ব্যৱস্থা সাধাৰণ নাগৰিকৰ বাবে সহজে বোধগম্য নহয় আৰু ই এক জটিল প্ৰক্ৰিয়া।

২) এই ব্যৱস্থা যথেষ্ট ব্যয় বহুল হোৱাৰ উপৰিও প্ৰতিনিধি আৰু ভোটাৰৰ মাজত প্ৰত্যক্ষ যোগাযোগ নহয় বুলিব পাৰি। ইয়াৰ ফলত সুস্থ প্ৰশাসনত বাধাৰ সৃষ্টি হয়।

৩) সংখ্যালঘূসকলক প্ৰয়োজনতকৈ বেছি সুযোগ দিয়াৰ উপৰিও বিভিন্ন দলৰ প্ৰাধান্যতাই সংযুক্ত চৰকাৰ গঠনত বেছি অগ্ৰাধিকাৰ লাভ কৰে গতিকে ই স্থায়ী চৰকাৰৰ পৰিপন্থী স্বৰূপ।

৪) এই ব্যৱস্থা উপ-নিৰ্বাচনৰ বাবে প্ৰযোজ্য নহয়।

৫) এই ব্যৱস্থাত প্ৰতিনিধিসকল নিজৰ নিজৰ স্বাৰ্থত ব্যস্ত থাকে বাবে জাতীয় স্বাৰ্থত ব্যাঘাত জন্মাৰ বহুখিনি সম্ভাৱনা থকা দেখা যায়।


১৭) অংশগ্ৰহণ কি ? বিভিন্ন অংশগ্ৰহণৰ সম্পৰ্কে আলোচনা কৰা।

What is Participation? Discuss different forms of Participations?

উত্তৰঃ সমাজ বিজ্ঞানত অংশগ্ৰহণে জনগণৰ নিজা মত ব্যক্ত কৰাৰ বিভিন্ন ব্যৱস্থাপনাক বুজায়। তদুপৰি এনে অংশ গ্ৰহণৰদ্বাৰা সমাজৰ বিভিন্ন সিদ্ধান্ত যেনে- ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, পৰিচালনা, আদি বিভিন্ন ক্ষেত্ৰত জনগণে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।

Verba আৰু Nie ৰ মতে অংশগ্ৰহণৰ প্ৰকাৰসমূহঃ  

১) নিষ্ক্ৰিয় অংশগ্ৰহণঃ যেতিয়া কোনো ব্যক্তি বা নাগৰিকে কেৱল নিৰ্বাচনত ভোটদানহে কৰে আৰু নিজে কোনো ৰাজনৈতিক সংগঠনত অন্তৰ্ভূক্ত নহয় আৰু দেশৰ ৰাজনীতিৰ বিষয়ে আলোচনা বা বিতৰ্ক আদিত অংশগ্ৰহণ নকৰে, তেনে ব্যক্তি বা নাগৰিকৰঅংশগ্ৰহণক নিষ্ক্ৰিয় অংশগ্ৰহণ আখ্যা দিয়া হয়।

২) সংকীৰ্ণ অংশগ্ৰহণকাৰীঃ কিছু সংখ্যক নাগৰিকে বা ব্যক্তিয়ে নিজকে ভোটদানৰ পৰা বিৰত ৰাখে আৰু কোনো ৰাজনৈতিক প্ৰচাৰ, সভা-সমিতি আদিত অংশ গ্ৰহণ নকৰি সমাজত থকা নাগৰিকৰ অনুষ্ঠানবোৰৰ পৰাও আঁতৰি থাকে, কিন্তু নিজৰ ব্যক্তিগত কাৰণ বা স্বাৰ্থৰ বাবে স্থানীয় চৰকাৈৰী বিষয়া-কৰ্মচাৰীসকলৰ সৈতে সম্পৰ্ক বজাই ৰাখে। এনে ধৰণৰ ব্যক্তিৰ ৰাজনৈতিক আচৰণক সংকীৰ্ণ অংশগ্ৰহণ আখ্যা দিয়া হয়।

৩) পূৰ্ণাঙ্গ কৰ্মকৰ্তা/ অংশগ্ৰহণকাৰীঃ কোনো এগৰাকী ব্যক্তি, যি ব্যক্তিয়ে চৰকাৰৰ বাহিৰত থাকি সম্পূৰ্ণ বা পূৰ্ণাঙ্গ ৰূপত ৰাজনীতিত অংশগ্ৰহণ কৰে আৰু দলীয় আদৰ্শ নীতি মানি চলি দলৰ হৈ নিজেই আগভাগ লোৱাত গুৰুত্ব দিয়ে তেনে কৰ্মকৰ্তা বা অংশগ্ৰহণকাৰী বুলি গণ্য কৰা হয়।

৪) দক্ষ ভোটদানকাৰীঃ কিছুমান ব্যক্তি তথা নাগৰিকে কেৱল ভোটদান প্ৰক্ৰিয়াত নিজ ইচ্ছা অনুসৰি অংশগ্ৰহণ কৰে যদিও ৰাজনীতিক এক বৃত্তি হিচাপে লব নিবিচাৰে আৰু নিজকে কোনো স্বাৰ্থৰ বাবে ৰাজনৈতিক প্ৰক্ৰিয়াৰ লগত জড়িত নকৰে, তেনে ব্যক্তিক কেৱল দক্ষ ভোটদানকাৰী হিচাপে আখ্যা দিব পাৰি।

৫) দলীয় বা নিৰ্বাচনী প্ৰচাৰকঃ দলীয় বা নিৰ্বাচনী প্ৰচাৰক সকল কেৱল ভোটদানতে সন্তুষ্ট নহয়। বৰং এইসকল ব্যক্তিয়ে কোনো এক নিৰ্দিষ্ট ৰাজনৈতিক দল আৰু নিৰ্বাচনত প্ৰক্ৰিয়াত সেই নিৰ্দিষ্ট দলৰ বাবে সৱলভাৱে প্ৰচাৰ কাৰ্য্যত অংশগ্ৰহণ কৰে। এওঁলোকে যিকোনো বিতৰ্কৰ বাবে সাজু থকাৰ উপৰিও দলৰ মজিয়াত নিজৰ স্থিতি সৱল কৰি ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখে।

