বায়ু আৰু আমাৰ চৌপাশ | Chapter 12 | Class 3 Environment Question Answer Assamese Medium | Class 3 Environment Solution/Suggestion | Class 3 Environment Question Answer Notes | Assam Government School | Class 3 Environment | Class 3 Environment Free Question Answer | আমি আৰু আমাৰ পৰিৱেশ | তৃতীয় শ্ৰেণী পৰিৱেশ কিতাপৰ বায়ু আৰু আমাৰ চৌপাশ পাঠটো প্ৰশ্ন আৰু উত্তৰ |
বায়ু আৰু আমাৰ চৌপাশ
১) উত্তৰ লিখা-
(ক) বতাহ কাক বোলে?
উত্তৰঃ- বায়ু গতি কৰাকে বতাহ বোলে।
(খ) উশাহত লোৱা বায়ু কেনে হ'ব লাগে?
উত্তৰঃ- উশাহত লোৱা বায়ু বিশুদ্ধ হ'ব লাগে।
(গ) বিচনীৰে বিচিলে আমাৰ গাত কি লাগে?
উত্তৰঃ- বিচনীৰে বিচিলে আমাৰ গাত বতাহ লাগে।
(ঘ) পানীত থকা জীৱবোৰ ক'ৰ পৰা উশাহ লয়?
উত্তৰঃ- পানীত থকা জীৱবোৰ মাটিত থকা বায়ুৰ পৰা উশাহ লয়।
২) খালী ঠাই পূৰ কৰা-
(ক) গৰমৰ দিনত বতাহ বলিলে গা-মন জুৰ পৰি যায়।
(খ) জোৰেৰে বলা বতাহক ধুমুহা বোলে।
(গ) লাহে লাহে বলা বতাহক ফিৰফিৰীয়া বোলে।
(ঘ) মূৰৰ বিষ, চকুৰ অসুখ, জ্বৰ, কাঁহ আদি দূষিত বায়ু পৰা হয়।
(ঙ) গছ-গছনিয়ে দূষিত বায়ুক নির্মল কৰি তােলে।
৩) শুদ্ধ উত্তৰটো বাছি উলিয়াই চিন দিয়া
ফটকা ফুটালে বায়ু দূষিত নহয়/(হয়✔)
নির্মল বায়ুৰ বৰণ আৰু গােন্ধ (নাই✔) / আছে।
বায়ু আমি দেখো / (অনুভৱ কৰোঁ ✔।)
জীয়াই থাকিবলৈ গছ - গছনিক বায়ু (লাগে✔) /নালাগে।
বায়ু চাৰিওফালে (আছে✔) / নাই।
৪) বায়ুৰ চাৰিটা ব্যৱহাৰ লিখা।
উত্তৰঃ- বায়ু চাৰিটা ব্যৱহাৰ হৈছে
(i) বায়ুৰে গৰমৰ পৰা আমাক ৰক্ষা কৰে।
(ii) বায়ুৰে জুই জলাত সহায় কৰে।
(iii) বায়ু বাবে এঠাইৰ পৰা আন এঠাইলৈ উৰাজাহাজত যাব পাৰিছো।
(iv) বীজ আৰু ফুলৰ ৰেণু বিস্তাৰিত বায়ু প্ৰয়োজন।
৫) বায়ু দূষিত হােৱাৰ পাঁচটা কাৰণ লিখা।
উত্তৰঃ- বায়ু দূষিত হােৱাৰ পাঁচটা কাৰণঃ-
(i) অত্যাধিক পৰিমাণে গছ-গছনিৰ কটা ফলত।
(ii) কল-কাৰাখানাৰ পৰা ওলোৱা ধোঁৱা।
(iii) প্লাষ্টিক জ্বলালে।
(iv) মৰা জীৱ-জন্তু পৰা ওলোৱা দুৰ্গন্ধ।
(v) চিগাৰেটৰ ধোঁৱা পৰা।
৬) দূষিত বায়ুৰ পৰা হােৱা বেমাৰ তিনিবিধৰ নাম লিখা।
উত্তৰঃ- দূষিত বায়ুৰ পৰা হােৱা বেমাৰ তিনিবিধৰ নাম হ'ল
কাঁহ, পানী লগা জ্বৰ আৰু মূৰৰ বিষ।
৭) পার্থক্য লিখাঃ ধুমুহা আৰু ফিৰফিৰীয়া বতাহ।
উত্তৰঃ- ধুমুহা ফলত মানুহৰ বহুতো ক্ষতি হয়। কিন্তু
৮) ইটাৰ টুকুৰা এটা পানীত পেলাই দিলে কিয় বুবুৰণি উঠে?
উত্তৰঃ- ইটাৰ টুকুৰা এটা পানীত পেলাই দিলে পানীত থকা অক্সিজেনৰ ফলত বুবুৰণি উঠে।
Nayan Jyoti Bordoloi
0 Comments