 Sarah White ৰ অংশগ্ৰহণৰ প্ৰকাৰঃ

১) প্ৰতিনিধিত্বমূলক অংশগ্ৰহণঃ প্ৰতিনিধিত্বমূলক অংশগ্ৰহণকাৰী সকলে সমাজ বা দেশৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণৰ জৰিয়তে সমাজৰ বাবে প্ৰস্তুত কৰা আঁচনি তথা প্ৰকল্পৰ নীতি আদিত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়। এওঁলোকে নিজকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ বাবে দুৰ্বল প্ৰতিনিধিসকলক বশ কৰি নিজৰ প্ৰভূত্ব বিস্তাৰ কৰাত গুৰুত্ব দিয়ে।

২) নামমাত্ৰ অংশগ্ৰহণঃ নামমাত্ৰ অংশগ্ৰহণ কোনো এক শক্তিশালী কৰ্ত্তা বা কাৰকৰ দ্বাৰা কোনো উন্নয়নমূলক কাৰ্য্যৰ বাবে প্ৰস্তুত কৰা আঁচনিৰ বৈধতাৰ বাবে সঘন ব্যৱহাৰ কৰা দেখা যায়। কম ক্ষমতাসম্পন্ন ব্যক্তিসকল এই প্ৰক্ৰিয়াত অন্তৰ্ভূক্ত হোৱাৰ আশাৰে আগবাঢ়ি আহে যদিও ইয়াৰ পৰিবৰ্তন বিশেষকৈ পদমৰ্য্যদাৰ ক্ষেত্ৰত উপলব্ধ নহয়।

৩) পৰিবৰ্তনযুক্ত অংশগ্ৰহণঃ সাধাৰণতে পৰিবৰ্তনযুক্ত অংশগ্ৰহণে ক্ষমতাত অধিষ্ঠিত আৰু সংলগ্ন হৈ থকা ব্যক্তিৰ সৈতে জড়িত আৰু এই ব্যক্তিসকলৰ পৰিবৰ্তনৰ বাবে প্ৰয়োজন সাপেক্ষে অনুষ্ঠান আৰু ইয়াৰ গাঁঠনি  আদিৰো ৰূপান্তৰ ঘটে। ফলত এওঁলোক একাষৰীয়া বা বহিস্কৃত হব পাৰে।

৪) সহায়ক অংশগ্ৰহণঃ সহায়কাৰীমূলক অংশ গ্ৰহণৰ দ্বাৰা সমাজৰ নাগৰিকসকলক দেশৰ বিকাশৰ প্ৰয়োজনীয় আঁচনি আদিৰ লগত জড়িত কৰা হয় এনে প্ৰক্ৰিয়াত জনগণৰ পাৰদৰ্শিতা আৰু কৌশলৰ দ্বাৰা বিভিন্ন কাৰ্য্যৰ যথোচিত কাৰ্য্যকাৰিতাত গুৰুত্ব আৰোপ কৰা হয়।


১৮) ৰাজনৈতিক অংশগ্ৰহণ কি? ৰাজনৈতিক অংশগ্ৰহণৰ বিভিন্ন কাৰকসমহ কি কি আলোচনা কৰা।

What is Political Participation? What are the factors behind Political Participation?

উত্তৰঃ প্ৰত্যেক ৰাজনৈতিক ব্যৱস্থাৰ এক অপৰিহাৰ্য্য অংগ হৈছে ৰাজনৈতিক অংশগ্ৰহণ আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থাক গতি প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক অংশগ্ৰহণ অতি জৰুৰী। কাৰণ শাসন ব্যৱস্থাৰ আঁচনি তথা নীতিৰ প্ৰতি জনগণৰ সমৰ্থন বা অসন্তুষ্টি ৰাজনৈতিক অংশ গ্ৰহণৰ জৰিয়তে প্ৰকাশ পায়। এনেধৰণৰ সমৰ্থন বা অসন্তুষ্টিৰ ফলস্বৰূপে চৰকাৰী শাসন ব্যৱস্থাত আঁচনি বা নীতিৰ ধাৰাবাহিকতা ৰক্ষাত পৰিবৰ্তন সাধন হোৱা দেখা যায়।

ৰাজনৈতিক অংশগ্ৰহণৰ কাৰকসমূহঃ

১) সামাজিক পৰিৱেশঃ ৰাজনৈতিক অংশগ্ৰহণত সামাজিক পৰিৱেশে যথেষ্ট প্ৰভাৱ পেলায়। সমাজৰ অৰ্থনৈতিক, শৈক্ষিক, জাতি, ধৰ্ম, বৰ্ণ, লিঙ্গ, বয়স, বৃত্তি, প্ৰথা বা পৰম্পৰা আদি বিভিন্ন দিশৰ প্ৰভাৱ নিশ্চিতভাৱে পৰে। যিমানেই এখন সমাজৰ লোক শিক্ষিত হয় সিমানে ৰাজনৈতিক অংশগ্ৰহণ সক্ৰিয় আৰু ৰাজনৈতিক দিশত সচেতন হয়। ফলত এনে সমাজত ৰাজনৈতিক ব্যৱস্থা যথেষ্ট সৱল হোৱা দেখা যায়।

২) ৰাজনৈতিক সামাজিকৰণঃ সামাজিকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে ব্যক্তিয়ে সমাজৰ বিভিন্ন ঘটনা আৰু আদৰ্শসমূহৰ বিষয়ে অৱগত হয় আৰু ৰাজনৈতিক দলৰ সৈতেও সম্পৰ্ক স্থাপন কৰে। ই ব্যক্তিৰ যোগ্যতা আৰু অংশগ্ৰহণত যথেষ্ট প্ৰভাৱ পেলায় আৰু সমাজৰ মূল্যবোধ, ৰাজনৈতিক পৰিৱেশ, স্থায়িত্ব আৰু সামাজিক ব্যৱস্থাৰ প্ৰতি বিশ্বাস জন্মায়।

৩) মনস্তাত্ত্বিক দিশৰ প্ৰভাৱঃ মনোবিজ্ঞানী সকলৰ মতে ব্যক্তিৰ দক্ষতাৰ জ্ঞান, পৌৰ তথা সামাজিক দায়িত্ববোধ, একনায়কত্ববাদী মনোভাৱ তথা প্ৰকৃতি আদিয়েও ৰাজনৈতিক আচৰণত প্ৰভাৱ পেলায় আৰু এইবোৰে জনগণৰ ৰাজনৈতিক অংশগ্ৰহণৰ মাত্ৰা নিৰ্ণয় কৰে।


১৯) ৰাজনৈতিক অংশগ্ৰহণ বুলিলে কি বুজা? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি কি লিখা।

What do you mean by Political Participation? Write various types of it.

উত্তৰঃ প্ৰত্যেক ৰাজনৈতিক ব্যৱস্থাৰ এক অপৰিহাৰ্য্য অংগ হৈছে ৰাজনৈতিক অংশগ্ৰহণ আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থাক গতি প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক অংশগ্ৰহণ অতি জৰুৰী। কাৰণ শাসন ব্যৱস্থাৰ আঁচনি তথা নীতিৰ প্ৰতি জনগণৰ সমৰ্থন বা অসন্তুষ্টি ৰাজনৈতিক অংশ গ্ৰহণৰ জৰিয়তে প্ৰকাশ পায়। এনেধৰণৰ সমৰ্থন বা অসন্তুষ্টিৰ ফলস্বৰূপে চৰকাৰী শাসন ব্যৱস্থাত আঁচনি বা নীতিৰ ধাৰাবাহিকতা ৰক্ষাত পৰিবৰ্তন সাধন হোৱা দেখা যায়।

ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ হল-

১) সক্ৰিয় বা নিষ্ক্ৰিয় অংশগ্ৰহণঃ যেতিয়া জনগণ বা ব্যক্তিয়ে কোনো উদ্দেশ্য বা লক্ষ্যৰ ভিত্তিত অথবা কাৰ্য্যকৰণৰ বাবে সহায়মূলক চিন্তাৰে ৰাজনৈতিকভাৱে অংশগ্ৰহণ কৰে তেতিয়া এই অংশগ্ৰহণক সক্ৰিয় অংশগ্ৰহণ বোলা হয়। আকৌ যেতিয়া এই অংশগ্ৰহণ কেৱল পৰ্য্যাবেক্ষণমূলক বা নিৰীক্ষণমূলক হয় তেতিয়াই ইয়াক নিষ্ক্ৰিয় অংশগ্ৰহণ বুলি কোৱা হয়। অৰ্থাৎ, প্ৰত্যক্ষভাৱে কোনো ৰাজনৈতিক উন্নয়নমূলক কাৰ্য্যত জড়িত নহৈ কেৱল নিষ্ক্ৰিয়ভাৱে এনে কাৰ্য্যক প্ৰত্যক্ষ কৰিলে ইয়াক নিষ্ক্ৰিয় ৰাজনৈতিক অংশগ্ৰহণ বোলা হয়।

২) পৰম্পৰাগত বা অপৰম্পৰাগত অংশগ্ৰহণঃ কোনো প্ৰতিষ্ঠিত শাসন ব্যৱস্থাৰ শাসকপক্ষৰ দ্বাৰা স্বীকৃত নিয়মৰ মাজেদি যেতিয়া কোনো ব্যক্তি বা জনগণে ৰাজনৈতিক কাৰ্য্যকলাপত অংশগ্ৰহণ কৰে তেতিয়া এনে অংশগ্ৰহণক পৰম্পৰাগত অংশগ্ৰহণ বোলা হয়। আকৌ যেতিয়া শাসক গোষ্ঠীৰ ইচ্ছাৰ বিৰুদ্ধে কোনো কাৰ্যত অংশগ্ৰহণ হয়, তেতিয়া এনে অংশগ্ৰহণক অপৰম্পৰাগত বুলি কোৱা হয়।

৩) শান্তিপূৰ্ণ বা হিংসামূলক অংশগ্ৰহণঃ যেতিয়া ৰাজনৈতিক অংশগ্ৰহণ শান্তিপূৰ্ণ মাধ্যম যেনে- শোভাযাত্ৰা, অনশন, অসহযোগ, আদিৰ দ্বাৰা কৰা হয় তেতিয়া ইয়াক শান্তিপূৰ্ণ ৰাজনৈতিক অংশগ্ৰহণ আখ্যা দিয়া হয়। আকৌ কেতিয়াবা কেতিয়াবা কোনো কাৰ্য্য সম্পাদনৰ উদ্দেশ্যে অংশগ্ৰহণ প্ৰক্ৰিয়া বিদ্ৰোহমূলক হয় তেতিয়া তেনে অংশগ্ৰহণক হিংসামূলক ৰাজনৈতিক অংশগ্ৰহণ বোলা হয়।

৪) সাংকেতিক বা উদ্দেশষ্যমূলক অংশ গ্ৰহণঃ কিছুমান জনগণৰ অংশগ্ৰহণ যেনে- ৰাষ্ট্ৰীয় পতাককাৰ সন্মানাৰ্থে অভিবাদন জনোৱা, ৰাষ্ট্ৰীয় সংগীত গোৱা, আদিক সাংকেতিক ৰাজনৈতিক অংশগ্ৰহণ বুলিব পাৰি আৰু কিছুমান নিৰ্দিষ্ট উদ্দেশ্য বা লক্ষ্য সাধনৰ নিমিত্তে সহমতত বা পৰ্য্যালোচনামূলকভাৱে অংশগ্ৰহণ কৰা কাৰ্য্যসূচীক সহায়ক বা উদ্দেশ্যমূলক ৰাজনৈতিক অংশগ্ৰহণ বুলি কোৱা হয়।

৫) পৰিমিত বা অপৰিমিত অংশগ্ৰহণঃ ৰাজনৈতিক অংশগ্ৰহণ কেতিয়াবা কোনো এটা বা কোনো নিৰ্দিষ্ট উদ্দেশ্য সাধনৰ বাবে হল ইয়াক পৰিমিত ৰাজনৈতিক অংশগ্ৰহণ বুলি কব পাৰি। আনহাতে সকলোবোৰ প্ৰশাসনমূলক কাৰ্য্যসূচীতে যেতিয়া ব্যক্তি বা জনগণে কোনো দ্বিধাবোধ নোহোৱাকৈ সমৰ্থন জনাই অংশগ্ৰহণ কৰে তেতিয়া তেনে ৰাজনৈতিক অংশগ্ৰহণক অপৰিমিত বুলি আখ্যা দিয়া হয়।


২০) প্ৰতিনিধিত্ব ধাৰণাৰ সংজ্ঞা দিয়া। ইয়াৰ বিভিন্ন কৌশল বা পদ্ধতিসমূহ আলোচনা কৰা।

Define the term Representation. Discuss various methods/techniques of Representation.

উত্তৰঃ প্ৰতিনিধিত্বমূলক ব্যৱস্থা ৰাজনৈতিক আৰু অৰাজনৈতিক বা অন্যান্য ক্ষেত্ৰ সমূহত থকা দেখা যায়। কিন্তু ৰাজনৈতিক ক্ষেত্ৰৰ বাহিৰে অন্যান্য প্ৰতিনিধিত্বৰ গুৰুত্ব অতি কম। ৰোমান গণতন্ত্ৰই আছিল পশ্চিমীয়া ইউৰোপৰ শাসন ব্যৱস্থাৰ প্ৰথম প্ৰতিনিধিত্বমূলৰ চৰকাৰ ব্যৱস্থা। গ্ৰীক নগৰ ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত এই প্ৰতিনিধিত্বমূলক শাসন ব্যৱস্থাৰ প্ৰকৃতাৰ্থত গণতান্ত্ৰিক নাছিল বাবেই আধুনিক যুগত ৰোমান সাম্ৰাজ্যৰ প্ৰতিনিধিত্বমূলক চৰকাৰ ব্যৱস্থাৰ আৰ্হিতহে প্ৰতিনিধিত্বমূলক চৰকাৰ ব্যৱস্থা গঢ় লৈ উঠা দেখা যায়।

ৎপত্তি আৰু বিকাশঃ প্ৰতিনিধিত্বমূলক ব্যৱস্থাৰ প্ৰৱৰ্তন খ্ৰীষ্টিয়ান ধৰ্মৰ পৰিচালনাৰ বাবে গঠিত পৰিষদ বোৰত হোৱা দেখা গৈছিল। পিছলৈ সামন্ত ব্যৱস্থাৰ ইউৰোপীয় সমাজত বিভিন্ন সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিবলৈ ৰজাই এই ব্যৱস্থাৰ বিকাশ সাধন কৰিছিল। কিন্তু এই ব্যৱস্থাৰ প্ৰতিনিধিসকল ৰাষ্ট্ৰীয় পৰ্য্যায় বা জাতীয় পৰ্য্যায়ৰ নাছিল। এওঁলোকে সৰ্বসাধাৰণক প্ৰতিনিধিত্ব কৰাৰ পৰিবৰ্তে নিৰ্দিষ্ট এটা সম্প্ৰদায় বা শ্ৰেণীকহে প্ৰতিনিধিত্ব কৰিছিল আৰু স্থানীয় পৰ্য্যায়ৰ বিষয়ে সমূহৰ ওপৰত নিজৰ প্ৰভূত্ব খটুৱাব পাৰিছিল। কোনো নিৰ্দিষ্ট সমষ্টি ভিত্তিক নিৰ্বাচিত প্ৰতিনিধি সামন্ত ব্যৱস্থাত নাছিল। প্ৰতিনিধিত্বৰ ক্ষেত্ৰত প্ৰথমে এক চৈৰাচাৰী বা একনায়কত্বমূলক ধাৰণা বা তত্ত্বমূলক ভাৱধাৰাৰ জন্ম দিয়া প্ৰথম চিন্তাবিদ গৰাকী হল মণ্টেস্কু। তেওঁৰ মত অনুসৰি প্ৰতিনিধিত্বৰ বাবে এটা নিৰ্দিষ্ট ভৌগলিক সীমা বা অঞ্চলৰ ভিত্তি থকা প্ৰয়োজন আৰু যাক বৰ্তমানত সমষ্টি বুলি নিৰ্ধাৰণ কৰা হয়।


২১) ৰাজনীতি বিজ্ঞানত ভৌগোলিক বা সমষ্টিগত প্ৰতিনিধিত্ব সম্পৰ্কে বিশ্লেষণ দিয়া।

Explain about the Georaphical or Constitutional Representation in political science.

উত্তৰঃ এই পদ্ধতিৰ অধীনত গোটেই দেশখনক ভৌগলিকভাৱে সমজনসংখ্যাৰ ভিত্তিত কিছুমান সমষ্টিত ভাগ কৰা হয়। সমষ্টিৰ নিৰ্বাচকণ্ডলীয়ে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত তেওঁলোকৰ প্ৰতিনিধিক গোপন ভোট ব্যৱস্থাৰে নিৰ্বাচিত কৰে। প্ৰয়োজন সাপেক্ষে জনসংখ্যাৰ বৃদ্ধি হলে সমষ্টিবোৰ পুণঃনিৰ্দ্ধাৰণ কৰা হয়। সমষ্টি পুনঃনিৰ্দ্ধাৰণ ব্যৱস্থাত ৰাজনৈতিক দলবোৰৰ সুবিধা বা অসুবিধাৰ কোনো প্ৰশ্নত গুৰুত্ব দিয়া নহয়। সমষ্টিগত বা ভৌগলিক প্ৰতিনিধিত্বৰ জৰিয়তে এটা নিৰ্দিষ্ট অঞ্চলৰ জনসাধাৰণৰ মাজত জনস্বাৰ্থৰ সমন্বয়ৰে সমতা স্থাপন কৰাৰ সুযোগ লাভ কৰিব পাৰি।

    এই পদ্ধতি অতি সৰল আৰু প্ৰায়বোৰ গণতান্ত্ৰিক ৰাষ্ট্ৰত ইয়াৰ সফল প্ৰয়োগ হোৱা দেখা যায়। এই পদ্ধতিত ভোটাৰে অতি সুবিধাজনক অৱস্থাত ভোটদাৈন কৰিু তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰে। তদুপৰি এক নিৰ্দিষ্ট সীমাৰেখাৰ ভিত্তিত সমষ্টিবোৰ হোৱা হেতুকে ভোটাৰসকলে জনপ্ৰতিনিধিৰ সৈতে সম্পৰ্ক আৰুূ প্ৰতিনিধিয়ে সমষ্টিৰ বিভিন্ন বিষয়ৰ ওপৰত থকা সমস্যাৰ জ্ঞান লাভ কৰি তাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সুযোগ পায়। আকৌ সমষ্টিবোৰ সুস্পষ্ট হোৱাত বা প্ৰতিনিধিসকলৰ বাবে ই অৰ্থনৈতিকভাৱে যথেষ্ট সকাহপূৰ্ণ হয়।

    আনহাতে বহুতো চিন্তাবিদে এই ব্যৱস্থাৰ সমালোচনা কৰাও দেখা যায়। এওঁলোকৰ মতে, ভৌগলিক প্ৰতিনিধিত্বই ৰাষ্ট্ৰীয় স্বাৰ্থতকৈ সমষ্টিৰ স্বাৰ্থতহে গুৰুত্ব লাভ কৰে। প্ৰতিনিধি সকলে নিজৰ উন্নয়নত বেছি প্ৰাধান্য দিয়ে। এই পদ্ধতিৰ দ্বাৰা স্থানীয় ব্যক্তিক প্ৰতিনিধি পৰাজিত হোৱাৰ অৱকাশ থাকে। সমষ্টি পুনঃগঠনৰদ্বাৰা শাসকদলে নিজৰ সুবিধা অনুসৰি সমষ্টিসমূহ নিৰ্দ্ধাৰণ কৰিব পাৰে আৰু উপনিৰ্বাচন হলে চৰকাৰী পক্ষই নিজৰ সপক্ষে জনমত গঠন কৰিবলৈ সুবিধা পায়। এই ব্যৱস্থাত সৰহ সংখ্যক ভোট লাভ কৰা প্ৰাৰ্থী জয়ী হোৱা আৰু ইয়াত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ কোনো স্থান নাই। গতিকে এই পদ্ধতি প্ৰকৃত নিৰ্বাচন পদ্ধতি বুলি বহুতো পণ্ডিতে কব নিবিছাৰে। আকৌ সংখ্যালঘু সকলৰ প্ৰতিনিধি নিৰ্বাচিত হোৱাৰ আশা কৰিব নোৱাৰি।


২২) বৃত্তিগত প্ৰতিনিধিত্ব কি? ভৌগোলিক প্ৰতিনিধিত্বৰ সৈতে ইয়াৰ পাৰ্থক্য কি লিখা।

What is Functional Representation? What are its differences with Geographical Representation?

উত্তৰঃ সমষ্টিগত প্ৰতিনিধিত্বৰ ধাৰণা অনুসৰি ভবা হয় যে প্ৰত্যেকটো সমষ্টিতে একে ধৰণৰ স্বাৰ্থ জড়িত হৈ থাকে। কিন্তু এটা সমষ্টিৰ ভিতৰত কৃষক, শিক্ষক, চিকিৎসক, শ্ৰমিক, উদ্যোগপতি, ব্যৱসায়িক, আদি বিভিন্ন বৃত্তিগত লোক থাকিব পাৰে। গতিকে এনে ভিন্ন বৃত্তিসম্পন্ন সমাজত উমৈহতীয়া স্বাৰ্থ অটি জটিল। সেয়েহে এনে বৃত্তিসম্পন্ন বিভিন্ন শ্ৰেণীৰ লোকৰ স্বাৰ্থ ৰক্ষাৰ বাবে কেতিয়াবা বৃত্তিগত বা কাৰ্য্যগত প্ৰতিনিধিত্ব পদ্ধতিও কাৰ্য্যকৰী কৰা দেখা যায়। এই ব্যৱস্থাত বৃত্তিক মূল ভিত্তি হিচাপে লৈ বৃত্তিগত স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰতিনিধি নিৰ্বাচন কৰা হয় আৰু ভোটাৰসকলেও তেওঁলোকৰ কাৰ্য্যৰ লগত জড়িত স্বাৰ্থৰ হকে ভোটদান কৰা দেখা যায়। অৰ্থাৎ সমষ্টিগত প্ৰতিনিধিত্বই যিহেতু সকলোৰে স্বাৰ্থ পূৰণ কৰিব নোৱাৰে, সেয়েহে বৃত্তিগত প্ৰতিনিধিত্ব অতি জৰুৰী বুলি বহু চিন্তাবিদে কব বিচাৰে। ইংলেণ্ডৰ গিল্ড সমাজবাদী সকলে বৃত্তিগত প্ৰতিনিধিত্বক সমৰ্থন কৰে।

    বৃত্তিগত বা কাৰ্য্যগত প্ৰতিনিধিত্ব বাস্তৱ ক্ষেত্ৰত একনায়কত্ত্ববাদী ৰাষ্ট্ৰীৰ শাসন ব্যৱস্থাত প্ৰয়োেগ কৰাৰ প্ৰচেষ্টা কৰা দেখা যায়। কিন্তু আধুনিক উদাৰনৈতিক গণতান্ত্ৰিক ব্যৱস্থাত বৃত্তিগত প্ৰতিনিধিত্ব পদ্ধতি প্ৰয়োগ কৰা সম্ভৱপৰ নহয়। সেয়েহে সমষ্টিগত প্ৰতিনিধিত্বৰ পদ্ধতিহে গণতন্ত্ৰত প্ৰয়োগ কৰা দেখা যায়। প্ৰকৃতাৰ্থত বৃত্তিগত পদ্ধতি ৰাষ্ট্ৰপ্ৰশাসন ব্যৱস্থাৰ পৰিবৰ্ত্তে বিভিন্ন শ্ৰেণীৰ সংস্থাসমূহৰ সাংগঠনিক নিৰ্বাচনতহে প্ৰয়োগ কৰা হয়।

    আকৌ আন কিছুসংখ্যক ৰাজনৈতিক চিন্তাবিদৰ মতে প্ৰতিনিধিত্বৰ আন এটি প্ৰকাৰো আছে। সেইটো হল সমানুপাতিক প্ৰতিনিধিত্ব।


২৩) সমানুপাতিক প্ৰতিনিধিত্ব কি? ইয়াৰ গুণ আৰু দোষসমূহ আলোচনা কৰা।

What is Proportional Representation? Discuss its merits and demerits.

উত্তৰঃ সমানুপাতিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত জনগণৰ বা নিৰ্বাচক মণ্ডলীৰ পৰা লাভ কৰা ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি বিধানমণ্ডলত সদস্যৰ সংখ্যা নিৰ্ধাৰিত হয়। অৰ্থাৎ যিটো ৰাজনৈতিক দলে নিৰ্বাচনত যিমান শতকৰা ভোট লাভ কৰিব তেওঁলোকৰ সিমানেই মুঠ সদস্য সংখ্যা হব। যদি কোনো এটা নিৰ্বাচনত ৰাজনৈতিক দল এটাই মুঠ ভোটৰ ১৫% ভোট লাভ কৰে তেন্তে ১০০ জন সদস্যৰ ভিতৰত তেওঁলোকৰ প্ৰতিনিধি সংখ্যা হব ১৫ গৰাকী। সমানুপাতিক প্ৰতিনিধিত্বমূলক পদ্ধতিৰ জৰিয়তে কোনো এটা সমষ্টি বা অঞ্চলত সমাজৰ সকলো শ্ৰেণীৰ ভোটাৰে নিজৰ প্ৰতিনিধি লাভ কৰিবলৈ সক্ষম হয়।

সমানুপাতিক প্ৰতিনিধিত্বৰ গুণসমূহ হল-

১) এই পদ্ধতিয়ে পদ্ধতিয়ে সকলো জনসংখ্যাৰ অনুপাত অনুসৰি নিৰ্বাচিত হোৱাৰ সুযোগ প্ৰদান কৰে,

২) এই পদ্ধতিৰ দ্বাৰা সংখ্যালঘূসকলক তেওঁলোকৰ স্বাৰ্থ পূৰণৰ সুবিধা দিয়ে,

৩) এই পদ্ধতিত নিৰ্বাচকমণ্ডলীৰ পচন্দৰ ওপৰত গুৰুত্ব দিয়াৰ উপৰিও ভোটাৰসকল চতুৰ ৰাজনীতিবিদ সকলৰ প্ৰভাৱৰ পৰা মুক্ত হব পাৰে,

৪) এই পদ্ধতিত ৰাজনৈতিক দলৰ গুৰুত্ব অপৰিহাৰ্য্য আৰু গণতন্ত্ৰৰ বাবে ই অতি উপযুক্ত বুলি বহুতো পণ্ডিতে কব বিচাৰে, আৰু

৫) সকলো শ্ৰেণীৰ জনসাধাৰণৰ প্ৰতিনিধি এই ব্যৱস্থা বা পদ্ধতিৰ দ্বাৰা নিৰ্বাচিত হয় বাবে ই সকলো জনগণৰ আস্থা লাভ কৰিবলৈ সক্ষম হয়।

সমানুপাতিক প্ৰতিনিধিত্বৰ দোষসমূহ হল-

১) সমানুপাতিক প্ৰতিনিধিত্বমূলক ব্যৱস্থা সাধাৰণ নাগৰিকৰ বাবে সহজে বোধগম্য নহয় আৰু ই এক জটিল প্ৰক্ৰিয়া।

২) এই ব্যৱস্থা যথেষ্ট ব্যয় বহুল হোৱাৰ উপৰিও প্ৰতিনিধি আৰু ভোটাৰৰ মাজত প্ৰত্যক্ষ যোগাযোগ নহয় বুলিব পাৰি। ইয়াৰ ফলত সুস্থ প্ৰশাসনত বাধাৰ সৃষ্টি হয়।

৩) সংখ্যালঘূসকলক প্ৰয়োজনতকৈ বেছি সুযোগ দিয়াৰ উপৰিও বিভিন্ন দলৰ প্ৰাধান্যতাই সংযুক্ত চৰকাৰ গঠনত বেছি অগ্ৰাধিকাৰ লাভ কৰে গতিকে ই স্থায়ী চৰকাৰৰ পৰিপন্থী স্বৰূপ।

৪) এই ব্যৱস্থা উপ-নিৰ্বাচনৰ বাবে প্ৰযোজ্য নহয়।

৫) এই ব্যৱস্থাত প্ৰতিনিধিসকল নিজৰ নিজৰ স্বাৰ্থত ব্যস্ত থাকে বাবে জাতীয় স্বাৰ্থত ব্যাঘ্যাত জন্মাৰ বহুখিনি সম্ভাৱনা থকা দেখা যায়।


২৪) ৰাজনৈতিক প্ৰতিনিধিত্ব কি? ইয়াৰ উপাদানসমূহ কি কি আলোচনা কৰা।

What is Political Representation? What are its components?- Discuss.

উত্তৰঃ ইংলেণ্ডৰ Simon de Montfort ক প্ৰধিনিধিত্বমূলক চৰকাৰ ব্যৱস্থাৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়। তেওঁ তেৰ শতিকাৰ দ্বিতীয়াৰ্দ্বত গ্ৰেটব্ৰিটেইনত দুবাৰকৈ সংসদ প্ৰতিষ্ঠাৰে প্ৰতিনিধিত্বমূলক চৰকাৰ ব্যৱস্থাৰ সূচনা কৰিছিল। ইয়াৰ পাছত গৌৰৱময় বিপ্লৱ ৰ জৰিয়তে ইংলেণ্ডত সংসদীয় শাসন ব্যৱস্থা প্ৰতিষ্ঠিত হয় আৰু ১৬৮৯ চনত Bill of Rights  গ্ৰহণ কৰে। আকৌ ১৭৮৯ চনত হোৱা ফৰাচী বিপ্লৱৰ ফলত ফ্ৰান্সত পুৰুষ নাগৰিকক ভোটদানৰ ক্ষমতা দিয়া হয় আৰু ১৭৯২ চনত এই ভোটদান সাৱ্যস্তকৰণৰ জৰিয়তে ফ্ৰান্সৰ সংসদ National Convention ৰ নিৰ্বাচন অনুষ্ঠিত হয়।

    প্ৰতিনিধিত্ব সম্পৰ্কে যিকোনো তত্ত্বৰ অৱতাৰণা কৰিবলৈ হলে মূখ্যত দুটা বিষয়ত গুৰুত্ব দিয়া অতি প্ৰয়োজন। প্ৰথমটো হল কোনে বা কাক প্ৰতিনিধিত্ব কৰিব আৰু দ্বিতীয়টো হৈছে কোনে বা কিহৰ ভিত্তিত প্ৰতিনিধিত্ব কৰিব। প্ৰথম প্ৰশ্নই সমষ্টি সম্পৰ্কত আৰু দ্বিতীয়টো প্ৰতিনিধি নিৰ্বাচন প্ৰক্ৰিয়া বা সিদ্ধান্ত গ্ৰহণৰ বিভিন্ন পদ্ধতিৰ সৈতে জড়িত।

   ইয়াৰ উপাদানসমূহ হল-

১) কিছুমান এনে দল বা গোট আছে যিয়ে সংগঠন, প্ৰতিনিধিত্বমূলক বিচাৰভঙ্গী, জনজাগৰণ বা আন্দোলন, ৰাষ্ট্ৰীয় সংস্থা আদি গঠনত অৰিহণা যোগায়,

২) কিছুমান এনে বিষয় থাকে যিবোৰ মতামত, স্বাৰ্থ, জনগণৰ দৃষ্টিভঙ্গী কথোপকথন আদিৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা হয়।

৩) এটি ৰাজনৈতিক গাঁঠনি যায় দ্বাৰা প্ৰতিনিধিসকলে কাৰ্য্যকলাপ কৰাৰ সুযোগ লাভ কৰে,

৪) কিছুমান দল থাকে যিবোৰে কিছু বিশেষ বিশেষ আশ্ৰিত ব্যক্তি বা সমষ্টিক কৰি থাকে, আৰু

৫) কিছুমান বিষয় যেনে- মতামত, স্বাৰ্থ আদিক প্ৰতিনিধিত্বৰ কাৰ্যাৱলীৰ পৰা বাদ দিয়া হয়।

অৰ্থাৎ উপৰোক্ত আটাইকেইটা উপাদানৰ সৈতে সহমত বা অনুমতি, জনগণৰ ইচ্ছা, নিৰ্বাচন, কৰ্তৃত্ব প্ৰদান আৰু জনপ্ৰতিনিধিসকলৰ দায়ৱদ্ধতাৰ বিষয় বা কথা ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে।


২৫) ৰাজনৈতিক প্ৰতিনিধিত্ব বুলিলে কি বুজা? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰা।

What do you mean by Political Representation? Discuss Defferent types of Political Representation.

উত্তৰঃ ইংলেণ্ডৰ Simon de Montfort ক প্ৰধিনিধিত্বমূলক চৰকাৰ ব্যৱস্থাৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়। তেওঁ তেৰ শতিকাৰ দ্বিতীয়াৰ্দ্বত গ্ৰেটব্ৰিটেইনত দুবাৰকৈ সংসদ প্ৰতিষ্ঠাৰে প্ৰতিনিধিত্বমূলক চৰকাৰ ব্যৱস্থাৰ সূচনা কৰিছিল। ইয়াৰ পাছত গৌৰৱময় বিপ্লৱ ৰ জৰিয়তে ইংলেণ্ডত সংসদীয় শাসন ব্যৱস্থা প্ৰতিষ্ঠিত হয় আৰু ১৬৮৯ চনত Bill of Rights গ্ৰহণ কৰে। আকৌ ১৭৮৯ চনত হোৱা ফৰাচী বিপ্লৱৰ ফলত ফ্ৰান্সত পুৰুষ নাগৰিকক ভোটদানৰ ক্ষমতা দিয়া হয় আৰু ১৭৯২ চনত এই ভোটদান সাৱ্যস্তকৰণৰ জৰিয়তে ফ্ৰান্সৰ সংসদ National Convention ৰ নিৰ্বাচন অনুষ্ঠিত হয়।

    প্ৰতিনিধিত্ব সম্পৰ্কে যিকোনো তত্ত্বৰ অৱতাৰণা কৰিবলৈ হলে মূখ্যত দুটা বিষয়ত গুৰুত্ব দিয়া অতি প্ৰয়োজন। প্ৰথমটো হল কোনে বা কাক প্ৰতিনিধিত্ব কৰিব আৰু দ্বিতীয়টো হৈছে কোনে বা কিহৰ ভিত্তিত প্ৰতিনিধিত্ব কৰিব। প্ৰথম প্ৰশ্নই সমষ্টি সম্পৰ্কত আৰু দ্বিতীয়টো প্ৰতিনিধি নিৰ্বাচন প্ৰক্ৰিয়া বা সিদ্ধান্ত গ্ৰহণৰ বিভিন্ন পদ্ধতিৰ সৈতে জড়িত।

ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ হৈছে-

১) সক্ৰিয় বা নিষ্ক্ৰিয় অংশগ্ৰহণঃ যেতিয়া জনগণ বা ব্যক্তিয়ে কোনো উদ্দেশ্য বা লক্ষ্যৰ ভিত্তিত অথবা কাৰ্য্যকৰণৰ বাবে সহায়মূলক চিন্তাৰে ৰাজনৈতিকভাৱে অংশগ্ৰহণ কৰে তেতিয়া এই অংশগ্ৰহণক সক্ৰিয় অংশগ্ৰহণ বোলা হয়। আকৌ যেতিয়া এই অংশগ্ৰহণ কেৱল পৰ্য্যাবেক্ষণমূলক বা নিৰীক্ষণমূলক হয় তেতিয়াই ইয়াক নিষ্ক্ৰিয় অংশগ্ৰহণ বুলি কোৱা হয়। অৰ্থাৎ, প্ৰত্যক্ষভাৱে কোনো ৰাজনৈতিক উন্নয়নমূলক কাৰ্য্যত জড়িত নহৈ কেৱল নিষ্ক্ৰিয়ভাৱে এনে কাৰ্য্যক প্ৰত্যক্ষ কৰিলে ইয়াক নিষ্ক্ৰিয় ৰাজনৈতিক অংশগ্ৰহণ বোলা হয়।

২) পৰম্পৰাগত বা অপৰম্পৰাগত অংশগ্ৰহণঃ কোনো প্ৰতিষ্ঠিত শাসন ব্যৱস্থাৰ শাসকপক্ষৰ দ্বাৰা স্বীকৃত নিয়মৰ মাজেদি যেতিয়া কোনো ব্যক্তি বা জনগণে ৰাজনৈতিক কাৰ্য্যকলাপত অংশগ্ৰহণ কৰে তেতিয়া এনে অংশগ্ৰহণক পৰম্পৰাগত অংশগ্ৰহণ বোলা হয়। আকৌ যেতিয়া শাসক গোষ্ঠীৰ ইচ্ছাৰ বিৰুদ্ধে কোনো কাৰ্যত অংশগ্ৰহণ হয়, তেতিয়া এনে অংশগ্ৰহণক অপৰম্পৰাগত বুলি কোৱা হয়।

৩) শান্তিপূৰ্ণ বা হিংসামূলক অংশগ্ৰহণঃ যেতিয়া ৰাজনৈতিক অংশগ্ৰহণ শান্তিপূৰ্ণ মাধ্যম যেনে- শোভাযাত্ৰা, অনশন, অসহযোগ, আদিৰ দ্বাৰা কৰা হয় তেতিয়া ইয়াক শান্তিপূৰ্ণ ৰাজনৈতিক অংশগ্ৰহণ আখ্যা দিয়া হয়। আকৌ কেতিয়াবা কেতিয়াবা কোনো কাৰ্য্য সম্পাদনৰ উদ্দেশ্যে অংশগ্ৰহণ প্ৰক্ৰিয়া বিদ্ৰোহমূলক হয় তেতিয়া তেনে অংশগ্ৰহণক হিংসামূলক ৰাজনৈতিক অংশগ্ৰহণ বোলা হয়।

৪) সাংকেতিক বা উদ্দেশষ্যমূলক অংশ গ্ৰহণঃ কিছুমান জনগণৰ অংশগ্ৰহণ যেনে- ৰাষ্ট্ৰীয় পতাককাৰ সন্মানাৰ্থে অভিবাদন জনোৱা, ৰাষ্ট্ৰীয় সংগীত গোৱা, আদিক সাংকেতিক ৰাজনৈতিক অংশগ্ৰহণ বুলিব পাৰি আৰু কিছুমান নিৰ্দিষ্ট উদ্দেশ্য বা লক্ষ্য সাধনৰ নিমিত্তে সহমতত বা পৰ্য্যালোচনামূলকভাৱে অংশগ্ৰহণ কৰা কাৰ্য্যসূচীক সহায়ক বা উদ্দেশ্যমূলক ৰাজনৈতিক অংশগ্ৰহণ বুলি কোৱা হয়।

৫) পৰিমিত বা অপৰিমিত অংশগ্ৰহণঃ ৰাজনৈতিক অংশগ্ৰহণ কেতিয়াবা কোনো এটা বা কোনো নিৰ্দিষ্ট উদ্দেশ্য সাধনৰ বাবে হল ইয়াক পৰিমিত ৰাজনৈতিক অংশগ্ৰহণ বুলি কব পাৰি। আনহাতে সকলোবোৰ প্ৰশাসনমূলক কাৰ্য্যসূচীতে যেতিয়া ব্যক্তি বা জনগণে কোনো দ্বিধাবোধ নোহোৱাকৈ সমৰ্থন জনাই অংশগ্ৰহণ কৰে তেতিয়া তেনে ৰাজনৈতিক অংশগ্ৰহণক অপৰিমিত বুলি আখ্যা দিয়া হয়।


Question Type- Leena Kakati

Answered By- Leena Kakati